সমললৈ যাওক

পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তম অধ্যায়


মিৰি গাঁও দুখনত


 সেইদিনা ভূঁইতলিত পানেইৰ পৰা বিদায় লৈ জঙ্কিয়ে সেইখন মিৰি গাঁও এৰি ঘূণাসুঁতিৰ মিৰি গাঁৱলৈ গল। তাত মাহীয়েকৰ ঘৰত আশ্ৰয় ললেগৈ। মিৰি ডেকাবিলাকৰ ভিতৰত জঙ্কি যতে-ততে এজন দেখনিয়াৰ মিৰি ডেকা আছিল। তাতে সি যি বিহুৰ পেঁপা বজায়,তাৰ শব্দ শুনিলেই মিৰি গাভৰু মাত্ৰেই উত্ৰাৱল নোহোৱাকৈ থাকিব নোৱাৰে। সেই দেখি ঘূণাসুঁতি গাঁৱতো সি অলপ দিনৰ ভিতৰত তাৰ ডেকা-গাভৰু দলৰ এজন ঘাই ডেকা হৈ পৰিছিল। বিহু হলেই জঙ্কিয়ে পেঁপা লৈ বিহুত উপস্থিত হব লাগে, তেহে গাভৰুহঁতৰ গা উঠে। দুই-চাৰিজনী গাভৰুৱে অলপ দিনৰ ভিতৰতে জঙ্কিক মৰম কৰা ভাবো দেখুৱাৱ ধৰিলে। কিন্তু এনেকৈ ৰং-ধেমালি কৰি ফুৰিলেও জঙ্কিৰ যি পানেইলৈ হৃদয়ৰ মৰম নুগুচিল। সময়ে সময়ে তাৰ এনে বেজাৰো লাগে যে সি বিহুকে আদি কৰি কোনো আমোদলৈ নোযোৱাত পৰে। কিন্তু নগলেও আন আন ডেকা-গাভৰুৱে তাক বলেৰে টানি বিহুলৈ লৈ যায়।

 সেই গাঁৱৰে গাভৰুবিলাকৰ ভিতৰত ডালিমী নামেৰে এজনী গাভৰু আছিল। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। তাই এজনী সেই গাঁৱৰে গামৰ জীয়ৰী। মিৰি গাভৰুবিলাকৰ ভিতৰত তায়েই