আজিলৈকে আনৰ ঘৰত কেতিয়াও একো খোৱা নাছিল। এতিয়াও নাখাওঁ বুলিবৰ, বা আন কিবা কাৰণ দেখুৱাবৰ ইচ্ছা আছিল; কিন্তু লাহৰী-লতাৰ কৰবান্ধনত তেওঁ বন্দী হল। লাহৰীয়ে হাতত ধৰা মাত্ৰকে কমল অপোন-পাহৰা হৈ পমি যোৱা যেন হল। নাখাওঁ বুলিবলৈ তেওঁ সত নোযোৱা হল। তাৰ পাচত, ভিতৰলৈ নি আইতাকৰ ওচৰত জলপান
খুৱাই, লাহৰীয়ে আকৌ কমলক হাতত ধৰি পুখুৰীৰ পাৰত ফুৰিবলৈ লৈ গল। কমলে আগেয়ে, আগৰ ঘৰত থাকোঁতেও, এনে ধুনীয়া ফুলনিপৰীয়া পুখুৰী দেখা নাছিল। আজি কীৰ্ত্তিনাথ গোহাঞিৰ পুখুৰীপাৰৰ ফুলনিত সোমাই কমলৰ মনত আনন্দে নধৰা হল। কিন্তু, অকল সেই ফুলনি দেখিয়েই কমলে মনে মনে এনে সুখ অনুভৱ কৰিছিল নে? —নহয়,আজি
কমলে তেওঁৰ চেনেহৰ বস্তু, সেই ফুলনিৰ ফুলকুৱঁৰী লাহৰীৰ হাতত ধৰি ফুলনিৰ মাজে মাজে ফুৰিবলৈ পাই হে সেই সুখত আপোন-পাহৰা হৈছে ৷ তেওঁৰ মানত এই দুখৰ পৃথিবীকে সুখৰ স্বৰ্গ যেন লাগিছে। এই ভাৱে হাতত ধৰাধৰিকৈ লৰালি কথা-বাৰ্ত্তাৰে সৈতে দুয়ো পুখুৰীৰ চাৰিও পাৰে ফুৰিবলৈ ধৰিলে। এনে জক্মকীয়া ফুলনিত এই দুটি প্ৰাণীক এনেকৈ হাতত ধৰাধৰিকৈ ফুৰি থাকোঁতে দেখিলে, বাটৰ বাটৰুৱায়ো বাট বুলিবলৈ পাহৰি যায়! যেয়ে এবাৰ চায়, তেওঁ আৰু সতকাই চকু
ঘূৰাব নোৱাৰে। এই দৰে ফুৰি থাকোঁতেই সদায় ফুৰিবলৈ অহা গাঁৱৰ আন লৰা-ছোৱালীবিলাকো আহি পুখুৰীপাৰৰ ফুলনি ভৰি পৰিল। তাৰ পাচত, লাহৰীয়ে কমলৰ হাতত ধৰি পুখুৰীৰ চাৰিও পাৰে আকৌ এবাৰ ফুৰি, প্ৰত্যেক জুপিৰে এপাহী-দুপাহীকৈ ফুল তুলি লৈ, দুয়ো পাণৰ মাহী আদিৰে বেৰি থোৱা সুন্দৰ জোপা এটিৰ মাজত বহি মালা গাঁথিবলৈ ধৰিলে। তললৈ মূৰ কৰি দুই হাতে মালা গাঁথি থাকোঁতে লাহৰীয়ে এবাৰ দেখিলে যে, কমলে নিটাল মাৰি একেঠৰে মালা গঁথাকে চাই
পৃষ্ঠা:লাহৰী.pdf/৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭8
লাহৰী ।