ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল
ৰং-ঘৰীয়া খেল।
(ভঙ্গী-গীত আৰু নৃত্য-মুদ্ৰা কথা সহ)
[ ৩ ]
ৰং-ঘৰীয়া খেল
(ভঙ্গী-গীত আৰু নৃত্য-মুদ্ৰা কথা সহ)
ল’ৰা-ছোৱালীৰ খেলেই প্ৰাণ
খেল-পথাৰেই গতিৰ থান॥
শৰীৰ-মনৰ খেলতে বুদ্ধি।
খেল বিনে শিক্ষা নহয় সিদ্ধি॥
শ্ৰীশশীচন্দ্ৰ বৰবৰুৱা, বি, এ
মূল্য ১\ টকা।
বৈজ্ঞানিক সভ্যজগতৰ
অদি গুৰু
ক-খ পঢ়াশালীৰ শিক্ষকসকলৰ
কৰ-কমলত
দীন হীন লেখকৰ সাদৰ-অৰ্পণ।
শিক্ষকে শিকাব ল'ৰাই খক।
পৃথিবীত সুখে ৰৈ-বৈ যক॥
শিক্ষকসকলৰ শাৰীৰিক শিক্ষা বাহৰত, নৰ্ম্মাল স্কুলত, “স্কাউটক" আৰু "কাবক" শিকোৱা খেলবিলাকৰ ইয়াত বিস্তৃত বিৱৰণ দিয়া হ’ল। নমুনা হিচাপে ভঙ্গী-গীত আৰু ভাও-খেল কেইটিমানো দিয়া হৈছে। শিক্ষকসকলক মাত্ৰ বাট লগাই দিয়া হৈছে; এইবিলাকৰ সহায় লৈয়েই নতুন নতুন বহুত খেল তেখেত
সকলে উলিয়াই ল’ব পাৰিব।
বাহৰ-শিক্ষাৰ পিছত স্কুল পৰিদৰ্শনত পোৱা যায় যে শিক্ষকে বহুত খেল পাহৰি যায়। এই কিতাপে শিক্ষা-সোৱঁৰণত জৰুল সহায় কৰিব আৰু স্কুলে স্কুলে এখন ৰাখিলে শাৰীৰিক শিক্ষাত নথৈ সহায় হ’ব।
শিক্ষা বিভাগৰ অধ্যক্ষ মিঃ স্মল চাহাবৰ উপদেশত ওপৰঞ্চি আধ্যায় এটি কৰি নৃত্যমুদ্ৰাৰ কথা অলপো কোৱা হৈছে। এই সমলখিনিৰ গুৰি পুং হ’ল ”শ্ৰীহস্ত মুক্তাৱলী পুথি ”। এই আধ্যাটি লিখাত কামৰূপী নৃত্য-বিশেষত মোৰ অন্তৰঙ্গ বন্ধু শ্ৰীযুত জীৱেশ্বৰ গোস্বামী দেৱৰ সহায় লোৱা হৈছে।
খেল-ধেমালিয়েই ল’ৰা-ছোৱালীৰ প্ৰাণ। খেলতেই সিহঁত সজীৱ; খেল বিনে নিজীৱ। চৰিত্ৰ শিক্ষাৰো খেল ডাঙৰ বাহন। সৰুকালৰে পৰা ল’ৰা-ছোৱালীক খেলেৰে আৰু পুতলাৰে উমলিব পৰা সুবিধা দিব লাগে। মনোবিজ্ঞানৰ মতে পুতলাৰ আৰু খেল-
ধেমালিৰ সুযোগৰ অভাৱ শিশুৰ স্বাভাৱিক বুদ্ধি প্ৰকাশত আৰু বৃদ্ধিত ডাঙৰ অন্তৰায়।
বুকু ফুল খাই যাব।
অসমীয়া ল'ৰা অসম হব'ই
ইতি
শ্ৰীশশীচন্দ্ৰ বৰবৰুৱা
যোৰহাট
সূচী | |||
বিষয় | |||
১। | চৰাইৰ বাহ বা কেৰ্কেটুৱাৰ বাহ। | ( ছোৱালীৰ কাৰণেও ) | ১ |
২। | মেকুৰী এন্দুৰ ... | ঐ | ২ |
৩। | চেলাম খেল ... | ঐ | ৩ |
৪। | উঠা বহা খেল ... | ঐ | ৩ |
৫। | বল ধৰা ... | ঐ | ৪ |
৬। | তিনটা নোহোৱা ... | ৪ | |
৭। | নম্বৰ সলোৱা ... | ( ছোৱালীৰ কাৰণেও ) | ৫ |
৮। | চাবুক খেল ... | ৫ | |
৯। | গড়ালৰ ষাঁড় ... | ৬ | |
১০। | চিকাৰী খেল ... | ( ছোৱালীৰ কাৰণেও ) | ৬ |
১১। | ধোন্দৰ কেৰ্কেটুৱা ... | ঐ | ৭ |
১২। | বাঘ-গৰু ... | ৮ | |
১৩। | চিকোটা খেল ... | ( ছোৱালীৰ কাৰণেও ) | ৮ |
১৪। | বাঘৰ ভয় ... | ঐ | ৯ |
১৫। | ধোদ ... | ৯ | |
১৬। | দ’ত আৰু বাওনা ... | ( ছোৱালীৰ কাৰণেও ) | ১০ |
১৭। | গালি পৰা খেল বা কোঢ়াল খেল | ১০ | |
১৮। | তেলৰ শাল ... | ১১ | |
১৯। | কুঁহিয়াৰৰ শাল বা চৰিয়া খেল | ১১ |
সূচী-(২) | |||
২০। | বন্দুক মৰা... | ১২ | |
২১। | বাঘ আৰু গঁড়ালৰ পহু | ( ছোৱালীৰ কাৰণেও ) | ১৩ |
২২। | সুৰঙ্গ বল ... | ১৩ | |
২৩। | শত্ৰু-জয় ... | ১৫ | |
২৪। | কাঙ্গাৰু বল ... | ১৬ | |
২৫। | দলাৰ বগৰি ... | ( ছোৱালীৰ কাৰণেও ) | ১৬ |
২৬। | বৃত্তত বল ঘুৰুৱা ... | ( ছোৱালীৰ কাৰণেও ) | ১৬ |
২৭। | বল দিয়া আৰু বহা ... | ১৭ | |
২৮। | তোৰণ বল | ( ছোৱালীৰ কাৰণেও ) | ১৮ |
২৯। | তোৰণ-সুৰঙ্গ বল | ১৮ | |
৩০। | মূৰৰ ওপৰে জপিয়াই নিয়া বল | ১৯ | |
৩১। | লাঠী জপিওৱা খেল | ১৯ | |
৩২। | নাও খেল ... | ২০ | |
৩৩। | কেৰেলুৱা খেল ... | ( ছোৱালীৰ কাৰণেও ) | ২০ |
৩৪। | প্ৰতিঘাত লৰ ... | ( ছোৱালীৰ কাৰণেও ) | ২১ |
৩৫। | মানুহ কঢ়িওৱা খেল | ২১ | |
৩৬। | ঘোঁৰা-ধৰা ... | ২১ | |
৩৭। | ৰথ খেল ... | ২২ | |
৩৮। | ভেকুলী জাপৰ খেল | ২৩ | |
৩৯। | এঠেঙ্গীয়া খেল ... | ( ছোৱালীৰ কাৰণেও ) | ২৪ |
৪০। | কাছ-কাউৰী ... | ( ছোৱালীৰ কাৰণেও ) | ২৫ |
৪১। | মাকো খেল ... | ( ছোৱালীৰ কাৰণেও ) | ২৫ |
৪২। | ম'হ যুজ ... | ২৬ | |
৪৩। | কেকোঁৰা খেল ... | ২৬ |
সূচী— ( ৩ ) | |||
৪৪। | তলে ওপৰে যোৱা খেল | ২৭ | |
৪৫। | চকাৰ দণ্ডী ... | ২৭ | |
৪৬। | সাপৰ মোট চেলোৱা | ২৮ | |
৪৭। | বাঘে নেজ ধৰা ... | ( ছোৱালীৰ কাৰণেও ) | ২৮ |
৪৮। | হায়দাৰাবাদ বল ... | ২৯ | |
৪৯। | চৰাই চিকাৰী ... | ৩১ | |
৫০। | ভলীবল আৰু টেনিকইট্ | ( ছোৱালীৰ কাৰণেও ) | ৩১ |
৫১। | কেঁকোৰা লৰ ... | ( ছোৱালীৰ কাৰণেও ) | ৩২ |
৫২। | পানীত—পাৰত—মনোযোগিতা খেল | ঐ | ৩২ |
৫৩। | ওপৰ তল হাত ঐ | ঐ | ৩৩ |
৫৪। | মই কওঁ, এলাৰ্ট্ ঐ | ঐ | ৩৩ |
৫৫। | ৰুমাল পেলা ... | ( ছোৱালীৰ কাৰণেও ) | ৩৩ |
৫৬। | ভাত খাগৈ যা ... | ঐ | ৩৪ |
৫৭। | জল-কুঁৱৰী ... | ঐ | ৩৪ |
৫৮। | এঠেঙীয়া বগলী ... | ঐ | ৩৪ |
৫৯। | নাচ লৰ আৰু ধৰ | ঐ | ৩৫ |
৬০। | ৰজা-ৰাণী ... | ৩৫ | |
৬১। | তলা-ছাবি ... | ( ছোৱালীৰ কাৰণেও ) | ৩৬ |
৬২। | ঘোৰ-দৌৰ ... | ৩৬ | |
৬৩। | বল ল আৰু থ ... | ( ছোৱালীৰ কাৰণেও ) | ৩৬ |
৬৪। | ধন তোলা ... | ৩৭ | |
৬৫। | জীৱন নৌকা ... | ( ছোৱালীৰ কাৰণেও ) | ৩৭ |
৬৬। | ব্যৱসায়ীৰ অবাক ভাও | ৩৮ | |
৬৭। | পশু শালা ... | ( ছোৱালীৰ কাৰণেও ) | ৩৮ |
সূচী— ( ৪ ) | |||
৬৮। | টুপি পিন্ধি জাপ ... | ৩৯ | |
৬৯। | কোন হেৰাল ... | ( ছোৱালীৰ কাৰণেও ) | ৩৯ |
৭০। | শব্দ ভেদ ... | ঐ | ৩৯ |
৭১। | সুৰঙ্গ-সোমা ... | ৪০ | |
৭২। | বেজী সূতা ... | ( ছোৱালীৰ কাৰণেও ) | ৪০ |
৭৩। | ঘৰিয়াল ঘূৰণ ... | ৪১ | |
৭৪। | জেওৰা বা ... | ( ছোৱালীৰ কাৰণেও ) | ৪১ |
৭৫। | শহা চিকাৰ ... | ( ছোৱালীৰ কাৰণেও ) | ৪১ |
৭৬। | কুকুৰা যুদ্ধ ... | ( ছোৱালীৰ কাৰণেও ) | ৪২ |
৭৭। | মণ্ডলৰ পৰা খেদা ... | ৪২ | |
৭৮। | ৰাজ্যৰ পৰা খেদা | ৪২ | |
৭৯। | মণ্ডললৈ টান ... | ৪৩ | |
৮০। | আয়ৈ দেহি পুছি, যোৱা | ৪৩ | |
৮১। | বৈৰাগী ( সৰু লৰাৰ সঙ্গীত খেল ) | ( ছোৱালীৰ কাৰণেও ) | ৪৪ |
৮২। | কাউৰী খেল ... | ঐ | ৪৪ |
৮৩। | কুকুৰ পোৱালী ... | ৪৫ | |
৮৪। | গুটি খেল ... | ৪৬ | |
৮৫। | ঢোপ খেল ... | ( ছোৱালীৰ কাৰণেও ) | ৪৬ |
৮৬। | দোৰ্পতি খেল ... | ঐ | ৪৭ |
৮৭। | নাক ধৰ ... | ৪৮ | |
৮৮। | সেৱা কৰ ... | ৪৮ | |
৮৯। | বিচাৰি চা ... | ( ছোৱালীৰ কাৰণেও ) | ৪৮ |
৯০। | উমান ল ... | ঐ | ৪৯ |
৯১। | নেজ নাইকিয়া গাধ | ঐ | ৪৯ |
সূচী— ( ৫ ) | |||
ভাও-খেল | |||
১। | জিৰাফৰ খোজ ... | ( ছোৱালীৰ কাৰণেও ) | ৫০ |
২। | শহাৰ খোজ ... | ৫০ | |
৩। | পাৰ চৰাই উৰা ... | ( ছোৱালীৰ কাৰণেও ) | ৫০ |
৪। | ভূতৰ হুমুনিয়াহ ... | ঐ | ৫০ |
৫। | ভকতৰ ঈশ্বৰ নাম ... | ঐ | ৫০ |
৬। | নৈৰ পৰা পানী খোৱা | ঐ | ৫১ |
৭। | নাও বোৱা ... | ঐ | ৫১ |
৮। | ( ক) আগ সাঁতোৰ | ঐ | ৫১ |
( খ ) পাছ সাঁতোৰ | ঐ | ৫১ | |
( গ ) শিলনিত খোজ কঢ়া | ঐ | ৫১ | |
( ঘ ) বাম পানীত খোজ কঢ়া | ৫১ | ||
( ঙ ) বুৰ মৰা ... | ( ছোৱালীৰ কাৰণেও ) | ৫২ | |
৯। | লাচিতৰ জয়-যাত্ৰা ... | ( ছোৱালীৰ কাৰণেও ) | ৫৩ |
১০। | ধুমুহাত গছ ভগা ... | ঐ | ৫৫ |
ওপৰঞ্চি | |||
( ক ) | কেইটামান ভঙ্গী সঙ্গীত | ( ছোৱালীৰ কাৰণেও ) | ৫৬ |
( খ ) | শাৰীৰিক শিক্ষাত নৃত্যৰ স্থান | ঐ | ৬২ |
ল’ৰা-ছোৱালীৰ
ৰং-ঘৰীয়া খেল
( ভঙ্গী-গীত আৰু নৃত্য-মুদ্ৰা কথা সহ )
(১) চৰাইৰ বাহ বা কেৰ্কেটুৱাৰ বাহ :–
শিক্ষকে ল’ৰাবোৰ চাৰি চাৰি কৈ লেখ কৰিব। ১, ২, আৰু ৩নং ল’ৰাই হাত ধৰা-ধৰি কৰি একোটাহঁত বাহ সাজিব। ৪নং ল’ৰাবোৰ চৰাইহৈ বাহে পতি এটাকৈ সোমাই থাকিব। এটা বাহ-নাইকিয়া-চৰাই থাকিব। শিক্ষকে সুহুৰি বজালেই প্ৰতিটো চৰায়ে নিজ বাহ এৰি অন্য এটা বাহলৈ যাব। ইতিমধ্যে বাহ-নাইকিয়া চৰাইটোৱে এটা বাহত সোমাবলৈ চাব। প্ৰতিবাৰে একোটাহঁত ল’ৰা বাহ-নাইকিয়া হৈ থাকিব। এইদৰে কেইবাবাৰো খেলাব।
২য় প্ৰণালী—প্ৰথম সুহুৰিত বা ইঙ্গিতত চৰাইবোৰে চাৰিউকাষে বাহ বিচাৰি ফুৰাৰ দৰে উৰি ফুৰিব আৰু দ্বিতীয় ইঙ্গিতত বাহত সোমাব।
৪নং ল’ৰাবোৰে চৰাইহৈ কেবাৰমান খেলাৰ পিছত ৩নং বোৰক চৰাই কৰি আৰু ৪নং বোৰে ১ আৰু ২নং বোৰৰে বাহ সাজিব। এইদৰে প্ৰত্যেক ল’ৰাকে চৰাই হ’বলৈ সুবিধা দিব।
(২) মেকুৰী-এন্দুৰ :—
ল’ৰাবোৰে হাত ধৰি এটা মণ্ডল বা বৃত্ত পাতিব। এটা ল’ৰা এন্দুৰ হৈ মণ্ডলৰ ভিতৰত থাকিব আৰু আন এটা মেকুৰী হৈ বাহিৰত থাকিব। মেকুৰীয়ে এন্দুৰক ধৰিবলৈ চেষ্ট কৰিব। মণ্ডল পতা ল’ৰাবোৰে হাত তললৈ নমাই আৰু তুলি মেকুৰীক এন্দুৰ ধৰাত বাধা দিব আৰু এন্দুৰক ওলাবলৈ-সোমাবলৈ সুবিধা দি ৰক্ষা কৰি থাকিবলৈ চাব। মেকুৰী এবাৰ মণ্ডলত সোমালে বেগতে ওলাবলৈ নিদিব। যদি এন্দুৰ ধৰা পৰে সেই হাল ল’ৰাই মণ্ডলত যোগ দিব আৰু অন্য এহাল মেকুৰী এন্দুৰ হ’ব।
২য় প্ৰণালী— মণ্ডলৰ ল’ৰাবোৰে হাত অলপ ওপৰলৈ তুলি ধৰি থাকিব। এতিয়া ল’ৰাবোৰে মেকুৰী আৰু এন্দুৰ দুয়োকো সোমাবলৈ-ওলাবলৈ বাট এৰি দিব। এন্দুৰে যি বাটে সোমোৱা ওলোৱা কৰে ঠিক সেই বাটে গৈহে মেকুৰীয়ে এন্দুৰক ধৰিব পাৰিব।
এই খেল সঙ্গীতেৰেও দিব পাৰি। মণ্ডলটো নৃত্য-লৰেৰে তলত দিয়া কলি ফাঁকি গাই ঘূৰিব আৰু মেকুৰীয়ে জোপ লৈ লৈ বাহিৰেদি ঘূৰিব, —
ধৰিব এতিয়া তোক।
টেপেক্কে' গিলিব পেটত তোক পেলাব
ভাকৌৰে গুচাব ভোক॥
ঘূৰি ঘূৰি কেবাৰমান গোৱাৰ পিছত শিক্ষকে, “ধৰ” বুলি ক’ব। কোৱা মাত্ৰে মণ্ডলটো ৰৈ দিব আৰু মেকুৰী-নিগনিৰ
খেদা-খেদি আৰম্ভ হ’ব। মেকুৰী-নিগনিয়ে খেদা খেদি কৰোঁতে মণ্ডলটোৱে (থিয় হৈ থকা অৱস্থাতে) তলৰ কলিটো গাই থাকিব
নধৰিবি নধৰিবি, লিক্মন ভাই॥
( ৩ ) চেলাম খেল :-
এটাৰ বাহিৰে সকলো ল’ৰাই মণ্ডল পাতিব। মণ্ডলত নথকা ল’ৰাটোৱে মণ্ডলটোৰ বাহিৰেদি লৰি ঘূৰি মণ্ডলত থকা কোনোবা ল’ৰা এটাৰ টিকাত চাপৰ মাৰি যাব। চাপৰখোৱা ল’ৰাটো ততালিকে ওলাই বিপৰীত ফালে লৰ মাৰিব। ঘূৰোতে যেতিয়া দুয়োটা মুখা-মুখি হৈ লগ খাব, হাত ধৰা-ধৰি কৰি ৰ’ব আৰু মূৰ দোঁৱাই তিনিবাৰ "চেলাম চেলাম" বুলি নমস্কাৰ কৰিব। তিনিবাৰ নমস্কাৰ দিয়াৰ পিছতে তুৰন্তে নিজ নিজ মুখীয়াকৈ লৰ মাৰি মণ্ডলটোত খালী হোৱা ঠাইডোখৰ ল’বলৈ চেষ্টা কৰিব। যিয়ে প্ৰথমে সেই ঠাইডোখৰ পাব, সিয়ে তাতে থাকিব আৰু বাকীজনে আকৌ লৰি ঘূৰি কাৰোবাক চাপৰ মাৰিব। এইদৰে কেবাবাৰো খেলাব।
( ৪ ) উঠা-বহা খেল : —
ল’ৰাবোৰ অৰ্দ্ধ-মণ্ডলত বা এটা শাৰী হৈ থিয় হ’ব। শিক্ষক সমুখত থিয় হ’ব। শিক্ষকে “উঠা” বুলিলে ল’ৰাবোৰ থিয় হ’ব আৰু “বহাঁ” বুলিলে বহিব। বহি থকা অৱস্থাতে যদি শিক্ষকে কয় ‘বহাঁ” আৰু তাক যদি কোনোবাই থিয় হয় বা হবলৈ চিপ্ লয় তেতিয়া তেওঁ গেলিব বা কটা যাব। বেছিপৰ ভুল নকৰাকৈ যি
থাকিব পাৰে তেওঁৰে। জয়। এইটো এটা মনযোগিতা খেল।
ইয়াক দল খেলে কৰিব পাৰি। যি দলৰে মানুহ বেচিকৈ গেলিব সেই দলৰে পৰাজয় হয়।
( ৫ ) বল ধৰা :—
ল’ৰাবোৰে এটা মণ্ডল পাতিব। এটা ল'ৰা মণ্ডলৰ ভিতৰত ৰাখিব। বল এটা লৈ মণ্ডল পতা ল’ৰাবোৰে ইটোৰ পৰা সিটোলৈ দলিয়াব আৰু ভিতৰত পকা লৰাটোৱে বলটো ছুবলৈ চাব। বলটো ছুব পাৰিলে যি জনে দলিওৱাৰ পিছত বলটো ধৰা হ’ল সেইজন ভিতৰলৈ আহিব আৰু সেইজনৰ ঠাই আগেয়ে ভিতৰত পকা ল’ৰাটোৱে ল’ব। যি বল দলিয়াওঁতে বল কাৰো হাতত নলগাকৈ বাহিৰলৈ যায় তেৱোঁ ভিতৰলৈ আহিব লাগিব।
( ৬ ) তিনটা নোহোৱা :—
ল’ৰাবোৰক দুইকৈ সংখ্যা গণাব। এটা মণ্ডল পাতি ল’ব। মণ্ডলটোত এক নং খিনি এখোজ পাছলৈ আৰু এখোজ সোঁৱে কি বাঁৱে গৈ দুই নং খিনিৰ পাছে পাছে যোৰ যোৰকৈ থিয় হ’ব। অৰ্থাৎ আগা-পাছাকৈ দুটা মণ্ডল হ’ব। দুটা ল'ৰা বাছি
উলিয়াব —এটা হ’ব বাঘ আৰু এটা হ’ব চিকাৰ। বাঘে চিকাৰক খেদিব; চিকাৰ ৰক্ষা পাবলৈ কোনোবা এযোৰ ল’ৰাৰ আগত থিয় হৈ দিবগৈ; থিয় হোৱা মাত্ৰকে সেইযোৰৰ পাছৰ ল’ৰাটো চিকাৰ হৈ লৰ মাৰিব আৰু ৰক্ষা পাবলৈ কোনোবা এযোৰ ল’ৰাৰ আগত থিয় হবগৈ। যদি বাঘে চিকাৰক ছুব পাৰে তেন্তে চিকাৰ ততালিকে বাঘ হ’ব আৰু বাঘ চিকাৰ হ’ব।
বি: দ্ৰ: – ( ১ ) বাঘ আৰু চিকাৰ সদায় মণ্ডলটোৰ বাহিৰে লৰিব।
( ২ ) চিকাৰ ল’ৰা এযোৰৰ মাজত বা পাছত থিয় ন’হব; সদায় আগত।
৩) চিকাৰে বাগি দি দি খেলটোত বুদ্ধি খটাই লৰিব; বেচি সময় লৰি ফুৰিলে খেলটোৰ তৃপ্তি নষ্ট হ’ব।
( ৭ ) নম্বৰ সলোৱা :—
ল’ৰাবোৰে ক্ৰমিক নম্বৰ কৰি এটা মণ্ডল পাতিব। এটা ল’ৰা কেন্দ্ৰ স্থানত থিয় হৈ যেই সেই দুটা নম্বৰ মাতিব। সেই নম্বৰ দুটাৰ ল’ৰাই ঠাই সলনা-সলনি কৰিব। সলনা-সলনি কৰিব খোজোঁতেই কেন্দ্ৰৰ ল’ৰাটোৱে সেই খালী ঠাইৰ এঠাই ল’বলৈ
চেষ্টা কৰিব। যেয়ে ঠাই নেপায় তেওঁ কেন্দ্ৰলৈ আহি আকৌ দুটা নম্বৰ মাতি ঠাই ল’বলৈ চাব।
( ৮ ) চাবুক খেল :—
পিঠিৰ ফালে হাত দুখন খোলা ৰাখি থিয় হৈ বা বহি ল’ৰাবোৰে এটা মণ্ডল কৰিব। এটা ল'ৰাই মণ্ডলটোৰ বাহিৰে লৰি ঘূৰি কোনোবা এটা লৰাৰ হাতত গাঁঠি দি থোৱা ৰুমাল এখন দিব। ৰুমাল পোৱা ল’ৰাটোৱে ততালিকে তেওঁৰ সোঁফালৰ ল’ৰাটোক কোবাবলৈ উদ্যত হ’ব আৰু সোঁফালৰ ল’ৰাটোৱে কোব নেখাবলৈ মণ্ডলটোৰ বাহিৰেদি লৰ মাৰি ঘূৰি পুনৰ নিজ ঠাইলৈ আহিব আৰু আহি পালেই কোবৰ পৰা ৰক্ষা পাব। ৰুমাল পোঁৱা লৰাটোৱে পাছে পাছে কোবাবলৈ চেষ্টা কৰি বা
যদি পাৰে কোবাই কোবাই খেদি যাব। আকৌ অন্য এটা ল’ৰাক হাতত ৰুমাল দিব আৰু এইদৰে খেলটো কেবাবাৰো খেলাব। ৰুমাল পোৱা ল’ৰাটো ওলাই গ’লে যি ঠাই খালী হ’ল সেই ঠাইত ৰুমাল দিয়া লৰাটো থাকি যাব।
( ৯ ) গড়ালৰ ষাঁড় :—
ল’ৰাবোৰে এটা মণ্ডল কৰিব। মাজত এটা ল’ৰা ষাঁড়হৈ থাকিব। ষাঁড়টোৱে মণ্ডলৰ পৰা কেনেবাকৈ গৈ শিক্ষকে ঠিক কৰি দিয়া ঘাই এটা ছুব লাগে। মণ্ডলটোৱে তাক কোনোমতে যাবলৈ নিদিয়াকৈ ৰাখিব লাগে। যদি কেনেবাকৈ মণ্ডল ভাঙি ষাঁড়টো ওলাই যায়, তেন্তে লৰাবোৰে মণ্ডল ভাঙি তাৰ পাছে পাছে খেদি ঘাই চুব নোৱাৰাকৈ আটক কৰি ল'ব।
এইটো দলখেল কৰিও খেলাব পাৰি। এদলে মণ্ডল পাতিব আৰু অনদলে কোনোবা এই ল’ৰাক প্ৰতিনিধি স্বৰূপে ষাঁড় কৰি দিব। ঘাই ছুলে মণ্ডল পতা দলটোৰ পৰাজয় আৰু আনদলৰ জয়। তাৰ পিছত মণ্ডল পাতি যোৱা দলে ষাঁড় দিব আৰু ইদলে মণ্ডল পাতিব।
খেলটোত সময় বান্ধি দিও হৰা-জিকা কৰাব পাৰি।
( ১০ ) চিকাৰী খেল :—
ল’ৰাবোৰে মণ্ডল পাতিব। মাজত এটা চিকাৰী হ’ব। মণ্ডলৰ ল’ৰাবোৰে ঘূৰি ঘূৰি নাচি নাচি তলৰ পদ ফাঁকি গাব—
বলুকাত বিয়লী বেলা;
বুটলি বিলাওঁগৈ ব’লা। ”
”হৰিণ ধৰিব পাৰ তই চিকাৰী
ধৰিবি পথাৰৰ বগ,
বাঘৰ নেজো ধৰি টানিব পাৰিবি
শেষৰ “লগ” শব্দটো কৈয়েই ল’ৰাবোৰে তললৈ মূৰ কৰিব, আৰু মাজৰ চিকাৰীটোৱে ল’ৰাবোৰে মূৰ তললৈ কৰাৰ আগতে কাৰোবাক ছুব পাৰেনে কি চেষ্টা কৰিব। যাকে ছুব সি আহি মাজত চিকাৰী হ'ব আৰু আগৰ চিকাৰীয়ে তাৰ ঠাই ল’ব।
পদফাঁকি ভঙ্গি কৰিও দিব পাৰি, আৰু দিলে বেচি ভাল হয়।
( ১১ ) ধোন্দৰ কেৰ্কেটুৱা :—
কান্ধত হাত থৈ থৈ তিনটা তিনটা ল’ৰা গোট খাই অলপ দূৰে দূৰে একোজোপা ধোন্দ থকা গছ কৰিব। ধোন্দে পতি একোটাহঁত কেৰ্কেটুৱা থাকিব; এটা ধোন্দ-নাইকিয়া-কেৰ্কেটুৱা থকিব আৰু এটা ল’ৰা চিকাৰী-কুকুৰ হ’ব। চিকাৰী-কুকুৰে ধোন্দ-নাইকিয়া কেৰ্কেটুৱাটোক খেদিব। কেৰ্কেটুৱাটোৱে ৰক্ষা পাবলৈ কোনোবা এটা ধোন্দত সোমাব। সোমোৱা মাত্ৰকে সেই ধোন্দৰ কেৰ্কেটুৱাটো ওলাই লৰ মাৰিব আৰু চিকাৰী-কুকুৰে খেদিব। চিকাৰী কুকুৰে কোনোবা কেৰ্কেটুৱাক যদি ধোন্দত সোমোৱাৰ আগতে চুব পাৰে তেতিয়া ততালিকে চিকাৰী-কুকুৰ কেৰ্কেটুৱা হ'ব আৰু কেৰ্কেটুৱাটো চিকাৰী-কুকুৰ হৈ খেদা দিব।
( ১২ ) বাঘ-গৰু :—
ল’ৰাবোৰক শাৰী পতাই চাৰি চাৰিকৈ নম্বৰ কৰাব। ১নং আৰু ২নং বোৰক পিঠি দুখীয়াকৈ ঘূৰাব। তাৰপিছত ( ভৰিৰ ওপৰত ) গোটেই শাৰীক বহিৰলৈ আদেশ দিব। ( ১ আৰু ২নং খিনি যোৰে যোৰে এমুখীয়া হ’ব আৰু ৩ আৰু ৪নং খিনি আন মুখীয়া হ’ব )। এটা ল’ৰা বাঘ হ’ব, এটা গৰু হ’ব। বাঘে গৰুক খেদি ছুবলৈ চাব॥ বাঘে খেদোতে শাৰীৰ মাজেদি পাৰ হ’ব নোৱাৰে কিন্তু গৰুৱে পাৰিব। বাঘে ইমূৰে সিমূৰেহে ইফাল সিফাল হ’ব পাৰিব। কিন্তু বাঘৰ এটা সুবিধা এই যে শাৰীত বহি থকা প্ৰতিটোৱেই এটা জোপ লোৱা বাঘ। গতিকে গৰুক ঠেকত পেলাই “ধৰ’ বুলি টিকাত হেঁচি এটাক গৰু ধৰিবলৈ দিব লাগে আৰু আগৰ বাঘে সেই ঠাইত বহি পৰিব লাগে। ধৰা মাত্ৰকে বাঘ গৰু হ’ব আৰু গৰু বাঘ হৈ আকৌ খেদাখেদি
কৰিব। বাঘে খেদি ফুৰিলেই খেলটো ভাল নহয়। বুদ্ধি খটাই জোপ লোৱা বাঘৰ হতুৱাই গৰু ধৰাবলৈ চাৰ লাগে।
এইটো দলখেল কৰিও খেলাব পাৰি।
( ১৩ ) চিকোটা খেল :—
ল’ৰাবোৰে বৰ ঘন হৈ শাৰী পাতিব। প্ৰতি ল’ৰাটোৱে ভাৰ সোঁহাত খন তাৰ সোঁ ফালৰ ল’ৰাটোৰ পাছফালে টিকাত লগাই থব। ল’ৰাবোৰৰ সমুখত এটা ল’ৰা মুখা-মুখি হৈ থিয় হৈ বাঘ হ’ব। শিক্ষকে আৰম্ভ কৰিবলৈ ইঙ্গিত দিলেই বাওঁফালৰ মূৰৰ পৰা ল’ৰাবোৰে ইটোৱে সিটোক ক্ৰমান্বয়ে চিকোটি যাব — ১ম ল’ৰাই ২য়ক চিকোটিব, তাৰ পিছত ২য়ই ৩য়ক, ৩য়ই ৪ৰ্থক ইত্যাদি। চিকোটটো
গৈ গৈ যেতিয়া শেষৰ ল’ৰাটোত পৰিবগৈ, শেষৰ ল’ৰাটোৱে “ হ’ ” বুলি চিঞৰ মাৰি দিব। চিঞৰ শুনা মাত্ৰকে শাৰীৰ সকলো ল’ৰা আগলৈ লৰমাৰি শিক্ষকে অলপ নিলগত নিৰ্দ্ধাৰিত কৰি দিয়া সীমা পাৰ হ’বলৈ চাব। সীমা পাৰ হোৱাৰ আগতে যিমান পাৰে বাঘে ছুবলৈ চাব। যি বোৰক ছুই দিয়ে সেইবোৰ মৰা পৰে আৰু পাছৰ খেলত যোগ নিদিয়ে। যি শেষলৈকে থাকে তাৰ জয়।
এইটো দল খেলো কৰিব পাৰি। দুদলৰ এলে শাৰী পাতিব আৰু আনদলে এটা বাঘ পঠিয়াই দিব। তাৰ পিছত সিদলে শাৰী পাতিব আৰু ইদলে বাঘ দিব। কেইবাৰ প্ৰত্যেক দলে খেলিব শিক্ষকে ঠিক কৰি দিব। যি দলৰে বেছিকৈ মৰা পৰিব সেই দলৰে পৰাজয়।
( ১8 ) বাঘৰ ভয় :—
ল’ৰাবোৰে শাৰী পাতিব। শাৰীটোৰ ল’ৰাৰ মুখা-মুখিকৈ, চিকোটা খেলৰ দৰে, এটা বাঘ থাকিব। বাঘে ক’ব “বাঘ বাঘ”। শাৰীৰ ল’ৰাবোৰে ‘খালে ঔ খালেঔ” কৈ আগলৈ লৰ মাৰিব আৰু নিৰ্দ্ধাৰিত কৰি দিয়া সীমা পাৰ হ’ব। বাঘে যিমান পাৰে সীমা নৌ পাৰ হওঁতে ধৰিব। চিকোটা খেলৰ দৰে।
( ১৫ ) ধোদ :—
ঘাই ল’ৰা এটা খুটাৰ দৰে ঠিয় কৰি ৰাখিব। বাকী বোৰ ল’ৰাক নিলগলৈ পঠিয়াই দিব। ঘাই ল’ৰাটোৰ ওচৰত দুটা ল’ৰাক হাতত গাঁঠি দিয়া ৰুমাল দুখন দি চাবুকদাৰ কৰি ৰাখিব। শিক্ষকে ইঙ্গিত দিয়া মাত্ৰে নিলগত থকা ল’ৰাবোৰে লৰমাৰি আহি ঘাই
লৰাটোৰ পৰা আৰম্ভ কৰি কঁকালত ধৰা-ধৰিকৈ এডাল শিকলি কৰিব লাগে। অলপ পিছতে শিক্ষকে আকৌ দ্বিতীয় ইঙ্গিত দিব আৰু এই ইঙ্গিতত চাবুকদাৰ দুটাই যিবোৰে কঁকালত ধৰি শিকলি কৰিব পৰা নাই সেই বোৰৰ টিকাত কোবাব আৰু শিকলিৰ শেষত পৰা ল’ৰাটোক কোবাব। শেষত পৰা ল’ৰাটোৱে বেছি কোব খাব। সেই কাৰণে কোনো ল’ৰাই শিকলিৰ শেষত পৰিবলৈ নেচায়। ৩য় ইঙ্গিতত কোবোৱা বন্ধ হ’ব।
ৰুমালৰ গাঁঠি এনেকৈ দিব যাতে ল’ৰাই দুখ নাপায়।
( ১৬ ) দ’ত আৰু বাওনা :—
ল’ৰাবোৰক শাৰী পতাব। শাৰীটোৰ আধা এদল, অৰু বাকী আধা অন্যদল। শিক্ষকে "দৈত্য” বুলিলে হাত ওপৰলৈ মেলি শাৰীটো ভৰিৰ আঙুলিৰ ওপৰত বেঙা মেলি মেলি লাহে লাহে আগলৈ যাব আৰু “বাওনা” বুলিলে তাত হাত গৈ চাপৰি চাপৰি পাছলৈ যাব। বাওনা হৈ থাকোতে যদি ”বাওনা” বোলে,
আৰু কোনোবাই যদি দৈত্য হ’ব খোজে তেন্তে তেওঁ কটা পৰে। সেই দৰে দৈত্য হৈ থাকোতে ”দৈত্য” বোলাত যদি ভুল কৰে তেন্তে কটা পৰে। যি দলৰ বেচি কটা পৰে সেই দলৰে পৰাজয় হয়।
( ১৭ ) গালিপৰা খেল বা কোঢ়াল খেল :—
ল’ৰাবোৰ দুদল কৰি দুটা শাৰী কৰি মুখা-মুখি কৈ থিয় কৰায়। প্ৰথম ইঙ্গিতত দুইদল ল'ৰা পিঠি মুখীয়াকৈ ঘূৰি পিঠীয়া-পিঠি হ’ব আৰু দ্বিতীয় ইঙ্গিতত আকৌ মুখা-মুখি হ’ব আৰু আঁটি-মুটি কৰি কৰি গালিপৰাৰ দৰে, এসেকা দিয়াৰ ভঙ্গি
দেখুৱাই, কোঢ়াল বা চিঞৰ-বাখৰ কৰিব। ৩য় ইঙ্গিত দিয়া মাত্ৰকে তুৰন্তে হাই বন্ধ কৰি আকৌ ঘূৰি ভাল ল’ৰাৰ দৰে পিঠীয়া-পিঠি হ’ব। ৩য় ইঙ্গিত দিয়া মাত্ৰকে কিন্তু হাই বন্ধ কৰিব নোৱাৰিলে খেলটোৰ সৌন্দৰ্য্য নষ্ট হয়। এইদৰে কেবাবাৰো খেলাব।
(১৮) তেলৰ শাল :—
প্ৰায় দহোটামান ল’ৰা ঠেকাই বহি (কেন্দ্ৰলৈ ভৰি কৰি) মণ্ডল পাতিব। আঠু অলপ বেঁকা কৰি ৰাখিব। এটা ল’ৰা মাত্ৰ থিয় হ’ব পৰাকৈ কেন্দ্ৰত ঠাই ৰাখিব। কেন্দ্ৰৰ ল’ৰাটো ঠৰঙা হৈ বুকুত হাত সাবটি থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয় ইঙ্গিতত কেন্দ্ৰৰ ল’ৰাটো যেই সেই এফালে পৰি দিব আৰু মণ্ডলৰ বহি থকা ল’ৰাবোৰে হাত পাতি পৰিবলৈ নিদি ধৰিব আৰু লগে লগে ইটোৰ পৰা সিটোলৈ ঘূৰাই চলাই দিব। বহি থকা যিটো ল’ৰাই কেন্দ্ৰৰ ল’ৰাটো পেলাব , সেই ল’ৰা পিছৰ খেলত কেন্দ্ৰৰ ল’ৰা হ’ব আৰু কেন্দ্ৰৰ ল’ৰাটোৱে সেই খালী হোৱা ঠাই ল’ব।
(১৯) কুঁহিয়াৰৰ শাল বা চৰিয়া খেল :—
ল’ৰাবোৰক ৮ কৈ নম্বৰ কৰাব। ১, ২, ৩, আৰু ৪ নং ল’ৰাই যোগ চিনটোৰ দৰে কেন্দ্ৰলৈ ভৰি ফিট্ফিটীয়াকৈ মেলি ভৰিয়ে ভৰিয়ে লগাই বহিব। ৫, ৬, ৭, আৰু ৮নং ল’ৰাই বহি থকা ল’ৰা চাৰিটাৰ মাজে মাজে ফাঁক থকা ঠাইত থিয় হ’ব আৰু বহি থকা ল’ৰাখিনিৰ হাতে হাতে বা বাহুৱে
বাহুৱে ধৰি এটা চৰিয়াৰ নিচিনা কৰিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বহা ল’ৰাখিনিয়ে টিকা মাটিৰ পৰা তুলি ঠৰঙা হৈ দিব আৰু থিয় হোৱা ল’ৰাখিনিয়ে লাহে লাহে ঘূৰাই দিব। চৰিয়াটো ঘূৰাওঁতে যাৰে নেভাগে আৰু বেচি ভাল হয় সেইদলেই জিকে।
(২০) বন্দুক মৰা :—
খেলটোৰ কাৰণে যেই সেই এটা বল, বা ফটাকাকতৰ বা ফটাকামিজৰ টোপোলা লাগে।
ল’ৰাবোৰক ক্ৰমিক নম্বৰ কৰাই মাটিত আঁচ টানি কৰা সৰু মণ্ডল এটাৰ চাৰিউফালে ঠেকাঠেকি কৈ গোটাব। ল’ৰাবোৰ এটাই বলটো লৈ কোনোবা এটা নম্বৰ কৈ মণ্ডলটোত পেলাই দিব। পেলোৱা মাত্ৰকে ল’ৰাবোৰ লৰ মাৰিব, কিন্তু সেই নম্বৰৰ ল’ৰাটোৱে তুৰন্তে বলটো দাঙি ধৰি ”হুঃ” বুলি চিঞৰ মাৰি দিব আৰু চিঞৰ মৰা মাত্ৰকে সকলো ল’ৰা যিয়ে যি ঠাই পাইছে গৈ তাতে থৰ লাগিব। এতিয়া বল দাঙি ধৰা ল’ৰাটোৱে যাকে পাৰে বলটো দলিয়াই লগাবলৈ চাব। যাৰ গাত বলটো লাগিব সি আকৌ অন্য এটাক লগাবলৈ চাব। এইদৰে যেতিয়া যিটোৱে লগাব নোৱাৰিব সি এবাৰ গেলে; আৰু সেই গেলাটোৱে বলটো আনি, ল’ৰাবোৰক আকৌ ওচৰ চপাই, কোনোবা এটা নম্বৰ কৈ মণ্ডলটোত পেলাই দি আকৌ খেলটো আৰম্ভ কৰিব। যিটো ল’ৰা তিনিবাৰ গেলিব তাক নি এখন বেৰ বা গছ এজোপাত ধৰাই থিয় কৰাব আৰু ২০ ফুট মান আঁতৰৰ পৰা বাকীবোৰ
ল’ৰাৰ প্ৰত্যেকেই এবাৰ এবাৰ তাৰ টিকালৈ বল দলিয়াই যদি পাৰে লগাব।
(২১) বাঘ আৰু গঁৰালৰ পহু :—
ল’ৰাবোৰক চাৰিকৈ নম্বৰ কৰাব। ১ নংৰ বাওঁফালে ২ নং, ২ নং বাওঁফালে ৩ নং আৰু ৩ নং ৰ বাওঁফালে ৪ নং থাকি চাৰি শাৰী হৈ হাত ধৰা-ধৰি কৰি বাওঁফালে আঁতৰি যাব। যি ফালে মুখ কৰিয়েই থিয় হক ল’ৰাবোৰে হাত ধৰা-ধৰি, কৰিব পৰা কৰি সুহুৰি বজাই কেউফালে ঘূৰাই শাৰীবোৰ ঠিক কৰি ল’ব। এটা ল’ৰা বাঘ আৰু এটা ল’ৰা পহু কৰি ৰাখিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বাঘে পহুক খেদিৰ। পহুৱে পটিয়ে পটিয়ে হে লৰিব পাৰিব আৰু বাঘেও পটিয়ে পটিয়েহে খেদিব পাৰিব। পটি ভাঙি, অৰ্থাৎ ল'ৰাবোৰৰ ধৰা-ধৰি কৰা হাত ছিঙি, বাঘ আৰু পহু লৰিব নোৱাৰে। খেদা-খেদি কৰোতে শিক্ষকে মাজে মাজে সুহুৰি বজাব আৰু প্ৰত্যেকটো ল’ৰাই সোঁফালে ঘূৰি আকৌ হাত ধৰা-ধৰি কৰিব অৰ্থাৎ সুহুৰিয়ে প্ৰতি বেলেগ বেলেগ পটি হ’ব। বাঘে পহুক ছুব পাৰিলে, বাঘ আৰু পহুৱে অন্যবোৰৰ লগত হাত ধৰিব আৰু অন্য দুটা ল’ৰা বাঘ আৰু পহু হ’ব।
(২২) সুৰঙ্গ বল :—
৮ বা ১০ জনমান কৈ একোটাহঁত দল হ’ব। দল দুটা বা ততোধিক হ’ৰ। মাটিত এটা আঁচ টানিব আৰু সেই আঁচৰ পাছত দলবোৰ ইটোৱে সিটোৰ সমান্তৰাল হৈ থিয়
হ’ব; দলবোৰৰ ল’ৰাবোৰ ইটোৰ পাছত সিটো হৈ আঁচৰ ফালে মুখ কৰি থিয় হ’ব। প্ৰত্যেক দলৰে সন্মুখলৈ কেই ফুটমান আঁতৰত একোটাহঁত খুটি পুতি দিব, বা খুটি হিচাপে এটা এটা ল’ৰা থিয় কৰাই থ’ব। দলৰ ল’ৰাবোৰে দুয়োকাষে ভৰি মেলি একোটাহঁত সুৰঙ্গ কৰিব।
আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটোৱে বলটো লৈ নিজ খুটিলৈ লৰ মাৰি, খুটিটোৱেদি ঘূৰি পুনৰ নিজৰ ঠাইলৈ আজি, খুটি-মুখীয়া হৈ থিয় হৈ সুৰঙ্গটোৱেদি বলটো পাছলৈ বগৰাই মাৰি দিব। একেবাৰে শেষৰ ল’ৰাটোৱে বলটো ধৰিবলৈ বহি লৈ জুমি থাকিব। শেষৰ ল’ৰাটোৱে বলটো ধৰি লৈ খুটিলৈ লৰি, খুটিয়েদি ঘূৰি আহি আঁচটো পাৰ হৈ শাৰীৰ মূৰত থিয় হৈ বলটো আকৌ মাৰি পঠিয়াব। এইদৰে ক্ৰমান্বয়ে ২য় লৰাটো যেতিয়া শেষ পাবগৈ বল লৈ খুটিয়েদি ঘূৰি আঁচ পাৰ হৈ ‘হুৰে' কৈ চিঞৰি দিলেই খেল শেষ হয়। যি দলৰে প্ৰথমতে শেষ হয় সেইদলেই জিকে।
খুটি নৰখাকৈয়ে খেলটো খেলিব পাৰি। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটোৱে বলটো সুৰঙ্গইদি বগৰাই দিব। শেষৰটোৱে বল লৈ লৰ মাৰি আহি শাৰীৰ মূৰত থিয় হৈ আকৌ সেইদৰেই বগৰাই দিব। এইদৰে ক্ৰমান্বয়ে ১ম ল’ৰাটো শেষত পৰি বল লৈ লৰমাৰি ”হুৰে” কৰি দিলেই খেল শেষ হয়।
বলৰ অভাৱত ফটাকানিৰ বা ফটা কাকতৰ ঢোপ, ৰুমাল বা স্কেল একোদাল লৈয়ে খেলিব পাৰি। ৰুমাল বা স্কেলেৰে খেলিলে বগৰাই নিদি হাতে হাতে চলাই দিব।
বি:দ্ৰ: - কাৰোবাৰ ভৰিত বল লাগি ৰ’লে হাতেৰে পাছলৈ মাৰি দিব। সুৰঙ্গটোৰ কেনিবা বলটো ওলাই গ’লে বল আনি সেই ফালেদিয়েই সুমুৱাই পুনৰ মাৰি দিব।
(২৩) শত্ৰু-জয় :—
ল’ৰাবোৰৰ দল দুটা কৰিব। এদল মণ্ডল কৰিব আৰু সিদল মণ্ডলৰ ভিতৰত সোমাব। মণ্ডলটো আঁচ মাৰি মাটিতো কৰি ল’ব। মণ্ডলৰ আঁচত চাৰিওফালে থিয়হৈ থকা দলটোৱে ভিতৰত থকা দলটো টিকাত বল দলিয়াই দলিয়াই বাহিৰলৈ উলিয়াব লাগে। যি দলেই কম সময়ৰ ভিতৰত উলিয়াব সেই দলৰে জয় হ’ব বা এটা নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত যি দলবে বেচি ওলাব সেই দলৰে পৰাজয় হ’ব।
ইয়াক গুটীয়া খেল হিচাপেও খেলিব পাৰি। এটা বা দুটা ল’ৰা আঁচ মাৰি কৰা মণ্ডলৰ বাহিৰত ৰাখিব। বাকী সকলো ল’ৰা ভিতৰত ৰাখিব। বাহিৰৰ ল’ৰাকেটাই বল দলিয়াবলৈ আৰম্ভ কৰিব। ভিতৰত যাৰে গাত লাগে তুৰন্তে ওলাই আহি বল দলিওৱা কাৰ্য্যত যোগদান দিব। শেষলৈকে যি থাকিব পাৰে সি ৰজা হ’ব।
বি: দ্ৰ: —বাহিৰৰ ল’ৰাই আঁচৰ ভিতৰৰ পৰা বল মাৰিব নোৱাৰে আৰু ভিতৰৰ ল’ৰাই ৰক্ষা পাবলৈ লৰ মাৰোতে আঁচৰ বাহিৰত ভৰি পৰিলেই এনেয়ে বাহিৰ হ’ব। ভিতৰত বলটো ৰৈ থাকিলে বাহিৰৰ ল’ৰাই বল আনি আঁচৰ বাহিৰৰ পৰা মাৰিব। বলটো দলিয়াওঁতে এবাৰতে যদি দুজন বা ততোধিক মানুহত লাগে প্ৰথমতে লগা মানুহজনহে বাহিৰ হ'ব, বাকীবোৰ নহয়। বলটো
পোনে পোনে লাগিব লাগে; মাটিত লাগি কাৰবাৰ গাত লাগিলে তেওঁ বাহিৰ নহয়।
(২৪) কাঙ্গাৰু বল:—
২২ নম্বৰ সুৰঙ্গ বল খেলত ব্যবস্থা কৰাৰ দৰে ল’ৰাবোৰ দল হৈ ঠিয় হ’ব।
আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত আঠ দুটাৰে বলটো চেপি ধৰি লৈ ১ম ল’ৰাটো জপিয়াই জপিয়াই খুটিলৈ গৈ, খুটিয়েদি ঘূৰি নিজৰ ঠাইলৈ আহি বলটো দ্বিতীয়ক দিব। এই দৰে ক্ৰমান্বয়ে যাৰ শেষৰ ল’ৰাই প্ৰথমতে শেষ কৰিব সেই দলৰ জয় হ’ব।
বিঃ দ্ৰঃ—যিটো ল’ৰাৰ কাৰ্য্য শেষ হয় দলৰ পৰা ওলাই আঁতৰত থাকিলে ভাল হয়।
(২৫) দলাৰ বগৰি:—
২২ নম্বৰ সুৰঙ্গ বল খেলত ব্যবস্থা দিয়াৰ দৰে ল’ৰাবোৰে দল হৈ ঠিয় ৰ’ব।
আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাই আঁচটোৰ পৰা বলটো বগৰাই নি খুটিয়েদি ঘূৰি আহি আঁচ পাৰ কৰি ২য়ক দিব। এই দৰে ক্ৰমান্বয়ে যি দলেই প্ৰথমে শেষ কৰিব সেই দলৰে জয় হ’ব।
বিঃ দ্ৰঃ—যিটো ল’ৰাৰ কাৰ্য্য শেষ হয় দলৰ পৰা ওলাই আঁতৰত থাকিলে ভাল হয়।
(২৬) বৃত্তত বল ঘুৰুৱা:—
ল’ৰাবোৰে ডাঙৰকৈ এটা বৃত্ত (মণ্ডল) কৰিব। (হাত ধৰি ধৰি কৰি মণ্ডলটো কৰিবলৈ কৈ পিঠি মুখীয়াকৈ ঘুৰাই ৪ খোজমান
নিজ নিজ সন্মুখলৈ যাবলৈ আদেশ দিলে মণ্ডলটো ডাঙৰ হ’ব। ) ল’ৰাবোৰক এতিয়া দুই কৈ নম্বৰ কৰাব। ১নং খিনি এটা দল আৰু ২নং খিনি এটা দল। ১নংৰ এটা কেপ্টেন হ’ব আৰু ২নংৰ এটা হ’ব। কেপ্টেনৰ হাতত একোটা বল বা ঢোপ দিব। কিমান বাৰ বল ঘূৰাব লাগিব সংখ্যা নিৰ্দ্ধাৰিত কৰি দিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত কেপ্টেনে আৰম্ভ কৰিব। ১ নংৰে এফালৰ পৰা ক্ৰমান্বয়ে ১নংৰ বোৰলৈ বল দি দি যাব। আৰু ২নংৰে ২নং বোৰলৈ দি দি যাব। বলটো ঘূৰি আহি কেপ্টে’নৰ হাতত পৰিলেহি এবাৰ হয়। শিক্ষকে যিমানবাৰ ঘূৰাব লাগে বুলি নিৰ্দ্ধাৰিত কৰি দিব সিমান বাৰ যিদলে শেষ কৰিব সেইদলৰে জয় হয়।
বিঃ দ্ৰঃ – দুইদলে বল একেফালে ঘূৰাব।
(২৭) বল দিয়া আৰু বহা:—
২২ নংৰ সুৰঙ্গ বলত দিয়া ব্যৱস্থাৰে দলবোৰ থিয় হ’ব।
দলবোৰৰ একোজন কেপ্টে’ন হৈ কেইখোজমান আঁতৰত নিজ নিজ দলৰ সন্মুখত আৰু সেইফালে মুখ কৰি থিয় হব। বল কেইবাৰ দলিয়াব লাগিৰ শিক্ষকে নিৰ্দ্ধাৰিত কৰি দিব।
আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত কেপ্টে'নে বল দলিওৱা আৰম্ভ কৰিব। শিক্ষকে যেনিবা ৪ বাৰ নিৰ্দ্ধাৰিত কৰিছে। কেপ্টেনে ১ম লৰাটোলৈ বল দলিয়াব, ১ম লৰাটোৱে ধৰি ঘূৰাই কেপ্টে’নলৈ দলিয়াব; কেপ্টে’নে আকৌ ঘূৰাই দলিয়াব। এইদৰে যেতিয়া ১ম লৰাটোৰ ৪ বাৰ দলিওৱা হ’ব সি সেই ঠাইতে ততালিকে বহি পৰিব আৰু কেপ্টে’নে ২য়টোলৈ দলিয়াব।
এইদৰে ক্ৰমান্বয়ে শেষৰ লৰাটোৱে ৪বাৰ দলিওৱাৰ পিছত কেপ্টেনৰ হাতত বলটো পৰিলে কেপ্টেনে “হুৰে ” বুলি চিঞৰ মাৰি দিব আৰু খেল শেষ হ’ব। যি দলৰে প্ৰথমতে শেষ হয় সেই দলৰে জয়।
(২৮) তোৰণ বল:—
২২ নং খেল সুৰঙ্গ বলত দিয়া ব্যৱস্থাৰে লৰাবোৰক থিয় কৰাব।
আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটোৱে বলটো মূৰৰ ওপৰে ২য় টোলৈ দিব, ২য় ল’ৰাই ৩য় লৈ দিব, এইদৰে ক্ৰমান্বয়ে শেষ পালেগৈ শেষৰ ল’ৰাটোৱে বলটো লৈ খুটিলৈ লৰ মাৰি খুটিয়েদি ঘূৰি আহি শাৰীৰ মূৰত আঁচ পাৰ হৈ খুটিমুখীয়া হৈ মূৰৰ ওপৰে আকৌ বল চলাই দিব। এইদৰে আদিৰ ১ম ল’ৰাটো শেষ পাবগৈ আৰু শেষত বলটো লৈ খুটিলৈ আহি ঘূৰি গৈ তাৰ আগৰ ঠাই (আঁচ পাৰ হৈ) পোৱা মাত্ৰকে ”হুৰে” কৈ চিঞৰি দিলেই খেল শেষ হয়। যি দলে প্ৰথমে শেষ কৰে সেই দলৰে জয় হয়।
বলৰ অভাৱত লাঠীৰে, স্কেলেৰে, ঢোপেৰে বা ৰুমালেৰে খেলাব পাৰিব।
(২৯) তোৰণ–সুৰঙ্গ বল:—
এইটো তোৰণ আৰু সুৰঙ্গ দুয়োটা খেলৰে সংযোগ। ১ম ল’ৰাই মূৰৰ ওপৰে ২য় ল’ৰাই ভৰিৰ তলে, ৩য় ল’ৰাই আকৌ মূৰৰ ওপৰে, ৪ৰ্থই ভৰিৰ তলে ইত্যাদি ভাৱে বল চলাব। বল
একেলগে দুবাৰ মূৰৰ ওপৰে বা দুবাৰ ভৰিৰ তলে যাব নোৱাৰে। ওপৰ তল; ওপৰ তল।
(৩০) মূৰৰ ওপৰে জপিয়াই নিয়া বল:—
ল’ৰা থিয় হোৱাৰ ব্যৱস্থা সুৰঙ্গ বলত দিয়াৰ দৰে। সুৰঙ্গ বলৰ দৰে ১ম ল’ৰাটোৱে ভৰিৰ তলেদি বলটো বগৰাই দিব; বলটো নিজৰ ভৰি পাৰ হৈ যোৱা মাত্ৰকে প্ৰত্যেক ল’ৰাটোৱে বহি পৰিব, শেষৰ লৰাটোৱে জুমি থাকি বলটো ধৰিব আৰু বল লৈ, ফেৰেকাকৈ ল’ৰাবোৰৰ ওপৰেদি জপিয়াই খুটিলৈ গৈ ঘূৰি আহি আঁচ পাৰ হৈ শাৰীৰ মূৰত থিয় হৈ সুৰঙ্গইদি বল মাৰিব। এইদৰে ক্ৰমান্বয়ে ১ম ল’ৰাটো আকৌ ঘূৰি আহি যেতিয়া নিজৰ ঠাই পাব তেতিয়া খেল শেষ হ’ব।
(৩১) লাঠী জপিওৱা খেল:-
সুৰঙ্গ বল খেলত থিয় হবলৈ দিয়া ব্যৱস্থাৰে দুদল বা ততোধিক দল থিয় হ’ব।
প্ৰতিদলে ৪ ফুটীয়া এডাল লাঠী ল’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম লৰাটো লাঠী লৈ খুটিলৈ লৰমাৰি খুটিয়েদি ঘূৰি আহি নিজৰ ঠাই পাই লাঠী এডালৰ এটা আগত ধৰি ইটো আগ দ্বিতীয় ল’ৰাটোক দিব আৰু দুয়োটাই দুফালে ধৰি লাঠী ডালৰ ওপৰেদি প্ৰতিটো ল’ৰাৰ হতুৱাই জাপ মৰাই মৰাই, মাটিত লগাওঁ-নলগাওঁকৈ পাছলৈ নিব, আৰু শেষৰ ল’ৰাটোৱে জাপমাৰি শেষ কৰা মাত্ৰকে ১ম ল’ৰাটোৱে লাঠীৰ আগটো এৰি শাৰীৰ শেষত থাকি যাব আৰু ইটো আগত ধৰি থকা ২য়
ল’ৰাটোৱে লৰমাৰি খুটিলৈ গৈ, আকৌ ঘূৰি আহি ৩য় ল’ৰাটোৰ হতুৱাই ইটো আগ ধৰাই আগৰ দৰে শেষলৈ যাব। এইদৰে শেষৰ ল’ৰাটো আহি আহি শাৰীৰ মূৰ পাবহি আৰু লাঠী লৈ খুটিলৈ গৈ ঘূৰি আহি আঁচ পাৰহৈ ”হুৰে" কৰি দিলেই খেল শেষ হয়। যিদলে আগতে শেষ কৰে সেইদলেই জিকে।
(৩২) নাও খেল:—
খেলটোত দলবোৰ থিয় হোৱাৰ ব্যৱস্থা সুৰঙ্গ বলত থিয় হোৱাৰ দৰে।
প্ৰত্যেক দলে একোডাল দীঘল বাঁহ লব আৰু ঘোঁৰা উঠাৰ দৰে গোটেই দলটো বাঁহ ডাল ভৰি দুটাৰ মাজে মাজে সৰকাইলৈ, বাঁহ ডাল ধৰি থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বাঁহ ডালত উঠি ধৰি থকা গোটেই দলটো খুটিলৈ লৰমাৰি বা জপিয়াই গৈ, খুটিয়েদি ঘূৰি আহি দলটো আঁচ পাৰ হলেই খেল শেষ হয়। যি দলৰে প্ৰথমে শেষ হয় সেইদলৰে জয়।
(৩৩) কেৰেলুৱা খেল:—
সুৰঙ্গ বলত থিয় হোৱাৰ দৰে কঁকালত ধৰা-ধৰি কৰি (শিকলি এডালৰ দৰে) দলবোৰ থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত দলবোৰ খুঁটিলৈ লৰ মাৰিব আৰু শিকলিডাল নিছিঙাকৈ ঘূৰি আহি যি দলেই প্ৰথমে আঁচ পাৰ হ’ব সেই দলৰে জয় হ’ব।
এই খেলটোকে লৰ মাৰোঁতে হিচ্ হিচ্ শব্দ কৰি খেলিলে ”ৰেল গাড়ী” খেল হ’ব।
(৩৪) প্ৰতিঘাত লৰ:—
দলবোৰ থিয় হোৱাৰ ব্যৱস্থা সুৰঙ্গ বলত দিয়াৰ দৰে।
এটা দলৰ কাৰণে কেবাটাও খুটি দিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটো খুটি বোৰেদি কেঁকোৰা-কেঁকুৰি কৈ গৈ, আকৌ কেঁকোৰা-কেঁকুৰিকৈ ঘূৰি আহি আঁচ পাৰ হবহি, আৰু ততালিকে সেইদৰে ২য়টো যাব, তাৰ পিছত ৩য়, ৪ৰ্থ ইত্যাদি। যিদলৰে শেষ ল’ৰাটোৱে প্ৰথমে শেষ কৰিব সেইদলৰে জয় হ’ব।
নানা ধৰণৰ বাধা বা প্ৰতিঘাত দি এই খেল খেলাব পাৰিব।
(৩৫) মানুহ কঢ়িওৱা খেল:–
দলবোৰ থিয় হোৱাৰ ব্যৱস্থা সুৰঙ্গ বলত দিয়াৰ দৰে।
আৰম্ভ কৰিবলৈ দিয়াৰ ইঙ্গিতত ১ম ল’ৰাটোৱে ২য় টোক বোকোচাত লৈ বা পিঠীয়া-পিঠিকৈ লৈ খুটিলৈ গৈ বোকোচাৰ পৰা ২য়ক নমাব; ১ম ল’ৰাটো খুটিৰ ওচৰতে থাকি যাব, আৰু নমাই দিয়া মাত্ৰকে ২য়টো লৰি আহি ৩য়ক নিবহি, ৩য়ই আহি ৪ৰ্থক নিবহি; এইদৰে যি দলেই প্ৰথমতে শেষ কৰিব সেইদলেই জিকিব।
(৩৬) ঘোঁৰা-ধৰা:—
ল’ৰাবোৰে এটা মণ্ডল পাতিব। দুইকৈ নম্বৰ কৰাব। ২নংবোৰ এখোজ পাছলৈ আৰু এখোজ বাওঁ কাষলৈ গৈ ১নংৰ পাছে পাছে থিয় হ’ব। এইদৰে দুটা মণ্ডল হ’ব; এটা ভিতৰৰ আৰু এটা বাহিৰৰ। ভিতৰৰ দল অৰ্থাৎ ১ নংৰে দল হ’ল ঘোঁৰা,
আৰু বাহিৰৰ অৰ্থাৎ ২ নংৰ দল হ’ল চোৱাৰী। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত চোৱাৰীবোৰ ঘোঁৰাৰ মণ্ডলটোৰ বাহিৰে (ওচৰে ওচৰে) লৰি ঘূৰি ফুৰিব। ঘূৰি ফুৰোঁতে ঘোঁৰা এটা কাটি আঁতৰাই বহুৱাই থ’ব আৰু ২য় ইঙ্গিত দিব; ২য় ইঙ্গিত দিয়া মাত্ৰে চোৱাৰীবোৰে য’তে যাকে পায় একোটাহঁত ঘোঁৰা ধৰি থিয় হ’ব। কোনোবা এটা চোৱাৰী ঘোঁৰা নোপোৱাকৈ বাকী থাকিব আৰু তেতিয়া সেই চোৱাৰী কটা পৰিব আৰু ওলাই আঁতৰত বহি থাকিবগৈ। আকৌ খেল আৰম্ভ হ’ব আৰু ক্ৰমান্বয়ে ঘোঁৰা আৰু চোৱাৰী কাটি কাটি গৈ থাকিব। যি চোৱাৰীয়েই শেষলৈকে থাকিবগৈ সেই চোৱাৰীয়েই ৰজা হ’ব, আৰু বাকীবোৰে বেৰি ধৰি যেই কোনো ধৰণেৰে এটা অভিনন্দন দিব।
(৩৭) ৰথ-খেল:—
এই খেলটো ৩ কি ৪ টাকৈ কঁকালত ধৰা-ধৰি কৰি, খুটিৰ ফালে পথালি ভাবে শাৰী পাতি অৰ্থাৎ ১ নংৰ কাষত ২ নং, ২ নংৰ কাষত ৩ নং আৰু ৩ নংৰ কাষত ৪ নং থিয়হৈ খেলিব। এটা দলৰে কেবাটাও সৰু সৰু দল হ’ব পাৰে। একোদলত ল’ৰাৰ সংখ্যা যেনিবা ১৬ টা। এটা দলৰে ৪ টা সৰু সৰু দল হ’ব আৰু ৪ টাকৈ কঁকালত ধৰা-ধৰি কৰি ইটো সৰু দলৰ পাছত সিটো সৰুদল থাকি থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰত্যেক দলৰে ১ম সৰু-দল নিজ নিজ খুঁটিলৈ লৰি গৈ, খুটিয়েদি ঘূৰি আহি আঁচ পাৰ হ’ব আৰু ততালিকে ২য় সৰুদল যাব। এইদৰে যাৰে প্ৰথমতে শেষ হ’ব সেইদলৰে জয় হ’ব।
এই খেলটোকে অন্য এক ধৰণেৰেও খেলিব পাৰি; আটাইতকৈ সৰু ল’ৰাক কিন্তু এই ধৰণেৰে দিয়া উচিত নহয়। তিনটা ল’ৰা কান্ধত ধৰা-ধৰি কৰি থিয় হ’ব (পথালি ভাবে)। মাজৰ ল’ৰাটোৰ কঁকালৰ ওচৰত দুয়োফালে মূৰ গুজি দুটা ল’ৰা আগলৈ বেঁকাহৈ, যেনেকৈ সুবিধা হয়। বাকী তিনটাৰ কঁকালত ধৰা ধৰি কৰি, থিয় হ’ব। এডাল ৰচী আনি ( প্ৰথম তিনটা ল’ৰাৰ ) কাষৰ ল’ৰা দুটাৰ দুয়ো কাষৰ বাহুত ৰচী আগ দুটা বান্ধি লেগামৰ নিচিনা কৰিব। এটা পাতল ল’ৰা বিচাৰি উলিয়াব , আৰু সেই পাতল ল’ৰাটো বেঁকাহৈ থকা ল’ৰা দুটাৰ দুটা পিঠিত দুটা ভৰি দি থিয় হ’ব। এয়ে হ’ল এখন ৰথ। এইদৰে দুখন বা ততোধিক ৰথ কৰিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ৰথ কিখন নিজ নিজ খুটিলৈ গৈ ঘূৰি আহি পুনৰ নিজ স্থান যি ৰথে পাব সেই ৰথ জিকিব।
(৩৮) ভেকুলী জাপৰ খেল:—
সুৰঙ্গ বল খেলত থিয় হোৱাৰ দৰে দলবোৰ থিয় হ’ব, কিন্তু প্ৰতিটো ল’ৰা ইটো সিটোৰ পৰা অন্ততঃ ৫ ফুট আঁতৰ হ’ব লাগিব। প্ৰতি দলৰ আগত একোটাহঁত খুটি ৰাখিব।
আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত শেষৰটোৰ বাহিৰে সকলো ল’ৰাই আঠুত হাত থৈ বা ভৰিৰ গাঁঠিত ধৰি আগলৈ বেঁকা হ’ব। শেষৰটো ল’ৰাই তাৰ আগলৈ থকা ল’ৰাবোৰৰ ওপৰে ওপৰে জপিয়াই খুটিলৈ গৈ, সাধাৰণ ভাৱে লৰি ঘূৰি নিজ ঠাই পাই তাৰ আগৰ ল’ৰাটোক টিকাত চাপৰিয়াই নিজ ঠাইত বেঁকা হৈ থাকি যাব, আৰু চাপৰ খায়েই শেষৰ পৰা ২য় ল’ৰাটো
তুৰন্তে ১ম টোৰ দৰে জপিয়াবলৈ আৰম্ভ কৰি আৰু ঘূৰি আহি শাৰীৰ শেষ পাই শেষৰ ল’ৰাটোৰ ওপৰেও জাপমাৰি নিজৰ ঠাই পাই নিজৰ আগৰ ল’ৰাটোক চাপৰিয়াই নিজ ঠাইত থাকি যাব। এইদৰে ৩য় টো গৈ ঘূৰি আহি (শেষৰ পৰা) ১ম আৰু ২য় টোৰ ওপৰেও জাপ মাৰি ৪ ৰ্থক চাপৰিয়াব। এইদৰে যি দলৰে সকলো ল’ৰাৰ জাপ মৰা আৰু লৰমৰা শেষ হ’ব সেইদলৰে জয় হ’ব।
এইটো খেল মণ্ডল পাতিও খেলিব পাৰি। মণ্ডলটোৰ আধা এদল আৰু ইটো আধা আন দল। মণ্ডলটোৰ ল’ৰাবোৰে সোঁফালে কি বাওঁফালে (কিন্তু সকলোৱেই একে ফালে) থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰত্যেক দলৰে শেষৰ ল’ৰাই জপিয়াবলৈ আৰম্ভ কৰিব আৰু গোটেই মণ্ডলটো জপিয়াই ঘূৰি আহি নিজ ঠাই পাই আগৰটোক হেচুকি দি নিজ ঠাইত বেঁকা হৈ থাকি যাব। যি দলৰে প্ৰথমে শেষ হয় সেইদলেই জিকে।
(৩৯) এঠেঙীয়া খেল:—
সুৰঙ্গ বল খেলত থিয় হোৱাৰ দৰে ল’ৰাবোৰ থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটো এঠেঙেৰে জপিয়াই জপিয়াই খুটিলৈ গৈ সেইদৰেই আকৌ ঘূৰি আহি নিজা ঠাই পাবহি আৰু পোৱা মাত্ৰকে ২য় ল’ৰা যাব। তাৰপিছত ৩য় ইত্যাদি। যি দলৰে প্ৰথমে শেষ হয় সেইদলৰে জয়। (জপিয়াই শেষ কৰা মাত্ৰে প্ৰত্যেক ল’ৰাই শাৰী এৰি আঁতৰত থাকিলে সুবিধা হয়)।
(৪০) কাছ-কাউৰী :—
দুটা দল মুখা-মুখি কৰি থিয় হ’ব; দুয়োদলৰ মাজত ৪ ফুট মান ফাঁক থাকিব। এটা দল হ’ব কাছ আৰু আনটো হ’ব কাউৰী। লৰিব লগা দুফালে দুটা সীমা নিৰ্দ্ধাৰিত কৰি দিব। শিক্ষকে ”কাছ” বুলি চিঞৰিলে কাছ বোৰ লৰ মাৰিব আৰু কাউৰীয়ে খেদি যিমান পাৰে সিমান নিৰ্দ্ধাৰিত কৰি দিয়া সীমাৰ ভিতৰত ছুবলৈ যাব। সীমা পাৰ হ’লেই ৰক্ষা পৰে। যিবোৰ ধৰাপৰে সেইবোৰ পাছৰ খেলত যোগ দিব নোৱাৰে; গেলে। শিক্ষকে যদি ”কাউৰী” চিঞৰে কাউৰীবোৰ লৰ মাৰিব আৰু কাছই খেদিব। এইদৰে কেইবাবাৰে খেলাৰ পিছত যিদলৰে বেচিকৈ গেলে সেইদলৰে পৰাজয় হয়।
(8১) মাকো খেল :—
দুটা দল হ’ব। প্ৰত্যেক দলটোৰ দুটা আধা হৈ এক আধা এফালে আৰু এক আধা এফালে মুখা-মুখি কৈ দূৰ-দূৰে থিয় হ’ব। ইটোৰ পিছত সিটো থাকি থিয় হ’ব। প্ৰতিদলত যেনিবা আঠোটা ল’ৰা। তলত দিয়াৰ দৰে থিয় হ’ব –
১ম দল— ৪, ৩, ২, ১, ১, ২, ৩, ৪,
২য় দল– ৪, ৩, ২, ১, ১, ২, ৩, ৪,
আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰতিদলৰে বাও ফালৰ ১ নংৰে লৰি গৈ সোঁ ফালৰ ১ নংৰক কামাল এখন দিব। ৰুমাল পায়েই সোঁ ফালৰ ১ নংৰে আহি বাওঁ ফালৰ ২ নংৰক দিব; ২ নংৰে গৈ সোঁ ফালৰ ২ নংৰক দিব ইত্যাদি। সোঁ ফালৰ
৪ নং গৈ বাওঁ ফালে আঁচ পাৰ হলেই খেল শেষ হয়। যি দলৰে প্ৰথমে শেষ হয় সেইদলেই জিকে।
ৰুমাল নোপোৱাকৈ কোনেও নিজ নিজ দলৰ আৰম্ভণী সীমাৰ আঁচ পাৰ নহ’ব।
(৪২) ম'হ যুজ:—
দুটা দল হ’ব। হাত আৰু। আঠু মাটিত থৈ, চাৰিঠেঙীয়া জন্তুৰ নিচিনা হৈ মুখা-মুখিকৈ দল দুটাই ঠাই ল’ব। দুটা আঁচ মাৰি সীমা নিৰ্দ্ধাৰিত কৰি দিব। এদলৰ এটা আৰু সিদলৰ এটা হৈ কান্ধে-কান্ধে লগাই যোৰ পাতি এযোৰ এযোৰ হ’ব। নিৰ্দ্ধাৰিত কৰি দিয়াৰ সময়ৰ ভিতৰত ঠেলা-ঠেলি কৰি যিদলেই আন দলৰ বেচি মানুহ পাৰ কৰিব পাৰে সেইদলৰে জয় হয়।
⸻⸻⸻⸻⸻⸻
১ ২ ৩ ৪ ৫ ৬ ৭ ৮
১ ২ ৩ ৪ ৫ ৬ ৭ ৮
⸻⸻⸻⸻⸻⸻
একে একে এযোৰ, দুয়ে এযোৰ, ইত্যাদি।
(৪৩) কেকোৰা খেল:—
সুৰঙ্গ খেলত দিয়া ব্যৱস্থাৰে দলবোৰ থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাই চাৰিঠেঙীয়া হৈ ওলোটা মুখীয়াকৈ (হুহঁকি যোৱাৰ দৰে) খুঁটিলৈ যাব; খুঁটি পাৰহৈ থিয়
১ নং চিত্ৰ
হ’ব, আৰু সাধাৰণ ভাৱে লৰি আহি আঁচ পাৰ হ’ব; আঁচ পাৰ হোৱা মাত্ৰে দ্বিতীয় যাব। এইদৰে যিদলেই প্ৰথমে শেষ কৰে সেইদলৰে জয় হয়।
(8৪) তলে-ওপৰে যোৱা খেল:—
এইটো ৩৮ নং খেলৰ দৰে মণ্ডল পাতি বা শাৰীত খেলিব। এটাৰ মূৰৰ ওপৰে জপিয়াই তাৰ পিছত ভৰিৰ তলে লে-বাই বা বগুৱা বাই, তাৰ পিছত মূৰৰ ওপৰে আকৌ ভৰিৰ তলে ক্ৰমান্বয়ে ইদৰে-সিদৰে খেলি, যিদলেই প্ৰথমে শেষ কৰিব, সেইদলেই জিকিব। ল’ৰাবোৰে ৫ ফুট মান আঁতৰা আঁতৰি হৈ ঠাই ল’ব।
(৪৫) চকাৰ দণ্ডী:—
কিতাপত থকা ১নং চিত্ৰৰ যোগ চিনটোৰ আকাৰত ভিতৰমুখীয়া হৈ ৪টা দল থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰত্যেক দলৰে ১ নং ল’ৰা চিত্ৰত দিয়া কাঁড়ৰ বাটেদি লৰি গৈ, গোটেই মণ্ডল ঘূৰি আহি নিজৰ শাৰীৰ শেষত থিয় হৈ ৮ নং ল’ৰা টোক পিঠিত চাপৰিয়াব; চাপৰ খাই ৮ নম্বৰে ৭ নম্বৰক, ৭ নম্বৰে ৬ নম্বৰক ইত্যাদিকৈ ক্ৰমান্বয়ে চাপৰিয়াব। ২ নম্বৰে যেতিয়া চাপৰ খাব তেতিয়া তুৰন্তে ১ নম্বৰৰ দৰে লৰ মাৰি শাৰীৰ শেষত থিয় হৈ চাপৰিয়াব। এইদৰে খেলোতে খেলোতে ৮ নং ল’ৰা ১ নং লৰাৰ ঠাই পাবহি, আৰু চাপৰ খাই ঘূৰি আহি যেতিয়া পুনৰ শাৰীৰ শেষ পাবহি তেতিয়া "হুৰে” বুলি চিঞৰি দিব। যিদলেই প্ৰথমতে শেষ কৰিব সেইদলেই জিকিব।
এই খেল বেগাই খোজ কাঢ়ি, এঠেঙীয়া লৰ মাৰি, হাতে ভৰিয়ে জন্তুৰ দৰে লৰ মাৰিও খেলাব পাৰি।
(৪৬) সাপৰ মোট চেলোৱা:—
সুৰঙ্গ বল খেলত দিয়া ব্যৱস্থাৰে ভৰি মেলি মেলি ল’ৰাবোৰ ইটো সিটোৰ পৰা এহাত এহাত আঁতৰত থিয় হ’ব।
প্ৰতি ল’ৰাটোৰে বাওঁ হাতখন নিজৰ ভৰিৰ তলে সুমুৱাই পাছলৈ দি পাছৰ ল’ৰাটোৰ সোঁ হাতখন আঙুলিয়ে আঙুলিয়ে লগাই খামোচ মাৰি ধৰিব আৰু সোঁ হাতখন আগলৈ দি আগৰ ল’ৰাটোৰ বাওঁ হাতখন ধৰিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত শাৰীৰ শেষৰ ল’ৰাটোৱে লাহেকৈ মাটিত টিকাটো থৈ বহি দীঘল হৈ ওপৰলৈ মুখ কৈ হাতৰ শিকলি নিছিগাকৈ শুই পৰিব। তাৰ আগৰ ল’ৰাটোৱেও শুই পৰা ল’ৰাটোৰ ওপৰেদি ফেৰেকাকৈ পাছলৈ গৈ শুই পৰিবগৈ। এইদৰে ক্ৰমান্বয়ে ১ম ল’ৰাটো গোটেই খিনি ল’ৰাৰ ওপৰে ফেৰেকাকৈ গৈ, মাটিত শুই পৰি আকৌ উঠি ল’ৰাবোৰৰ ওপৰেদি ফেৰেকাকৈ আহি আহি আগৰ ঠাই পাবহি আৰু গোটেইবোৰ ল’ৰা থিয় হ’ব। মাটিত পৰি যাওঁতে আৰু পুনৰ উঠি উঠি থিয়-শাৰী হওঁতে শিকলি ছিগিব নোৱাৰিব। যাৰে প্ৰথমতে শেষ হয় সেইদৰে জয় হয়।
(8৭) বাঘে নেজধৰা:—
ইজনৰ পাছত সিজন হৈ, কঁকালত ধৰা-ধৰি কৰি শিকলি এডাল কৰি ল’ৰাবোৰ থিয় হ’ব। অন্য এটা ল’ৰা বাঘ হৈ শিকলি ডালৰ ১ম ল’ৰাটোৰে মুখা-মুখি হৈ থিয় হ’ব।
শিকলি ডালৰ ১ম লৰাটোৱে লাঠী এডাল পথালি কৰি সমুখত ধৰিব। শিকলি ডালৰ শেষৰ ল’ৰাটোৰ পাছফালে কঁকালৰ পৰা ওলোমাই ৰুমাল এখন খোচনি মাৰি দিব। ৰুমাল খন হ’ব নেগুৰ। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বাঘটোৱে নেগুৰ ডাল আনি মাষ্টৰক দিবলৈ চাব আৰু ১ম ল’ৰাটোৱে লাঠি ডালেৰে বাঘ যি ফালেই যায় সেই ফালেদি গৈ আগত থিয় হৈ বাধা দিব। বাধা দিওঁতে শিকলি ছিগিব নেলাগে আৰু গোটেই শিকলিডালে এক হৈ বাধা দিব। শেষৰ ল’ৰাটোৱেও বিশেষ চেষ্টা কৰিব যাতে নেগুৰ ডাল নিব নোৱাৰে। নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি বাঘে নেগুৰ আনিব নোৱাৰে, তেন্তে বাঘৰ পৰাজয়।
এইটো দল খেল কৰিও খোলাব পাৰি। প্ৰত্যেক এদলৰ এটাক প্ৰতিনিধি কৰি বাঘ হ’বলৈ দিব আৰু সিদলে শিকলি কৰিব; তাৰ পিছত আগেয়ে বাঘ পঠিওৱা দলে শিকলি কৰিব আৰু আন দলে বাঘ দিব।
(৪৮) হায়দৰাবাদ বল:—
এখন সৰু “ফীল্ড” ত ফুটবলৰ দৰে এই খেল হাতেৰে খেলে। গ’লকীপাৰ, বেক্, ফৰওৱাৰ্ড আদি ফুটবল খেলত থকাৰ দৰে থাকিব। যেই-সেই সংখ্যক ল’ৰাই খেলিব পাৰে। বেচি ল’ৰা হ’লে গ’লকীপাৰ ২/৩ জন হ’ব পাৰে, সেইদৰে অন্যান্যবোৰো। ল’ৰাৰ সংখ্যা বেচি হ’লে কোনটো কোন দলৰ ল’ৰা জানিবলৈ এটা চিন থকা ভাল। এদলে হয়টো বনিয়ন পিন্ধিৰ আৰু আনদলে কামিজ পিন্ধিব বা এদলে ডিঙিত আঁৰি ফটাকানি বা ফিটা এডাল ল’ব আৰু আনদলে নল’ব।
শিক্ষকে কেন্দ্ৰস্থানত দুয়োদলৰ চেণ্টাৰ ফৰওৱাৰ্ড্, দুটাক মুখা-মুখিকৈ থিয় কৰি লৈ মাজতে ওপৰলৈ বলটো মাৰি দিব আৰু খেল আৰম্ভ হ’ব। ইটোলৈ সিটোলৈ বলটো দলিয়াই “পাচ’ কৰি খেলিব লাগে আৰু বলটো গ’লৰ খুঁটিৰ মাজেদি গ’লেই একোটাহঁত গ’ল হয়। তলৰ নিয়মখিনি মানি চলিব।
(ক) বলটো হাততলৈ কোনো ল’ৰা লৰ মাৰিব নোৱাৰে বা এখোজতকৈ ভৰি লৰাব নোৱাৰে। কিন্তু এহাতেৰে মাটিত বগৰাই বা মাটিত ঠেকেচি-ঠেকেচি বল নিব পাৰিব। বগৰাই নিয়াৰ পিছত বা ঠেকেচি নিয়াৰ পিছত দুহাতেৰে বল ধৰিলেই অন্য ল’ৰালৈ ”পাছ” কৰিবই লাগিব। এইবোৰ নিয়ম যি দলে ভঙ্গ কৰিব, আন দলৰ এটা ল’ৰাই ফীল্ডৰ বাহিৰৰ পৰা "আউট-থ্ৰ” কৰি পুনৰ খেল আৰম্ভ কৰিব।
(খ) গ’লকীপাৰে হাত-ভৰি সমানে ব্যৱহাৰ কৰিব পাৰিব; কিন্তু অন্য ল’ৰাৰ ভৰিত লাগিলেই “ফাউল” হ’ব আৰু “আউট্ থ্ৰৰে” পুনৰ খেল আৰম্ভ হ’ব।
(গ) কোনো ল’ৰাই আন দলৰ ল’ৰাক হাতেৰে গাত বা অন্যান্য অঙ্গত ধাবিব নোৱাৰিব। ইয়াৰ দোষত আন দলে এটা ”পেনালিটি থ্ৰ” পাব।
(ঘ) ইয়াত ‘অফ্-চাইড্' নাই। ল’ৰা য’তে ত’তে থাকিব পাৰে।
(ঙ) দুটা ল’ৰাই একেলগে ধৰোঁতে যদি বহুতপৰ বলটো ল’ৰা দুটাৰ হাততে ৰৈ থাকে, তেন্তে শিক্ষকে বলটো লৈ সেই ল’ৰা দুটাক মুখা-মুখি কৰি থিয় কৰাই চেণ্টাৰত মৰাৰ দৰে মাজতে বলটো ওপৰলৈ মাৰি দিব।
(৪৯) চৰাই চিকাৰী :-
এখন ফিল্ডৰ এচুকত সৰুকৈ মাটিত আঁচেৰে এটা মণ্ডল আঁকি এটা ”চৰাইৰ বাহ” কৰিব, আৰু আন চুকত এটা “সজা” কৰিব। বাহটোত এজনী চৰাই থাকিব। আন এটা ল’ৰা চিকাৰী হ’ব, আৰু বাহ আৰু সজাৰ ঠিক সোঁ মাজত চিকাৰী থিয় হ’ব।
ফিল্ডখনৰ আন মূৰত দূৰলৈ বাকীবোৰ ল’ৰা থাকিব। ল’ৰা থকাখন হ’ব হাবি আৰু হাবিত ৩/৪ কৈ শালিকা, ৩/৪ কৈ ভাটৌ, ৩/৪ কৈ কাউৰী, ইত্যাদি ভাৱে চৰাই থাকিব। চৰাইবোৰ সানমিহলি হৈ ছেদেলি-ভেদেলি হৈ থাকিব।
বাহৰ পৰা মাইকী চৰাইজনীয়ে যেই সেই এটা চৰাইৰ নাম মাতিব। মতা মাত্ৰকে সেই নামৰ চৰাইখিনি অৰ্থাৎ ল’ৰাখিনি বাহলৈ লৰ মাৰিব আৰু বাহত সোমোৱাৰ আগতে চিকাৰীয়ে ছুবলৈ যাব। যিবোৰক চিকাৰীয়ে চুব সেইবোৰ সজালৈ যাব আৰু বাকীবোৰ বাহলৈ যাব। আটাইবোৰ চৰাইৰ নাম মতাৰ পিছত, চৰাই বাহত বেচি নে সজাত বেচি লেখি চাব।
(৫০) ভলী বল আৰু টেনিকইট:-
এই খেলৰ বেলেগ কিতাপ আছে। এইবোৰ খেলৰ নিয়মৰ বিস্তৃত বৰ বেচি, আৰু অলপ খৰচ লাগে। গাৱঁলীয়া পাঠশালাত খেলৰ পুঁজি প্ৰায় নথকাত এই খেল খেলাব পৰা নেযায়। গতিকে ইয়াৰ নিয়মাৱলী ইয়াত দিয়া অনাৱশ্যক আৰু অনেক অসুবিধাজনক।
(৫১) কেঁকোৰ লৰ:—
এই খেল এযোৰ এযোৰ হৈ খেলে আৰু কেবাযোৰো গোট খাই এটা দল হ’ব পাৰে।
ইটোৱে সিটোৱে হাতেৰে কেৰেপা লগাই ধৰি পিঠিয়া-পিঠি হৈ যোৰ পাতে। ল’ৰা দুটাৰ সোঁ কি বাওঁ কাষ সম্মুখত থকা খুঁটিমুখীয়া কৰি দুয়ো এক হৈ জপিয়াই জপিয়াই লৰি যাব লাগে। ১ম যোৰ লৰি গৈ খুঁটিয়েদি ঘূৰি আহি আঁচ পাৰ হ’লে ২য় যোৰ যাব, ইত্যাদি। যি দলৰে শেষৰ যোৰাই প্ৰথমে শেষ কৰে সেইদলৰে জয় হ’য়।
(৫২ ) পানীত—পাৰত—(মনোযোগিতা খেল) :-
মাটিত আঁচ পাৰি বা লাঠী ব্যায়ামৰ দিনত ল’ৰাবোৰে মণ্ডল পাতি সন্মুখত লাঠীবোৰ পাৰি পাৰি এটা মণ্ডল কৰিব। মণ্ডলটোৰ ভিতৰ ঠাই হ’ব পানী আৰু বাহিৰ ঠাই পাৰ। ল’ৰাবোৰ মণ্ডলৰ আঁচৰ ওচৰত পাৰত থিয় হ’ব। শিক্ষকে ”পানীত” বুলিলে ল’ৰাবোৰে জাপ মাৰি আঁচৰ ভিতৰ হ’ব আৰু ”পাৰত” বুলিলে জাপ মাৰি আঁচৰ বাহিৰ হ’ব। পাৰত থিয় হৈ থকা অৱস্থাতে যদি ‘পাৰত' বোলা যায় আৰু পানীত থিয় হৈ থকা অৱস্থাতে যদি “পানীত” বোলা যায় আৰু ল’ৰাবোৰে যদি জাপ মাৰে বা মাৰিবলৈ গা লৰাই তেন্তে কটা পৰে। মণ্ডলটোৰ এক আধা এটা দল আৰু ইটো আধা আনটো দল। যি দলৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত বেচি কটা পৰে সেইদলেই হাৰে।
(৫৩) ওপৰ-তল হাত—(মনোযোগিতা খেল):-
“ওপৰ” বুলিলে হাত ওপৰলৈ দাঙিব, “তল” বুলিলে তললৈ নমাব। পানীত—পাৰত খেল খেলাত ভুল হোৱাৰ দৰে যাৰে ভুল হয়, তেৱেঁ কটা পৰে। যাৰে বেচি কটা পৰে সেইদলেই হাৰে।
(৫৪) মই কওঁ, এলাৰ্ট –(মনোযোগিতা খেল):–
"মই কওঁ”বাক্যেৰে কিবা এটা আদেশ দিলে পালন কৰিব লাগে। “মই কওঁ এলাট্" বুলিলে ল’ৰাবেৰে এলাৰ্ট্ হ’ব, “মই কওঁ ষ্টেণ্ড্ এট ইজ” বুলিলে ল’ৰাবোৰ ষ্টেণ্ড্ এট্ ইজ হ’ব। অকল “এলাৰ্ট্" বা “ষ্টেণ্ড্ এট্ ইজ” বুলিলে যি ভৰি লৰাব তেওঁৰ ভুল হ’ব আৰু কটা পৰিব। যি দলৰে বেচি কটা পৰে সেই দলেই হাৰে।
(৫৫) ৰুমাল পেলা:-
ল’ৰাবোৰ মণ্ডল পাতি বহিব বা থিয় হ’ব। এটা ল’ৰাই (আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত) মণ্ডলটোৰ বাহিৰেদি লৰ মাৰি ঘূৰিব আৰু কাৰোবাৰ পাছত গম নোপোৱাকৈ ৰুমাল এখন পেলাই যাব। যিজনৰ পাছত ৰুমালখন পেলাব তেওঁ ততালিকে তুলি লৈ পেলাওঁতা ল’ৰাটোক খালী ঠাই ডোখৰ নৌ পাওঁতেই ধৰিবলৈ খেদি যাব। যদি ধৰিব পাৰে খেদোঁতাই খালী ঠাই ল’ব আৰু পেলাওঁতাই আকৌ কাৰোবাৰ পাছত পেলাই খেল পুনৰ আৰম্ভ কৰিব, আৰু যদি ধৰিব। নোৱাৰে খেদোঁতাই কাৰোবাৰ পাছত ৰুমাল পেলাই খেল পুনৰ আৰম্ভ কৰিব।
(৫৬) ভাত খাগৈ—যা:—
ল’ৰাবোৰ মণ্ডল পাতি থিয় হ’ব। এটা ল’ৰাই মণ্ডলটোৰ ভিতৰেদি ঘূৰি যেই-সেই দুটা ল’ৰাৰ মাজত অতৰ্কিতে হাতখন সুমুৱাই দিব। সেই দুটা ল’ৰাই দুয়ো দুফালে (বিপৰীত ফালে বৃত্তটোৰ বাহিৰেদি লৰ মাৰি খালী ঠাইলৈ পুনৰ আহিবলৈ চাব যেয়ে আগতে খালী ঠাই পায় সেয়ে তাতে ৰয় আৰু বাকী জনে আকেী কোনোবা দুজনৰ মাজত হাত ধৰি খেল আৰম্ভ কৰে।
দুফালে দুজন হৈ ল’ৰা ওলাই গ’লে দুটা ঠাই খালী হয় তাৰে এটাত হাত সুমুৱাই ধৰা ল’ৰাটো থাকি আহিব।
(৫৭) জল-কুৱঁৰী:—
ল’ৰাবোৰ দুদল হৈ, ই দল সিদলৰ পৰা ৩০/৪০ ফুট আঁতৰ হৈ, মুখা-মুখি কৈ থিয় হ’ব। মাজৰ ঠাই ডোখৰ হ’ল নৈ। নৈৰ সোঁ মাজত এটা ল’ৰা ”জল-কুৱঁৰী” হৈ থিয় হ’ব। জল-কুঁৱৰীয়ে কোনোবা এটা ল’ৰাক নৈ পাৰ হৈ ইটো পাৰলৈ যাবলৈ ক’ব। সেই ল’ৰাটোৱে আনটো পাৰৰ এটা ল’ৰাক পাৰ হ’বলৈ ইঙ্গিত দিব। দুয়োটা ল’ৰাই ঠাই সলনা সলনি কৰিবলৈ লৰ মাৰিব। আৰু জল কুৱঁৰীয়ে ইতিমধ্যে যেই সেই এটাক ছুবলৈ চেষ্টা কৰিব। যাকে ছুব সিয়ে পিছৰ খেলত জল-কুঁৱৰী হ’ব আৰু অগৰ জল-কুঁৱৰীয়ে সেই ল’ৰাটোৰ ঠাই ল’ব।
(৫৮) এঠেঙীয়া বগলী:—
এইটো খেল চেলাম খেলৰ দৰেই খেলিব; মাত্ৰ যাওঁতে এঠেঙেৰে জপিয়াই যাব আৰু লগ পালে চেলাম দিব নেলাগে। খালী ঠাই প্ৰথমে যেয়ে পায় সেয়ে ৰয়।
ৰজা-ৰাণী খেল—
২ নং চিত্ৰ
(৫৯) নাচ লৰ আৰু ধৰ:-
ওপৰ খেলটোকে নাচ-লৰেৰে (skipping) খেলিব।
একে ফালে দি গৈও এই দুটা খেল খেলিব পাৰি। যি চাপৰ খায় তেওঁ ওলাই চাপৰিৱাওঁতাক পাছে পাছে খেদিব আৰু খালী ঠাই পোৱাৰ আগতে ধৰিব পাৰিলে খালী ঠাই তেওঁৰ হ’ব। ধৰা পৰা জনে পুনৰ আনক চাপৰিয়াই খেলা আৰম্ভ কৰিব।
(৬০) ৰজা-ৰাণী:-
৬ নংৰ ”তিনটা নোহোৱা” খেলত দিয়া ব্যৱস্থাৰ দৰে দুটা মণ্ডল পাতিব। প্ৰতি যোৰ ল’ৰাৰ এটা হ’ব ৰজা আৰু আনটো হ’ব ৰাণী।
ফীল্ড খনৰ এমূৰে এটা আঁচ টানি সীমা নিৰ্দিষ্ট কৰি দিব।
আৰম্ভ কৰিবলৈ দিয়া প্ৰথম ইঙ্গিতত মণ্ডল দুটা দুফালে নৃত্যলৰেৰে বা কুকুৰ লৰেৰে ঘূৰিব; ২নং চিত্ৰত দিয়া কাঁড়ৰ চিনত ঘূৰিব। দ্বিতীয় ইঙ্গিতত ৰজাবোৰে নিজ নিজ ৰাণীক বিচাৰি ধৰা-ধৰি কৰি যোৰ পাতি পাতি লৰি নিৰ্দ্দিষ্ট কৰি দিয়া সীমা পাৰ হ’বগৈ। যি যোৰেই আটাইতকৈ পিছত আঁচ পাৰ হ’ব সেই যোৰেই মৰা পৰে বা কটা যায় বা খানা খাবলৈ নেপায়। এইদৰে খেলোতে খেলোতে যি যোৰেই শেষলৈকে কটা নপৰাকৈ থাকে সেই যোৰৰে জয় হয়।
এই খেল মণ্ডলটো ভঙাই লৰ নমৰাইও খেলাব পাৰি। প্ৰথম ইঙ্গিতত ধৰিব আৰু দ্বিতীয় ইঙ্গিতত ৰজা-ৰাণী মুখা-মুখিকৈ হাত ধৰা-ধৰি কৰি বহি যাব।
(৬১) তলা-ছাবি :—
৬ নংৰ ”তিনটা নোহোৱা” খেল খেলিবলৈ কৰা দুটা মণ্ডলৰ দৰে মণ্ডল কৰিব। এই দুটা মণ্ডলৰ প্ৰতি যোৰ ল’ৰা আগা-পাছাকৈ নাথাকি কাষে-কাষে লগাই থিয় হ’ব। দুয়োজনে ভিতৰ ফালৰ হাত, (ইজনৰ হাত সিজনৰ হাতৰ লগত লগাই) তলা লগাই কঁকালত থ’ব। বাহিৰৰ হাতো কঁকালত থ’ব। দুজন ল’ৰা ওলাই থাকিব—এজন হ’ব বাঘ এজন হ’ব চিকাৰ। বাঘে চিকাৰক খেদিব। চিকাৰে ৰক্ষা পাবলৈ কোনোবা এযোৰৰ একাষে হাত তলা লগাই ৰ’ব। তলা লগোৱা মাত্ৰকে ৩য় ল’ৰাটো চিকাৰ হ’ব। বাঘে চিকাৰক ধৰিব পাৰিলে খেদা-খেদ উলটি যাব।
(৬২) ঘোৰ-দৌৰ :—
এইটো ৩৫ নংৰ “মানুহ কঢ়িওৱা। ” খেলৰ নিচিনা; মাত্ৰ এই খেলত বোকোচাত উঠাৰ দৰে উঠিবই লাগিব আৰু এটা লৰায়ে ইটোৰ পিছত সিটোকৈ দলটোৰ গোটেইখিনিক দৌৰাব লাগিব, আৰু ইটোৰ পিছত সিটোৰ বোকোচাত উঠোতে মাটিত লাগিব নোৱাৰিব। গতিকে দলটোৰ আটাইতকৈ সৰু ল’ৰাটোক চোৱাৰি কৰিব।
(৬৩) বল ল আৰু থ :—
সুৰঙ্গ বল খেল আদিত দিয়া ব্যৱস্থাৰে ল’ৰাবোৰ দল দল হৈ থিয় হ’ব। আৰম্ভণী আঁচত খাল এটা থ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটোৱে বলটো তুলি ল’ব, খুঁটিলৈ লৰ মাৰি
আকৌ ঘূৰি আহি আঁচত বা আঁচ পাৰ কৰি বলটো থ’ব; তাৰ পিছত বল লৈ ২য় ল’ৰা যাব, এইদৰে যি দলেই প্ৰথমতে শেষ কৰিব সেইদলৰে জয় হ’ব।
(৬8) ধন তোলা:—
দুটা বা ততোধিক দল মণ্ডল আকাৰত থিয় হ’ব। মণ্ডলৰ কেন্দ্ৰস্থানত ধনৰ মোনা কৰি এখন ৰুমাল ৰাখিব। দলবোৰ ল’ৰাবোৰক ক্ৰমিক ভাৱে নম্বৰ কৰাব। প্ৰতিটো দলৰ প্ৰতি ল’ৰাই নিজৰ নিজৰ নম্বৰ মনত ৰাখিব। শিক্ষকে যেই সেই এটা নম্বৰ ক’ব, আৰু কোৱা মাত্ৰকে প্ৰতি দলৰ সেই নম্বৰৰ ল’ৰা ওলাই মণ্ডলটোৰ বাহিৰেদি লৰি ঘূৰি আহি নিজৰ ঠাই পাই কেন্দ্ৰ স্থানলৈ গৈ ৰুমালখন তুলি ধৰিবলৈ চেষ্টা কৰিব। যিয়েই ৰুমাল খন তুলি ধৰিব সেইজনৰে দলটোৰ জয় হব। কেবাবাৰো খেলাব।
(৬৫) জীৱন-নৌকা:—
গোটেই দলটোক আগলৈ নিৰ্দিষ্ট কৰি দিয়া সীমালৈ লৰ মাৰি, বেঙা মেলি মেলি বা খোজ কাঢ়ি গৈ, সীমা পাৰ হৈ আকৌ আগৰ স্থানলৈ সেইদৰে ঘূৰিবলৈ ক’ব। আগৰ স্থান পাওঁ পাওঁ হওঁতেই শিক্ষকে যেই সেই এটা সংখ্যা ক’ব। শিক্ষকে যেনিবা ৬ ক’লে, তেতিয়া ল’ৰাবোৰে হাত ধৰা-ধৰি কৰি ৬ জনীয়াকৈ একোটাহঁত দল কৰি মণ্ডল পাতি ৰ’ব। যিখিনিয়ে একোটাহঁত তেনেকুৱা দল হ’ব নোৱাৰিব সেইখিনি ল’ৰা পিছৰ খেললৈ কটা পৰিব, বা গেলে; অৰ্থাৎ জীৱন-নৌকা নেপাই
বুৰ যায়। শেষলৈকে যিদলৰে ল’ৰা বেচিকৈ থাকিব সেই দলৰে জয় হ’ব।
(৬৬) ব্যৱসায়ীৰ অবাক ভাও:—
দুটা দুটা বা ততোধিক ল’ৰা গোট খাই যেই সেই এটা ব্যৱসায়ৰ অঙ্গি-ভঙ্গীৰে মাত নমতাকৈ ভাও দেখুৱাব লাগে। ভাও দেখিয়েই দৰ্শকে কি ব্যৱসায় কৰিছে ক’ব পৰা হ’ব লাগে।
(৬৭) পশুশালা:—
যিমান সংখ্যা ল’ৰা সেই দিন খেলত থাকিব সিমান সংখ্যা “কাৰ্ড” কৰি ল’ব। ”কাৰ্ড” বোৰত বেলেগ বেলেগ চৰাই আৰু জন্তুৰ নাম লিখিব। একেটা নামকে ৪/৫ টা মান “কাৰ্ড”ত লিখিব; যেনে কুকুৰ লিখা ৪ খন "কাৰ্ড”, মেকুৰী লিখা ৬ খন “কাৰ্ড" ইত্যাদি। “গাধ” লিখা এখন মাত্ৰ “কাৰ্ড” কৰিব। ল’ৰাবোৰক মণ্ডল পাতি বহুৱাব। প্ৰত্যেক ল’ৰাৰ আগে আগে তল মুৱাকৈ “কাৰ্ড” একোখন মাটিত থৈ যাব; আৰম্ভণৰ ইঙ্গিত নিদিয়ে মানে ল’ৰাবোৰে কি লিখ আছে নেচাব। আৰম্ভণৰ ইঙ্গিত পোৱা মাত্ৰে ”কাৰ্ড” খন চাই যি জন্তু বা চৰাই লিখা পায় সেই জন্তু বা চৰাইৰ মাত মাতি নিজৰ নিজৰ জ্ঞাতি ভাই ৰিচাৰি একে লগ খাই এঠাইত বেলেগাই বহি থাকিবগৈ। কথা কোনেও পাতিব নোৱাৰিব, বা মুখেৰে কোনেও কাকো একো সুধিব নোৱাৰিব; জন্তুৰ মাত মাতিহে সঙ্গী বিচাৰি উলিয়াব। গাধটো সঙ্গীহীন অকল-শৰীয়া হৈ ওলাই পৰিব আৰু শিক্ষকে পেংলাই কৰি সুধিব,—“লগ কোনে নেপালে? তুমি নেপালা? তুমি কি? গাধ!!”
(৬৮) টুপি পিন্ধি জাপ:—
ল’ৰাবোৰ দুদল হ’ব। দুটা টুপি ৰাখিব। সুৰঙ্গ বল খেলিবলৈ থিয় হোৱাৰ দৰে দল দুটা থিয় হ’ব। আগলৈ দুটা টুপি ৰাখিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰতি দলৰ ১ম ল’ৰা টুপিৰ ওচৰলৈ দৌৰিব আৰু নিজৰ দলৰ ফালে মুখ কৰি মূৰত টুপি পিন্ধি তিনিবাৰ হাত-ভৰি মেলি জপিয়াব। টুপি মাটিত পৰিলে আকৌ তিনিবাৰ জপিয়াব। জপিয়াই নিজৰ দললৈ আহিব আৰু তাৰ পিছত ২য় জন যাব। এইদৰে যি দলেই প্ৰথমতে শেষ কৰিব সেই দলেহ জিকিব।
লাঠী লৈ জপিয়াইও এই খেল খেদিব পাৰি।
(৩৯) কোন হেৰাল:—
লৰাবোৰক মণ্ডল এটাত চকু মুদি ঘুৰি ফুৰিবলৈ দিব। ঘূৰোঁতে কোনোবা এটা ল’ৰাক টানি উলিয়াই নি কৰবাত লুকাবলৈ দিব। তাৰ পিছত বাকী বোৰক চকু মেলিবলৈ আদেশ দিব আৰু সুধিব, “তোমালোকৰ ভিতৰৰ পৰা কোন হেৰাল কোৱা। ” যিটো দলৰ ল’ৰাই প্ৰথমতে শুদ্ধকৈ নাম ক’ব, সেই দলেই জিকিব।
আন প্ৰণালী —এটা ল’ৰাক মণ্ডল টোৰ ভিতৰলৈ নি তললৈ মূৰ কৰাই চকু মুদাই বহুৱাই থ’ব। এতিয়া মণ্ডলটোৰ পৰা ল’ৰা এটা মনে মনে উলিয়াই নি লুকুৱাই থ’ব। চকু মুদি থকা ল’ৰা- টোক চকু মেলিবলৈ কৈ সুধিব, “কোন হেৰাল, কোৱা। ”
(৭০) শব্দ ভেদ:—
ল’ৰাবোৰৰ চকু বান্ধি দিব। নিলগৰ এঠাইত এটা সুহুৰি
বজাৰ বা অন্য কোনো এটা মাত মতাব। অলপ সময় বজাই বা মতাই বন্ধ কৰি, চকু বান্ধি থোৱা লৰা’বোৰক সুহুৰি বজোৱা বা মাত মতা মানুহজনক গৈ ছুবলৈ ক’ব। যি দলৰে ল’ৰাই প্ৰথমতে ছুব সেই দলৰে জয় হব।
(৭১) সুৰঙ্গ সোমা:—
প্ৰতি দল ভৰি দুটা মেলি মেলি ইটো ল’ৰাৰ পাছত সিটো ল’ৰাকৈ থিয় হ’ব। প্ৰতিদলেৰে শেষৰ ল’ৰাটোৱে, আৰম্ভণৰ ইঙ্গিত পোৱা মাত্ৰে, ভৰিৰ তলেদি ( সুৰঙ্গ টোৱেদি ) গৈ ১ম লৰাটোৰ আগত থিয় হৈ হাত মেলিব। হাত মেলা মাত্ৰে ইটো ল’ৰা যাব। এইদৰে ১ম ল’ৰাটো আকৌ গৈ শাৰীৰ মূৰত থিয় হ’লেই খেল শেষ হয়। যি দলেৰে প্ৰথমে হয় সেই দলেৰে জয় হয়।
(৭২) বেজী-সূতা:—
দুটা দল হ’ব। দুইদল এশাৰী পাতি থিয় হ’ব। হাত ধৰা-ধৰি কৰি গোটেই শাৰীটোৱে এডাল শিকলি বা সূতা কৰিব। ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ফালৰ মূৰৰ লৰাদুটাই, (অৰ্থাৎ ওপৰত দিয়া ভিতৰৰ ৮ ১ নম্বৰে) ফাঁক হৈ থিয় দি হাত দুখন তোৰণ কৰি ওপৰলৈ তুলি ধৰিব। এইটো হ’ব বেজীৰ বিন্ধা। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত দুয়োটা দলে শেষৰ ল’ৰাটোৰ পৰা আৰম্ভ কৰি, সুতা ডাল নিছিঙাকৈ (অৰ্থাৎ হাত নেৰাকৈ) বিন্ধাটোৱেদি ক্ৰমান্বয়ে সোমাই পুনৰ আগৰ ঠাইত আহি শাৰী পোনাই ৰবহি লাগে। যি দলেই প্ৰথমতে শাৰী পোন কৰি ৰ’ব পাবে সেই দলৰে জয় হয়।
জেওৰা ব—
৩ নং চিত্ৰ
(৭৩) ঘঁৰিয়াল ঘূৰণ:—
১ ২ ৩ ৪ ৫ ৬ ১ ২ ৩ ৪ ৫ ৬ ১ ২ ৩ ৪ ৫ ৬
৬ টাকৈ (বা ৪ টাকৈ) দল হৈ ওপৰত দিয়াৰ দৰে এশাৰী হৈ থিয় হ’ব। প্ৰত্যেক দলে কঁকালত ধৰাধৰি কৰি ভৰিৰ ওপৰত বহি। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত প্ৰতোক দলে বহা অৱস্থাৰেই জপিয়াই জপিয়াই সোঁৱে কি বাঁৱে পুনৰ ঘূৰি আহি আগৰ মুখীয়া হলেই খেল খেল শেষ হয়। যি দলেৰে প্ৰথমতে শেষ হয় সেই দলেই জিকে। গুৰিয়ালটোৱে একেঠাইতে জাপ মাৰি মাৰি ঘূৰিব।
(৭8) জেওৰা ব:—
২ নং ছবিত দিয়া মণ্ডলাকাৰত ৪ বা ততোধিক সংখ্যাৰে দল দল হৈ থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙিতত প্ৰত্যেক দলৰে এক নম্বৰে ছবিত দিয়া কঁড়ৰ বাটত জেওৰা বোৱাৰ দৰে গৈ
গৈ গোটেই মণ্ডল ঘূৰি আহি ২ নংৰক ছুই দি নিজৰ ঠাইত ৰ’বহি। তাৰ পিছত ২ নং যাব; এইদৰে ক্ৰমান্বয়ে গৈ গৈ যি দলেই প্ৰথমে শেষ কৰিব সেইদলৰে জয় হ’ব।
(৭৫) শহা চিকাৰ:—
ল’ৰাবোৰ এটা আঁচৰ পাছত থিয় হ’ব। আগলৈ অলপ দূৰত সৰুকৈ বৃত্ত এটা মাটিত আঁচ টানি কৰি তাৰ মাজত শিক্ষক ল’ৰাৰ ফালে পিঠি কৰি থিয় হ’ব। লাহে লাহে ল’ৰাবোৰে (জোপ লৈ লৈ যোৱাৰ দৰে) শিক্ষক থকা মণ্ডলটোৰ ফালে গৈ থাকিবলৈ চেষ্টা কৰিব। শিক্ষকে ঘনাই ঘনাই পাছলৈ
চাব। চাওঁতে সকলো ল’ৰা অলৰ হৈ ৰ’ব লাগিব। শিক্ষকে পাছলৈ চাওঁতে যাকে লৰ-চৰ কৰা দেখিব তেওঁ আকৌ আঁচলৈ ঘূৰি গৈ আৰম্ভ কৰিব লাগিব। এইদৰে ধৰা নপৰাকৈ যিয়ে শিক্ষকৰ মণ্ডলটোত ভৰি দিব পাৰে সেয়ে জিকে। দল দল হৈ থাকিলে যিদলৰ ল’ৰাই ভৰি দিয়ে সেইদলৰে জয় হয়।
(৭৬)
ল’ৰাবোৰ তিনটা তিনটাকৈ ভাগ কৰি দিয়া যায়। দুটাই দুটাই যুজিব আৰু তৃতীয়টোৱে হৰা-জিকা বিচাৰ কৰিব। বাওঁ ভৰি তুলি বুকুত হাত সাবটি লৈ মুখীয়া-মুখি হৈ যুজাৰু দুটা থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত দুয়োটাই ঠেলাঠেলি খুন্দিয়াখুন্দি কৰিব। যাৰে ভৰি আগতে মাটিত পৰে সেয়ে হাৰে তাৰ পিছত জিকাই জিকাই যুজিব। শেষৰ খেলত যেয়ে জিকিব তাৰে জয়।
(৭৭) মণ্ডলৰ পৰা খেদা:—
এটা বৃত্তত দুটা ল’ৰা থিয় হ’ব। দুয়োটাই ঠেলা ঠেলি কৰি যেয়ে যাকে মণ্ডলৰ পৰা বাহিৰ কৰিব পাৰে তাৰে জয় হয়। কোনেও কাকো দাঙি নিব নোৱাৰিব।
(৭৮) ৰাজ্যৰ পৰা খেদা:—
৪০ ফুট দীঘল দুডাল আঁচ ইডাল সিডালৰ পৰা ২০ ফুট আঁতৰ কৰি টানিব। দুইডালৰ ভিতৰৰ কেন্দ্ৰ স্থানত দুটা দল মুখামুখি কৰি থিয় কৰিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ঠেলা-
ঠেলি আৰম্ভ কৰি যি দলেই অন্য দলৰ বেচি সংখ্যা নিৰ্দিষ্ট সময়ৰ সময়ৰ ভিতৰত আঁচৰ বাহিৰ কৰিব পাৰে সেই দলৰে জয় হয়।
(৭৯) মণ্ডললৈ টান:—
দুফুটীয়া বা চাৰিফুটীয়া মণ্ডল এটাৰ চাৰিউকাষে হাত ধৰা ধৰি কৰি ৮। ১০ টা ল’ৰা থিয় হ’ব। টনাটনি কৰি কাৰোবাৰ ভৰি সেই মণ্ডলটোত পেলোৱাবলৈ চাব লাগে। যাৰে পৰে সিয়ে কটা পৰে। যিয়ে শেষলৈকে থাকে, সিয়ে জিকে। মণ্ডলটোৰ চাৰিওফালে মুদগড় বা বটল কেটামান থিয় কৰি থৈয়ো এই খেল খেলাব পাৰি। যাৰ ভৰিত লাগি বটল বা মুদগড় পৰে তেৱেঁ কটা পৰে।
(৮০) আয়ৈ দেহি পুছি, যোৱা:—
ল’ৰাবোৰ মণ্ডল পাতি বহিব। এটা ল’ৰা হাত আৰু আঠু মাটিত থৈ পুছী বা মেকুৰী হ’ব। মেকুৰীজনীয়েও ”মেওঁ মেওঁ” কৰি প্ৰতি ল’ৰাটোৰ ওচৰলৈ গৈ লাটি-পুটি কৰিব। যাৰ ওচৰত লাটি-পুটি কৰিব তেওঁ ”আয়ৈ দেহি পুছি, যোৱা” বুলি মেকুৰীজনীৰ পিঠিত আৰু মূৰত হাত ফুৰাব, কিন্তু হাঁহিব নোৱাৰিব। নহঁহাকৈ গহীন গম্ভীৰ ভাবে ক’ব লাগে। মেকুৰী জনীয়ে লাটি-পুটি কৰি যিমান দূৰ পাৰে হঁহুৱাবলৈ যত্ন কৰিব। যিয়েই হাঁহিব তেওঁ মেকুৰী হ’ব লাগিব আৰু মেকুৰী তেওঁৰ ঠাইত বহিব।
(৮১) বৈৰাগী (সৰু ল’ৰাৰ সঙ্গীত খেল)
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০
সমান সংখ্যক দুটা দল মুখা-মুখি হৈ থিয় হ’ব। দুই দলৰ মাজত ৪ ফুট মান ফাঁক ৰাখিব। দল দুটাই তলত দিয়া কলি ফাঁকি গাব —
“কেৰকোছ কেৰকোছ বৈৰাগী ভটিয়াই গ’ল
বৈৰাগী ভটিয়াই গ’ল, ধনশিৰী মুখতে ৰ’ল।
আমাৰ বৈৰাগী কাই,
বুঢ়া বান্ধ লগ পাই,
ষোল বছৰীয়া হ’ল। ”
দল দুটাই গাই থাকেঁতে ১নং যোৰে ভিতৰৰ হাত দুখন কেৰেপা খুৱাই মাজৰ ফাঁক ঠায়েদি বা দুশাৰীৰ মাজেদি নৃত্য লৰেৰে গৈ সিমূৰ পাই আকৌ ঘূৰি আহি ইমূৰত হাত কেৰেপা গুচাই নিজ নিজ শাৰীৰ বাহিৰে নৃত্য লৰেৰে গৈ সিমূৰত থিয় হৈ ৰ’ব। তাৰ পিছত ২নং যোৰা যাব। এইদৰে ক্ৰমান্বয়ে আটাই কেউযোৰা গৈ শেষ হলে, খেলৰ শেষ হয়। ইয়াত হৰা জিকা নাই।
(৮২) কাউৰী খেল:—
ল’ৰাবোৰে মণ্ডল পাতিব। মণ্ডলৰ ভিতৰত এটা ল’ৰা হাত দুখন আঙুলি ওপৰমুৱাকৈ জপাই খৰিকা এদাল আগ উলিয়াই ধৰি থিয় হ’ব। মণ্ডলৰ ল’ৰাবোৰে এটা এটাকৈ গৈ
“গৃহস্থ জুই আছেনে” বুলি শুধিব। সোধোঁতে খৰিকা ধৰাই “আছে নিয়া” বুলি ক’ব আৰু জুই আনিবলৈ যোৱা ল’ৰাটোৱে খৰিকাদালত অলপকৈ টান এটা মাৰি নিজ ঠাইলৈ গুচি আহিব। এইদৰে এটা এটাকৈ ক্ৰমান্বয়ে টানোতে টানোতে কোনোবা এটা ল’ৰাৰ হাতত খৰিকাডাল ওলাই আহিব। সেই ল’ৰাটোৱেই কাউৰী হ’ব আৰু মণ্ডলৰ ল’ৰাবোৰে ছেদেলি-ভেদেলি হৈ কা-কা বুলি চিঞৰি উঠিব। কাউৰীয়ে ছুবলৈ চাব, আৰু যিটো ল’ৰাক কাউৰীয়ে ছুব সি কাউৰী হ’ব আৰু আগৰ কাউৰীয়ে অন্যান্য ল’ৰাৰ লগত যোগ দিব। ছুবলৈ যাওঁতে ( ছুই দিয়াৰ আগতে ) বহি দিলে কাউৰী হোৱাৰ পৰা ৰক্ষা পাব।
(৮৩) কুকুৰ পোৱালী:—
বহুত ঢোপ লাগে। এটা খুটি পুতিব। খুটিৰ গুৰিত ঢোপবোৰ থ’ব। এডাল ২ হাতমান দীঘল ৰচী খুটিত লগাই থ’ব। এটা ল’ৰা ৰচীডালত ধৰি বাঘ হ’ব। বাকীবোৰ ল’ৰাই থপিয়াই থপিয়াই ঢোপবোৰ নিবলৈ চাব। বাঘ হোৱা ল’ৰাটোৱে ৰচীডাল ধৰি থকা অৱস্থাতে থপিয়াই নিয়া ল’ৰাক চুবলৈ চাব। ছুব পাৰিলে বাঘে কুকুৰপোৱালী ৰখাৰ পৰা অব্যাহতি পায়, ধৰাপৰা ল’ৰাটো বাঘ হয় আৰু খেলটো আকৌ নতুনকৈ আৰম্ভ হয়। যদি ধৰা নপৰাকৈ আটাইখিনি ঢোপ বাঘৰ ওচৰৰ পৰা ল’ৰাবোৰে নিব পাৰে তেন্তে ল’ৰাবোৰে বাঘক ঢোপ বোৰেৰে মৰিয়াৰলৈ ধৰিব আৰু বাঘে ৰক্ষা পাবলৈ লৰ মাৰি নিৰ্দিষ্ট কৰি যোৱা ঘাই এটা চুবগৈ।
(৮৪) গুটি খেল:—
দুদল হৈ খেলিব। দুদলৰ দুটা গাত। ল’ৰাবোৰক এফালে গৈ লুকাই থাকিবলৈ ক’ব। শিক্ষকে কিছুমান গুটি এফালে ছটিয়াই পেলাই দিব। তাৰ পিছত ইঙ্গিত দিয়াত ল’ৰাবোৰ আহি গুটি বিচাৰি যি দলেই নিজৰ গাঁতত ইটো গাঁততকৈ বেচি গুটি ভৰাব পাৰিব সেই দলেই জিকিব। গুটি ভৰোৱাত দুই দলৰ ভিতৰত, ইদলে সিদলক বাধা দিয়া-দি কৰোঁতে, যুজ বাগৰ হ’ব।
(৮৫) ঢোপ খেল:—
এটা ঢোপ লাগে; ঢোপটো নেগুৰ লগা হ’লে ভাল হয়। দুটা দল হ’ব। দল দুটা ফীল্ড এখনৰ দুফালে ৩০/৪০ ফুট আঁতৰা আঁতৰি কৈ, আঁচ একোটাহঁত মাৰি আঁচৰ পাছে পাছে থিয় হ’ব।
এফালৰ পৰা এদলে ঢোপটে সিদললৈ দলিয়াব আৰু দিলে ওপৰতে ধৰিবলৈ চাব। ধৰিব পাৰিলে আনদলৰ পৰা এটা বন্দী হৈ ধৰা দললৈ আছিব। এইদৰে দলিয়া-দলি কৰোঁতে যি দলৰে মানুহ নাইকিয়া হয়গৈ সেই দলেই হাৰে।
বন্দীবোৰ সকালাৰে পাছত থিয় হৈ থাকিব আৰু যদি পাৰে ঢোপটো ধৰি লৈ নিজ দললৈ গুচি আহিবলৈ চেষ্টা কৰিব। কিন্তু ঢোপটো নিওঁতে বিপক্ষ দলৰ মানুহে ছুলে নিব নোৱৰিব।
আন প্ৰণালী— দুই দলৰ মাজৰ কেন্দ্ৰ স্থানত এটা লেহুকা খুটি পুতিব। বলটো ওপৰতে ধৰা পৰিলে দলিয়াই দিয়া দলৰ পৰা এটা গৈ খুটিত ধৰি থিয় হ’ব। ধৰা দলৰ দলৰ পৰা এটাই
ঢোপটো লৈ ৫। ৬ হাত মান আঁতৰত মুখা-মুখিকৈ থিয়হৈ ঢোপটো দলিয়াই ইটোৰ গাত লগাবলৈ চাব। ইটোৱে খুটি ধৰি থকা অৱস্থাতে ঢোপটো যাতে নেলাগে তাৰ কাৰণে লৰচৰ কৰিব পাৰিব। ঢোপ লাগিলে বন্দী হৈ যাব আৰু যদি নেলাগে নিজস্ব দললৈ ঘূৰি আহিব। যি দলে বন্দী দিব লগা হয় সেই দলে পিছৰ বাৰত ঢোপ দলিয়াব।
নানা ঠাইত নানা প্ৰণালীৰে এই খেল খেলা হয়।
( ৮৬) দোৰ্পতি খেল:—
দুদল হ’ব। প্ৰত্যেক দলত যোৰ-যোৰ হৈ ইযোৰ পিছত সিযোৰ হৈ, আৰম্ভণী আঁচৰ পৰা পিছত, সম্মুখ সীমান্তৰ খুঁটিৰ মুখীয়া হৈ, দুই দল বহিব। পিছলৈও দলৰ কাৰণে দুটা অলপ দূৰত দুটা খুঁটি ৰাখিব।
১ ১ ১ ১ ১
............................... ................................
১ ১ ১ ১ ১
খুঁটি খুঁটি
২ ২ ২ ২ ২
............................... .................................
আৰম্ভণী ইঙ্গিতত আটাইত কৈ শেষৰ যোৰে থিয় হৈ, ভিতৰ ফলীয়া হাত ধৰা-ধৰি কৰি, বাকীবোৰৰ মূৰৰ ওপৰেদি লাঠী এডাল সমান্তৰাল কৰি নিয়াৰ দৰে খুঁটিৰ ওচৰলৈ লৰি গৈ, আকৌ ধৰা-ধৰিকৈয়ে উভতি আহি পাছৰ খুঁটিৰ ওচৰলৈ গৈ ঘূৰি আহি নিজ ঠাইত বহি আগৰ যোৰ হেঁচুকি দিব। হেঁচুক খাই আগৰ যোৰাও সেইদৰে যাব। এইদৰে গৈ গৈ যিদলৰে প্ৰথম যোৰা ঘূৰি আহি নিজ ঠাইত প্ৰথমতে বহিব সেইদলেই জিকিব।
( ৮৭ ) নাক-ধৰ :—
ল’ৰাবোৰে এটা মণ্ডল পাতিব! মণ্ডলটোৰ ভিতৰত এটা ল’ৰাই ইফালে-সিফালে লৰি যাকে-তাকে ছুবলৈ যাব। যাকে ছুবলৈ যায় তেওঁ আঠু এটা তুলি আঠুৰ তলেদি হাতখন সুমুৱাই নাকটো ধৰিব; ছোৱাৰ আগতে নাক ধৰি পাৰিলে তেওঁ তাত ৰ’ব, আৰু নোৱাৰিলে মণ্ডলটোৰ ভিতৰলৈ আহি আগৰজনৰ দৰে আনক ছুবলৈ চেষ্টা কৰিব। খালী হোৱা ঠাই ছুই দিয়া জনে সোমাই পূৰাই দিব।
(৮৮) সেৱা কৰ :—
ছেদেলি-ভেদেলি হৈ ল’ৰাবোৰ "ফীল্ডত” থিয় হ’ব। এজনে যাকে তাতে ছুবলৈ খেদি যাব। যাক ছুবলৈ যাব তেওঁ ছুই দিয়াৰ আগতে আঠু কাঢ়ি মাটিত কপালখন লগাব লাগিব। কপাল লগোৱাৰ আগতে যদি তেওঁক ছোৱা হয়, তেওঁ ধৰা পৰে আৰু উঠি আনক ছুবলৈ খেদিব লাগিব।
এই খেল মণ্ডল পাতিও খেলিব পাৰি।
( ৮৯) বিচাৰি চা :—
ল’ৰা এটা দূৰলৈ পঠিয়াব বা চকু মুদাই ধৰিব। কিবা এটা বস্তু লৰাটোৱে বিচাৰি উলিয়াবৰ কাৰণে ঠিক কৰি ৰাখিব। কোনো ল’ৰাৰ নাকৰ আগ, চোলাৰ বুটাম, ওলাই থকা গাৰ তিল-মাহ আদিও ৰাখিব পাৰি। দূৰলৈ পঠিওৱা ল’ৰাটোক আহিবলৈ ইঙ্গিত দিব আৰু বাকীবোৰে এটা গীত বা কবিতাৰ এটা শাৰী সুখ লগাই গাবলৈ আৰম্ভ কৰিব। উলিয়াব লগা বস্তুটোৰ
বিচৰা-ল’ৰাটো যিমান ওচৰ চাপিব সিমানে গানটো সৰুকৈ গাৰ লাগিব আৰু যিমানে আঁতৰি যাব সিমানে বৰকৈ গাব লাগিব। হাতেৰে বিচাৰি চাওঁতে উলিয়াব লগা বস্তুটোত হাত পৰিলেই গানটো থিতাতে বন্ধ হ’ব।
(৯০) উমান ল:—
ল’ৰা এটাক ভালকৈ চকু বান্ধি দিব। ল’ৰাটোৱে আঠু কাঢ়ি, কিলাকুটি দুটা মাটিত থৈ মাটিৰ ওচৰলৈ কাণ দুখন ৰাখিব। ঠিক মুখৰ তলতে মাটিত এটা বস্তু ৰাখিব। এই বস্তুটো কোনোবা এজনে, লাৰু দিবলৈ অহা মানুহৰ দৰে নিশাৰ-সাৰে মনে মনে আহি চুৰ কৰি নিবলৈ চাব। বস্তুটো নিয়াৰ আগতে চকুবন্ধা ল’ৰাটোৱে উমান লৈ যিফালৰ পৰা চোৰ আহে সেই ফালে আঙুলিয়াই দিব লাগে। আঙুলিয়াই দিব পাৰিলে গৃহস্থ জিকে, নহলে চোৰ জিকে।
শ্ৰৱণ শক্তি ভাল থকা ল’ৰাই ধৰিব পাৰেই। ভালকৈ নুশুনা ল’ৰাই ধৰিব নোৱাৰে। এই খেলেৰে সকলো ল’ৰাৰ কাণ পৰীক্ষা কৰিব পাৰি।
(৯১) নেজ নাইকিয়া গাধ:—
বোৰ্ডত নেজ নিদিয়াকৈ গাধ এটা আঁকি থ’ব। ল’ৰা এটাঙ্ক চকু বান্ধি দিব আৰু হাতত চক মাটি লৈ নেজডাল ল’ৰাটোৱে লগাই থৈ আহিব লাগে। যি দলৰ ল’ৰাই লগাই দিব পাৰে বা নেজৰ ঠাইৰ বেচি ওচৰ চাপে সেই দলেই জিকে।
(১) জিৰাফৰ খোজ:-
ওপৰলৈ হাত তুলি, হাত ফিট্ ফিটীয়া কৰি ৰাখি, এখন হাতৰ
বুঢ়া আঙুলি আন খন হাতেৰে খামোচ মাৰি ধৰি, আঠু নভঙাকৈ
ভৰিৰ আঙুলিৰ ওপৰত বেঙা মেলি মেলি খোজ কাঢ়িব।
ল’ৰাবোৰক মণ্ডলাকাৰত থিয় কৰাই ল’লে ভাল হয়। ইয়াত
গোটেই শৰীৰৰ ব্যায়াম হয়।
(২) শহাৰ খোজ:-
ল’ৰাবোৰ ভৰিৰ ওপৰত বহিব। হাত দুখন মূৰৰ দুফালে
কাণ দুখনৰ ওপৰত ওপৰলৈ আঙুলি উলিয়াই, শহাৰ কাণৰ
নিচিনা কৰি, ৰাখিব। আৰম্ভণৰ ইঙ্গিত দিলে শহাৰ কাণ দুখন
লৰাই লৰাই ল’ৰাবোৰে জাপ মাৰিব। জাপ মাৰোঁতে কিলাকুটি
দুটা আগলৈ পাছলৈ লৰাই থাকিব।
(৩) পাৰ চৰাই উৰা:—
হাত দুখন মেলি ল’ৰাবোৰে টুপ্-টুপ্ কৈ জাপ মাৰিব।
(৪) ভূতৰ হুমুনিয়াহ:–
হাত ওপৰলৈ মেলি দীঘলাই উশাহ টানি, তললৈ হাত নমাই
আগলৈ হাওঁলি, “আ” উচ্চাৰণ কৰি উশাহ এৰিব।
(৫) ভকতৰ ঈশ্বৰ নাম:-
৪ নংৰ দৰেই হাতমেলি উশাহ লৈ, ”গড”, ”নাৰায়ণ”, বা ”আল্লা”
(৬) নৈৰ পৰা পানী খোৱা:—
হাত দুখন কাজলি পাতি মুখলৈ তুলি আৰু তললৈ নমাই উঠা-বহা কৰিব।
(৭) নাও বোৱা:—
বঠা ধৰাৰ অনুকৰণ কৰি বুকুলৈ হাতৰ মুঠি তুলি তুলি, কিলাকুটি পাছলৈ হেঁচি নাও মৰাৰ অনুকৰণ কৰিব।
(৮) (ক) আগ সাতোৰ:—
আগলৈ হাত মাৰি আকৌ কঁকাললৈ আনি মেলা-সাঁতোৰৰ অনুকৰণ কৰিব।
(খ) পাছ সাঁতোৰ:—
পাছলৈ হাত তোলা ব্যায়াম কৰি কাষলতি তল চেপি চেপি আগলৈ হাত আনিব।
(গ) শিলনিত খোজ কঢ়া:—
এটা এটা ভৰিৰে দীঘল দীঘল কৈ অথালি-পথালি কৈ একোটাহঁত জাপ মাৰিব।
(ঘ) বাম পানীত খোজ কঢ়া:—
ভৰি আঙুলি জোঙাকৈ বহুত ওপৰলৈ আঠু তুলি তুলি “মাৰ্চ্” কৰিব।
(ঙ) বুৰ মৰা:-
মূৰটো আগলৈ হাঁওলাই হাঁওলাই উঠা-বহা ব্যায়াম কৰিব।
বিঃ দ্ৰঃ— ৭ নং আৰু ৮ নংৰ আটাই খিনি একেলগে গোটাই "নৈত গা ধোৱা” বুলি শাৰীৰিক ব্যায়ামৰ, গা-গৰম-কৰা ব্যায়ামৰ পৰা আৰম্ভ কৰি এটা পূৰ্ণ পাঠ তৈয়াৰি কৰি ল’ব পাৰি।
(ক) ল’ৰাবোৰে নৈত গা ধুবলৈ বুলি এটা নিৰ্দিষ্ট চিনলৈ বা ঠাইলৈ লৰ মাৰিব। নৈ পাই ল’ৰাবোৰ নাও খেলাবৰ মন গ’ল। নাও বৰ ডাঙৰ। পাৰলৈ নাচে। পাৰৰ পৰা নাৱলৈ এআঠুৱা পানী। —(খ) ল’ৰাবোৰে এতিয়া বাম পানীত খোজ কাঢ়িব। আহি নাও পাই নাৱত সহিব। —(গ) এতিয়া ল’ৰাবোৰে কিবা এটা নৌকা-গীত গাই নাও বাব। নাও আহি এখন শিলনিত লাগিল। তাত নাও নেযায়। —(ঘ) ল’ৰাবোৰে এতিয়া শিলনিত খোজ কাঢ়িব। শিলনি পাৰ হৈ পালেহি আকৌ এটা দ সূঁতি। তাত নাও নাই। —(ঙ) এতিয়া ল’ৰাবোৰে মেলা সাঁতোৰ দিব। (প্ৰথমতে ইখন-সিখনকৈ (alternately) আৰু তাৰ পিছত দুয়ো হাত একেলগে। ক্ৰমাগত ব্যায়াম দিয়াৰ দৰে লেখ কৰিব। ) মেলা সাঁতোৰ দিওঁতে দিওঁতে যি ঠাইত উঠিব লাগিছিল তাৰ পৰা বহুত ভটীয়াই গ’ল। (চ) এতিয়া পাছ-সাঁতোৰ দি ল’ৰাবোৰ নিৰ্দিষ্ট স্থানলৈ আহিব। —(ছ) নিৰ্দিষ্ট স্থান পাই ল’ৰাবোৰ টিকা পেলাই বহিব আৰু “আ” বুলি উশাহ এৰি দীঘলাই উশাহ লোৱা ব্যায়াম কৰিব। এয়ে হ’ল জিৰণি লোৱা। —(জ) তাৰ পিছত ল’ৰাবোৰে থিয় হৈ ভৰি ধুব অৰ্থাৎ হাত দুখন ভৰি দুটাৰ ওপৰত ওপৰ-তল কৰি চলাই চলাই সন্মুখলৈ গা হাউলি কৰা ব্যায়াম
কৰিব। ক্ৰমাগত ভাৱে দিব (ঝ) তাৰ পিছত ক্ৰমাগত ভাৱে বুৰ মাৰিব আৰু ঘৰলৈ লৰ দিব।
এই পাঠটোত ৰং-ৰগৰ, গীত আৰু ব্যায়াম সকলো হ’ব।
(৯) লাচিতৰ জয়-যাত্ৰা :—
(১) শৰাইঘাটৰ যুদ্ধত জয়ী হৈ লাচিত বৰফুকন চেউনি আলিয়েদি সসৈন্যে ঘোঁৰাৰ পিঠিত, ৰংপুৰত স্বৰ্গদেৱক সেৱা জনাই ৰণৰ বা-বাতৰি দিবলৈ আহিছে;—
ল’ৰাবোৰে বহি লৈ আঠুত বাঁৱে-সোঁৱে ( alternate কৰি ) চাপৰি মাৰিব।
(২) মুকলি পথাৰ পাইছেহি;–
হাত দুখন খোলা পাতি লৈ চাপৰি মাৰিব।
(৩) কদমত গৈছে;—
হাত দুখন পিচলাই পিচলাই চাপৰি মৰিব।
(৪) মিকিৰ পৰ্ব্বতত উঠিছে;
লাহে লাহে আঠুত হাত মাৰিব।
(৫) মিকিৰ পৰ্ব্বতৰ পৰা নামিছে;
খৰকৈ মাৰিব।
(৬) মুকলি পথাৰ আৰু কদম।
(৭) কাকদোঙা দলঙ পাইছেহি;
বুকুত হাত মাৰিব।
(৮) মুকলি পথাৰ আৰু কদম।
(৯) নামদাঙৰ শিলৰ সাঁকো;
মাটিত হাত মাৰিব।
(১০) জেৰেঙা পথাৰত।
(১১) ৰাজধানীৰ ওচৰ পোৱাত তিৰোতাবোৰে উৰুলি
(১২) ঘোঁৰা গৈ আছে।
(১৩) আকে। উৰুলি।
(১৪) ৰাইজে আলিবাটত তোৰণ তৰি সন্মান জনাইছে;—
ল’ৰাবোৰ দুশাৰী হৈ মুখা-মুখিকৈ বহি থকা অৱস্থাত কৰিলে লাঠীৰে তোৰণ তৰাব পাৰি। লৰাবোৰে ঠিয় হৈ দুয়োফালৰ পৰা লাঠীবোৰ মূৰে মূৰে লগাই দাঙি ধৰিলে এখন ডাঙৰ তোৰণ হৈ যাব। তোৰণাটো কৰি জয় লাচিতৰ জয় বুলি এটা জয়ধ্বনি দিব।
(১৫) ঘোঁৰা অলপ আৰু গৈছে।
(১৬) লাচিত ঘোঁৰাৰ পৰা নামিছে;—
খৰ খৰকৈ আঠুত কেই চাপৰ মান মাৰিব।
(১৭) স্বৰ্গদেৱক লাচিতে সেৱা জনাইছে-
তিনিবাৰ মাটিত মূৰ লগাব।
(১৮) লাচিতে ডা-ডাঙৰীয়াৰ লগত কাৰেঙত বহি আলোচনা কৰিছে;
ল’ৰাবোৰে যিমান হয় হায় কৰি চিঞৰ-বাখৰ কৰিব। শিক্ষকে সুহুৰি বজালেই বন্ধ হ’ব আৰু তিনিবাৰ জয়ধ্বনি দিব।
(১৯) তাৰ পিছত লাচিতৰ সন্মানাৰ্থে ৰাজধানীত চিপাহীৰ “পেৰেড্” হৈছে;—
তলত দিয়া গানটো গাই ল’ৰাবোৰে “মাৰ্চ” কৰিব ”মাৰ্ক-টাইম” কৰিব।
‘ধন্য লাচিত ধন্য লাচিত
শতেক ধন্য লাচিত বীৰ।
ধন্য অসম ধন্য অসম
ধন্য তোমাৰ উচ্চ শিৰ।
শুদ্ধ তোমাৰ দেশৰ ভক্তি;
ৰূদ্ৰ তোমাৰ প্ৰাণৰ শক্তি;
তপ্ত তোমাৰ শিৰৰ ৰক্ত
ধন্য লাচিত ফুকন বীৰ॥”
(১০) ধুমুহাত গছ ভগা:—
(১) লাহে লাহে বতাহ ৰৈছে; —লৰা বোৰে ওপৰলৈ হাত তুলি হালিব-জালিব; কঁকালৰ গুৰিৰ পৰা গা লৰাব।
(২) ঠাল পাত ভাগিছে;—তলে ওপৰে জপিয়াই চাপৰি মাৰিব।
লাহে লাহে বতাহ বোৱা আৰু ঠাল-পাঁত ভগাকে কেবা বাৰো দিব, যাতে হাতৰ আৰু কঁকালৰ যথেষ্ট ব্যায়াম হয়।
(৩) ধুমুহা বৰকৈ আছিল আৰু গছবোৰ উঘাল খাই পৰিল; ল’ৰোবাৰে এফালে কাতি হৈ হাউলি পৰিব।
আৰু তিনটা নৌকা-সঙ্গীত।
(১) মাৰিৰি ব’ঠা মাৰিবি ডাঁৰ॥
ধৰিবি গোৰখন বলেৰে গাৰ।
লুইতৰ সোঁততে দিছোঁ ভেলা মেলি,
নেজানো ক’তবা উঠিম পাৰ;
অ’ নাৱৰীয়া ভৰ দুপৰীয়া,
বাৰিষাৰ বানকে কৰিবি সাৰ॥
—উমেশ চৌধুৰী
গাৰো ভাষাৰ (’বা বা নাওখন বা’ ৰ অনুবাদ]
(২) চিচ’ নাংৰিংখ’
চী খিং খামা জ’ল জ’ল;
খাট্চায়ে খাট্চায়ে খাট্চায়ে খাট্চায়ে জাংগিদে' জুমাংচান্॥
—কে’ ডবলিউ মমিন।
(৩) হে’ৰ নাৱৰীয়া নয়ন ভৰি ভৰি চা।
সন্মুখত সৌ উঠিছে নামিছে ৰূপহী সুতিৰে ধল;
ধলৰে বুকুতে পোহৰ জলে মলাই,
টোৱে কৰে টল্ মল্॥
ঢৌ দেখি তোৰ হালে-জালে গা,
ইকৰা পাতেৰে নাওখনি বা;
পখিলা পাখিৰে পাল তৰি লৈ
পাৰি দি মাজলৈ যা।
কলমৌ ঠাৰিৰে পেপাঁটি বজাই
বনগীত এফাঁকি গা॥
—পাৰ্ৱতি বৰুৱা।
বিশেষকৈ ক,খ মানৰ শ্ৰেণীৰ ল’ৰাৰ কাৰণে উপযোগী তলত দুটা গীত দিয়া হল;—
(১) কিয় পাছে পৰি থাকিবা লাহৰি
পাহৰি দেহাৰে বল!
ৰণত জাপে দিয়া লাহে বান্ধি হিয়া
সংসাৰ যুঁজৰে থল
ৰণৰে কুকুৰা কু-কু-কু কুউ,
নহওঁ কপৌ কুলি ফেঁচা হুদু;
ৰণৰে কুকুৰা ৰণত পৰি মৰে
নমৰে গঁড়ালৰ তল।
আহক পালে পালে বনৰ হাতী,
হাউম্ হাউম্ হাউম্ মাতি;
আহক জাকে-জুমে হাতী বাঘে-ঘোঙে
একোলৈ নকৰো ডঁৰ॥ — মহন্ত।
ল’ৰাবোৰক মণ্ডলাকাৰত থিয় কৰাই দুদল কৰি ল’ব।
১ নং দলে গাব — কিয়..............................বল।
২ নং দলে গাব - ৰণত..............................বল।
১ নং দলে ক’ব – ৰণৰে কুকুৰা,
২ নং দলে ক’ব — কু-কু-কু কুউ,
১ নং দলে ক’ব — নহওঁ কপৌ কুলি
২ নং দলে ক’ব- ফেঁচা হুদু;
দুয়ো দলে গাব — ৰণৰে..............................তল॥
১ নং দলে ক’ব- আহক..............................হাঁতী
২ নং দলে ক’ব-হাউম্...............................মাতি,
দুয়ো দলে গাব — আহক............................ডঁৰ॥
প্ৰতি শাৰী অন্ততঃ দুবাৰ কৈ গাব। যিমান পাৰে ভাঙি দিবলৈ চাব।
(২) বলিছে মলয়া বা ধীৰে ধীৰে
বলিছে মলয়া বা।
ফুলে হালে-জালে পাতে হালে-জালে
পখিলাৰ উঠিছে গা, ধীৰে ধীৰে
বলিছে মলয়া বা।
ফুলৰি ধানৰে পথাৰে পথাৰে
ঢৌ ঘূৰি ফুৰে চা,
আহি বালিমাহী কয় হাঁহি হাঁহি
দুহাতে চাপৰি বা, ধীৰে ধীৰে
বলিছে মলয়া বা॥
—গ্ৰেম’ফন—
বলিছে……………বা—ওপৰলৈ হাত তুলি গা বোৰ হালি-জালি ঘূৰাব।
ফুলে……………পাতে-জালে—এখন এখন কৈ হাত আলফুলকৈ লৰাব।
পখিলাৰ……………গা—হাত দুখন কাষলৈ মেলি কঁকালটো ঢৌৰ দৰে লৰাব।
ফুলৰি……………পথাৰে-আগলৈ বেঁকা হৈ পথাৰ দেখুৱাৰ দৰে হাত দুখন ইফালে সিফালে চলাব।
ঢৌ……………চা—লয়লাসত এটা সম্পূৰ্ণ ঘূৰণ দি ইটোৱে সিটোক চাব।
আহি বালি মাহী— সোঁ ফালে ঘূৰি হাত দুখন আগলৈ ৪৫o মানত তুলি বালিমাহী চৰাইৰ নেজৰ দৰে মাৰি লয়লাসে ভৰি চলাব।
কয় হঁহি হাঁহি— ভিতৰলৈ চাই আটাইবোৰে হাঁহিব।
দুহাতে চাপৰি বা— চাপৰি মাৰিব।
(গোটেই কাৰ্য্যটো মণ্ডলাকাৰত কৰিব)।
বিঃ দ্ৰঃ –গ্ৰেম’ফনত থকা গোটেই গানটোৰ বাকী শাৰীখিনিৰ আৱশ্যক আৰু নাই; তেতিয়া ভঙ্গি জটিল হয়গৈ।
শিক্ষকসকলে নিজ নিজ গাওঁ আৰু ঠাইবোৰৰ বিষয়ে বুৰঞ্জীমূলক ব্যায়াম-সঙ্গীত বা কবিতা ৰচি ল’ব পাৰিব। তলত নাজিৰা আৰু বকতাৰ ওচৰৰ মজলীয়া স্কলৰ শিক্ষক শ্ৰীযুত মুক্তনাথ মহন্ত
দেৱে ৰচি লোৱা এটা গীতৰ নমুনা দিয়া হ’ল।
নহওঁনে লাচিতৰ দেশৰ ল’ৰা ঐ।
অতীত কীৰ্ত্তিৰে ভৰা সেই অসমৰে ল’ৰা
নহওঁনে কোৱাচোন প্ৰাণ সখি ঐ?
প্ৰতাপী আহোম আমি এই বকতাতে শাসি
কঁপালো অসম দেশ প্ৰাণ সখি ঐ।
মহাসতী জয়মতী ওপজা জনমভূমি
নহয়নে আমি থকা ঠাইখনি ঐ,
এই নাজিৰাৰে সেই বিক্ৰমী লাচিত বীৰে
শঙ্কৰে জনম ধৰি ভকতি প্ৰচাৰ কৰি
সনাতন ধৰ্ম্ম সোঁত বোৱাইছিল ঐ?
অতীতৰ নাম লোৱা অতীতৰ গুণ গোৱা
অতীত সাৰথি কৰি আগ বাঢ়া ঐ
মুখে মুখে লোৱা নাম অসম বিজয় গান
বক বিজয়ৰ সোঁত প্ৰাণ সখি ঐ॥
যোৰহাট নৰ্ম্মাল স্কুলৰ শক্ষক শ্ৰীযুত জয়ৰাম পাত্ৰদেৱে লিখি লোৱা এক ব্যায়াম সঙ্গীত।
সঙ্গীত;—
উঠ হেৰ, যুৱক, শক্তি-সাধক
এৰি দে তন্দ্ৰা নিদ্ৰা ভাগৰ,
গুপ্ত বাহুত তোৰ শক্তি সাধিবি
মোহাৰি পেলাবি বিঘিনি পাথৰ।
কম্পিত হ’ব পৰন-গগন
শুনি ধ্বনি তোৰ সিংহ-গৰ্জ্জন
তপ্ত ৰক্ত সিৰে সিৰে বৈ যক।
বীৰ দৰ্পে বাহু তোৰ নাচক।
একে লেখকৰে কাঠী খেল গীত; —
খেল কাঠী খেল, খেল কাঠী খেল;
ধূলি বালিৰ ঘৰ সাজি আমি পাতিম মেল॥
ঘেণ্-খিতা ঘেণ-ডাও
তেঘেণিতা-খিত তাঁও
ঢোল পেঁপা খোল বাহী আমি মুখত গাওঁ॥
আহ ভাই পাৰি ৰং
তিৎ-তাত্তি তল-লং
হাঁহি-মাতি নাচি-বাগি
মনত পাবি ৰং॥
অন্য এটি ড্ৰিল-সঙ্গীত
আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম।
সকলো আছিল সকলো আছে নুশুনো নলওঁ গম॥
শঙ্কৰে দিলে বিশুদ্ধ ধৰম লাচিতে বাহুত বল।
সতী জয়মতী সতীত্ব তেজেই অসমী সতী প্ৰৱল॥
বাজক ডবা বাজক শঙ্খ বাজক মৃদঙ্গ খোল।
অসম আকৌ উন্নতি পথত জয় আই অসম বোল॥
—বেজবৰুৱা
অসমীয়া জাতীয় সঙ্গীত।
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুনী দেশ
এনেখন শুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিবীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত॥
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।
নৃত্য মানুহৰ প্ৰায় স্বভাৱগত। ই এক সজীৱ ভাষাৰ নিচিনা আৰু সকলো দেশতে মানৱ জাতিৰ সৃষ্টিৰ লগে লগে ইয়াৰ স্থিতি। দুখ-শোক, প্ৰেম-প্ৰীতি, ৰং-খং অহঙ্কাৰ অভিমান আদি সকলো ভাৱ নৃত্যৰে প্ৰকাশ কৰিব পাৰি। কোনে এক জাতিৰ এটা জাতীয় নৃত্যত সেই জাতিৰ জাতীয়তাৰ বহুত সমল পোৱা যায়।
সভ্যতাৰ পোহৰ নোপোৱা প্ৰকৃতিৰ সন্তান সকলে স্বভাৱতে আদিৰে পৰা নৃত্য কৰি ৰং ৰগৰত বুৰ গৈ আহিছে, আৰু সভ্যতাৰ পোহৰ পোৱা সকলে, প্ৰাচ্য পাশ্চাত্যৰ সকলো দেশতে এই নৃত্যকলাৰ শৃঙ্খলা লগা চৰ্চ্চা কৰি জাতীয় কৃষ্টি ৰূপে পিছৰ পুৰুষলৈ থৈ গৈছে। দেহৰ সৌষ্ঠৱ সৌন্দৰ্য্য, গতিৰ লয়লাস আৰু স্বাস্থ্য বৃদ্ধি কৰা শিক্ষাৰ ই এক প্ৰধান অঙ্গ। গ্ৰীচ দেশত নৃত্য কৰিব নজনা মানুহক অকামিলা বুলি ধৰি ৰজা-ঘৰীয়া বিষয় বাবৰ পৰা বঞ্চিত কৰা হৈছিল। আমাৰ ভাৰততো ৰজা-ঘৰীয়া প্ৰজাঘৰীয়া আৰু নামঘৰীয়া আদি সকলো ক্ষেত্ৰতে নৃত্য চলি আহিছে। আমাৰ অসমৰ ভাওনাবোৰৰ নাচ এটা প্ৰধান অঙ্গ, আৰু সত্ৰবিলাকত পূৰ্ণ মাত্ৰাই ই চলি আছে।
আমাৰ ”শ্ৰীহস্ত মুক্তাৱলী” পুথি নৃত্যৰ নানা ধৰণৰ মুদ্ৰা বা অঙ্গি-ভঙ্গিৰ বিস্তুত বিৱৰণ আছে। এই মুদ্ৰা বিলাকে গোটেই দেহত চালনা দিয়ে আৰু ব্যায়ামৰ দৰে নিয়মিত ৰূপে কৰিলে লয়লাস পূৰ্ণ, সুন্দৰ লনী শৰীৰ গঢ়ি তুলিব পাৰি।
তলত বিশেষকৈ ছোৱালীৰ স্বাস্থ্য শিক্ষাৰ কাৰণে কেইটিমান উজু মুদ্ৰাৰ নমুনা দিয়া হ’ল। দুটা এটা মুদ্ৰা একেলগে গোটাই ১,২,৩ আদি লেখ কৰি ক্ৰমাগত দিলে যথেষ্ট পৰিচালনা হ’ব। মুদ্ৰা প্ৰকাশক কোনো গীত ৰচি বা বিচাৰি লৈ, গীতৰ তালত মিলাই ভঙিবোৰ দিলে আৰু অনুপম হৈ উঠে।
কিছুমান সৰল মুদ্ৰা— বা হাতৰ চালনা
(১) পতাক হস্ত:— সকলো অঙ্গুলি একেলগ কৰি পোন কৰি মেলি বুঢ়া আঙুলি অলপ কোঁচাব।
(২) থল-পদ্ম হস্ত:— হাতৰ সকলো আঙুলি বিৰল কৰি মেলি গাৰ ফালে ঘূৰাব।
(৩) পাদ্মকোষ হস্ত:— হাতৰ আঙুলি অলপ কোঁচাই বিৰল কৰিব।
(৪) (ক) নমঃকাৰ:— পদ্মকোষ হস্ত দুয়োকো একেলগে লগাই পতাক হস্তেৰে মুখৰ ওচৰলৈ আনি শিৰ নত কৰিলে নমঃকাৰ হয়।
(খ) পতাক হস্ত দুয়োকো বুঢ়া আঙুলি গেড়ুৱাৰ ওপৰত গেড়ৱা তুলি সকলো আঙুলি বিৰল কৰি ঘূৰালেও নমঃকাৰ হয়।
(সূত্ৰধাৰী নাচ আদিত ইয়াক বিশেষকৈ পাব। )
(৫) হংস মুখ হস্ত:- বুঢ়া, তৰ্জ্জনী আৰু মধ্যমা আঙুলিৰ আগ তিনটা টিপি ধৰি, বাকী দুই আঙুলিক পোন কৰি মেলি হাতৰ ঠাৰিটো ওপৰ মুৱাকৈ তুলি, হাতৰ গাঁঠি ভাঙি আঙুলি তলমুৱা কৰিলে হংস-মুখ হস্ত হ’ব। হাতৰ ঠাৰি কমকৈ ফুলাই এই মুদ্ৰা দিলে অন্য চৰাইকো বুজাব।
(৬) হংসপক্ষ হস্ত:- বুঢ়া আঙুলিক কেঁকোৰা কৰি কেঞাক ওপৰলৈ তুলি মাজৰ তিনি আঙুলিক একেলগ কৰি আগলৈ মেলি লৰাব।
(৭) ভ্ৰমৰ হস্ত:- বুঢ়া আঙুলিৰে মাজৰ আঙুলিৰ আগত ধৰি বাকী তিনি আঙুলি বিৰল কৰি ওপৰলৈ তুলিলে ভ্ৰমৰ হস্ত হয়।
(৮) চলন্ত মধুকৰ হস্ত:- ভ্ৰমৰ হস্তৰ তৰ্জ্জনী আৰু অনামিকা কিছু কেঁচাই লৰালে চলন্ত মধুকৰ হস্ত হয়।
(৯) মৃগশীৰ্ষ হস্ত:- বুঢ়া আঙুলি আৰু কেঞা আঙুলি ওখ কৰি মাজৰ তিনি আঙুলি মুঠি মাৰি ধৰিলে মৃগশীৰ্ষ হস্ত হয়।
(১০) বংশী মুদ্ৰা:- মৃগশীৰ্ষ হস্ত দুয়োকে সোঁফালে মুখৰ ওপৰত তুলি, বাওঁ বুঢ়া আঙুলি ওঁঠত লগাই চকুৰে কেৰাহিকৈ চালে বংশীক আৰু বংশীবাদনক বুজায়।
(১১) পানী:- পতাক হস্তৰ বুঢ়া আঙুলি অলপ নমাই তলুৱা অলপ কোঁচাই লৰালে পানীক বুজায়।
(১২) ণুপুৰ:- পতাক হস্তক দুয়োকে ভৰিৰ আগত বৃত্তাকাৰে ঘূৰালে ণুপুৰক বুজায়।
( ১৩ ) বন :— দুই পতাক হস্ত উবুৰি কৰি এপাষৰ পৰা আন পাবলৈ নিলে বন উপৰন আদিক বুজায়।
( ১৪ ) পৰ্ব্বত :—পতাক দুষ্ট হস্তক পোন কৰি মূৰলৈ তুলি চকুৰে চালে পৰ্ব্বতক বুজায়।
( ১৫ ) গছ :—পতাক হস্তক তলৰ পৰা ক্ৰমে ওপৰলৈ লৰাই নিলে গছক বুজায়।
( ১৬ ) কোমল তৃণ :— পতাক হস্তক বহলাই মেলিলে কোমল তৃপক বুজায়।
( ১৭ ) ঢৌ :– পতাক হস্ত দুয়োকে আগত হিন্দোল কৰিলে ঢৌক বুজায়।
( ১৮ ) লতা :-—মাজৰ আঙুলিৰ আগত বুঢ়া আঙুলিৰে ধৰি বাকী আঙুলি মেলি তলৰ পৰা ওপৰলৈ কেকোৰাকৈ লৰাই তুলিলে লতাক বুজায়।
( ১৯ ) মৎস্য :—সোঁ পতাক হস্তৰ পিঠিৰ ওপৰত বাওঁ পতাক হস্তক তুলি বুঢ়া আঙুলি মেলি বুঢ়া আঙুলি দুটা লৰালে মৎস্য, কুৰ্ম আদিক বুজায়।
( ২০ ) জগত :—যদি বাম কন্ধৰ পৰা দক্ষিণ পতাক হস্তৰ দক্ষিণ কাষলৈ অনা হয়, তেতিয়া জগতক বুজায়।
(ক) পতাকা হস্ত ওপৰলৈ তুলি, কঁকালৰপৰা ওপৰ ভাগ কাষেদি পাছলৈ বেঁকা কৰি, ভৰি অগা-পিছাকৈ চলাই লয়লাস গতিৰে ভাগলৈ যাব। লেখ—১, ২, ১, ২ ইত্যাদি।
( ইয়াত বিশেষকৈ কঁকাল আৰু বুকুৰ ব্যায়াম হয়, আৰু কুঁজা অৱস্থাৰ সংশোধক পৰিচালনা। )
(খ) পতাকা হস্তেৰে সোঁৱে বাঁৱে চাই মৃদঙ্গ বজোৱাৰ ভঙ্গি দি সাধাৰণ খোজকঢ়াৰ দৰে লয়লাসত আগুৱাই থাকিব। লেখ— ১, ২, ১, ২ ইত্যাদি।
( ইয়াত হাতৰ ঠাৰি, ডিঙি আৰু হাতৰ গাঁঠিৰ পৰিচালনা হয়। )
(গ) ক নংৰ দৰে।
(ঘ ) তাৰ পিছত ঠাইতে তালে-তালে ঘূৰি হাত ওপৰলৈ কৰি চাপৰি মাৰি মাৰি হাতৰ গাঁঠি ঘূৰাব। লেখ—সোঁৱে ৮ বা, বাঁৱে ৮ বাৰ।
( ইয়াতো ঠাৰিৰ আৰু বাহুৰ পৰিচালনা হয়। )
(ঙ) আকৌ ক নং দৰে।
(চ ) থলপদ্ম-হস্ত মুখৰ গুৰিলৈ তুলি লয়লাসে ঘূৰাই ঠাইতে ৪ নংৰ দৰে সোঁৱে-বাৱে ঘূৰিব।
( ইয়াতো আঙুলি আৰু হাতৰ ব্যায়াম হয়। )
(ছ) ক নংৰ দৰে।
(জ) চ নংৰ দৰে থল-পদ্ম-হস্ত ওপৰত ঘূৰাই দুবাৰ সোঁয়ে আৰু দুবাৰ বাঁৱে একান্তৰে ঘূৰি ঘূৰি উঠা-বহা কৰিব।
লেখ—১, ২, ৩, ১, ২, ৩ ইত্যাদি।
(ইয়াত শৰ্ব্বশৰীৰৰ চালনা হয়। )
(ঝ) ক নংৰ দৰে।
(ঞ) সোঁ ফালে লাহেকৈ অৰ্দ্ধ কোণীয়া আগুৱাই জাপ মাৰি, পদ্মকোষ হস্ত ঘূৰাই বাওঁ ফাললৈ আনি হংস-মুখ-বস্তু মুদ্ৰা দেখুৱাই এৰি দিয়াৰ লগে লগে সোঁ ভৰি আগেদি বাওঁ ফালে আনি বাওঁ ভৰিৰ ওপৰত থিয় দিব। লেখ—১, ২, ১, ২ ইত্যাদি।
(ট) ক নংৰ দৰে শেষ কৰিব।
গোটেই নাচটো মণ্ডলাকাৰত কৰিব। তলত দিয়া গীতটি বা ইয়াৰ নিচিনা অন্য গীত এই নাচত ব্যৱহাৰ কৰি পাৰিব ,—
বালা :—এমন মোহন গোপী সৱে কৰে খেলা ”॥
পদ : – স্বানন্দ মৃদঙ্গ ৰঙ্গে বজাৱত
তাল কৰতাল ঠুকি।
তাৰ চেৱ লৈয়া “ঘূৰিয়া ঘূৰিয়া”
গোপিনী নাচে উৎসকি।
* * *
“আনন্দে উৎসৱে নাচে চেৱে চেৱে
সমস্ত গোপিনী জাক, "
মানা ভঙ্গি-তায়ে চৰণ চলায়ে
ফুৰন্ত মণ্ডলি পাক।
ওপৰত দিয়া এই মুদ্ৰাবোৰৰ দুই বা ততোধিক লগ লগাই কঁকাল আৰু ভৰিৰ লাস্যৰ লগত মিলাই চালনা কৰিলে সুন্দৰ শাৰীৰিক ব্যায়াম হ’ব, দেহৰ সোঁৱ আৰু গতিৰ জয়লাস বৃদ্ধি হ'ব, দেহটি ল-নী হ’ব, ভিতৰ যন্ত্ৰৰ শক্তি বৃদ্ধি হ’ব আৰু স্বাস্থ্যই মোৰ বুলিব।
শাৰীৰিক ব্যায়াম বা এই লৰাবোৰৰ চালনা কৰোতে মুখখন কেতিয়াও টেপি নধৰিব। মুখত হাঁহি বিৰিঙাই ৰাখিব লাগে। ইয়াৰ অন্যথা হ’লে গাল সোমাই যায়।
গা ধুই উঠি চুলি আঁচোৰোতে বা অন্য কোনো সময়ত মাজে মাজে, মুখখন ঘনে ঘনে মেলা-জপা কৰি তাৰ পৰা ওপৰলৈ হাত চলাই গাল দুখন মোহাৰিলে মুখৰ সৌন্দৰ্য্য বৃদ্ধি হয়।
S. N. Bhattacharyya
For
Darpan Prakash Bhawan
JORHAT, ASSAM
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )