পৃষ্ঠা:লাহৰী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬৯
লাহৰী ।

আজি কমলৰ মানত তেওঁ এজন মহৎ উপকাৰী লোক। আজি কমলৰ মানত তেওঁ এই সংসাৰত পিতৃতুল্য পূজনীয় লোক। ইমান দিনে কমলে নিজৰ দেউতাকৰ সমান জগতৰ ভিতৰত ডাঙৰ আৰু পুজনীয় মানুহ নাই বুলি ভাবি আহিছিল; আজি তেওঁ তেওঁৰ দেউতাকৰ সমনীয়া এজন লোক দেখা পালে। বামলৈ নুঠালৈকে মানুহটিয়ে কমলক একোকে সোধা নাছিল; পাৰত উঠি কাপোৰ-কানি চেপি আকৌ পিন্ধাই দি, বননিতে দুয়ো বহি, হৈ যোৱা ঘটনা সম্বন্ধে কথা-বাৰ্ত্তা পাতিবলৈ ধৰিলে। কমলে নিজৰ ঘৰৰ কথাৰেপৰা সেই বৰ্ত্তমান অৱস্থালৈকে, যিমানলৈকে পাৰিলে সিমানলৈকে বৰ্ণাই কৈ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। সোঁৱৰণীৰ চোকা শোক-ৰোলে আহি কমলৰ কোমল হিয়া থকা-সৰকা কৰিবলৈ ধৰিলে৷ মানুহটিয়ে কমলৰ মৰ্মান্তিক বেদনা বুজিব পাৰি, কমলক কোলাত তুলি ললে। তেওঁ সহবেদনাত কাতৰ হৈ চুমা খাওঁতে কমলৰ সৰিয়হৰ ফুল যেন গাল দুখনি তেওঁৰ চকুলোৱে ঢৌৱাই পেলালে। হাঁয়, সেই সময়ত সেই দুটি প্ৰাণীৰ নিমাত ভাৱৰ বিননি দেখিলে বনৰ চৰাই-চিৰিকতিৰো মুখৰ টোপ্ সৰি পৰে। অহঃ এনে সামান্য পুৰুষৰ বেশ ধৰি ইজন নো কোন দয়াশীল মহাপুৰুষ? তেওঁ যদি কোনোবা ছদ্মবেশী মহাত্মা নহয়, তেন্তে সামান্য মানুহৰ অন্তৰতো এনে দয়া, এনে চেনেহ! সামান্য মানুহৰ হিয়াও ইমান কোমল, ইমান সহজে পমে! তেন্তে যি দুৰাচাৰে মানুহক উপদ্ৰৱ কৰিবলৈকে বৰমানুহ হয়, সম্পত্তিশালী হয়, যি পাষণ্ডই মৰাক মাৰি তৰিবলৈকে বিষয়া হৈ ক্ষমতা লাভ কৰে, তাৰ জীৱনত ধিক্! তাৰ জীৱন-লীলা পাশৱ ক্ৰীড়াৰ পাপত জাহ যাওক। এই পুৰুষজন সঁচাকৈয়ে আগৰ এজন ডাঙৰ মানুহ। তেওঁ আগেয়ে চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ দেউতাকৰ দিনত এজন বৰ ডাঙৰ বিষয়া হৈ থাকোঁতে প্ৰজাক অনেক সুখ-শান্তিৰ উপায় কৰি দিছিল। সদৌশেহত, প্ৰজাৰ উপকাৰ কৰা বাবেই তেওঁ ৰজাক