বাণ:
|
বিজয় অনিবাৰ্য। ক’ত? সেনাপতি প্ৰসেঞ্জিত!
|
(প্ৰসেঞ্জিত সোমাই আহি শিৰ দোঁৱায়।)
প্ৰসেঞ্জিত:
|
প্ৰভু! দাসৰ সেৱা গ্ৰহণ কৰক।
|
বাণ:
|
বীৰ প্ৰসেঞ্জিত! মই তোমাৰ ওপৰত সন্তুষ্ট। দেৱতাৰ দৰ্পচূৰ্ণ অৱশ্যাম্ভাৱী। দানৱৰ সদায় জয়, যোৱা সেনাপতি! নগৰত আনন্দ উৎসৱ কৰিবলৈ আদেশ দিয়াগৈ। আজি সকলোৱে হাঁহক, গাওক, নাচক। যোৱা প্ৰসেঞ্জিত। দেৱতাসকলক মোৰ আগলৈ লৈ আহাগৈ।
|
প্ৰসেঞ্জিত:
|
প্ৰভুৰ আজ্ঞা শিৰেধাৰ্য। (সেৱা কৰি যায়গৈ)
|
ঊষা:
|
পিতা! দেৱতাসকলক বন্দী কৰি আনিছানেকি? তেওঁলোকক কি কৰিবা?
|
বাণ:
|
বশ্যতা স্বীকাৰ কৰাই এৰি দিম।
|
ঊষা:
|
বাৰু পিতা! তেওঁলোক সদায় হাৰি থাকে কিয়? নিজিকে কিয়?
|
বাণ:
|
(হাঁহি) এৰা, ময়ো ভাবো নিজিকে কিয়?
|
ঊষা:
|
(হাঁহি) পিতা! তুমি কিন্তু মোৰ কথাকেইটা নেপাহৰিবা। আমি এতিয়া যাওঁদেই। পিতা! তুমি ইয়াত বহি থাকিবা নেকি?
|
বাণ:
|
অ’, আই! মই ইয়াত বহি অলপ জুৰ লওঁ তহঁত যা।
|
ঊষা:
|
সখীহঁত! বলা আমি যাওঁ।
|
(সকলো যায়গৈ, বাণে ঊষাৰ ফালে চাই থাকে।)
বাণ:
|
সিদিনা এই ছোৱালী আছিল, আজি আহি যৌৱনৰ দুৱাৰডলিত ভৰি দিছে। প্ৰতি অঙ্গৰ পূ্ৰ্ণতা লাহে লাহে ফুটি উঠিছে। লগে লগে মোৰ এটা চিন্তাও বাঢ়ি আহিছে। উপযুক্ত পাত্ৰ! ক’তা, কোনোতো উপযুক্ত পাত্ৰ নাই। মোৰ মনৰ কামনা কোনেও পূৰ্ণ কৰিব পৰা নাই। পৃথিৱীত তেন্তে সঁচাকৈয়ে উপযুক্ত বীৰৰ অভাৱ হৈছেনেকি? এই দেৱতা, ইহঁতো কাপুৰুষ। ইমান বীৰ্যহীন, শক্তিহীন এই দেৱতাবোৰ!
|