পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০

শঙ্কৰ: বাণ! মই বুজিছো। মই তোক আজি এই বৰ দিলো— তই তোৰ বাঞ্ছিত উপযুক্ত প্ৰতিযোদ্ধা অতি শীঘ্ৰে পাবি।
বাণ: (বৰ আনন্দিত হৈ) আজিহে মোৰ মনৰ বাঞ্ছা পূৰ্ণ হৈছে। আজিহে মোৰ শিৱ-সাধনা সফল হৈছে। আজিহে জীৱন ধন্য মানিছো। ইমান তৃষ্ণা বুকুত ৰাখি, ইমান শক্তি বাহুত বান্ধি, কেনেকৈ নিশ্চল হৈ বহি থাকিলোহেঁতেন! প্ৰভু শঙ্কৰ! হে ভকতৰ কল্পতৰু বীৰৰ শক্তি, মহাদেৱ— নাই মোৰ একো— কিহেৰে সন্তোষ কৰিম প্ৰভু! জীৱনৰ সকলো তোমাৰ চৰণত অৰ্পণ কৰি কেৱল তোমাৰ শক্তিৰে আছো। দিবলৈ আৰু একো নাই। ভকতৰ ভক্তিৰ শত সহস্ৰ পুষ্পাঞ্জলি গ্ৰহণ কৰা। হে বিশ্বপতি, ভীমৰূপ, মহাযোগী— জীৱনৰ সাধনা আজি পূৰ্ণ কৰিবলৈ মোৰ আগত সৌভাগ্যদেৱতা হৈ থিয় দিছাহি। হে মোৰ সৌভাগ্য। হে মোৰ দেৱতা! হে মোৰ চিৰনমস্য চিৰআৰাধ্য প্ৰভু! জীৱনৰ সফলতাৰ দিনা আজি ভক্তক এবাৰ চৰণ পদ্মৰেণুৰে শিৰ ওপচাই দিয়া। জয় শিৱ শম্ভো।

(বাণে ভৰিত দীঘল দি পৰি সেৱা কৰে।)


আঁৰ-কাপোৰ