লাহে দহ মিনিট, পোন্ধৰ মিনিট, কুৰি মিনিট, আধা ঘণ্টা পাৰ হৈ গ'ল; কিন্তু নন্দেশ্বৰ তেতিয়াও ঘূৰি নাহিল। তেওঁ কাকতখন আকৌ মেজৰ ওপৰতে থৈ যাবলৈ ওলাল। হঠাৎ তেওঁৰ চকুত পৰিল,—এটা জালমোনা; মোনাৰ ভিতৰৰ পৰা পৰিষ্কাৰ ৰৌপ্য মুদ্ৰাৰ শ্বেত ৰশ্মি বাহিৰ হৈ জিলিকি আছে। দেখা মাত্ৰেই তেওঁৰ গাত কিবা এটা অপূৰ্ব্ব উত্তেজনাৰ বিজুলী-সোঁত বৈ গ'ল; গোটেই শৰীৰ কঁপি উঠিল; কিবা এটা দৈৱিক শক্তিয়ে যেন তেওঁৰ সংজ্ঞা হৰণ কৰিল। তেওঁ মোনাটো হাতত লৈ লাহে লাহে বাহিৰ ওলাল; দোখোজমান যোৱাৰ পিচত কিবা এটা ভাবি হঠাৎ থমক খাই ৰ'ল; যেন কিবা এটা অদৃশ্য ছবি দেখি তেওঁ ভয় খালে। তাৰ পিচত তেওঁ আকৌ যাবলৈ ধৰিলে; লাহে লাহে বেগ বেচি হৈ আহিল আৰু শেহত প্ৰাণ-কাতৰে লৰিবলৈ ধৰিলে। তেতিয়া চাৰিওফালে আন্ধাৰ হৈছিল; অলপ পিচতে তেওঁ সেই আন্ধাৰৰ অঙ্গ হৈ পৰিল।
ডেকাজন উচ্চবংশীয়। তেওঁৰ উপৰি পুৰুষসকল ধনী, মানী আৰু প্ৰতাপী আছিল; ⸻ এতিযাও তেওঁলোকৰ বংশৰ প্ৰতিপত্তি শুনিবলৈ পোৱা যায়। কি কালৰ কুটিলা গতি! চিৰকাল কাৰো সমানে নাযায়। তেওঁৰ পিতামহৰ দিনতে তেওঁলোকৰ পূৰ্ব্ব-গৌৰৱৰ অন্ত পৰল। তেওঁৰ পিতৃ-পুৰুষ যদুনাথ ফুকন যদিও সকলো পৈতৃক গুণৰ অধিকাৰী হৈছিল, তথাপি পৈতৃক ধন-সম্পত্তিৰ অধিকাৰী হবলৈ নাপালে। সেই কাৰণে ধনৰ লগে লগে তেওঁৰ মান-সম্মানৰ তাৰতম্য ঘটি আহিল।