পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিত্ৰ: ভালকৈ এতিয়াও হোৱা নাই, বাৰু নাচো। তুমি বীণখন বজাবা দেই।

 (ঊষাই বহি বীণ বজায়, বাণে এটা শিলৰ ওপৰত বহি চায়, আৰু চিত্ৰলেখাই নাচে।)

পদুমকলি নাচ

(১)

পদুমণিখনি শুৱনি কৰিলে

 কুমলীয়া এটি কলিয়ে
ভাব তাৰ আছে।
 বুকুতে লুকাই।
ভাষা তাৰ আছে।
 মুখ ওপচাই
নিচুকি আছিল— সময় তাৰ
 আহিছেনে নাই বুলিয়ে

(২)

সমীৰণ তাৰ কাষেদি

 গ’ল,
ভোমোৰাও আহি বিৰত
 হ’ল,
পুৱা-ৰ’দালিয়ে বাতৰি আনিলে
 চেনেহ চুমাটি যাচিয়ে

(৩)

সিদিনা ফাগুন দিন,

 বিকশি উঠিল
 অন্তৰখনি—
 বাজিল অমিয় মধুৰ বীণ।