পৃষ্ঠা:লাহৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭১
লাহৰী

কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰৰ আগে দি যাব লাগে। গতিকে, স্কুললৈ যোৱা-অহা কৰোঁতে কমলে লাহৰীক সদায় দেখে। কিন্তু, দেখে আৰু চায়, ইমানেই হে; তাত বাজে কমলৰ অন্তৰত আন একো ভাব নাই। পঢ়াশালিত থকা সময়ত বাজে, কমলক তেওঁৰ দেউতাক আৰু আইতাকৰ চিন্তাই বিমোৰ কৰি থয়; আন কথাই তেওঁৰ মনত অলপো ঠাই নাপায়। লাহৰীয়েও কমলক সদায় দেখে। কিন্তু, পঢ়া-লৰা পঢ়িবলৈ যায়, ইমানকে মাথোন কমলৰ বিষয়ে লাহৰীৰ মনত ঠাই পায়। লাহৰী কমলৰে সৈতে অলাপ-পৰিচয়ো নাই। কাৰণ, কমলে আন লৰাৰ দৰে লাহৰীহঁতৰ পুখুৰীপাৰত ফুৰিবলৈকো নাহে। তথাপি, কেতিয়াবা কমল পঢ়াশালিলৈ যাওঁতে, বা তাৰপৰা আহোঁতে পদূলিমূৰত বা ভঁৰালৰ আগত দুইৰো দেখাদেখি হলে, মাত-বোল নহয় যদিও, দুইকো দুয়ো একেঠৰে অলপ পৰলৈ চাই নাথাকি নোৱাৰে। এই দৰেই ভালেমান দিন পাৰ হল, তথাপি কমল আৰু লাহৰীৰ মাজত মাত-বোল নাই। কিন্তু, পাচলৈ স্বভাৱতে দুইকো দুয়ো অলপ হেঁপাহৰ চকুৰে চোৱাচুই কৰা হল; চকুৱেচকুৱে চাই থাকোঁতে দুয়ো কেতিয়াবা চঁক্ পাই উঠা যেন হল। এতিয়া লাহৰীৰ বয়স ৯ বছৰ আৰু কমলৰ বয়স ১৪ বছৰ। এনে কোমল বয়সত এই দুটি প্ৰাণীৰ অন্তৰত কিবা প্ৰণয় বা প্ৰেমৰ ভাব উপজিছিল নে? উপজিছিল যদি, সি নো কি প্ৰণয়? কেনে প্ৰেম? লাহৰীৰ সাদৰী-প্ৰেম নে, কমলৰ কোমল-প্ৰেম? প্ৰকৃতপক্ষে ই প্ৰেম হলেও, প্ৰণয় নহয়; —অময়া প্ৰেমৰ আভাস মাখোন। এই আভাসত স্বাৰ্থৰ ছয়াটিও নাই, আছে মাথোন এটি স্বভাৱৰ মিলন-টান৷ লাহৰীক নো লাগিছে কি? তেওঁৰ কি নাই, তাতে তেওঁ কমলৰপৰা কিবা আশা কৰিব? আৰু, কমলেও আইতাক দেউতাকক হেৰুৱালে বুলিও, কৃষ্ণৰাম গোহাঞি জীয়াই থাকোঁতে তেওঁৰ কিহৰ নাটনি পৰিছে যে, লাহৰীৰপৰা কিবা পাবলৈ তেওঁ আশা কৰিব!কিন্তু,তাৰ