পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰহৰী: সেনাপতি বন্দীসকলৰ সৈতে উপস্থিত।

 (প্ৰসেঞ্জিতে বন্দী ইন্দ্ৰ, বৰুণ, অগ্নিক লৈ আহি উপস্থিত কৰে। লগত দানৱ সেনা)

বাণ: দেৱশ্ৰেষ্ঠ ইন্দ্ৰৰাজ, বৰুণদেৱ, অগ্নিদেৱ! আপোনাসকলে বুজিছে– আজি কিয় মোৰ আগত আনি আপোনাসকলক উপস্থিত কৰা হৈছে। দানৱক সদায় দেৱতাই হেয় জ্ঞান কৰি আহিছে। ইন্দ্ৰাৰাজ! আজি মই তাৰেই প্ৰতিশোধ লৈছো। মই আপোনালোকক সসম্ভ্ৰমে মুক্তি দিছো। কিন্তু, আপোনালোকে বশ্যতা স্বীকাৰ কৰক।
ইন্দ্ৰ: অসম্ভৱ! বশ্যতা স্বীকাৰ নকৰো। কৰিম কিয়? তোমাৰ শক্তিত আমাৰ বন্ধন দেখি? আমি বন্দী হ’ব পাৰো আমাৰ শক্তিৰ অভাৱত, আমি স্বৰ্গচ্যুত হ’ব পাৰো আমাৰ দুৰ্ভাগ্যত, সেইবুলি, বাণ! তোমাৰ আগত শিৰ দোঁৱাই আমি বশ্যতা স্বীকাৰ কৰি নাযাওঁ।
বাণ: দেৱৰাজ! তোমাৰ যিমানেই বীৰত্ব থাওক, তথাপি তুমি মোৰ বন্দী। সাৱধান।
ইন্দ্ৰ: বাণ! সেইবুলি তুমি ভাবিছানে—
বাণ: অঁ, ভাবিছো! ভাবিছো, ইন্দ্ৰ আজি মোৰ বন্দী; ইন্দ্ৰৰ হাতত বজ্ৰ নাই, ইন্দ্ৰই আৰু অপেস্বৰীবেষ্টিত হৈ অমৰাৱতীৰ সিংহাসনত বহি সৌৰজগতৰ দেৱতাসমূহৰ ভাগ্য নিৰ্দেশ কৰা নাই। ইন্দ্ৰ আজি দানৱৰ বিক্ৰমৰ আগত লীন হৈ যোৱা এটা ধূলিকণা। দেৱৰাজ! আজি মোৰ মনত পৰিছে তাহানিৰ কথা। মনত পৰিছে মোৰ প্ৰপিতামহ হিৰণ্যকশিপুৰ কথা, আৰু মোৰ পিতা বলিৰাজৰ কথা— যাক এদিন তোমালোকে স্বৰ্গচ্যুত কৰি পাতাললৈ নিক্ষেপ কৰিছিলা। আজি তাৰেই প্ৰতিশোধ। ইন্দ্ৰদেৱতা! আজি তাৰেই প্ৰতিশোধ। বুজিব পাৰিছানে দেৱতা! আজি এই সৌৰজগতত সকলোতকৈ শ্ৰেষ্ঠ দেৱতা নহয়, দানৱহে