পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সিহঁতৰ আকৌ গৌৰৱ! পদে পদে যুগে যুগে দানৱৰ হাতত লাঞ্ছিত, তথাপি ইমান দম্ভ। দেৱতা! তথাপি তহঁতৰ অহঙ্কাৰ নগ’ল! সেই স্বৰ্গৰ মণি-মুক্তা-প্ৰৱালেৰে সজোৱা সোণৰ সিংহাসনৰপৰা দানৱৰ পদাঘাতত বাৰে বাৰে উফৰি পৰিও তহঁতৰ অহঙ্কাৰ! বাৰু, চাওঁ। তহঁতে মোক নগণ্য বুলি দম্ভালি কৰি হাঁহিছিলি, কিন্তু এইবাৰ মই হাঁহিম। যাওক সেইবোৰ কথা। কিন্তু ঊষা। অৱশ্যে তাইক লৌহিত্যৰ নতুন নগৰতেই অগ্নিগড় মাৰি ৰাখিব লাগিব, নহ’লে আন উপায় নাই। নগৰ নিৰ্মাণ শেষ হৈছে— তাইৰো যৌৱন— পাত্ৰৰো অভাৱ।

(এনেতে মধুমতী সোমাই আহে)

ৰাণী: তুমি উপযুক্ত সময়তে আহিছা। মই ঊষাক সোনকালেই! লৌহিত্যৰ নগৰলৈ পঠাবৰ ইচ্ছা কৰিছো।
মধুমতী: তেন্তে ঊষাৰ কাৰণে উপযুক্ত পাত্ৰ আপুনি আৰু বিচাৰি নাপালেনেকি?
বাণ: ক’ত উপযুক্ত পাত্ৰ? পৃথিৱীত আজিলৈকে মইতো লগ নাপালো! মোৰ ইচ্ছা, উষাক এতিয়া সেই নগৰতে থোৱা যাওক। উপযুক্ত পাত্ৰৰ বৰ্তমান অভাৱ। (কিছুপম মনে মনে

থাকি) নহয়, ৰাণী! নগৰ যেতিয়া সম্পূৰ্ণ হ’ল, তেন্তে আৰু পলম কৰাৰ একো কাৰণ নাই। মই সোনকালেই দিগ্বিজয়ৰ কাৰণে ওলাই যাম। ঊষাক অতি সোনকালে সেই নগৰলৈ পঠোৱা যাওক। ৰাণী! তুমি এই কথা ঊষাক কৈ সকলো দিহা কৰিবা। দুৱৰী!— (দুৱৰী আহি সেৱা কৰে) মন্ত্ৰীক এতিয়াই মন্ত্ৰণা-কক্ষলৈ মাতি আনাগৈ!

(দুৱৰী যায়গৈ)

ৰাণী। মই মন্ত্ৰীক গড়ত অগ্নি প্ৰজ্বলিত কৰিবলৈ আদেশ দিওঁ! তুমি যোৱা।

 (ৰাণী যায়গৈ। এনেতে প্ৰহৰী আহি প্ৰসেঞ্জিত আৰু দেৱতাসকলৰ আগমন জনায়।)