মিৰি-জীয়ৰী/সপ্তম অধ্যায় - মিৰি গাঁও দুখনত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি-জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ

[ ৫১ ]
সপ্তম অধ্যায়


মিৰি গাঁও দুখনত


 সেইদিনা ভূঁইতলিত পানেইৰ পৰা বিদায় লৈ জঙ্কিয়ে সেইখন মিৰি গাঁও এৰি ঘূণাসুঁতিৰ মিৰি গাঁৱলৈ গল। তাত মাহীয়েকৰ ঘৰত আশ্ৰয় ললেগৈ। মিৰি ডেকাবিলাকৰ ভিতৰত জঙ্কি যতে-ততে এজন দেখনিয়াৰ মিৰি ডেকা আছিল। তাতে সি যি বিহুৰ পেঁপা বজায়,তাৰ শব্দ শুনিলেই মিৰি গাভৰু মাত্ৰেই উত্ৰাৱল নোহোৱাকৈ থাকিব নোৱাৰে। সেই দেখি ঘূণাসুঁতি গাঁৱতো সি অলপ দিনৰ ভিতৰত তাৰ ডেকা-গাভৰু দলৰ এজন ঘাই ডেকা হৈ পৰিছিল। বিহু হলেই জঙ্কিয়ে পেঁপা লৈ বিহুত উপস্থিত হব লাগে, তেহে গাভৰুহঁতৰ গা উঠে। দুই-চাৰিজনী গাভৰুৱে অলপ দিনৰ ভিতৰতে জঙ্কিক মৰম কৰা ভাবো দেখুৱাৱ ধৰিলে। কিন্তু এনেকৈ ৰং-ধেমালি কৰি ফুৰিলেও জঙ্কিৰ যি পানেইলৈ হৃদয়ৰ মৰম নুগুচিল। সময়ে সময়ে তাৰ এনে বেজাৰো লাগে যে সি বিহুকে আদি কৰি কোনো আমোদলৈ নোযোৱাত পৰে। কিন্তু নগলেও আন আন ডেকা-গাভৰুৱে তাক বলেৰে টানি বিহুলৈ লৈ যায়।

 সেই গাঁৱৰে গাভৰুবিলাকৰ ভিতৰত ডালিমী নামেৰে এজনী গাভৰু আছিল। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। তাই এজনী সেই গাঁৱৰে গামৰ জীয়ৰী। মিৰি গাভৰুবিলাকৰ ভিতৰত তায়েই [ ৫২ ] এটাইতকৈ ভাল নাচনী। সেইদৰে আমাৰ জঙ্কিও এজন পেঁপাদাৰ ওস্তাদ। সেই দেখি ডালিমী গাভৰুৰ হৃদয়ত লাহে লাহেকৈ জঙ্কিলৈ এটি আকৰ্ষণ হব ধৰিলে। যিদিনা জঙ্কি বিহুত থাকে সেইদিনাই ডালিমীৰো নাচ-বাগৰ উত্সাহ বেছি হয়। যিদিনা জঙ্কি সোৱণশিৰীৰ পাৰলৈ তাৰ হৃদয়ৰ দেৱী পানেইৰ বুজ লবলৈ যায়, সেইদিনা ডালিমীৰ মুখ কলা পৰে। কিন্তু জঙ্কিয়ে এইদৰেনো কলৈ কি সকামে আহা-যোৱা কৰে ডালিমীয়ে তাৰ তত ধৰিব নোৱাৰিলে। জঙ্কিৰ অভ্যন্তৰৰ কথা ডালিমীয়ে একোকে বুজিব নোৱাৰিলে। সেই বুলিয়েই যে ডালিমিয়ে জঙ্কিৰ হৃদয়ৰ অভ্যন্তৰৰ কথা জানিবলৈ ক্ৰটি কৰিব এনে নহয়।

 এদিন জঙ্কিয়ে মনত দুখ কৰি নদীৰ ঘাটত এখন নাৱৰ ওপৰত বহি মনে মনে পানীলৈ চাই দুই-এবাৰকৈ চকুৰ লো টুকিব ধৰিলে। গাঁৱৰ ফালৰ পৰা ডালিমীয়ে কাষত কলহ লৈ নদীৰ ঘাটলৈ আহি জঙ্কিক পানীৰ ফাললৈ মুখ কৰি থকা দেখা পালে। ডালিমীয়ে চিত্তত মুকলিমূৰীয়া মিৰি-জীয়ৰীৰ স্বভাৱৰ এটি আমোদ কৰিবলৈ মন হল। লাহেকৈ কাষৰ কলহটো থৈ হাতত সাৰে ভৰিত সাৰে জঙ্কিৰ পাছফালে থিয় হলগৈ; আৰু ততালিকে জঙ্কিৰ চকুহাল মুদাই ধৰিলে। জঙ্কিয়ে হাত সেপিয়াব ধৰিলে। অতি চেষ্টা কৰিও কোন চিনি নাপালে। তেতিয়া ডালিমীয়ে হাত এৰি দি খিল্‌ খিল্‌ কৰে হাঁহিব ধৰিলে। জঙ্কিয়ে মুখ ফিৰাই চাই দেখে ডালিমী। ডালিমীয়ে জঙ্কিৰ চকুলৈ চালে। চাৰি চকুৰ মিল হল। কিন্তু আঃ! ডালিমীয়ে কি বেজাৰ লগা কথা দেখিবলৈ পালে। জঙ্কিৰ চকু দুটা ঔৰ ফুল যেন ৰঙা। অলপ আগেয়ে লো বোৱা চিন আছে। তাৰ দুখতে দুখী হৈ ডালিমীয়ে সুধিলে— [ ৫৩ ]  “জঙ্কি তই কান্দিছ দেখোন?’’

 জঙ্কি—কতনো কন্দা দেখিলি ডালিমী?

 ডালিমী—হয়। তই মিছা মাতিছ। কচোন কেলেই কান্দিছ?

 জঙ্কি—মই কব নোৱাৰোঁ।

 ডালিমী—অ' তই মোক বিশ্বাস নকৰ। বাৰু আজিৰ পৰা আৰু মই তোৰ লগত বিহু নানাচোঁ। তই মাতিলেও নাযাওঁ—

 জঙ্কি—ডালিমী। বেজাৰ পালি নেকি? মোৰ কথা জানিলে নো তোৰ কি লাভ হব?

 ডালিমী—এনেয়ে জানিম কছোন বাৰু।

 জঙ্কি—কবলৈ দুখ লাগে ডালিমী, তই জান নহয় নে মই আগেয়ে সোৱণশিৰী মিৰি গাঁৱত আছিলোঁ।

 ডালিমী—এৰা জানো, তাৰ পিছত কি হল?

 জঙ্কি—তাতে মোক পানেই নামৰ এজনী গাভৰুৱে ভাল পাইছিল।

 জঙ্কিয়ে এই কথা কোৱা মাত্ৰেই ডালিমীৰ মুখ অলপ ক'লা পৰিল। জঙ্কিয়ে তাক তত ধৰিব নোৱাৰিলে। আকৌ ডালিমীয়ে সুধিলে:— তাৰ পিচত?

 জঙ্কি—তাৰ পিছত তাই মোক কৈছিল তাই হেনো মোলৈকে আহিব। তাই শপতো খাইছিল। কিন্তু এতিয়া মোক দুখীয়া দেখি কেও-কিছু নথকা দেখি তাইৰ মাক-বাপেকে কমুদ নামেৰে আন এটা জোঁৱাই ল'ৰা চপালে। কিজানি মোৰ কপালখনত জুই লাগিল।

 ডালিমি—তাইক যদি আন কোনোবাই নিয়ে তেন্তে তয়ো জানো এজনী নাপাবি? [ ৫৪ ]  জঙ্কি—তাই সমান মই কাকো নেদেখোঁ।

 জঙ্কি! হোজা মিৰি ডেকা! তই কি সৰ্বনাশ কৰিলি। সৰল প্ৰাণেৰে তই কেলেই তোৰ হৃদয়ৰ অৱস্থা কলি। তোৰ এইআষাৰ কথাই আৰু এজনক যে মৰ্মভেদী দুখ দিলে বা দিব পাৰে, তাক তই নুবুজিলি। কিন্তু কি কৰিম তই হোজা মিৰি ডেকা। তই সংসাৰত শিক্ষিত মানুহৰ কৃত্ৰিমালি কথাৰ মোল নাপাৱ। সৰল প্ৰাণত যিহকে আহে তাকে কৈ পলাৱ। যাহক, তই যি অনিষ্ট কৰিব লাগে কৰিলি। এতিয়া আৰু তাৰ উপাই নাই।

 জঙ্কিয়ে এই কথাফাকি কোৱা হলত ডালিমীয়ে জঙ্কিক কবলৈ ধৰিলে—'জঙ্কি মই যাওঁ দেই-'

 জঙ্কি—যাগৈ যা ডালিমী।

 পাঠক! এতিয়া বলা, আমি এবাৰ চাওগৈ পানেয়েনো কি কৰিছে।

 কমুদক পানেইৰ মাক-বাপেকে জোৰ কৰি জোঁৱাই ৰাখিলে হয়, কিন্তু পানেয়ে সেই জোঁৱাই লৰাক এফেৰাও চিত্ত নিদিলে। তাই সদায় তাৰ পৰা আঁতৰত থাকে। নিমাতী পানেয়ো দন্দুৰী হল। মাক-বাপেকে সৈতে সাদয় হাই-কাজিয়া হবলৈ ধৰিলে। মাক-বাপেকেও অনেক সময়ত তাইক গালি-গালাজ, শিকনি-বুজনি, লগ-সমনীয়াৰ হতুৱাই বুদ্ধি-ভৰসা ইত্যাদি দিওৱাত কম নকৰিলে। কিন্তু আকৰী যি কথাত লাগে তাতে লগা আমাৰ গাভৰুৰ মন ফিৰাবলৈ শক্তিবান নহল। অনেক সময়ত মাক-বাপেকে ইচ্ছা কৰি পানেইক আৰু কমুদকে অকলৈ এৰি যায়। কমুদে পানেই ওচৰ চপা দূৰৈতে থাকক কতা পাতিবলৈকো সাহ নকৰে। এইদৰে চাৰিটা প্ৰাণীৰে সুখ নোহোৱাত পৰিল। পানেইৰ একান্ত ইচ্ছা [ ৫৫ ] বৰং তাই চিৰ-কুমাৰী হৈযে থাকিব তেও কমুদলৈ নাযায়, কিয়নো কমুদে তাইৰ চেনেহৰ বস্তু, ভালপোৱাৰ গৰাকী জঙ্কিক বেয়া মাত মাতি গাঁৱৰ পাৰ খেদি পঠাইছে। তাৰে ওপৰত আকৌ তাই “জঙ্কিলৈ যাম’’ বুলি সোৱণশিৰী বালিত কাৰ্সিং কাৰ্টানক সাক্ষী কৰিছিল। কমুদো হটা বিধৰ মানুহ নহয়। তাৰ পেটত এনেকুৱা ভাবে খেলিছে যে, সি যদি এজনী গাভৰুকে তাৰ বশলৈ আনিব নোৱাৰে তেন্তে তাৰো ডেকা নাম ধৰাটো বৃথা। তাক সমনীয় ডেকাবিলাকে হাঁহিব। পানেইৰ মাক-বাপেকৰ দৃঢ় সংকল্প পানেয়ে কমুদলৈকে যাব লাগিব। মিৰি জাতি হোজা—এক কুৰীয়া সেইদেখি যেয়ে যিহলৈ মন কৰে সি হঠাতে সেই কথা কেতিয়াও নেৰে। চৈধ্য ব্ৰহ্মাণ্ড গোটেইখন কথা কব কিন্তু ঘূৰি আকৌ নিজৰ মূল উদ্দেশ্যতেহে পৰিব।

 পাঠক, বুজিবই পাৰিছে কমুদৰ জোঁৱাই খটা কথাফাকি কিমান সুখকৰ হৈছে। তাতে সি ওলালেই গাঁৱৰ গাভৰুহঁতে তাক বগা কাউৰী যেন দেখে। এনেয়ে বেইতাক ধৰি মিৰি গাভৰুৱে জোৰা নাম দিয়াত বৰ পকা, তাতে আকৌ কমুদে পানেইক বলে পৰা নাই। সি গাঁৱলৈ ওলালেই পোনেই ৰকমীয়ে ধৰে:—

(১৯)

“বেইতালৈ নকৰোঁ বয় ঐ চেনেঙ ঐ
        বেইতালৈ নকৰোঁ বয়—
কটাৰপো বেইতা টকাৰ যে গৰাকী
        চেনেঙৰ গৰাকী মই।’’

 সিফালে কিৰমায়ে মাত লগায়:— [ ৫৬ ]
(২০)

 “কোবাই দে বগৰি অৰক'
নিচিনা দৰব ঐ আনিবি চেনেঙ ঐ—
 বেইতাক কুয়ামে সাম

 গাভৰুহঁতৰ এইবিলাক ঠাট্টা, পানেইৰ তুচ্ছ-তাচ্ছিল্য ইত্যাদি কমুদৰ ভাল নলগাত পৰিল। অৱশেষত এদিন লগৰ এজন ডেকাৰ হতুৱাই পানেইৰ মাক-বাপেকক খোলা-খুলিকৈ কোৱালে যে তাৰ সেইদৰে জোঁৱাই খাটিলেনো কি হব। হেন জানি টকা-সিকা ওভতাই দিয়ক, সি সকলো এৰি পেলাব। বুঢ়া তামেদ আৰু নিৰমায়ে এই কথা শুনি মনত বৰ বেজাৰ পালে আৰু পানেইক ওচৰলৈ মাতি নি ক'লে:—

 “পানেই, চাচোন তয়ে আমাৰ একেজনী জীয়ৰী, তই আমাক এনেকৈনো দুখ দিব লাগেনে?’’

 পানেই—মই জানো তহঁতক দুখ দিছোঁ? তহঁতেহে মোক দুখ দিছ। মই কেতিয়াও কমুদলৈ নাযাওঁ।

 তামেদ—কালৈ যাবি?

 পানেই—দিয় যদি মই জঙ্কিলৈহে যাম। আৰু নহলে মই সদায় ঘৰতে থাকিম।

 তামেদ—সেই খাবলৈ নোপোৱা কুকুৰটোলে?

 পানেই—এৰা তালৈকে।

 নিৰমা—পানেই। এতিয়া তোক শাপিম দেই। আমি মাৰ-বাপেৰৰ মনত দুখ দিলে তোৰ সুখ নহব।

 পানেই—মই একো দুখ দিয়া নাই। [ ৫৭ ]  তামেদ—মোৰ জানিবা ছোৱালী নাই। অকল তয়েই আছিলি। তইও জানিবা মৰিলি।

 পানেই—মই যদি মৰিলোৱেই তেনেহলেনো তহঁতে আকৌ কেলেই মৰা শৱটোকে বেচি খাব ওলাইছ?

 নিৰমা—তই অলপতে নষ্ট যাবি।

 পানেই—দে শাও। পাৰ মানে দি থাক। কপালত যি আছে সেয়ে হব।

 তামেদ—চুপতি নকৰ। আজি ৰাতিয়েই তোক মই ধৰি-বান্ধি কমুদলৈ দিম। জোৰ কৰি সি তোৰ ধৰ্ম্ম নষ্ট কৰিলেতো যাবি।

 মিৰি চাংখন দপ-দপনিত আকৌ কঁপিব ধৰিলে। আজলী কিন্তু এতিয়া মাক-বাপেকৰ অবাধ্য পানেয়ে উচুপি উচুপি কান্দিব ধৰিলে।


——————