সমললৈ যাওক

শোণিত কুঁৱৰী/দ্বিতীয় অঙ্ক, প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা

[ ১১ ]

 

দ্বিতীয় অঙ্ক

প্ৰথম দৰ্শন

 (লোহিতৰ পাৰত ঊষাৰ নগৰ। বেলি মাৰ যোৱা সময়। দূৰত অগ্নিগড়ৰ অগ্নিশিখা দেখা গৈছে। ব্ৰহ্মপুত্ৰৰ ক্ষীণ শব্দ আহি কাণত পৰিছে। ওখ অট্টালিকাৰ ওপৰত ঊষা এটা স্তম্ভত আঁউজি আছিল। পত্ৰলেখা, চন্দ্ৰলেখা, মধুলেখা আৰু আন আন সখীসকল নানা ঠাইত বহি কথা-বতৰা পাতি আছিল। ঊষাই একান্ত মনে পশ্চিমৰ ফালে চাই গীত গাইছিল।)

গীত

গুমৰি উঠিছে হিয়া অভিনৱ তানে।
যৌৱনৰ প্ৰথম পুৱাত আজি
 ক’ত আছে প্ৰাণৰ আলহী
 কোনে কৈয়ে দিব
 কোনে জানে।

 (এনেতে চিত্ৰলেখাই হাতত বীণ এখন লৈ সোমাই আহে।)

চিত্ৰ: ইঃ ইঃ! যৌৱনৰ আলহী বিচাৰিছা নেকি হে? মই জানো, মই জানো। (সখীবোৰে হাঁহে)

নেলাগে নেলাগে আৰু এতিয়া আলহী বিচাৰিব, এইফালে আহা

ঊষা: মোৰ সৌ নৈৰ পাৰলৈ যাবৰ মন গৈছে ব’লা সখী! তালৈ যাওঁ!
চিত্ৰ: ক’লৈ? ভাল কৈছা দেওহে! পিতাৰাই ইয়াত যে তোমাক বন্দী কৰি থৈছে তাক হ’বলা ভুকে পোৱা নাই?
ঊষা: কিয়?
চিত্ৰ: কিয় পৰ্বতটো যে থিয়? তোমাৰ যোগ্য দৰা নেপাই— মহা দিগ্‌বিজয় নে দিগগজ্ বীৰ নেপাই!
[ ১২ ]  (সখীবোৰে হাঁহে, ঊষাই লাজ কৰি ওফোন্দ পাতি আনফালে যায়।)
চিত্ৰ: ইস্ ইস্, আহা আহা। বাৰু, পিছতো লাজসোপা কৰিবা এথোন।
চিত্ৰ: অ’, চিত্ৰ ঊষাই তোমাক এতিয়া—
ঊষা: ইহ্ ইহ্— মিছা—
পত্ৰ: কওঁনে, কওঁ—
ঊষা: নাইহে একো নাই কোৱা। যোৱাঃ।

(এই বুলি যাব খোজে।)

পত্ৰ: নহয় বাৰু, আহা।
চিত্ৰ: মই জানো কিবা লাগিছো? আহা আহা, বীণখন বজাব খুজিছিলা নহয়, আহা।
পত্ৰ: অ’ সেই ফালে হ’বলা যৌৱনৰ আলহী বিচাৰি যায়?

(সখীবোৰে হাঁহে)

ঊষা: কিহে পেংলাই কৰি থাকা! ওঁ বীৰ নহয়—
চিত্ৰ: বাৰু হৈছে এতিয়া। বাৰু তুমি বীৰ—
ঊষা: যোৱাঃ।
চিত্ৰ: নহয় বাৰু। আহা বজোৱাহি।
ঊষা: তুমি বজোৱাচোন। পত্ৰই গীত গাওক, এওঁলোকে নাচক।
পত্ৰ: এৰা এৰা। মই নাগাও, এওঁলোকেও নানাচে; চিত্ৰয়ে গাবও লাগিব, নাচিবও লাগিব। মইনা থাকোতে কাউৰী লৈ—
চিত্ৰ: বাৰু হৈছে। পিছে মই দেখোন সদায় নাচিয়েই আছো। ইমান দিন—
ঊষা: ৰ’বাহে, এতিয়া এইদৰে তৰ্ক কৰি থাকোতেই সময় যাব। গোৱাঁ, গোৱাঁ চিত্ৰ।
চিত্ৰ: সঁচাকৈয়ে গাবই লাগিবনেকি?
সখীবোৰ: অৱশ্যে, অৱশ্যে।
চিত্ৰ: তেন্তে তাঁৰ বান্ধি লওঁ ৰ’বা।
[ ১৩ ]  (আটাইকেইজনীয়ে চিত্ৰক বেঢ়ি বহে, চিত্ৰই তাঁৰ বান্ধিবলৈ লাগে।)
ঊষা: এতিয়া কাণ মোচৰোতে মোচৰোতে এযুগ যাব যেনহে পাইছো।
চিত্ৰ: এই হ’ল ৰ’বা, হ’ল আৰু।

 (তাঁৰ পকায়। তাঁৰ ছিগি যায়। সকলোৱে হাঁহিবলৈ ধৰে।)

চিত্ৰ: ভাল আপদ! (আকৌ চেষ্টা কৰে, আকৌ ছিগি যায়।)
ঊষা: থোৱা, থোৱা, ফালিবা এতিয়া (হাঁহে)
পত্ৰ: বোলো এতিয়া বীণখন থোৱা! এনেয়ে গীত গাই নাচা।
চিত্ৰ: অ’ ৰবা, এইবাৰ হ’ব।
ঊষা: নালাগে, নালাগে উঠা।
চিত্ৰ: হ’ব হে ৰ’বা।
ঊষা: (চিত্ৰক ধৰি) নালাগে উঠা।
চিত্ৰ: তোমাৰপৰা নোৱাৰি দিয়া। (বীণখন আঁতৰাই থৈ)

নাচা হে পত্ৰ! নাচা হে, কি চাই আছা?

পত্ৰ: ইস্, নাচিব লাগে কোনে, আকৌ নাচিবলৈ কয় কাক?
ঊষা: কিহে চিত্ৰ?
চিত্ৰ: নচুৱাই নচুৱাই— বাৰু দিয়া।
ঊষা: গীতো লগতে?
চিত্ৰ: ঊষা বাৰু, কি গাম?
ঊষা: আগতে ইমানবোৰ পৰি আছে। সুৰৰ ৰহণ সানি নি থাকা। (চিত্ৰ নাচে আৰু গায়।)

গীত

বোৱাঁ বোৱাঁ দখিণ মলয়া, তটিনী গোৱাঁ।
সমীৰণে আহি পৰাণ জুৰালে আ-হা।
 কোন নন্দনত পাৰিজাত ফুলে
 বিলাই সুৰভি বিয়াকুল কৰে।

[ ১৪ ]

কোন তটিনী বয়, কুলু কুলু কুলু
 কুলু কুলু কুলু
 কুলু কুলু কুলু কই
নিজৰি, নিজৰি, নিজৰি নিজৰি কোন সুৰে
 গান গাই।
প্ৰাণ মতলীয়া কৰা আলসুৱা ই কিনে মায়া,
 ই কিনো মায়া।

চিত্ৰ: উস্। আৰু নোৱাৰো, বৰ ভাগৰ লাগেহে।
ঊষা: সঁচাকৈয়ে চিত্ৰ! তোমাৰ নাচোন চাই বলিয়া নোহোৱাকৈ থাকিব নোৱাৰি।
চিত্ৰ: বাৰু বাৰু, প্ৰশংসা কৰিব নেলাগে, যোৱা।
ঊষা: সঁচাকৈয়ে সঙ্গীত ইমান সুন্দৰ।
পত্ৰ: তাতে আকৌ আচলজনীয়েই গাইছে। নহ’বনো কিয়? সোণত সুৱগাৰ দৰে।
চিত্ৰ: এঁঃ এঁঃ, ক’ব লাগিছেনে আৰু! বাৰু, প্ৰশংসাখন থোৱা। তোমালোক আটাইকেইজনীকে মই নচুৱাইহে এৰিম।
পত্ৰ: অ,’ সৌৱা ভাই আহিছে।
ঊষা: ক’তা?
পত্ৰ: সৌৱা!

 (আটাইকেইজনীয়ে চায়। দেখি, আহি পাবলৈ বাট চাই চাই থাকে। মধুমতী আহে, আটাইবোৰে সেৱা কৰে)

মধুমতী: আই ঊষা! ভাল আছনে?
ঊষা: অ’ আই, আছো। তোমালোক ভালে আছানে? পিতা ইয়ালৈ নাহেনেকি? তুমি দেখোন বহুত দিন নহাকৈ আছিলা?
মধুমতী: এৰা আই। পিছে, তোৰ ইয়াত ভাল লাগিছেনে?
উষা: অ’ আই, মোৰ বৰ ভাল লাগিছে। নগৰখন বৰ সুন্দৰ হৈছে আই।
মধুমতী: আই চিত্ৰ-পত্ৰ! তহঁত ভালে আছনে?
[ ১৫ ]
চিত্ৰ-পত্ৰহঁত: হয়, আই আছো।
ঊষা: (হাঁহি) পিছে, আমাৰ কুঁজী বায়ে সদায় চিঞৰ-বাখৰ কৰি থাকে। (কুঁজীক) উ কুন্ধচ!

 (ঊষাৰ কথা শুনি কুঁজীয়ে তিনি জাঁপ দি চিঞৰ-বাখৰ কৰি)

কুঁজী: ঔ, আই—
ঊষা: ধেমালিহে কুঁজী বাই! ধেমা—
কুঁজী: অঁ’ ধেমালিতো। হে মই তোৰ জানো সমনীয়া, তাতে মোৰ লগত যে চুপতিখন কৰ? মোক যে সদায় কুন্ধচ কুন্ধচ কৰ, মইনো কিহত বেয়া? ৰূপতে বেয়া নে গুণতে বেয়া নে কিহত বেয়া? এতিয়াহে বুঢ়ী হ’লো। দাঁত সৰিল, চুলি পকিল, কঁকাল পৰিল;— ডেকেৰী হৈ থকা হ’লে দেখিলিহেঁতেন। এতিয়াহে দেখিছ মোক এনে হেন। বাটৰ মানুহেৰ লাগি চাই গৈছিল। (আটাইখনে হাঁহে।) কেইটা ৰজাৰ ল’ৰাই বিয়া কৰিবলৈ হাবাথুৰি খাই ফুৰিছিল। পিছে, মই জানো তেনে কেটালৈ যাওঁ? এতিয়াহে মোক বোল— যা, যা বুঢ়ী যা।
ঊষা: ইহ কুঁজীবাই। বেয়া পোৱানো কিয়? ধেমালিহে কৰিলো।
কুঁজী: ধেমালি, যা যা আইহে! কালিৰ ছোৱালীজনী হৈ তই মোক বেয়া দেখিলি ‘নয়’। ইমান দিন মাৰ-বাপেৰৰ লগত থাকিলো কোনেও বেয়া বুলিব নোৱাৰিলে, তোৰ আগতহে হ’লো বেয়া!
চিত্ৰ: কুঁজী! তই ৰাৰু বৰ ৰূপহী দে। মনে মনে থাক!

 (কুঁজীয়ে চিত্ৰৰ ফালে চকু পোন্দাই চায়।

মধুমতী: কুঁজী! মনে মনে থাক। ধেমালিতে লাগিব লাগেনে?

 (কুঁজীয়ে মনে মনে বোকবোকাই থাকে।)

চিত্ৰ: আই! তুমি আজিয়েই যাবাগৈনেকি?
মধুমতী: এৰা আই, আজিয়েই যাম।
ঊষা: নহয় আই, আজি নাযাবা। মোৰ বেয়া লাগিব আই! তুমি ইমান দিনৰ মূৰত আহিছা।
[ ১৬ ]
মধুমতী: আই! মই আৰু তহঁতক সদায় ধৰি থাকিমনে? সখীয়েৰহঁত থাকিব নহয়, কুঁজী থাকিব নহয়।
ঊষা: (হাঁহি কুঁজীৰ ফালে কেৰাহিকৈ চাই) কুঁজীবাইক নেলাগে আমাক।
কুঁজী: (খঙেৰে) নেলাগিবতো কুঁজীক! কুঁজী ফেদেলীক নালাগে। চিত্ৰলেখাৰ দৰে দীপলিপ কইনা কেখানিনো ক’ত পোৱা? থ মোৰ আই হে? এই কণৰপৰা তুলি-তালি ডাঙৰ কৰিলো, এতিয়া আকৌ নলগা হ’ল, নহয়।

 (ঊষাহঁতে হাঁহে। চিত্ৰই চকু টিপিয়াই কুঁজীক জোকায়)

ঊষা: বাৰু আই, তুমি মাজে মাজে আহি থাকিবা দেই।
মধুমতী: বাৰু, আহিম আই!
চিত্ৰ: ব’লা সখী, আইক আগবঢ়াই থওঁগৈ।
ঊষা আৰু সখীবোৰ: ওঁ ব’লা। (সকলো যায়গৈ)

 (কিছুপৰৰ পিছত ঊষা অকলে কিবা ভাবত বিভোল হৈ আহি বেদী এখনত বহেহি। এনেতে কেইজনীমান সখীয়ে ধূপ-ধূনা দি ঊষাৰ ওচৰতে ধূপৰ পাত্ৰ থৈ গুচি যায়। ঊষা বহি বহি ভগৱতীক ভাবি বিভোল হয়। সন্ধিয়া লাগি আন্ধাৰ হয়। সখীহঁতে তেতিয়াও ঊষাৰ কোঠাত প্ৰদীপ লগাই থৈ যোৱা নাছিল। ঊষা ভক্তিত গদ্‌গদ্‌ হৈ কয়।)

ঊষা: আই ভগৱতী! হিয়াৰ গুপুত কামনা-বাসনাবোৰ কাণে কাণে পূৰ্ণ হৈ উথলি পৰিলে। মোৰ শান্ত হিয়া উথলি উঠিছে— কিহবাৰ আবেগত হিয়া বিয়াকুল হৈছে। মাতৃ! মোৰ অন্তৰৰ অতৃপ্ত বাসনা তুমি কেতিয়া পূৰাবা? মোৰ আকুল হিয়া কেতিয়া জুৰাবা আই!

 (মূৰ দোৱাই সেৱা কৰে। ভক্তিৰ অশ্ৰু দুগালেদি বৈ আহে। এনেতে আন্ধাৰ খোঁটালি পোহৰাই ভগৱতীৰ আবিৰ্ভাৱ হয়। ঊষাই ভগৱতীৰ চৰণত গবা মাৰি ধৰি মূৰ দোঁৱায়।) [ ১৭ ]

ভগৱতী: ঊষা! অচলা ভক্তিত তোৰ তুষ্ট হ’লো মই। যৌৱন-মুগুধা আই মোৰ পাবি তোৰ প্ৰাণৰ বাঞ্ছিত স্বামী, মহাবীৰ মহাযোদ্ধা অনিন্দ্য সুন্দৰ।

 (ভগৱতী অন্তৰ্দ্ধান হয়। ঊষাই সেৱা কৰি মূৰ দোঁৱাই থাকে। এনেতে ঊষাৰ সখীহঁত সন্ধ্যাদীপ হাতত লৈ সোমাই আহে। ৰঙচুৱা পোহৰ পৰি ঊষাৰ মুখত এটি অভিনৱ জেউতি ফুটাই তোলে।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )