“কোবাই দে বগৰি অৰক'
নিচিনা দৰব ঐ আনিবি চেনেঙ ঐ—
বেইতাক কুয়ামে সাম
গাভৰুহঁতৰ এইবিলাক ঠাট্টা, পানেইৰ তুচ্ছ-তাচ্ছিল্য ইত্যাদি কমুদৰ ভাল নলগাত পৰিল। অৱশেষত এদিন লগৰ এজন ডেকাৰ হতুৱাই পানেইৰ মাক-বাপেকক খোলা-খুলিকৈ কোৱালে যে তাৰ সেইদৰে জোঁৱাই খাটিলেনো কি হব। হেন জানি টকা-সিকা ওভতাই দিয়ক, সি সকলো এৰি পেলাব। বুঢ়া তামেদ আৰু নিৰমায়ে এই কথা শুনি মনত বৰ বেজাৰ পালে আৰু পানেইক ওচৰলৈ মাতি নি ক'লে:—
“পানেই, চাচোন তয়ে আমাৰ একেজনী জীয়ৰী, তই আমাক এনেকৈনো দুখ দিব লাগেনে?’’
পানেই—মই জানো তহঁতক দুখ দিছোঁ? তহঁতেহে মোক দুখ দিছ। মই কেতিয়াও কমুদলৈ নাযাওঁ।
তামেদ—কালৈ যাবি?
পানেই—দিয় যদি মই জঙ্কিলৈহে যাম। আৰু নহলে মই সদায় ঘৰতে থাকিম।
তামেদ—সেই খাবলৈ নোপোৱা কুকুৰটোলে?
পানেই—এৰা তালৈকে।
নিৰমা—পানেই। এতিয়া তোক শাপিম দেই। আমি মাৰ-বাপেৰৰ মনত দুখ দিলে তোৰ সুখ নহব।
পানেই—মই একো দুখ দিয়া নাই।