পৃষ্ঠা:লাহৰী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭৩
লাহৰী ।

থিয় দি আছিল। লাহৰীৰ সমুখত কমলৰ পৰীক্ষা হল। পঢ়িবলৈ কোৱা মাত্ৰকে কমলে এনে খল্‌খলাই পঢ়িবলৈ ধৰিলে যে, কীৰ্ত্তিনাথ গোহাঞিয়ে শুনি বৰ সন্তোষ পালে; আৰু পণ্ডিত, ছাতৰ সকলোৰে আগত কমলক নথৈ শলাগিবলৈ ধৰিলে। তাৰ পাচত, কমলৰ নাম সোধাত, তেওঁৰ হৈ পণ্ডিত কৈ দিলে। তাৰ পাচে, কমলৰ ঘৰ-বাৰীৰ কথা সোধাত, হঠাত কমলৰ শলাগনিত ফুলি উঠা মুখখনি ম্লান পৰি গল। তথাপি, সেই কথা দুনাই সোধাত, কমলে কৃষ্ণৰাম গোহাঞিৰ ঘৰৰ কথাকে কৈ থলে। কীৰ্ত্তিনাথ গোহাঞিয়ে কমলৰ গঢ়-গতি, কথা-বাৰ্ত্তা সকলো গুৰিৰেপৰা মন কৰি আছিল ৷ তেওঁ কমলৰ সম্বন্ধে পাচেকৈ কৃষ্ণৰাম গােহাঞিক মাতি আনি সুধিবলৈ মনে মনে স্থিৰ কৰি, ঘৰলৈ আহিবলৈ উঠিল; আৰু আহিবৰ সময়ত কমলক ঘৰলৈ উলটি যাওঁতে,তেওঁৰ ঘৰত সােমাই যাবলৈ কৈ আহিল।

 লাহৰীয়ে পঢ়াশালিত কমলৰ বিষয়ে হোৱা কথা-বাৰ্ত্তালৈ মন কৰি আছিল। ঘৰলৈ আহি আৰু সেই দিনা তেওঁ দেউতাকৰ লগ নেৰিলে। কীৰ্ত্তিনাথ গোহাঞিয়ে চ'ৰাঘৰতে লাহৰীক কোলাত লৈ বহি আছে, এনেতে কমল ওলালহি। দেউতাকতকৈ আগেয়েই কমল লাহৰীৰ চকুত পৰিল; দেখিয়েই লাহৰীয়ে লাহেকৈ কোলাৰপৰা নামি দেউতাকৰ বাওঁফালে খিয় দি ৰল। কমলক সুধিব লগীয়া কথা বিশেষ একো নাছিল; কিন্তু কীৰ্ত্তিনাথ গােহাঞিয়ে যেই-সেই লৰা-ছোৱালীৰ স্বভাৱ-চৰিত্ৰ ভাল দেখিয়েই তেওঁৰ ঘৰলৈ মাতি আনি সেই দৰে মৰম কৰে । কমল আহি থিয় হলত,তেওঁক দুই-চাইটা মৰম-লগা কথা সুধি, কীৰ্ত্তিনাথ গােহাঞিয়ে লাহৰীক কলে, “আই, কমলক আইতাকৰ ওচৰলৈ লৈ যােৱাঁ, জলপান খাবলৈ দিয়াগৈ।” লাহৰীলৈ ইয়াতকৈ আৰু আনন্দৰ বিষয় কি হব পাৰে! লাহৰীয়ে দেউতাকৰ অনুমতি পােৱা মাত্ৰকে আগ বাঢ়ি গৈ কমলৰ হাতত ধৰি, “আঁহা কমল” বুলি ভিতৰলৈ মাতি লৈ গল। কমলে