পৃষ্ঠা:সাতসৰী.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাতসৰী।

(৪)

ৰাতিপুৱা যমুনাৰে সৈতে ৰঘুৰ সাক্ষাৎ হ’ল। যমুনাক দেখা মাত্ৰেই তেওঁৰ হৃৎপিণ্ড কঁপি উঠিল কিন্তু সেই কঁপনি আগৰ দৰে আবেগ-চকিত নহয়; তেওঁৰ মুখমণ্ডলত এটি বিষাদৰ কালিকাময়ী মুৰ্ত্তি। যমুনাৰ চকুতো আজি আগৰ দৰে বাসনা- বিহ্বল বিলোল কটাক্ষ নাই; ওঁঠত ফুটন্ত কুসুমৰ মধুৰিমাময়ী মিচিকিয়া হাঁহি নাই; বুকুত কঁপনি উঠিলেও তাৰ মূলত আবেগৰ নিৰ্ঝৰিণী নাই। যেন সম্মুখত কোনোবা প্ৰেত-যোনিৰ আবিৰ্ভাব দেখি তেওঁলোকৰ শিৰৰ তেজ গোট মাৰিছে!

 কপি কঁপি ৰঘুৱে মাতিলে,—“যমুনা!”

 যমুনা।—প্ৰিয়তম!

 ৰঘুৰ হিয়াত আকৌ এটা খুন্দা লাগিল; তেওঁ কোনো উত্তৰ দিব নোৱাৰিলে।

 যমুনাই কলে,—“প্ৰিয়তম, আজি আপোনাৰ অৱস্থাৰ এনে পৰিবৰ্ত্তন দেখি মোৰ প্ৰাণ কান্দি উঠিছে। বুজিছোঁ আপোনাৰ প্ৰতি দৈব প্ৰতিকূল। কিন্তু ধৈৰ্য্য ধৰক প্ৰিয়তম, সুযোগ বিচাৰি লৈ পুৰুষাৰ্থ কৰক; আকৌ আপোনাৰ সুখৰ সময় আহিব।”

 ৰঘুৱে ভাবিছিল যে, যমুনাই তেওঁৰ বিষয়ে একো শুনা নাই। এতিয়া তেওঁ যমুনাৰ কথা শুনি লাজতে মৰা প্ৰায় হল; মুখৰ মাত হৰিল।