পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শিক্ষকে কেন্দ্ৰস্থানত দুয়োদলৰ চেণ্টাৰ ফৰওৱাৰ্ড্, দুটাক মুখা-মুখিকৈ থিয় কৰি লৈ মাজতে ওপৰলৈ বলটো মাৰি দিব আৰু খেল আৰম্ভ হ’ব। ইটোলৈ সিটোলৈ বলটো দলিয়াই “পাচ’ কৰি খেলিব লাগে আৰু বলটো গ’লৰ খুঁটিৰ মাজেদি গ’লেই একোটাহঁত গ’ল হয়। তলৰ নিয়মখিনি মানি চলিব।
 (ক) বলটো হাততলৈ কোনো ল’ৰা লৰ মাৰিব নোৱাৰে বা এখোজতকৈ ভৰি লৰাব নোৱাৰে। কিন্তু এহাতেৰে মাটিত বগৰাই বা মাটিত ঠেকেচি-ঠেকেচি বল নিব পাৰিব। বগৰাই নিয়াৰ পিছত বা ঠেকেচি নিয়াৰ পিছত দুহাতেৰে বল ধৰিলেই অন্য ল’ৰালৈ ”পাছ” কৰিবই লাগিব। এইবোৰ নিয়ম যি দলে ভঙ্গ কৰিব, আন দলৰ এটা ল’ৰাই ফীল্ডৰ বাহিৰৰ পৰা "আউট-থ্ৰ” কৰি পুনৰ খেল আৰম্ভ কৰিব।
 (খ) গ’লকীপাৰে হাত-ভৰি সমানে ব্যৱহাৰ কৰিব পাৰিব; কিন্তু অন্য ল’ৰাৰ ভৰিত লাগিলেই “ফাউল” হ’ব আৰু “আউট্‌ থ্ৰৰে” পুনৰ খেল আৰম্ভ হ’ব।
 (গ) কোনো ল’ৰাই আন দলৰ ল’ৰাক হাতেৰে গাত বা অন্যান্য অঙ্গত ধাবিব নোৱাৰিব। ইয়াৰ দোষত আন দলে এটা ”পেনালিটি থ্ৰ” পাব।
 (ঘ) ইয়াত ‘অফ্-চাইড্' নাই। ল’ৰা য’তে ত’তে থাকিব পাৰে।
 (ঙ) দুটা ল’ৰাই একেলগে ধৰোঁতে যদি বহুতপৰ বলটো ল’ৰা দুটাৰ হাততে ৰৈ থাকে, তেন্তে শিক্ষকে বলটো লৈ সেই ল’ৰা দুটাক মুখা-মুখি কৰি থিয় কৰাই চেণ্টাৰত মৰাৰ দৰে মাজতে বলটো ওপৰলৈ মাৰি দিব।