পৃষ্ঠা:লাহৰী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭৬
লাহৰী ।


পঢ়াশালিৰপৰা আহোঁতে তোমাক সদায় দেখোঁ; মনতে মাতিম মাতিম যেন লাগে। আৰু, দুদিনমান মাতিবলৈ চিপিয়াইছিলোঁ, মাতিব হে নোৱাৰিলোঁ ।

  লাহৰী।—(হাঁহি হাঁহি) “এৰা, মোৰো সদায় মাতিম মাতিম যেন লাগে, পিচে মাতিব হে নোৱাৰোঁ! অ, আজি পিচে মতামতি হল নহয়!" এই বুলি দুয়ো ঢেক্‌ঢেকাই হাঁহিবলৈ ধৰিলে। তাৰ পাচত, গধূলি হোৱা যেন দেখি, লাহৰীয়ে আকৌ মালা গাঁথিবলৈ ধৰিলে। তেওঁ দুধাৰ মালা গাঁথি এধাৰ আপুনি পিন্ধিলে, ইধাৰ কমলৰ কণ্ঠত পিন্ধাই দিলে। অহঃ, কি যে মনমোহা দৃশ্য!—আজিয়েই কমলক লাহৰীয়ে মালা পিন্ধাই বৰিলে নে কি!—নহয়, আজি লাহৰীয়ে কমলৰ প্ৰাণত অময়া প্ৰেমৰ আবেগেৰে উলাহ হে লগালে! আজিৰপৰা কমল লাহৰীৰ মায়াত মেৰ খালে! আজিৰপৰা কমলে লাহৰীক পাই সকলো পাহৰিব পৰা হল ! তাৰ পাচত, দুয়ো হাতত ধৰাধৰিকৈ থিয় দিলে৷ অহঃ, কিনো মোহন যুগলমূৰ্ত্তি! গোপ-গোপিনীবিলাকে ইফালৰপৰা সিফাললৈ বিহাৰ কৰি ফুৰিছে; ৰাধা-কুঞ্জৰ মাজত ৰাধা-কৃষ্ণ !!