ভিতৰতো এফেৰি স্বাৰ্থ আছে। সেই স্বাৰ্থ নো কি?—সেই স্বাৰ্থ ইটিয়ে সিটিক হেঁপাহেৰে চাবলৈ আশা কৰা নিস্পৃহ আসক্তি। সেই স্বাভাৱিক ভাব এতিয়া ইচ্ছাত পৰিণত হবলৈ ধৰিছে। সেই ইচ্ছাৰ সোঁতত গা এৰি দি, ইটিয়ে সিটিক চাই থাকিবলৈ ভাল পায় কাৰণে, দুয়ো সদায় চায় আৰু যায়। ইচ্ছাটি দিনে দিনে বলৱতী হৈ আহিল। পাছলৈ কমল পঢ়াশালিলৈ আহিবৰ সময় হলেই লাহৰীয়ে পদূলিত বা ভঁৰালৰ আগত থিয় দি বাটলৈ চাই থাকেগৈ। কমলেও আগৰ শোক-বেজাৰ পাহৰি বাটত লাহৰীক দেখিবলৈ পোৱাৰ আশাতে পঢ়াশালিলৈ উলাহিত হৈ আহে; আৰু পঢ়াশালিৰপৰা যাওঁতেও উৰুলীকৃত হৈ সেই ঠাই পায়গৈ। কিন্তু, এতিয়াও লাহৰী-কমলৰ ভিতৰত মাত-বোল হোৱা নাই। মাতিবলৈ আন্তৰিক ইচ্ছা দুইৰো প্ৰৱল; দুইৰো প্ৰাণত ভাবৰ উগুল-থুগুল, কিন্তু মুখত কথা ফুটি নোলায়!
এই দৰে অলপ দিন যোৱাৰ পাচত, এদিন কীৰ্ত্তিনাথ গোহাঞিদেৱে আজৰি পাই পঢ়াশালি চাবৰ মন কৰিলে। পিচে, সাজ-পাৰ পিন্ধি ওলাই আহোঁতেই বাটতে পাই লাহৰীয়েও লগ ধৰিলে। বাপেক-জীয়েক দুয়ো হাতত ধৰাধৰিকৈ পঢ়াশালি সোমালগৈ। পঢ়াশালিত সোমোৱা মাত্ৰকে প্ৰথমেই লাহৰী আৰু কমলে দুয়ো এবাৰ চকু-চোৱাচুই কৰি ততালিকে আকৌ দুয়ো দুফালে চকু ঘূৰালে। এই কথা লাহৰী আৰু কমলৰ ভিতৰত হে যি জনাজনি হল, আন কেৱে তাৰ তৎ ধৰিব নোৱাৰিলে। তাৰ পাচত, লাহৰীৰ দেউতাকে এটা-এটাকৈ লৰাবিলাকৰ পঢ়া লবলৈ ধৰিলে। সেই দৰে ছটা কি সাতোটামান লৰাৰ পঢ়া লৈ এঁতাই কমললৈ তেওঁৰ চকু পৰিল। কমললৈ চাই তেওঁ অলপমান পৰ ঠমক্ খাই ৰৈ আছিল। তাৰ পাচত, কমলক কিতাপে সৈতে ওচৰলৈ চাপি আহিবলৈ কোৱাত,কমলে ততালিকে তেওঁৰ আগত থিয় দিলেহি। দেউতাকৰ বাওঁহাতেই লাহৰীও