বিপদৰ হাত সাৰে। ইচ্ছাময়ৰো ইচ্ছা হল, সঁচাকৈয়ে গছ আকৌ উটি যাবলৈ ধৰিলে। এই বাৰ কিন্তু দাঁতিয়ে দাঁতিয়ে হে। এই দৰে উটি যাওঁতে যাওঁতে অলপ পোহৰ পোহৰ যেন দেখা গল। অলপ পাচতে ভালকৈয়ে ৰাতি পুৱালত, কমলে চাৰিওফালে চাই দেখিলে, দেখোন এজন মানুহে এখন সৰু নাৱৰ টিঙ্গত বহি দক্ষিণ পাৰৰপৰা তেওঁৰ গাৰ ফাললৈ নাও এৰি দিছে। নাও আহি ওচৰ পাওঁ-পাওঁ হওঁতেই, কমলে উদ্ধাৰৰ ছেগ বুজি চিঁয়ৰি চিয়ঁৰি নাৱৰ সেই মানুহটিক নিজৰ বিপদৰ কথা জনালে। মানুহটিয়েও অনতিপলমে নাও চপাই আনি, কমলক নাৱলৈ তুলি ললেহি।
কমলক উদ্ধাৰ কৰা যিটি মানুহৰ কথা কৈ অহা হৈছে, সেই মানুহটি আদহীয়া। মানুহটিৰ কথা-বাৰ্ত্তা, ভাব-গতি, আচৰণ আদিলৈ চাই, তেওঁ কোনোবা ভাল মানুহ বা ভাল মানুহৰ সংসৰ্গত থকা মানুহ যেন অনুমান হয়। কিন্তু, তেওঁৰ সাজ-পাৰ আদিলৈ চালে, তেওঁক কোনোবা গাঁৱৰ ভাল মানুহৰ ওচৰত থকা সাধাৰণ মানুহ যেন হে লাগে। যেই হওক,