লাহৰী/পঞ্চম আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা

[ ৩০ ]

৫। আধ্যা।
অময়া প্ৰেমৰ আভাস।

 কমলক উদ্ধাৰ কৰা যিটি মানুহৰ কথা কৈ অহা হৈছে, সেই মানুহটি আদহীয়া। মানুহটিৰ কথা-বাৰ্ত্তা, ভাব-গতি, আচৰণ আদিলৈ চাই, তেওঁ কোনোবা ভাল মানুহ বা ভাল মানুহৰ সংসৰ্গত থকা মানুহ যেন অনুমান হয়। কিন্তু, তেওঁৰ সাজ-পাৰ আদিলৈ চালে, তেওঁক কোনোবা গাঁৱৰ ভাল মানুহৰ ওচৰত থকা সাধাৰণ মানুহ যেন হে লাগে। যেই হওক, [ ৩১ ] আজি কমলৰ মানত তেওঁ এজন মহৎ উপকাৰী লোক। আজি কমলৰ মানত তেওঁ এই সংসাৰত পিতৃতুল্য পূজনীয় লোক। ইমান দিনে কমলে নিজৰ দেউতাকৰ সমান জগতৰ ভিতৰত ডাঙৰ আৰু পুজনীয় মানুহ নাই বুলি ভাবি আহিছিল; আজি তেওঁ তেওঁৰ দেউতাকৰ সমনীয়া এজন লোক দেখা পালে। বামলৈ নুঠালৈকে মানুহটিয়ে কমলক একোকে সোধা নাছিল; পাৰত উঠি কাপোৰ-কানি চেপি আকৌ পিন্ধাই দি, বননিতে দুয়ো বহি, হৈ যোৱা ঘটনা সম্বন্ধে কথা-বাৰ্ত্তা পাতিবলৈ ধৰিলে। কমলে নিজৰ ঘৰৰ কথাৰেপৰা সেই বৰ্ত্তমান অৱস্থালৈকে, যিমানলৈকে পাৰিলে সিমানলৈকে বৰ্ণাই কৈ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। সোঁৱৰণীৰ চোকা শোক-ৰোলে আহি কমলৰ কোমল হিয়া থকা-সৰকা কৰিবলৈ ধৰিলে৷ মানুহটিয়ে কমলৰ মৰ্মান্তিক বেদনা বুজিব পাৰি, কমলক কোলাত তুলি ললে। তেওঁ সহবেদনাত কাতৰ হৈ চুমা খাওঁতে কমলৰ সৰিয়হৰ ফুল যেন গাল দুখনি তেওঁৰ চকুলোৱে ঢৌৱাই পেলালে। হাঁয়, সেই সময়ত সেই দুটি প্ৰাণীৰ নিমাত ভাৱৰ বিননি দেখিলে বনৰ চৰাই-চিৰিকতিৰো মুখৰ টোপ্ সৰি পৰে। অহঃ এনে সামান্য পুৰুষৰ বেশ ধৰি ইজন নো কোন দয়াশীল মহাপুৰুষ? তেওঁ যদি কোনোবা ছদ্মবেশী মহাত্মা নহয়, তেন্তে সামান্য মানুহৰ অন্তৰতো এনে দয়া, এনে চেনেহ! সামান্য মানুহৰ হিয়াও ইমান কোমল, ইমান সহজে পমে! তেন্তে যি দুৰাচাৰে মানুহক উপদ্ৰৱ কৰিবলৈকে বৰমানুহ হয়, সম্পত্তিশালী হয়, যি পাষণ্ডই মৰাক মাৰি তৰিবলৈকে বিষয়া হৈ ক্ষমতা লাভ কৰে, তাৰ জীৱনত ধিক্! তাৰ জীৱন-লীলা পাশৱ ক্ৰীড়াৰ পাপত জাহ যাওক। এই পুৰুষজন সঁচাকৈয়ে আগৰ এজন ডাঙৰ মানুহ। তেওঁ আগেয়ে চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ দেউতাকৰ দিনত এজন বৰ ডাঙৰ বিষয়া হৈ থাকোঁতে প্ৰজাক অনেক সুখ-শান্তিৰ উপায় কৰি দিছিল। সদৌশেহত, প্ৰজাৰ উপকাৰ কৰা বাবেই তেওঁ ৰজাক [ ৩২ ] অপ্ৰিয় হৈ উঠে; আৰু অন্তত নিজৰ গাৰ ফালে টনাটনি দেখি, লৰা-তিৰোতা আদিৰে সৈতে উত্তৰ পাৰলৈ ভাগি আহি, তেজপুৰৰ ওচৰৰ এখন গাৱঁত বাস কৰে। তেওঁ সেই দিনধৰি ছদ্মবেশী। তেওঁৰ লৰা-ছোৱালী যি দুটি আছিল, সিও সেই গাৱঁতে অন্ত পৰিল। সেই কাৰণে, তাৰপৰাও ভাগি এতিয়া আমাৰ ন-ভগনীয়া বিষয়াসকলে পতা পামপুৰতে আছেহি। পামপুৰলৈ আহিও তেওঁ বিষয়াসকলক নিজৰ আচল পৰিচয় নিদিলে। কিন্তু, বিষয়াসকলে তেওঁক আন ইতৰ মানুহৰ দৰে ব্যৱহাৰ নকৰিছিল। ঘৰত তেওঁৰ গৃহিণীৰ বাহিৰে আৰু কেওঁ নাই। তেওঁৰ নাম কৃষ্ণৰাম বৰগোহাঞি। কোনো বিশেষ কাৰণত তেওঁ দিনচাৰেক গুৱাহাটীত আছিলগৈ; আজি ঘৰলৈ উলটি পাৰ হওঁতে কমলক উদ্ধাৰ কৰিবলৈ পালে। তাৰ পাচত, অনেক কথা-বাৰ্ত্তা সুধি, কমলক লগত লৈ, তেওঁ ঘৰৰ ফালে খোজ ললে; এখনমান তামোল খাবৰ পৰত দুয়ো ঘৰ পালেহি।

 কৃষ্ণৰাম গোহাঞিৰ ঘৰত তোলনীয়া পুত্ৰ হৈ বছৰদিন কমলে কটালে। এতিয়া কমলৰ বয়স ন-বছৰত সোমালেহি। ইমান দিনে কমলে দেউতাক আৰু আইতাকলৈ পাহৰিলে নে? ⸺অহঃ, যি কমলে মৰমৰ দেউতাক আৰু আইতাকৰ আশাতে প্ৰাণ ধৰি বৰনৈৰ মাজত গা এৰি দিছিল, সেই কমলে বছৰদিয়েক হে নালাগে, জীয়াই থাকেমানে সিবিলাকক পাহৰিব পাৰে নে? কৃষ্ণৰাম বৰগোহাঞি আৰু তেওঁৰ গৃহিণীৰ যত্ন আৰুমৰমে মাজে মাজে পাহৰাই ৰাখে যদিও, তেওঁবিলাকৰ ওচৰৰপৰা আঁতৰ হলেই, কমলক সোঁৱৰণীৰ শোকে হেঁচি ধৰেহি,তেওঁ সংসাৰ একেবাৰে আন্ধাৰ দেখে! বয়সৰ লগে লগে কমলৰ বেজাৰ দিনক-দিনে বাঢ়িবলৈ ধৰিলে। পামপুৰলৈ অহা দিনচাৰেকৰ পাচতে, কৃষ্ণৰাম বৰগোহাঞিয়ে কমলক পঢ়াশালিত নাম লগাই দিলে। তেতিয়াৰেপৰা কমলে এদিনো পঢ়াশালিলৈ যোৱা খতি কৰা নাই। পঢ়াশালিলৈ যাওঁতে [ ৩৩ ] কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ আগে দি যাব লাগে। গতিকে, স্কুললৈ যোৱা-অহা কৰোঁতে কমলে লাহৰীক সদায় দেখে। কিন্তু, দেখে আৰু চায়, ইমানেই হে; তাত বাজে কমলৰ অন্তৰত আন একো ভাব নাই। পঢ়াশালিত থকা সময়ত বাজে, কমলক তেওঁৰ দেউতাক আৰু আইতাকৰ চিন্তাই বিমোৰ কৰি থয়; আন কথাই তেওঁৰ মনত অলপো ঠাই নাপায়। লাহৰীয়েও কমলক সদায় দেখে। কিন্তু, পঢ়া-লৰা পঢ়িবলৈ যায়, ইমানকে মাথোন কমলৰ বিষয়ে লাহৰীৰ মনত ঠাই পায়। লাহৰী কমলৰে সৈতে অলাপ-পৰিচয়ো নাই। কাৰণ, কমলে আন লৰাৰ দৰে লাহৰীহঁতৰ পুখুৰীপাৰত ফুৰিবলৈকো নাহে। তথাপি, কেতিয়াবা কমল পঢ়াশালিলৈ যাওঁতে, বা তাৰপৰা আহোঁতে পদূলিমূৰত বা ভঁৰালৰ আগত দুইৰো দেখাদেখি হলে, মাত-বোল নহয় যদিও, দুইকো দুয়ো একেঠৰে অলপ পৰলৈ চাই নাথাকি নোৱাৰে। এই দৰেই ভালেমান দিন পাৰ হল, তথাপি কমল আৰু লাহৰীৰ মাজত মাত-বোল নাই। কিন্তু, পাচলৈ স্বভাৱতে দুইকো দুয়ো অলপ হেঁপাহৰ চকুৰে চোৱাচুই কৰা হল; চকুৱেচকুৱে চাই থাকোঁতে দুয়ো কেতিয়াবা চঁক্ পাই উঠা যেন হল। এতিয়া লাহৰীৰ বয়স ৯ বছৰ আৰু কমলৰ বয়স ১৪ বছৰ। এনে কোমল বয়সত এই দুটি প্ৰাণীৰ অন্তৰত কিবা প্ৰণয় বা প্ৰেমৰ ভাব উপজিছিল নে? উপজিছিল যদি, সি নো কি প্ৰণয়? কেনে প্ৰেম? লাহৰীৰ সাদৰী-প্ৰেম নে, কমলৰ কোমল-প্ৰেম? প্ৰকৃতপক্ষে ই প্ৰেম হলেও, প্ৰণয় নহয়; —অময়া প্ৰেমৰ আভাস মাখোন। এই আভাসত স্বাৰ্থৰ ছয়াটিও নাই, আছে মাথোন এটি স্বভাৱৰ মিলন-টান৷ লাহৰীক নো লাগিছে কি? তেওঁৰ কি নাই, তাতে তেওঁ কমলৰপৰা কিবা আশা কৰিব? আৰু, কমলেও আইতাক দেউতাকক হেৰুৱালে বুলিও, কৃষ্ণৰাম গোহাঞি জীয়াই থাকোঁতে তেওঁৰ কিহৰ নাটনি পৰিছে যে, লাহৰীৰপৰা কিবা পাবলৈ তেওঁ আশা কৰিব!কিন্তু,তাৰ [ ৩৪ ] ভিতৰতো এফেৰি স্বাৰ্থ আছে। সেই স্বাৰ্থ নো কি?—সেই স্বাৰ্থ ইটিয়ে সিটিক হেঁপাহেৰে চাবলৈ আশা কৰা নিস্পৃহ আসক্তি। সেই স্বাভাৱিক ভাব এতিয়া ইচ্ছাত পৰিণত হবলৈ ধৰিছে। সেই ইচ্ছাৰ সোঁতত গা এৰি দি, ইটিয়ে সিটিক চাই থাকিবলৈ ভাল পায় কাৰণে, দুয়ো সদায় চায় আৰু যায়। ইচ্ছাটি দিনে দিনে বলৱতী হৈ আহিল। পাছলৈ কমল পঢ়াশালিলৈ আহিবৰ সময় হলেই লাহৰীয়ে পদূলিত বা ভঁৰালৰ আগত থিয় দি বাটলৈ চাই থাকেগৈ। কমলেও আগৰ শোক-বেজাৰ পাহৰি বাটত লাহৰীক দেখিবলৈ পোৱাৰ আশাতে পঢ়াশালিলৈ উলাহিত হৈ আহে; আৰু পঢ়াশালিৰপৰা যাওঁতেও উৰুলীকৃত হৈ সেই ঠাই পায়গৈ। কিন্তু, এতিয়াও লাহৰী-কমলৰ ভিতৰত মাত-বোল হোৱা নাই। মাতিবলৈ আন্তৰিক ইচ্ছা দুইৰো প্ৰৱল; দুইৰো প্ৰাণত ভাবৰ উগুল-থুগুল, কিন্তু মুখত কথা ফুটি নোলায়!

  এই দৰে অলপ দিন যোৱাৰ পাচত, এদিন কীৰ্ত্তিনাথ গোহাঞিদেৱে আজৰি পাই পঢ়াশালি চাবৰ মন কৰিলে। পিচে, সাজ-পাৰ পিন্ধি ওলাই আহোঁতেই বাটতে পাই লাহৰীয়েও লগ ধৰিলে। বাপেক-জীয়েক দুয়ো হাতত ধৰাধৰিকৈ পঢ়াশালি সোমালগৈ। পঢ়াশালিত সোমোৱা মাত্ৰকে প্ৰথমেই লাহৰী আৰু কমলে দুয়ো এবাৰ চকু-চোৱাচুই কৰি ততালিকে আকৌ দুয়ো দুফালে চকু ঘূৰালে। এই কথা লাহৰী আৰু কমলৰ ভিতৰত হে যি জনাজনি হল, আন কেৱে তাৰ তৎ ধৰিব নোৱাৰিলে। তাৰ পাচত, লাহৰীৰ দেউতাকে এটা-এটাকৈ লৰাবিলাকৰ পঢ়া লবলৈ ধৰিলে। সেই দৰে ছটা কি সাতোটামান লৰাৰ পঢ়া লৈ এঁতাই কমললৈ তেওঁৰ চকু পৰিল। কমললৈ চাই তেওঁ অলপমান পৰ ঠমক্ খাই ৰৈ আছিল। তাৰ পাচত, কমলক কিতাপে সৈতে ওচৰলৈ চাপি আহিবলৈ কোৱাত,কমলে ততালিকে তেওঁৰ আগত থিয় দিলেহি। দেউতাকৰ বাওঁহাতেই লাহৰীও [ ৩৫ ] থিয় দি আছিল। লাহৰীৰ সমুখত কমলৰ পৰীক্ষা হল। পঢ়িবলৈ কোৱা মাত্ৰকে কমলে এনে খল্‌খলাই পঢ়িবলৈ ধৰিলে যে, কীৰ্ত্তিনাথ গোহাঞিয়ে শুনি বৰ সন্তোষ পালে; আৰু পণ্ডিত, ছাতৰ সকলোৰে আগত কমলক নথৈ শলাগিবলৈ ধৰিলে। তাৰ পাচত, কমলৰ নাম সোধাত, তেওঁৰ হৈ পণ্ডিত কৈ দিলে। তাৰ পাচে, কমলৰ ঘৰ-বাৰীৰ কথা সোধাত, হঠাত কমলৰ শলাগনিত ফুলি উঠা মুখখনি ম্লান পৰি গল। তথাপি, সেই কথা দুনাই সোধাত, কমলে কৃষ্ণৰাম গোহাঞিৰ ঘৰৰ কথাকে কৈ থলে। কীৰ্ত্তিনাথ গোহাঞিয়ে কমলৰ গঢ়-গতি, কথা-বাৰ্ত্তা সকলো গুৰিৰেপৰা মন কৰি আছিল ৷ তেওঁ কমলৰ সম্বন্ধে পাচেকৈ কৃষ্ণৰাম গােহাঞিক মাতি আনি সুধিবলৈ মনে মনে স্থিৰ কৰি, ঘৰলৈ আহিবলৈ উঠিল; আৰু আহিবৰ সময়ত কমলক ঘৰলৈ উলটি যাওঁতে,তেওঁৰ ঘৰত সােমাই যাবলৈ কৈ আহিল।

 লাহৰীয়ে পঢ়াশালিত কমলৰ বিষয়ে হোৱা কথা-বাৰ্ত্তালৈ মন কৰি আছিল। ঘৰলৈ আহি আৰু সেই দিনা তেওঁ দেউতাকৰ লগ নেৰিলে। কীৰ্ত্তিনাথ গোহাঞিয়ে চ'ৰাঘৰতে লাহৰীক কোলাত লৈ বহি আছে, এনেতে কমল ওলালহি। দেউতাকতকৈ আগেয়েই কমল লাহৰীৰ চকুত পৰিল; দেখিয়েই লাহৰীয়ে লাহেকৈ কোলাৰপৰা নামি দেউতাকৰ বাওঁফালে খিয় দি ৰল। কমলক সুধিব লগীয়া কথা বিশেষ একো নাছিল; কিন্তু কীৰ্ত্তিনাথ গােহাঞিয়ে যেই-সেই লৰা-ছোৱালীৰ স্বভাৱ-চৰিত্ৰ ভাল দেখিয়েই তেওঁৰ ঘৰলৈ মাতি আনি সেই দৰে মৰম কৰে । কমল আহি থিয় হলত,তেওঁক দুই-চাইটা মৰম-লগা কথা সুধি, কীৰ্ত্তিনাথ গােহাঞিয়ে লাহৰীক কলে, “আই, কমলক আইতাকৰ ওচৰলৈ লৈ যােৱাঁ, জলপান খাবলৈ দিয়াগৈ।” লাহৰীলৈ ইয়াতকৈ আৰু আনন্দৰ বিষয় কি হব পাৰে! লাহৰীয়ে দেউতাকৰ অনুমতি পােৱা মাত্ৰকে আগ বাঢ়ি গৈ কমলৰ হাতত ধৰি, “আঁহা কমল” বুলি ভিতৰলৈ মাতি লৈ গল। কমলে [ ৩৬ ] আজিলৈকে আনৰ ঘৰত কেতিয়াও একো খোৱা নাছিল। এতিয়াও নাখাওঁ বুলিবৰ, বা আন কিবা কাৰণ দেখুৱাবৰ ইচ্ছা আছিল; কিন্তু লাহৰী-লতাৰ কৰবান্ধনত তেওঁ বন্দী হল। লাহৰীয়ে হাতত ধৰা মাত্ৰকে কমল অপোন-পাহৰা হৈ পমি যোৱা যেন হল। নাখাওঁ বুলিবলৈ তেওঁ সত নোযোৱা হল। তাৰ পাচত, ভিতৰলৈ নি আইতাকৰ ওচৰত জলপান খুৱাই, লাহৰীয়ে আকৌ কমলক হাতত ধৰি পুখুৰীৰ পাৰত ফুৰিবলৈ লৈ গল। কমলে আগেয়ে, আগৰ ঘৰত থাকোঁতেও, এনে ধুনীয়া ফুলনিপৰীয়া পুখুৰী দেখা নাছিল। আজি কীৰ্ত্তিনাথ গোহাঞিৰ পুখুৰীপাৰৰ ফুলনিত সোমাই কমলৰ মনত আনন্দে নধৰা হল। কিন্তু, অকল সেই ফুলনি দেখিয়েই কমলে মনে মনে এনে সুখ অনুভৱ কৰিছিল নে? —নহয়,আজি কমলে তেওঁৰ চেনেহৰ বস্তু, সেই ফুলনিৰ ফুলকুৱঁৰী লাহৰীৰ হাতত ধৰি ফুলনিৰ মাজে মাজে ফুৰিবলৈ পাই হে সেই সুখত আপোন-পাহৰা হৈছে ৷ তেওঁৰ মানত এই দুখৰ পৃথিবীকে সুখৰ স্বৰ্গ যেন লাগিছে। এই ভাৱে হাতত ধৰাধৰিকৈ লৰালি কথা-বাৰ্ত্তাৰে সৈতে দুয়ো পুখুৰীৰ চাৰিও পাৰে ফুৰিবলৈ ধৰিলে। এনে জক্‌মকীয়া ফুলনিত এই দুটি প্ৰাণীক এনেকৈ হাতত ধৰাধৰিকৈ ফুৰি থাকোঁতে দেখিলে, বাটৰ বাটৰুৱায়ো বাট বুলিবলৈ পাহৰি যায়! যেয়ে এবাৰ চায়, তেওঁ আৰু সতকাই চকু ঘূৰাব নোৱাৰে। এই দৰে ফুৰি থাকোঁতেই সদায় ফুৰিবলৈ অহা গাঁৱৰ আন লৰা-ছোৱালীবিলাকো আহি পুখুৰীপাৰৰ ফুলনি ভৰি পৰিল। তাৰ পাচত, লাহৰীয়ে কমলৰ হাতত ধৰি পুখুৰীৰ চাৰিও পাৰে আকৌ এবাৰ ফুৰি, প্ৰত্যেক জুপিৰে এপাহী-দুপাহীকৈ ফুল তুলি লৈ, দুয়ো পাণৰ মাহী আদিৰে বেৰি থোৱা সুন্দৰ জোপা এটিৰ মাজত বহি মালা গাঁথিবলৈ ধৰিলে। তললৈ মূৰ কৰি দুই হাতে মালা গাঁথি থাকোঁতে লাহৰীয়ে এবাৰ দেখিলে যে, কমলে নিটাল মাৰি একেঠৰে মালা গঁথাকে চাই [ ৩৭ ] আছে। তেতিয়াই লাহৰীৰ মনত কি যে এটা ভাব আহিল, তেওঁ হাতৰপৰা আধা-গঁথা মালা মাটিত থৈ কমলৰ হাতখনি দুই হাতৰ মাজত লৈ মোহাৰি মোহাৰি কবলৈ ধৰিলে,“কমল! তুমি কি ভাবিছাঁ? চোৱাচোন, সৌবিলাক লৰা-ছোৱালী ইয়াত ফুৰিবলৈ সদায় আহে; তুমি হে নাহাঁ।" কমলে কি উত্তৰ দিব ! — কমল যে কমলত নাই। লাহৰীৰ কোমল হাতৰ মাজত হাত ৰাখিবলৈ পাই কমলৰ কোমল প্ৰাণ যে পমি গৈছে! পিচে, কি কব, কি নকব, একো স্থিৰ কৰিব নোৱাৰি কাঠৰ পুতলাটিৰ দৰে একে ঠৰে তেওঁ লাহৰীৰ মুখলৈ চায়ে ৰল! তাৰ পাচত, সংজ্ঞা পোৱা দি পাই কমলে চঁক্ খাই উঠি কবলৈ ধৰিলে,“লাহৰি, মই নো কি ভাবিছোঁ, কি ক'ম? এই সময়ত কি ভাবিছিলোঁ কব নোৱাৰোঁ যদিও, আন সময়ত কি ভাবি থাকোঁ, সেই কথা কবলৈ বহুত পৰ লাগিব। আজিলৈ আৰু সেইবোৰ একো নকওঁ। লাহৰি, মই এনেই হে নহাকৈ আছিলোঁ; আজিৰপৰা বাৰু সদায় আহিম দেই।”

  লাহৰী ৷—সদায় আহিবা নে কমল! সদায় আহিবাঁ দেই। তুমি পঢ়াশালিৰপৰা আহিবৰ সময় হলে, মই সদায় জলপান সজাই থম দেই।

 কমল ৷—লাহৰি ৷ মোলৈ সদায় ইয়াত জলপান সজাই থৈ তুমি দুখ পাব নালাগে; মই পঢ়াশালিৰপৰা বাজে বাজে ঘৰলৈ গৈ জলপান খাই বেগতে ইয়ালৈ আহিমগৈ দেই। মোলৈ আইতাই ঘৰত জলপান সজাইত থয়; ঘৰত নাখালে আকৌ আইতাই বেজাৰ কৰিব নহয়। বেয়া নাপাবাঁ দেই !

 লাহৰী ৷—(মুখখনি অলপ আমোলাই) বেয়া নাপাওঁ বাৰু। তুমি সদায় আহিবা নে? সদায় আহিবাঁ দেই, কমল।”

 কমল ৷—অ,লাহৰি,তুমি বেয়া পাইছাঁ? মই সদায় নাখাওঁ হে বুলিছোঁ; মাজে মাজে ইয়াতো খামহি। আৰু,মই সদায় আহিম। লাহৰি। মই [ ৩৮ ] পঢ়াশালিৰপৰা আহোঁতে তোমাক সদায় দেখোঁ; মনতে মাতিম মাতিম যেন লাগে। আৰু, দুদিনমান মাতিবলৈ চিপিয়াইছিলোঁ, মাতিব হে নোৱাৰিলোঁ ।

  লাহৰী।—(হাঁহি হাঁহি) “এৰা, মোৰো সদায় মাতিম মাতিম যেন লাগে, পিচে মাতিব হে নোৱাৰোঁ! অ, আজি পিচে মতামতি হল নহয়!" এই বুলি দুয়ো ঢেক্‌ঢেকাই হাঁহিবলৈ ধৰিলে। তাৰ পাচত, গধূলি হোৱা যেন দেখি, লাহৰীয়ে আকৌ মালা গাঁথিবলৈ ধৰিলে। তেওঁ দুধাৰ মালা গাঁথি এধাৰ আপুনি পিন্ধিলে, ইধাৰ কমলৰ কণ্ঠত পিন্ধাই দিলে। অহঃ, কি যে মনমোহা দৃশ্য!—আজিয়েই কমলক লাহৰীয়ে মালা পিন্ধাই বৰিলে নে কি!—নহয়, আজি লাহৰীয়ে কমলৰ প্ৰাণত অময়া প্ৰেমৰ আবেগেৰে উলাহ হে লগালে! আজিৰপৰা কমল লাহৰীৰ মায়াত মেৰ খালে! আজিৰপৰা কমলে লাহৰীক পাই সকলো পাহৰিব পৰা হল ! তাৰ পাচত, দুয়ো হাতত ধৰাধৰিকৈ থিয় দিলে৷ অহঃ, কিনো মোহন যুগলমূৰ্ত্তি! গোপ-গোপিনীবিলাকে ইফালৰপৰা সিফাললৈ বিহাৰ কৰি ফুৰিছে; ৰাধা-কুঞ্জৰ মাজত ৰাধা-কৃষ্ণ !!