এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক
(বাণৰ নগৰ। ৰাজকাৰেঙৰ ভিতৰৰ ফুলনিত ঊষা সখীয়েকসকলৰ সৈতে ঘূৰি ফুৰিছিল আৰু সখীয়েকসকলে নাচি নাচি গীত গাইছিল। ঊষাই ফুল ছিঙি ফুৰিছিল, আৰু মাজে মাজে এবাৰ-দুবাৰ গীতো গাইছিল। লাহে লাহে সন্ধিয়া হৈ আহিছিল।)
গীত
(কোনে) গছে গছে পাতি দিলে ফুলৰে শৰাই
(ৰাম ৰাম)
কলীয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই
(ৰাম ৰাম)
কোনে গোলাপী সখীক এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই—
ওৰণি তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলে বিলাই॥
উৰুৱাই পৱনে দিলে বিলাই॥
(বাণ লাহে লাহে সোমাই আহে। গীতৰে অন্ত পৰে।)
ঊষা: | পিতা! পণ্ডিতে মোলৈ দেখোন আৰু পুথি নেলেখে, মোক আৰু ছবি লাগে। |
বাণ: | অ’, মই পাহৰি আছো! কাইলৈ বাৰু মই সভাপণ্ডিতক ক’ম। |
ঊষা: | পিতা। চিত্ৰসখীয়ে হেনো বৰণবোৰ ভাল পোৱা নাই, নীল বৰণটো আকাশৰ বৰণৰ দৰে নহয়। |
বাণ: | নীল বৰণেই আকাশৰ বৰণ, আৰুনো কেনে হ’ব লাগে? মই ক’ম বাৰু পিছে চিত্ৰ। তই সিদিনা নতুন নাচোন এটা শিকিছিলি, কতা আমাক নেদেখুৱালি দেখোন? ‘পদুমকলি’ নেকি? |
চিত্ৰ: | ওঁ, এতিয়াও ভালকৈ অহা নাই। |
বাণ: | বাৰু, নাচচোন চাওঁ। |