পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শক্তি দিলা, বিশ্ব বিজয় কৰালা। অপাৰ কৰুণা তোমাৰ প্ৰভু! তোমাৰ কৃপাত আজি মই অসীম শক্তিশালী, বিশ্ববিজয়ী; কিন্তু প্ৰভু! মনত বৰ দুখ, প্ৰাণত আৰু তৃষ্ণা প্ৰভু! সঁচা কথা ক’বলৈ গ’লে তোমাৰ শক্তি সদ্ব্যৱহাৰ হোৱা নাই; তোমাৰ সকলো ব্যৰ্থ, বৰ ব্যৰ্থ, শক্তি ব্যৰ্থ।

শঙ্কৰ: কি বাণ! এতিয়াওঁ তোৰ তৃষ্ণা মাৰ নগ’ল! তইতো ত্ৰিভুৱনৰ সকলো বীৰ্যবান বীৰক পদাঘাত কৰি আজি ৰাজচক্ৰৱৰ্তী। দেৱতা দানৱ-মানৱ সকলোৱেই তোৰ বল-বিক্ৰমত স্তম্ভিত। তই আজি ত্ৰিভুৱনৰ নমস্য। তোৰ পুৰী অজি ত্ৰিভুৱনৰ মূৰৰ মুকুট। তোৰ কিহৰ দুখ?
বাণ: নহয়, নহয় প্ৰভু! মোৰ ৰূণ-তৃষ্ণা এতিয়াও পূৰ্ণ নহ’ল। মোৰ প্ৰতিযোদ্ধা নাই। প্ৰভু! ই মোৰ গৌৰৱৰ কথা হ’লেও মোৰ শক্তিৰ অসীমতাৰ প্ৰমাণ নকৰে। তেন্তে প্ৰভু! মোৰ শক্তিৰ সাৰ্থকতা ক’ত? মোৰ শৌৰ্য-বীৰ্য কিহত প্ৰকাশ হ’ল? দেৱতা আদি কৰি সকলো কাপুৰুষৰ দৰে পৰাজিত। নহয় প্ৰভু! মোক উপযুক্ত প্ৰতিযোদ্ধা দিয়া। মই মোৰ গোটেই শিৱ-শক্তিৰে যুঁজি মোৰ ৰণ-তৃষ্ণা মাৰ নিয়াওঁ।
শঙ্কৰ: বাণ! এয়ে তোৰ অভিলাষ? তৃষ্ণাৰ উপশম হোৱা নাই? বাণ! তোৰ এই তৃষ্ণা চিৰকাল বাঢ়ি যাব। তাক কোনো বাহ্যিক প্ৰতিৰোধেৰে তই উপশম কৰিব নোৱাৰ। তই নিজেই এই তৃষ্ণা গুচাব লাগিব। তই সন্তুষ্ট হ’ব লাগিব, তোৰ আত্মশক্তিৰে। বাণ!
বাণ: নহয় প্ৰভু! তেনে সন্তোষ মোক নালাগে। মোৰ কিমান শক্তি তাৰ মোক পৰীক্ষা লাগে। প্ৰভু! মোক উপযুক্ত প্ৰতিযোদ্ধা দিয়া। ত্ৰিভুৱনত যদি এনে প্ৰতিযোদ্ধাৰ অভাৱ, তেন্তে তোমাৰ সৰ্বশক্তি দি এজন প্ৰতিযোদ্ধাৰ সৃষ্টি কৰা। মই এবাৰ প্ৰাণৰ হেঁপাহ পলুৱাই যুদ্ধ কৰো।

(শঙ্কৰ মনে মনে থাকি গম্ভীৰ হৈ কয়)