পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইন্দ্ৰ: ইমান লাঞ্ছনাও সহিব লাগিবনেকি? কি অপমান! বসুমতী! বিদীৰ্ণ হোৱা। তোমাৰ বুকুত সোমাই ঘোৰ লজ্জা নিবাৰণ কৰো। আকাশ! নামি আহি মোক নীলিমাৰে আবৃত কৰি দিয়া, মই আৰু মুখ দেখুৱাব নোৱাৰো। বিদ্যুত! মোক ভস্ম কৰি যোৱাহি, মই যে আৰু সহ্য কৰিব নোৱাৰো।
বাণ: হাঃ হাঃ হাঃ! ইন্দ্ৰদেৱ! বসুমতী কোনসাহেৰে বিদীৰ্ণ হ’ব? বিদ্যুত কাৰ ইঙ্গিতত চমকি উঠিব? আকাশ কাৰ আদেশত নামি আহিব? আজি বসুলতী স্তব্ধ, নীৰৱ, বিদ্যুত আজি ৰশ্মিবিহীন, আকাশ পৱন আজি কম্পমান। সকলো বন্দী। ইন্দ্ৰদেৱ! দানবৰ বশ্যতা স্বীকাৰ কৰিবই লাগিব।
ইন্দ্ৰ: বাণ! ইমান দম্ভ! ইমান অহঙ্কাৰ! জানিব বাণ! এই অহঙ্কাৰ তোমাৰ নাথাকে। দেৱতাৰ অভিশাপ—
বাণ: অভিশাপ? অভিশাপ নাই। ময়েই জ্বলন্ত মূৰ্তিমন্ত অভিশাপ। কি অভিশাপ দিবা, ইন্দ্ৰদেৱতা? এতিয়াও তোমাৰ দম্ভ যোৱা নাই, গৰ্ব চূৰ্ণ হোৱা নাই? (প্ৰসেঞ্জিতক) সেনাপতি প্ৰসেঞ্জিত। যোৱা, দেৱশ্ৰেষ্ঠ ইন্দ্ৰক মোৰ বন্দীশালৰ বায়ু সেৱন কৰোৱাগৈ, সম্যকৰূপে বুজক, অনুভৱ কৰক, সঁচাকৈয়ে স্বৰ্গচ্যুত ইন্দ্ৰ আজি বাণৰ বন্দী। (বিদ্ৰূপাত্মক হাঁহি মাৰি) বজ্ৰপাণি! বজ্ৰবিহীন বজ্ৰপাণি! যোৱা, ফুলৰ সুগন্ধৰ পৰিৱৰ্তে পোতাশালৰ দুৰ্গন্ধ সেৱন কৰাগৈ। উনষাঠি সুস্বাদু ব্যঞ্জনৰ পৰিৱৰ্তে পোতাশালৰ দুৰ্গন্ধময় ব্যঞ্জন ভক্ষণ কৰাগৈ। মধুৰ সঙ্গীতৰ পৰিৱৰ্তে বন্দীৰ আৰ্তনাদ শুনাগৈ। কোমল সুখশয্যাৰ পৰিৱৰ্তে এবাৰ ধূলিত বাগৰাগৈ। ইন্দ্ৰদেৱ! এবাৰ ধূলিত বাগৰাগৈ। (বাণ ওলাই যায়)

 (প্ৰসেঞ্জিতে সকলোকে লৈ যায়গৈ; তাৰ পিছত বাণ ভাবি ভাবি সোমাই আহে। বেদীত বহী শঙ্কৰক স্মৰণ কৰে আৰু শঙ্কৰ অহি আবিৰ্ভাৱ হয়। বাণে সেৱা কৰে।)

বাণ: প্ৰভু! শতসহস্ৰ সেৱা গ্ৰহণ কৰা। অসীম শক্তিধৰ! অসীম