লাহৰী/চতুৰ্থ আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ২৬ ]
৪৷ আধ্যা।
কমল কলৈ গল!

  দৰাচলতে, পৃথিবীৰ ওপৰত স্থাৱৰ বুলিবলৈ একোৱেই নাই। চাৰিওফালে চকু ফুৰাই চালে,চকুৰে দেখালৈকে যিহকে কি নেদেখোঁ,সকলো আজি আছে, কালি নাই। দোৰ্ঘোৰ অৰণ্য আৰু হাতী সোমাব নোৱাৰা গেজেপনি হাবি সময়ত সুন্দৰ নগৰ হৈছে। আৰু তেনেকুৱা কিমান সুন্দৰ নগৰ গুচি দোৰ্ঘোৰ অৰণ্য আৰু গেজেপনি হাবি হৈ বনৰীয়া জন্তুৰ থকা ঠাই হৈছে, তাৰ সীমা-সংখ্যা নাই। মানুহৰ অৱস্থাও ঠিক তেনেকুৱাই। কথাতে কয় বোলে,“বাঁহৰ এফাল,মানুহৰ একাল”। আজি যাক সঙ্গতিপন্ন অৰ্থ, ধন-সোণৰ দৌলতৰ গৰাকী দেখিছোঁ, কাইলৈ হয়তো সেইজনক বাটৰ মগনীয়া দেখিম। আজি যাক দুখীয়া-নিচলা দেথি ঘিণ্ কৰি বাটত দেখিলেও গুচ্-গুচ্ কৰিছোঁ, কাইলৈ হয়তো সেইটো মানুহৰ ধন-সম্পত্তি দেখি দহজনে তাৰ ওচৰত হাত পাতিব লগাত পৰিব। ইয়াৰ প্ৰমাণ শান্তিৰাম গোহাঞি-বৰুৱাতে পোৱা যায়। যি শান্তিৰাম গোহাঞিবৰুৱাৰ সুখ-শান্তি,ধন-সম্পত্তি আৰু গৌৰৱ-ক্ষমতাৰ সীমা নাছিল, সেই শান্তিৰাম গোহাঞি-বৰুৱা জাতি-বিষয়াৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি,মৰমৰ ভাৰ্য্যা আৰু প্ৰাণৰ প্ৰাণ একেটি পুতেকে সৈতে ৰংপুৰ এৰি গুৱাহাটীলৈ ভটীয়াই পলাব লগীয়া হল!

 শান্তিৰাম গোহাঞি-বৰুৱা আৰু তেওঁৰ ভাৰ্য্যা কোন্ কলৈ গল, সিবিলাকৰ কি হল, এতিয়ালৈকে আমি তাৰ একো সম্ভেদ্ পোৱা নাই এখোন; [ ২৭ ] সিবিলাকক সেই সম্ভেদ্ নোপোৱাতে এৰি, কমল কলৈ গল তাৰ সম্ভেদ্ লোৱা যাওক। সেই দিনা বৰনৈৰ ঢৌৱে নাও যেতিয়াই থিয় কৰি পেলালে, নাৱৰ মানুহ আটাইবিলাক গিৰ্‌গিৰ্‌কৰে পানীলৈ সৰি পৰিল৷ কমল পৰি যাওঁতেই নৈৰ তলি পাইছিলগৈ; আৰু কেইমিনিটমানৰ পাছত উপঙি উঠি তেওঁ পোনেই ভোগৰাম লগুৱাক হাতত পালে৷ ভোগৰামক পায়েই কক্‌বক্‌কৈ কমলে তাৰ গাত ধৰিলেগৈ। সিও কমলক পাই নিজৰ জীৱনৰ বিপদলৈ কটাহি নকৰি,এহাতে কমলক দাঙ্গি ধৰি ইহাতেৰে সাতুৰিবলৈ ধৰিলে। কিন্তু, বৰনৈৰ সোঁতত সি সেইদৰে কিমানপৰ সাতুৰিব!তাতে পচোৱা বতাহত পানীয়ে থৌকিবাথৌকৈ লগাইছে। পিছে, তিনি নলমান পানী এই দৰে সাঁতৰি যাওঁতেই এটা বৰ ঢৌৱে দুইটাকে এজোপা উটি অহা গছৰ গাত পেলালেনি। গছৰ ওচৰ পাই কমলে থাপ্ মাৰি ডাল এটাত ধৰি তাতে ৰল। কিন্তু, ভোগৰামে ধৰিবলৈ নৌ পাওঁতেই ঢৌৱে তাক জাঁজৰিৰ তলত সুমুৱালেনি। সেই মুহূৰ্ত্তৰপৰা ভোগৰাম কলৈ গল, তাৰ কি হল, কমলে একো কব নোৱাৰে। গছজোপা শুকান আছিল; গতিকে পানীৰ ওপৰেদি ভালখিনিমান ওলাই গৈছিল। কমলে লাহেকৈ আন এটা ডালত ভৰি দি, গছতে ওলমি কিছুমান দূৰ গৈ পেৰেঙ্গনি লগা ডাঙৰ ডাল এটাত ভালকৈ বহি ললেগৈ। তাৰ পাচত, গছ উটি গৈ আছে, কমলো সাগৰৰ বৰফেনৰ ওপৰত টিপচী এটিৰ দৰে গছৰ ডালত বহি উটি গৈয়ে আছে! চাওঁতে চাওঁতে অমাবস্যাৰ আন্ধাৰ ৰাতিয়ে গৰাহ মাৰি ধৰি কমলক আমাৰ চকুৰে নেদেখা কৰিলে। ইফালে বৰনৈৰ পানীৰ ধুম্‌ধুমনিত ৰক্ষা নাই! কমলে অকলে অকলে গছৰ ডালত বহি আন্ধাৰ নিশাৰ বুকুত সোমাই বৰনৈৰ মাজে মাজে কলৈ গৈছেগৈ! হাঁয়, কমলে যে মাকৰ বুকুৰপৰা কলৈকো ওলাৰ নোখোজে; সন্ধ্যা লাগিলেই কমলৰ মাকে যে কমলক দুৱাৰদলিৰ বাজ হব নিদিয়ে। আজি হে কমলৰ [ ২৮ ] মনত কি বিৰাগ ভাব আহিল! আজি নো কমলৰ আইতাকে এনে আন্ধাৰ নিশা কমলক কেনেকৈ এৰি দিছে! এনে ঘোপ্‌মৰা আন্ধাৰত কমলে নৈৰ পাৰ দেখক ছাৰি,নিজৰ গাকে দেখা নাই। সময়ৰ এনে ভয়ঙ্কৰ মূৰ্ত্তি দেখি কমলৰ নো ভয় লগা নাই নে? কমলে দেখোন আজি ইমানতো কেৰেপকে কৰা নাই। আজি দেখোন কমল আগতকৈয়ো শান্ত আৰু গহীন। গছৰ পেৰেঙ্গেনিত বহি বৰনৈৰ শীতল বতাহ লৈ কমল ভোল গৈছে নে কি?—নহয়, আজি কমলৰ মানত সংসাৰ একেবাৰে অসাৰ! কমল আমাৰ চকুত সৰু আৰু আলসুৱা যদিও, কমলৰ জ্ঞানটি বুঢ়া। আজি আৰু কমলৰ ভয় নাই; আজিৰপৰা আৰু কমলে সাংসাৰিক ভয় বা বেজাৰ পাই নাকান্দে। হাঁয়,কান্দিব কাৰ ওচৰত! কমলে এই কুমলীয়া বয়সতে সংসাৰৰ অনেক দেখিলে,অনেক শুনিলে। বিশেষ, আজিৰ বিপদে কমলক বিপদৰ বাকীখিনিৰো শিকনি দিছে! এই মুহূৰ্ত্ততে যদি আকৌ গছে সৈতে কমল ডুবি যায়,তেও কমলৰ একো আপত্তি নাই, বেজাৰ নাই; বৰঞ্চ,মহাসুখে এই দুখময় সংসাৰৰপৰা তেওঁ একেবাৰে ইহজনমৰ নিমিত্তে বিদায় লব। কিন্তু, এটি কথা;কমলে ভাবিছে, জানোবা তেওঁৰ দেউতাক আৰু আইতাক তেওঁৰ দৰেই জীয়াই আছে। সেই একেটা ভাবে, সেই একেটা আশাই কমলক তেনে ইচ্ছাৰপৰা আঁতৰাই আনিছে। কমলৰ আৰু সেই সময়ত আন একো চিন্তা নাছিল। দেউতাক আৰু আইতাকৰ জীৱনৰ সম্বন্ধে অলপ সম্ভেদ্ পোৱা হলেই কমল নিশ্চিন্ত হলহেঁতেন। কিন্তু, এতিয়া আৰু কমলৰ অন্তৰত একো কথা নাই। বৰনৈৰ ইচ্ছা,যলৈকে নিবৰ মন যায়,যিহকে ঘটাব খোজ,তলৈকে নিয়ক, তাকে ঘটাওক,কমলৰ তাত একো আপত্তি নাই। কিন্তু,আমি কওঁ,আমি ব্ৰহ্মপুত্ৰ নদৰ ওচৰত প্ৰাৰ্থনা কৰোঁ,কমলক যেন ৰাতিপুৱালৈকে বাকী সময়ৰ নিমিত্তে তেওঁৰ বুকুতে ৰাখে। এনে ভয়ঙ্কৰ ৰাতি কমলক যেন কোনো হাবি-বননিত বনৰীয়া জন্তুৰ মাজত পেলাই নিদিয়ে নি। দুৰ্ভগীয়া কমলৰ [ ২৯ ] প্ৰাণত আপদ ইমানেই জুৰিছে; আৰু সহ্য নহয়। কমলে এই দৰে মাজে মাজে উটি ভালেমান ভটীয়ালে। ৰাতিও শেহ নিশা পালেগৈ; আৰু এপৰ ৰাতি মাথোন বাকী আছে। এনেতে,উত্তৰ পাৰে সোমাই যোৱা পাক এটা ঘূঁৰোতেই,পানীৰ বৰ কোবাল ধাৰ এটাত পৰি গছজোপা চাঁতকৰে দাঁতিত লাগিলগৈ। কি বিপদ! এইখন যে দোৰ্ঘোৰ অৰণ্য। ইয়াত বাঘ, ভালুক, গঁড়, ম'হ, হাতী আদি বনৰীয়া জন্তু থাকে। এতিয়া কমলৰ কি গতি হ'ব! গছজোপা থমকা খাই ৰোৱাৰ গম পায়ে কমলে জানিলে যে,গছ ভাহি পাৰত লাগিলহি। সৰ্ব্বনাশ! কমল যে এতিয়া পাৰলৈ উঠি আহে। এতিয়া কি উপায়? কিন্তু,আমি হে ভয় কৰিছোঁ, কমলৰতো সেইবোৰ একো খবৰেই নাই; কমলৰ মানত নৈৰ মাজ যেনে,পাৰো তেনে। পাৰলৈ উঠি কমলে ইফালে সিফালে যাবলৈ বিচাৰি দেখে,দেখোন এখন অটব্য হাবি;কেনিও যাবৰ সন্ধি নাই। তাতে ৰাতিৰ কথা,ভয়ঙ্কৰ হাবি আৰু ভয়ঙ্কৰ হৈ পৰিছে! অলপমান পৰ ইফাল-সিফাল কৰোঁতেই কমলে ‘হাঁওহাঁও’ কৰা বাঘৰ গোঁজৰণি শুনিলে। ভালুক, গঁড়, ম'হ, হাতী ইত্যাদিৰ দুম্‌দুমনিত হাবি তোলপাৰ হৈছে, মাটি কঁপি উঠিছে! কমলক এতিয়া হে ভয়শূলে চাৰিওফালৰপৰা বিন্ধিবলৈ ধৰিলেহি। কোন মূহূৰ্ত্তত কিহে ধৰেহি ঠিক নাই। একো-একোবাৰ ধৰিলেহি ধৰিলেহি যেন ভাবি কোমল কমল সেই ফালেই মাটিত পৰি চেপেটা হৈছে। একো-একোবাৰ পগলাৰ দৰে ইফালে-সিফালে লৰি ফুৰি চাটিফুটি কৰিছে! হাঁয়,যিমানেই হওক, কমল নিচেই কুমলীয়া লৰা; কোনো দিন ঘৰৰপৰা বাহিৰ নোহাৱা লৰা। আৰু, এনে বিপদত কোমল কমলে হে নালাগে,কোনে নো ধৈৰ্য্য ধৰি থাকিব পাৰে! কমলে লাহেকৈ আকৌ যি গছে আনি এনে বিপদৰ মুখত পেলালেহি,সেই গছতে উঠি আগৰ দৰে একে ঠাইতে বহি ললেগৈ। এতিয়া কমলৰ ইচ্ছা কি?— কমলৰ ইচ্ছা, যেন আকৌ আগৰ দৰে বৰ-নৈৰ বুকুত সোমাই উপস্থিত [ ৩০ ] বিপদৰ হাত সাৰে। ইচ্ছাময়ৰো ইচ্ছা হল, সঁচাকৈয়ে গছ আকৌ উটি যাবলৈ ধৰিলে। এই বাৰ কিন্তু দাঁতিয়ে দাঁতিয়ে হে। এই দৰে উটি যাওঁতে যাওঁতে অলপ পোহৰ পোহৰ যেন দেখা গল। অলপ পাচতে ভালকৈয়ে ৰাতি পুৱালত, কমলে চাৰিওফালে চাই দেখিলে, দেখোন এজন মানুহে এখন সৰু নাৱৰ টিঙ্গত বহি দক্ষিণ পাৰৰপৰা তেওঁৰ গাৰ ফাললৈ নাও এৰি দিছে। নাও আহি ওচৰ পাওঁ-পাওঁ হওঁতেই, কমলে উদ্ধাৰৰ ছেগ বুজি চিঁয়ৰি চিয়ঁৰি নাৱৰ সেই মানুহটিক নিজৰ বিপদৰ কথা জনালে। মানুহটিয়েও অনতিপলমে নাও চপাই আনি, কমলক নাৱলৈ তুলি ললেহি।