পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিকলি ডালৰ ১ম লৰাটোৱে লাঠী এডাল পথালি কৰি সমুখত ধৰিব। শিকলি ডালৰ শেষৰ ল’ৰাটোৰ পাছফালে কঁকালৰ পৰা ওলোমাই ৰুমাল এখন খোচনি মাৰি দিব। ৰুমাল খন হ’ব নেগুৰ। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বাঘটোৱে নেগুৰ ডাল আনি মাষ্টৰক দিবলৈ চাব আৰু ১ম ল’ৰাটোৱে লাঠি ডালেৰে বাঘ যি ফালেই যায় সেই ফালেদি গৈ আগত থিয় হৈ বাধা দিব। বাধা দিওঁতে শিকলি ছিগিব নেলাগে আৰু গোটেই শিকলিডালে এক হৈ বাধা দিব। শেষৰ ল’ৰাটোৱেও বিশেষ চেষ্টা কৰিব যাতে নেগুৰ ডাল নিব নোৱাৰে। নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি বাঘে নেগুৰ আনিব নোৱাৰে, তেন্তে বাঘৰ পৰাজয়।
 এইটো দল খেল কৰিও খোলাব পাৰি। প্ৰত্যেক এদলৰ এটাক প্ৰতিনিধি কৰি বাঘ হ’বলৈ দিব আৰু সিদলে শিকলি কৰিব; তাৰ পিছত আগেয়ে বাঘ পঠিওৱা দলে শিকলি কৰিব আৰু আন দলে বাঘ দিব।

 (৪৮) হায়দৰাবাদ বল:—
 এখন সৰু “ফীল্ড” ত ফুটবলৰ দৰে এই খেল হাতেৰে খেলে। গ’লকীপাৰ, বেক্, ফৰওৱাৰ্ড আদি ফুটবল খেলত থকাৰ দৰে থাকিব। যেই-সেই সংখ্যক ল’ৰাই খেলিব পাৰে। বেচি ল’ৰা হ’লে গ’লকীপাৰ ২/৩ জন হ’ব পাৰে, সেইদৰে অন্যান্যবোৰো। ল’ৰাৰ সংখ্যা বেচি হ’লে কোনটো কোন দলৰ ল’ৰা জানিবলৈ এটা চিন থকা ভাল। এদলে হয়টো বনিয়ন পিন্ধিৰ আৰু আনদলে কামিজ পিন্ধিব বা এদলে ডিঙিত আঁৰি ফটাকানি বা ফিটা এডাল ল’ব আৰু আনদলে নল’ব।