শোণিত কুঁৱৰী/প্ৰথম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
 

প্ৰথম অঙ্ক

 (বাণৰ নগৰ। ৰাজকাৰেঙৰ ভিতৰৰ ফুলনিত ঊষা সখীয়েকসকলৰ সৈতে ঘূৰি ফুৰিছিল আৰু সখীয়েকসকলে নাচি নাচি গীত গাইছিল। ঊষাই ফুল ছিঙি ফুৰিছিল, আৰু মাজে মাজে এবাৰ-দুবাৰ গীতো গাইছিল। লাহে লাহে সন্ধিয়া হৈ আহিছিল।)

গীত

(কোনে) গছে গছে পাতি দিলে ফুলৰে শৰাই

(ৰাম ৰাম)

কলীয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই

(ৰাম ৰাম)

কোনে গোলাপী সখীক এনে হাঁহি দিলে

ৰূপতে ৰঙে চৰাই—

ওৰণি তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলে বিলাই॥

(বাণ লাহে লাহে সোমাই আহে। গীতৰে অন্ত পৰে।)

ঊষা: পিতা! পণ্ডিতে মোলৈ দেখোন আৰু পুথি নেলেখে, মোক আৰু ছবি লাগে।
বাণ: অ’, মই পাহৰি আছো! কাইলৈ বাৰু মই সভাপণ্ডিতক ক’ম।
ঊষা: পিতা। চিত্ৰসখীয়ে হেনো বৰণবোৰ ভাল পোৱা নাই, নীল বৰণটো আকাশৰ বৰণৰ দৰে নহয়।
বাণ: নীল বৰণেই আকাশৰ বৰণ, আৰুনো কেনে হ’ব লাগে? মই ক’ম বাৰু পিছে চিত্ৰ। তই সিদিনা নতুন নাচোন এটা শিকিছিলি, কতা আমাক নেদেখুৱালি দেখোন? ‘পদুমকলি’ নেকি?
চিত্ৰ: ওঁ, এতিয়াও ভালকৈ অহা নাই।
বাণ: বাৰু, নাচচোন চাওঁ।
[  ]
চিত্ৰ: ভালকৈ এতিয়াও হোৱা নাই, বাৰু নাচো। তুমি বীণখন বজাবা দেই।

 (ঊষাই বহি বীণ বজায়, বাণে এটা শিলৰ ওপৰত বহি চায়, আৰু চিত্ৰলেখাই নাচে।)

পদুমকলি নাচ

(১)

পদুমণিখনি শুৱনি কৰিলে

 কুমলীয়া এটি কলিয়ে
ভাব তাৰ আছে।
 বুকুতে লুকাই।
ভাষা তাৰ আছে।
 মুখ ওপচাই
নিচুকি আছিল— সময় তাৰ
 আহিছেনে নাই বুলিয়ে

(২)

সমীৰণ তাৰ কাষেদি

 গ’ল,
ভোমোৰাও আহি বিৰত
 হ’ল,
পুৱা-ৰ’দালিয়ে বাতৰি আনিলে
 চেনেহ চুমাটি যাচিয়ে

(৩)

সিদিনা ফাগুন দিন,

 বিকশি উঠিল
 অন্তৰখনি—
 বাজিল অমিয় মধুৰ বীণ।

[  ]

(৪)

বাসন্তী উষাই জোনাকী জালেৰে

 বেৰিলেহি আহি চাৰিওকাষ
মুঞ্জৰি উঠিল হাঁহি মিচিকিয়া
মুঞ্জৰি উঠিল অন্তৰৰ কত
 নিচুক হাবিয়াস।

(৫)

হাঁহিলে কলিয়ে

 দুটি ওঁঠ ভৰি—
সমীৰণে ক’লে— “নিম
 চুৰ কৰি,”
ভোমোৰাই ক’লে— “পিউ সখি মৌ,
 পিউ সখি মৌ
 প্ৰাণ ভৰি।”
আপোন ভাবতে বিভোৰা পদুমী
হাঁহি হাঁহি, ক’লে— “ওঁহো ওঁহো—
 একো নিদিওঁ
থাকক হাঁহি, থাকক মধু
 মধুৰ জীৱন জুৰি।”

(৬)

সমীৰণ হ’লে থাকিল আগুৰি

অভিমান কৰি ভোমোৰাটিয়েহে
 গ’ল দূৰলৈ উৰি

(৭)

শান্ত স্নিগ্ধ পুৱা

নবীন তৰুণ তপনে ক’লেহি—
 “এয়া পালোহি প্ৰিয়া!

[  ]

আজি প্ৰতীক্ষাৰ শেষ হ’ল সখী,
 বিৰহী প্ৰিয়ক চুমা দিয়া।”

(৮)

দেখি পদুমীৰ হৰিলে মাত,

 বিজুলী সঞ্চাৰ লাগিল গাত,
 প্ৰেমিকৰ শুনি মধুৰ বচন।
 প্ৰাণ উটুৱাই নিয়া—
 “বিৰহী প্ৰিয়ক চুমা দিয়া।”

(৯)

লাজতে মুচৰি ৰল;

 আপোন ভাবতে উগুল-থুগুল,
 তাই বিয়াকুল হ’ল।

(১০)

প্ৰাণৰ আবেগ ৰুধিৰ নোৱাৰি

 পদুমী উৰ্দ্ধমুখ;
 সেয়ে পদুমীৰ কত জনমৰ
 কত কল্পনাৰ সুখ,
 বাতৰি পদুমী-প্ৰণয়ৰ
 উঠি বোকোচাত পোহৰৰ
 ক’লে প্ৰেমিকাক—
 “দিয়া-প্ৰতিদান দিয়া;
 চিৰজনমৰ প্ৰিয় মোৰ তুমি।
 চিৰজনমৰ সঞ্চিত মধু
অধৰৰ মোৰ
 বাটি ভৰি সখা পিয়া।”

বাণ: বাৰু, বেছ হৈছে। (এনেতে দুৱৰী আহি সেৱা জনায়।) কি?
দুৱৰী: প্ৰভু! সেনাপতি প্ৰসেঞ্জিতে যুদ্ধত জয়ী হৈ আপোনাৰ সাক্ষাৎ প্ৰাৰ্থনা কৰিছে।
[  ]
বাণ: বিজয় অনিবাৰ্য। ক’ত? সেনাপতি প্ৰসেঞ্জিত!

(প্ৰসেঞ্জিত সোমাই আহি শিৰ দোঁৱায়।)

প্ৰসেঞ্জিত: প্ৰভু! দাসৰ সেৱা গ্ৰহণ কৰক।
বাণ: বীৰ প্ৰসেঞ্জিত! মই তোমাৰ ওপৰত সন্তুষ্ট। দেৱতাৰ দৰ্পচূৰ্ণ অৱশ্যাম্ভাৱী। দানৱৰ সদায় জয়, যোৱা সেনাপতি! নগৰত আনন্দ উৎসৱ কৰিবলৈ আদেশ দিয়াগৈ। আজি সকলোৱে হাঁহক, গাওক, নাচক। যোৱা প্ৰসেঞ্জিত। দেৱতাসকলক মোৰ আগলৈ লৈ আহাগৈ।
প্ৰসেঞ্জিত: প্ৰভুৰ আজ্ঞা শিৰেধাৰ্য। (সেৱা কৰি যায়গৈ)
ঊষা: পিতা! দেৱতাসকলক বন্দী কৰি আনিছানেকি? তেওঁলোকক কি কৰিবা?
বাণ: বশ্যতা স্বীকাৰ কৰাই এৰি দিম।
ঊষা: বাৰু পিতা! তেওঁলোক সদায় হাৰি থাকে কিয়? নিজিকে কিয়?
বাণ: (হাঁহি) এৰা, ময়ো ভাবো নিজিকে কিয়?
ঊষা: (হাঁহি) পিতা! তুমি কিন্তু মোৰ কথাকেইটা নেপাহৰিবা। আমি এতিয়া যাওঁদেই। পিতা! তুমি ইয়াত বহি থাকিবা নেকি?
বাণ: অ’, আই! মই ইয়াত বহি অলপ জুৰ লওঁ তহঁত যা।
ঊষা: সখীহঁত! বলা আমি যাওঁ।

(সকলো যায়গৈ, বাণে ঊষাৰ ফালে চাই থাকে।)

বাণ: সিদিনা এই ছোৱালী আছিল, আজি আহি যৌৱনৰ দুৱাৰডলিত ভৰি দিছে। প্ৰতি অঙ্গৰ পূ্ৰ্ণতা লাহে লাহে ফুটি উঠিছে। লগে লগে মোৰ এটা চিন্তাও বাঢ়ি আহিছে। উপযুক্ত পাত্ৰ! ক’তা, কোনোতো উপযুক্ত পাত্ৰ নাই। মোৰ মনৰ কামনা কোনেও পূৰ্ণ কৰিব পৰা নাই। পৃথিৱীত তেন্তে সঁচাকৈয়ে উপযুক্ত বীৰৰ অভাৱ হৈছেনেকি? এই দেৱতা, ইহঁতো কাপুৰুষ। ইমান বীৰ্যহীন, শক্তিহীন এই দেৱতাবোৰ! [  ] সিহঁতৰ আকৌ গৌৰৱ! পদে পদে যুগে যুগে দানৱৰ হাতত লাঞ্ছিত, তথাপি ইমান দম্ভ। দেৱতা! তথাপি তহঁতৰ অহঙ্কাৰ নগ’ল! সেই স্বৰ্গৰ মণি-মুক্তা-প্ৰৱালেৰে সজোৱা সোণৰ সিংহাসনৰপৰা দানৱৰ পদাঘাতত বাৰে বাৰে উফৰি পৰিও তহঁতৰ অহঙ্কাৰ! বাৰু, চাওঁ। তহঁতে মোক নগণ্য বুলি দম্ভালি কৰি হাঁহিছিলি, কিন্তু এইবাৰ মই হাঁহিম। যাওক সেইবোৰ কথা। কিন্তু ঊষা। অৱশ্যে তাইক লৌহিত্যৰ নতুন নগৰতেই অগ্নিগড় মাৰি ৰাখিব লাগিব, নহ’লে আন উপায় নাই। নগৰ নিৰ্মাণ শেষ হৈছে— তাইৰো যৌৱন— পাত্ৰৰো অভাৱ।

(এনেতে মধুমতী সোমাই আহে)

ৰাণী: তুমি উপযুক্ত সময়তে আহিছা। মই ঊষাক সোনকালেই! লৌহিত্যৰ নগৰলৈ পঠাবৰ ইচ্ছা কৰিছো।
মধুমতী: তেন্তে ঊষাৰ কাৰণে উপযুক্ত পাত্ৰ আপুনি আৰু বিচাৰি নাপালেনেকি?
বাণ: ক’ত উপযুক্ত পাত্ৰ? পৃথিৱীত আজিলৈকে মইতো লগ নাপালো! মোৰ ইচ্ছা, উষাক এতিয়া সেই নগৰতে থোৱা যাওক। উপযুক্ত পাত্ৰৰ বৰ্তমান অভাৱ। (কিছুপম মনে মনে

থাকি) নহয়, ৰাণী! নগৰ যেতিয়া সম্পূৰ্ণ হ’ল, তেন্তে আৰু পলম কৰাৰ একো কাৰণ নাই। মই সোনকালেই দিগ্বিজয়ৰ কাৰণে ওলাই যাম। ঊষাক অতি সোনকালে সেই নগৰলৈ পঠোৱা যাওক। ৰাণী! তুমি এই কথা ঊষাক কৈ সকলো দিহা কৰিবা। দুৱৰী!— (দুৱৰী আহি সেৱা কৰে) মন্ত্ৰীক এতিয়াই মন্ত্ৰণা-কক্ষলৈ মাতি আনাগৈ!

(দুৱৰী যায়গৈ)

ৰাণী। মই মন্ত্ৰীক গড়ত অগ্নি প্ৰজ্বলিত কৰিবলৈ আদেশ দিওঁ! তুমি যোৱা।

 (ৰাণী যায়গৈ। এনেতে প্ৰহৰী আহি প্ৰসেঞ্জিত আৰু দেৱতাসকলৰ আগমন জনায়।)
[  ]

প্ৰহৰী: সেনাপতি বন্দীসকলৰ সৈতে উপস্থিত।

 (প্ৰসেঞ্জিতে বন্দী ইন্দ্ৰ, বৰুণ, অগ্নিক লৈ আহি উপস্থিত কৰে। লগত দানৱ সেনা)

বাণ: দেৱশ্ৰেষ্ঠ ইন্দ্ৰৰাজ, বৰুণদেৱ, অগ্নিদেৱ! আপোনাসকলে বুজিছে– আজি কিয় মোৰ আগত আনি আপোনাসকলক উপস্থিত কৰা হৈছে। দানৱক সদায় দেৱতাই হেয় জ্ঞান কৰি আহিছে। ইন্দ্ৰাৰাজ! আজি মই তাৰেই প্ৰতিশোধ লৈছো। মই আপোনালোকক সসম্ভ্ৰমে মুক্তি দিছো। কিন্তু, আপোনালোকে বশ্যতা স্বীকাৰ কৰক।
ইন্দ্ৰ: অসম্ভৱ! বশ্যতা স্বীকাৰ নকৰো। কৰিম কিয়? তোমাৰ শক্তিত আমাৰ বন্ধন দেখি? আমি বন্দী হ’ব পাৰো আমাৰ শক্তিৰ অভাৱত, আমি স্বৰ্গচ্যুত হ’ব পাৰো আমাৰ দুৰ্ভাগ্যত, সেইবুলি, বাণ! তোমাৰ আগত শিৰ দোঁৱাই আমি বশ্যতা স্বীকাৰ কৰি নাযাওঁ।
বাণ: দেৱৰাজ! তোমাৰ যিমানেই বীৰত্ব থাওক, তথাপি তুমি মোৰ বন্দী। সাৱধান।
ইন্দ্ৰ: বাণ! সেইবুলি তুমি ভাবিছানে—
বাণ: অঁ, ভাবিছো! ভাবিছো, ইন্দ্ৰ আজি মোৰ বন্দী; ইন্দ্ৰৰ হাতত বজ্ৰ নাই, ইন্দ্ৰই আৰু অপেস্বৰীবেষ্টিত হৈ অমৰাৱতীৰ সিংহাসনত বহি সৌৰজগতৰ দেৱতাসমূহৰ ভাগ্য নিৰ্দেশ কৰা নাই। ইন্দ্ৰ আজি দানৱৰ বিক্ৰমৰ আগত লীন হৈ যোৱা এটা ধূলিকণা। দেৱৰাজ! আজি মোৰ মনত পৰিছে তাহানিৰ কথা। মনত পৰিছে মোৰ প্ৰপিতামহ হিৰণ্যকশিপুৰ কথা, আৰু মোৰ পিতা বলিৰাজৰ কথা— যাক এদিন তোমালোকে স্বৰ্গচ্যুত কৰি পাতাললৈ নিক্ষেপ কৰিছিলা। আজি তাৰেই প্ৰতিশোধ। ইন্দ্ৰদেৱতা! আজি তাৰেই প্ৰতিশোধ। বুজিব পাৰিছানে দেৱতা! আজি এই সৌৰজগতত সকলোতকৈ শ্ৰেষ্ঠ দেৱতা নহয়, দানৱহে
[  ]
ইন্দ্ৰ: ইমান লাঞ্ছনাও সহিব লাগিবনেকি? কি অপমান! বসুমতী! বিদীৰ্ণ হোৱা। তোমাৰ বুকুত সোমাই ঘোৰ লজ্জা নিবাৰণ কৰো। আকাশ! নামি আহি মোক নীলিমাৰে আবৃত কৰি দিয়া, মই আৰু মুখ দেখুৱাব নোৱাৰো। বিদ্যুত! মোক ভস্ম কৰি যোৱাহি, মই যে আৰু সহ্য কৰিব নোৱাৰো।
বাণ: হাঃ হাঃ হাঃ! ইন্দ্ৰদেৱ! বসুমতী কোনসাহেৰে বিদীৰ্ণ হ’ব? বিদ্যুত কাৰ ইঙ্গিতত চমকি উঠিব? আকাশ কাৰ আদেশত নামি আহিব? আজি বসুলতী স্তব্ধ, নীৰৱ, বিদ্যুত আজি ৰশ্মিবিহীন, আকাশ পৱন আজি কম্পমান। সকলো বন্দী। ইন্দ্ৰদেৱ! দানবৰ বশ্যতা স্বীকাৰ কৰিবই লাগিব।
ইন্দ্ৰ: বাণ! ইমান দম্ভ! ইমান অহঙ্কাৰ! জানিব বাণ! এই অহঙ্কাৰ তোমাৰ নাথাকে। দেৱতাৰ অভিশাপ—
বাণ: অভিশাপ? অভিশাপ নাই। ময়েই জ্বলন্ত মূৰ্তিমন্ত অভিশাপ। কি অভিশাপ দিবা, ইন্দ্ৰদেৱতা? এতিয়াও তোমাৰ দম্ভ যোৱা নাই, গৰ্ব চূৰ্ণ হোৱা নাই? (প্ৰসেঞ্জিতক) সেনাপতি প্ৰসেঞ্জিত। যোৱা, দেৱশ্ৰেষ্ঠ ইন্দ্ৰক মোৰ বন্দীশালৰ বায়ু সেৱন কৰোৱাগৈ, সম্যকৰূপে বুজক, অনুভৱ কৰক, সঁচাকৈয়ে স্বৰ্গচ্যুত ইন্দ্ৰ আজি বাণৰ বন্দী। (বিদ্ৰূপাত্মক হাঁহি মাৰি) বজ্ৰপাণি! বজ্ৰবিহীন বজ্ৰপাণি! যোৱা, ফুলৰ সুগন্ধৰ পৰিৱৰ্তে পোতাশালৰ দুৰ্গন্ধ সেৱন কৰাগৈ। উনষাঠি সুস্বাদু ব্যঞ্জনৰ পৰিৱৰ্তে পোতাশালৰ দুৰ্গন্ধময় ব্যঞ্জন ভক্ষণ কৰাগৈ। মধুৰ সঙ্গীতৰ পৰিৱৰ্তে বন্দীৰ আৰ্তনাদ শুনাগৈ। কোমল সুখশয্যাৰ পৰিৱৰ্তে এবাৰ ধূলিত বাগৰাগৈ। ইন্দ্ৰদেৱ! এবাৰ ধূলিত বাগৰাগৈ। (বাণ ওলাই যায়)

 (প্ৰসেঞ্জিতে সকলোকে লৈ যায়গৈ; তাৰ পিছত বাণ ভাবি ভাবি সোমাই আহে। বেদীত বহী শঙ্কৰক স্মৰণ কৰে আৰু শঙ্কৰ অহি আবিৰ্ভাৱ হয়। বাণে সেৱা কৰে।)

বাণ: প্ৰভু! শতসহস্ৰ সেৱা গ্ৰহণ কৰা। অসীম শক্তিধৰ! অসীম [  ] শক্তি দিলা, বিশ্ব বিজয় কৰালা। অপাৰ কৰুণা তোমাৰ প্ৰভু! তোমাৰ কৃপাত আজি মই অসীম শক্তিশালী, বিশ্ববিজয়ী; কিন্তু প্ৰভু! মনত বৰ দুখ, প্ৰাণত আৰু তৃষ্ণা প্ৰভু! সঁচা কথা ক’বলৈ গ’লে তোমাৰ শক্তি সদ্ব্যৱহাৰ হোৱা নাই; তোমাৰ সকলো ব্যৰ্থ, বৰ ব্যৰ্থ, শক্তি ব্যৰ্থ।
শঙ্কৰ: কি বাণ! এতিয়াওঁ তোৰ তৃষ্ণা মাৰ নগ’ল! তইতো ত্ৰিভুৱনৰ সকলো বীৰ্যবান বীৰক পদাঘাত কৰি আজি ৰাজচক্ৰৱৰ্তী। দেৱতা দানৱ-মানৱ সকলোৱেই তোৰ বল-বিক্ৰমত স্তম্ভিত। তই আজি ত্ৰিভুৱনৰ নমস্য। তোৰ পুৰী অজি ত্ৰিভুৱনৰ মূৰৰ মুকুট। তোৰ কিহৰ দুখ?
বাণ: নহয়, নহয় প্ৰভু! মোৰ ৰূণ-তৃষ্ণা এতিয়াও পূৰ্ণ নহ’ল। মোৰ প্ৰতিযোদ্ধা নাই। প্ৰভু! ই মোৰ গৌৰৱৰ কথা হ’লেও মোৰ শক্তিৰ অসীমতাৰ প্ৰমাণ নকৰে। তেন্তে প্ৰভু! মোৰ শক্তিৰ সাৰ্থকতা ক’ত? মোৰ শৌৰ্য-বীৰ্য কিহত প্ৰকাশ হ’ল? দেৱতা আদি কৰি সকলো কাপুৰুষৰ দৰে পৰাজিত। নহয় প্ৰভু! মোক উপযুক্ত প্ৰতিযোদ্ধা দিয়া। মই মোৰ গোটেই শিৱ-শক্তিৰে যুঁজি মোৰ ৰণ-তৃষ্ণা মাৰ নিয়াওঁ।
শঙ্কৰ: বাণ! এয়ে তোৰ অভিলাষ? তৃষ্ণাৰ উপশম হোৱা নাই? বাণ! তোৰ এই তৃষ্ণা চিৰকাল বাঢ়ি যাব। তাক কোনো বাহ্যিক প্ৰতিৰোধেৰে তই উপশম কৰিব নোৱাৰ। তই নিজেই এই তৃষ্ণা গুচাব লাগিব। তই সন্তুষ্ট হ’ব লাগিব, তোৰ আত্মশক্তিৰে। বাণ!
বাণ: নহয় প্ৰভু! তেনে সন্তোষ মোক নালাগে। মোৰ কিমান শক্তি তাৰ মোক পৰীক্ষা লাগে। প্ৰভু! মোক উপযুক্ত প্ৰতিযোদ্ধা দিয়া। ত্ৰিভুৱনত যদি এনে প্ৰতিযোদ্ধাৰ অভাৱ, তেন্তে তোমাৰ সৰ্বশক্তি দি এজন প্ৰতিযোদ্ধাৰ সৃষ্টি কৰা। মই এবাৰ প্ৰাণৰ হেঁপাহ পলুৱাই যুদ্ধ কৰো।

(শঙ্কৰ মনে মনে থাকি গম্ভীৰ হৈ কয়)

[ ১০ ]
শঙ্কৰ: বাণ! মই বুজিছো। মই তোক আজি এই বৰ দিলো— তই তোৰ বাঞ্ছিত উপযুক্ত প্ৰতিযোদ্ধা অতি শীঘ্ৰে পাবি।
বাণ: (বৰ আনন্দিত হৈ) আজিহে মোৰ মনৰ বাঞ্ছা পূৰ্ণ হৈছে। আজিহে মোৰ শিৱ-সাধনা সফল হৈছে। আজিহে জীৱন ধন্য মানিছো। ইমান তৃষ্ণা বুকুত ৰাখি, ইমান শক্তি বাহুত বান্ধি, কেনেকৈ নিশ্চল হৈ বহি থাকিলোহেঁতেন! প্ৰভু শঙ্কৰ! হে ভকতৰ কল্পতৰু বীৰৰ শক্তি, মহাদেৱ— নাই মোৰ একো— কিহেৰে সন্তোষ কৰিম প্ৰভু! জীৱনৰ সকলো তোমাৰ চৰণত অৰ্পণ কৰি কেৱল তোমাৰ শক্তিৰে আছো। দিবলৈ আৰু একো নাই। ভকতৰ ভক্তিৰ শত সহস্ৰ পুষ্পাঞ্জলি গ্ৰহণ কৰা। হে বিশ্বপতি, ভীমৰূপ, মহাযোগী— জীৱনৰ সাধনা আজি পূৰ্ণ কৰিবলৈ মোৰ আগত সৌভাগ্যদেৱতা হৈ থিয় দিছাহি। হে মোৰ সৌভাগ্য। হে মোৰ দেৱতা! হে মোৰ চিৰনমস্য চিৰআৰাধ্য প্ৰভু! জীৱনৰ সফলতাৰ দিনা আজি ভক্তক এবাৰ চৰণ পদ্মৰেণুৰে শিৰ ওপচাই দিয়া। জয় শিৱ শম্ভো।

(বাণে ভৰিত দীঘল দি পৰি সেৱা কৰে।)


আঁৰ-কাপোৰ

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )