পৃষ্ঠা:লাহৰী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭0
লাহৰী

অপ্ৰিয় হৈ উঠে; আৰু অন্তত নিজৰ গাৰ ফালে টনাটনি দেখি, লৰা-তিৰোতা আদিৰে সৈতে উত্তৰ পাৰলৈ ভাগি আহি, তেজপুৰৰ ওচৰৰ এখন গাৱঁত বাস কৰে। তেওঁ সেই দিনধৰি ছদ্মবেশী। তেওঁৰ লৰা-ছোৱালী যি দুটি আছিল, সিও সেই গাৱঁতে অন্ত পৰিল। সেই কাৰণে, তাৰপৰাও ভাগি এতিয়া আমাৰ ন-ভগনীয়া বিষয়াসকলে পতা পামপুৰতে আছেহি। পামপুৰলৈ আহিও তেওঁ বিষয়াসকলক নিজৰ আচল পৰিচয় নিদিলে। কিন্তু, বিষয়াসকলে তেওঁক আন ইতৰ মানুহৰ দৰে ব্যৱহাৰ নকৰিছিল। ঘৰত তেওঁৰ গৃহিণীৰ বাহিৰে আৰু কেওঁ নাই। তেওঁৰ নাম কৃষ্ণৰাম বৰগোহাঞি। কোনো বিশেষ কাৰণত তেওঁ দিনচাৰেক গুৱাহাটীত আছিলগৈ; আজি ঘৰলৈ উলটি পাৰ হওঁতে কমলক উদ্ধাৰ কৰিবলৈ পালে। তাৰ পাচত, অনেক কথা-বাৰ্ত্তা সুধি, কমলক লগত লৈ, তেওঁ ঘৰৰ ফালে খোজ ললে; এখনমান তামোল খাবৰ পৰত দুয়ো ঘৰ পালেহি।

 কৃষ্ণৰাম গোহাঞিৰ ঘৰত তোলনীয়া পুত্ৰ হৈ বছৰদিন কমলে কটালে। এতিয়া কমলৰ বয়স ন-বছৰত সোমালেহি। ইমান দিনে কমলে দেউতাক আৰু আইতাকলৈ পাহৰিলে নে? ⸺অহঃ, যি কমলে মৰমৰ দেউতাক আৰু আইতাকৰ আশাতে প্ৰাণ ধৰি বৰনৈৰ মাজত গা এৰি দিছিল, সেই কমলে বছৰদিয়েক হে নালাগে, জীয়াই থাকেমানে সিবিলাকক পাহৰিব পাৰে নে? কৃষ্ণৰাম বৰগোহাঞি আৰু তেওঁৰ গৃহিণীৰ যত্ন আৰুমৰমে মাজে মাজে পাহৰাই ৰাখে যদিও, তেওঁবিলাকৰ ওচৰৰপৰা আঁতৰ হলেই, কমলক সোঁৱৰণীৰ শোকে হেঁচি ধৰেহি,তেওঁ সংসাৰ একেবাৰে আন্ধাৰ দেখে! বয়সৰ লগে লগে কমলৰ বেজাৰ দিনক-দিনে বাঢ়িবলৈ ধৰিলে। পামপুৰলৈ অহা দিনচাৰেকৰ পাচতে, কৃষ্ণৰাম বৰগোহাঞিয়ে কমলক পঢ়াশালিত নাম লগাই দিলে। তেতিয়াৰেপৰা কমলে এদিনো পঢ়াশালিলৈ যোৱা খতি কৰা নাই। পঢ়াশালিলৈ যাওঁতে