পৃষ্ঠা:সাতসৰী.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
সাতসৰী।

 ৰঘুৰ কঁপনি আগতকৈও বেচি হ’ল। সেপ ঢুকি ঢুকি ক'লে—“মোৰ এটা কাম আছে, বহিব নোৱাৰোঁ।” তাৰ পিচত আৰু অপেক্ষা নকৰি তাৰ পৰা আঁতৰি গল।

 ৰঘুৰ অৱস্থা আৰু গঢ়-গতি দেখি নন্দেশ্বৰৰ মনত বিষম সন্দেহ উপস্থিত হ'ল। তেওঁ পোনেই চৰা ঘৰত সোমাই সকলো বস্তু ঠিক আছেনে নাই চাবলৈ ধৰিলে। হঠাৎ তেওঁৰ চকুত পৰিল——হেৰোৱা টকাৰে সৈতে মেজৰ বুকত তেওঁৰ ধনৰ মোনাটো। তেওঁৰ অন্তৰাত্মা নাচি উঠিল। হায়! এই টকাৰ নিমিত্তেই তেওঁ কত দিন ভাত-পানী এৰি ব্যাকুল হ’ল! পুলিচৰ হতুৱাই কত অনুসন্ধান কৰালে! আজি দুবছৰ কত নিদ্ৰাহীন ৰজনী যাপন কৰিলে! আজি তেওঁ আনন্দত উত্ৰাবল হৈ উঠিল; এখন্তেকৰ নিমিত্তে আপোন-পাহৰা হ'ল। তাৰ পিছত ভাবিলে, -“ই নিশ্চয় ৰঘুৰ কাম : ঠিক কথা, সেই সময়ত ৰঘুৱে চাৰিওফালে ধাৰলৈ ধন বিচাৰি ফুৰিছিল আৰু আজিৰ ৰঘুৰ গঢ়-গতিয়েও তাকে প্ৰমাণ কৰে।”

 ধনৰ মোনাটো লৈ নন্দেশ্বৰ ভিতৰ সোমাল আৰু লেখি-বুজি টকাখিনি চন্দুকত ভৰালে। সেই সময়ত তেওঁৰ মনত কেনে ভাব খেলাইছিল, তাক আমি কোৱা অসম্ভৱেই, তেওঁ নিজেও বুজিব নোৱাৰিছিল। অলপ বেলি ৰ-লাগি থকাৰ পিচত তেওঁ বাহিৰ ওলাল আৰু প্ৰকৃত তথ্য জানিবৰ নিমিত্তে ৰঘুৰ ঘৰলৈ

খোজ ললে।