পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



ল’ৰা-ছোৱালীৰ
ৰং-ঘৰীয়া খেল

( ভঙ্গী-গীত আৰু নৃত্য-মুদ্ৰা কথা সহ )

ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল (page 15 crop)


(১) চৰাইৰ বাহ বা কেৰ্কেটুৱাৰ বাহ :–
    শিক্ষকে ল’ৰাবোৰ চাৰি চাৰি কৈ লেখ কৰিব। ১, ২, অাৰু ৩নং ল’ৰাই হাত ধৰা-ধৰি কৰি একোটাহঁত বাহ সাজিব। ৪নং ল’ৰাবোৰ চৰাইহৈ বাহে পতি এটাকৈ সোমাই থাকিব। এটা বাহ-নাইকিয়া-চৰাই থাকিব। শিক্ষকে সুহুৰি বজালেই প্ৰতিটো চৰায়ে নিজ বাহ এৰি অন্য এটা বাহলৈ যাব। ইতিমধ্যে বাহ-নাইকিয়া চৰাইটোৱে এটা বাহত সোমাবলৈ চাব। প্ৰতিবাৰে একোটাহঁত ল’ৰা বাহ-নাইকিয়া হৈ থাকিব। এইদৰে কেইবাবাৰো খেলাব।
    ২য় প্ৰণালী—প্ৰথম সুহুৰিত বা ইঙ্গিতত চৰাইবোৰে চাৰিউকাষে বাহ বিচাৰি ফুৰাৰ দৰে উৰি ফুৰিব অাৰু দ্বিতীয় ইঙ্গিতত বাহত সোমাব।
    ৪নং ল’ৰাবোৰে চৰাইহৈ কেবাৰমান খেলাৰ পিছত ৩নং বোৰক চৰাই কৰি অাৰু ৪নং বোৰে ১ আৰু ২নং বোৰৰে বাহ সাজিব। এইদৰে প্ৰত্যেক ল’ৰাকে চৰাই হ’বলৈ সুবিধা দিব।