পৃষ্ঠা:লাহৰী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭৫
লাহৰী ।

আছে। তেতিয়াই লাহৰীৰ মনত কি যে এটা ভাব আহিল, তেওঁ হাতৰপৰা আধা-গঁথা মালা মাটিত থৈ কমলৰ হাতখনি দুই হাতৰ মাজত লৈ মোহাৰি মোহাৰি কবলৈ ধৰিলে,“কমল! তুমি কি ভাবিছাঁ? চোৱাচোন, সৌবিলাক লৰা-ছোৱালী ইয়াত ফুৰিবলৈ সদায় আহে; তুমি হে নাহাঁ।" কমলে কি উত্তৰ দিব ! — কমল যে কমলত নাই। লাহৰীৰ কোমল হাতৰ মাজত হাত ৰাখিবলৈ পাই কমলৰ কোমল প্ৰাণ যে পমি গৈছে! পিচে, কি কব, কি নকব, একো স্থিৰ কৰিব নোৱাৰি কাঠৰ পুতলাটিৰ দৰে একে ঠৰে তেওঁ লাহৰীৰ মুখলৈ চায়ে ৰল! তাৰ পাচত, সংজ্ঞা পোৱা দি পাই কমলে চঁক্ খাই উঠি কবলৈ ধৰিলে,“লাহৰি, মই নো কি ভাবিছোঁ, কি ক'ম? এই সময়ত কি ভাবিছিলোঁ কব নোৱাৰোঁ যদিও, আন সময়ত কি ভাবি থাকোঁ, সেই কথা কবলৈ বহুত পৰ লাগিব। আজিলৈ আৰু সেইবোৰ একো নকওঁ। লাহৰি, মই এনেই হে নহাকৈ আছিলোঁ; আজিৰপৰা বাৰু সদায় আহিম দেই।”

  লাহৰী ৷—সদায় আহিবা নে কমল! সদায় আহিবাঁ দেই। তুমি পঢ়াশালিৰপৰা আহিবৰ সময় হলে, মই সদায় জলপান সজাই থম দেই।

 কমল ৷—লাহৰি ৷ মোলৈ সদায় ইয়াত জলপান সজাই থৈ তুমি দুখ পাব নালাগে; মই পঢ়াশালিৰপৰা বাজে বাজে ঘৰলৈ গৈ জলপান খাই বেগতে ইয়ালৈ আহিমগৈ দেই। মোলৈ আইতাই ঘৰত জলপান সজাইত থয়; ঘৰত নাখালে আকৌ আইতাই বেজাৰ কৰিব নহয়। বেয়া নাপাবাঁ দেই !

 লাহৰী ৷—(মুখখনি অলপ আমোলাই) বেয়া নাপাওঁ বাৰু। তুমি সদায় আহিবা নে? সদায় আহিবাঁ দেই, কমল।”

 কমল ৷—অ,লাহৰি,তুমি বেয়া পাইছাঁ? মই সদায় নাখাওঁ হে বুলিছোঁ; মাজে মাজে ইয়াতো খামহি। আৰু,মই সদায় আহিম। লাহৰি। মই