মিৰি-জীয়ৰী/অষ্টম অধ্যায় - এন্ধাৰ নিশা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি-জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ

[ ৫৮ ]
অষ্টম অধ্যায়


এন্ধাৰ নিশা


 জঙ্কিয়ে সেই কথা কবৰ দিনাৰে পৰা ডালিমীৰ হৃদয়ত এডাল শেল বাজিল। তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইক এনেকুৱা মৰ্ম্মভেদী কথা কব। তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইক ভাল নাপালেও তাই দেখিবলৈ বেয়া এনে এটা কথা বুজাব। যি ডালিমীয়ে আজি অত দিনে তাই নিজৰ মনতে “মই দেখিবলৈ বাল আৰু মই ভালকৈ নাচিব জানো’’ বুলি অলপ বালিকাসুলভ আত্ম-গৌৰৱ কৰিছিল, সেই ডালিমীয়ে আজি জঙ্কিৰ এনেকুৱা চিধা কথাত তাই নিজকে সংসাৰৰ অতি নীচতকৈও নীচ ভাবিবলৈ ধৰিলে।

 সেই দিনাৰে পাৰ ডালিমীয়ে জঙ্কিৰ লগত বিহু নাচিবলৈ এৰিলে। সেইদিনাৰে পৰা ডালিমীয়ে জঙ্কিৰে সৈতে মন খুলি কথা-বতৰা পাতিবলৈ এৰিলে।

 অৱশ্যে ডালিমীয়ে যে জঙ্কিলৈ প্ৰাণৰ পৰা শত্ৰু ভাব কৰিলে এনে নহয়। বৰং তাৰ চিধা কথাত তাক শত্ৰু ভাব নকৰি সি যে এক খোলা চিত্তৰ মানুহ এইটোহে বুজিলে। আৰু যেতিয়াই তাই জানিব পাৰিলে যে জঙ্কিৰ চিত্তক আন এজনে অধিকাৰ কৰিছে, সেই ঠাই তাই দখল কৰিবলৈ নোৱাৰে, তেতিয়াই তাই নিজৰ সমস্ত আশা-ভৰসা এৰিলে আৰু জঙ্কিৰ সৈতে কুটুম্বতা ভাব ত্যাগ কৰি মুঠেই সচৰাচৰ বন্ধুত্ব ভাৱ ৰাখিলে। [ ৫৯ ]  তাই এইদৰে এদিন মনতে চিন্তা কৰি বহি আছে। ইফালৰ পৰা জঙ্কি সিহঁতৰ ঘৰলৈকে গল। সেইদিনা কিন্তু ডালিমী ঘৰত অকলে আছিল। মাক-বাপেক ইত্যাদি সকলো দিহা-দিহি কৰবালৈ গৈছেল। জঙ্কিয়ে লাহেকৈ সিহঁতৰ চোতালৰ আগতে বহিলগৈ। আৰু ডালিমীক দেখা পাই সুধিলে—“ডালিমী, বাপেৰ কলৈ গল?’’ ডালিমীয়ে উত্তৰ কৰিলে:—জঙ্কি সিহঁত আজি ঘৰত নাই। গধূলিহে আহিব; কেলেই বোপাই বিচাৰিছ জঙ্কি?

 জঙ্কি—ডালিমী! মোৰ এটা কথা আছিল। কাইলৈ মই সোৱণশিৰীলৈ যাওঁ বুলিছিলোঁ।

 ডালিমী—কিয়নো যাৱ?

 জঙ্কি—ডালিমী! তোক মই এনেকৈ মোৰ সকলো কথা কলো। তই মোক এফেৰা উপকাৰ কৰিবিনে?

 ডালিমী—কি উপকাৰ জঙ্কি?

 জঙিকি—তোৰ বাপেৰৰ তিনি-চাৰিখন নাও আছে। কাইলৈ মই সোৱণশিৰীলৈ যাওঁ বুলিছিলোঁ, এখন নাও লাগিছিল।

 ডালিমী—মোক কচোন নাওনো কেলেই?

 জঙিকি—তোক মই ভনীৰ দৰে চেনেহ কৰোঁ। তোৰ আগত মই সকলো কথা ভাঙি কওঁচোন শুন।

 ডালিমী—কি বাৰু?

 জঙ্কি—পানেইক মাক-বাপেকে বল কৰি কমুদলৈ দিব খুজিছে। তাই মোলৈ বাতৰি দিছে বোলে মই হেনো তাইক পলুৱাই আনিব লাগে। ডালিমী, মোৰ যদি জীৱটোও যায় তথাপি তাইক নেৰোঁ। বাপেৰকো আহি মই ক'ম, তইও দিবলৈ কবিনে?

 ডালিমী—(মুখ ফিৰাই) বাৰু ক'ম দে। [ ৬০ ]  জঙ্কি—(ডালিমীৰ হাতত ধৰি) ডালিমী। তই প্ৰকৃততে মোক ভনীৰ দৰে চেনেহ কৰ। ডালিমী যাওঁ দেই।

 ডালিমী—(মুখ ফিৰাই) যাগৈনা জঙ্কি।

 জঙ্কি—ডালিমী। তই দেখোন কান্দিছ। কিয় কান্দিছ ডালিমী?

 ডালিমী—পানেইৰ দুখৰ কথা শুনি।

 এই কথা কোৱাৰ পিছতে জঙ্কি উঠি গল। কিন্তু তাৰ হৃদয়ত আজি ডালিমীৰ চকুলো দেখি অলপ সন্দেহৰ ভাবে খেলিবলৈ ধৰিলে। কিন্তু যি কি নহওক সি মনে মনে এইটোকে ভাবিলে যে ডালিমী প্ৰকৃততে বৰ সহৃদয়া। ডালিমী প্ৰকৃততে তাৰ বৰ উপকাৰী ভনীয়েকৰ দৰে।

 আৰু ডালিমী। পাঠক! ডালিমীৰ প্ৰকৃত অৱস্থা কি বুজিব পাৰিছেনে? তাইনো কেলেই কান্দিছে? তাই বুজিব পাৰিছে যে জঙ্কিৰ চেনেহ দৃঢ় ৰূপে পানেইলৈহে বহিছে। সেই চেনেহৰ সোঁত আন কোনো ফালে নবয়। সেইদেখি তাই হৃদয়ত মৰ্মান্তক বেদনা পালে। সেই বেদনা তাই চেষ্টা কৰিও দমাব নোৱাৰিলে; আপোনা-আপুনি তাইৰ হৃদয়ৰ নিজৰা ফুটি এবাৰ বেগেৰে পানী ওলাল—ডালিমীয়ে কান্দি পেলালে। কিন্তু তাই এনেকুৱা মৰ্মান্তিক বেদনা পালেও তাইৰ প্ৰণয়ত স্বাৰ্থ নোসোমাল। তাই মনে মনে চিন্তা কৰিলে যে যদি নাওখন দিয়াব পাৰিলেই জঙ্কি সুখী হয়— তেনেহলেনো তাই জঙ্কিৰ এই এফেৰা উপকাৰ কৰি বাল পোৱাৰ বাজন নহব কেলেই? অন্ততঃ জঙ্কিয়েতো তাই উপকাৰী বুলি ভাবিব।

 আৰু পানেই—পানেইৰ নো কি হল! বাপেকে তাইক বল কৰি দিওঁ বুলিছিল; কিন্তু ঈশ্বৰৰ ইচ্ছাত যিদিনা সেই কাম কৰোঁ [ ৬১ ] বুলি প্ৰতিজ্ঞা কৰিছিল, সেই কাম সিদ্ধি নহল। কমুদ সেইদিনা পথালিপামৰ ফালে এটা সকামত যাবলগীয়াত পৰিছিল। এই দুদিনৰ ভিতৰত পানেয়ে মনতে থিৰ কৰিলে যে তাই মাক-বাপেককো এৰিব। তাই লগ সমনীয়াৰ নিন্দাৰ ভাজন হৈয়ো তাই তাইৰ ভাল পোৱা বস্তুৰ লগ লাগিব। হাতী, ম'হ, বাঘ ইত্যাদিকো ভয় নকৰি তাই পলাব।

 সেই সুযোগ মিলিল। ৰকমীৰ সহায়ত জঙ্কিলৈ খবৰ পঠিয়ালে। জঙ্কিয়ে এন্ধাৰ নিশা নাও এখন লৈ ঘাটত উপস্থিত হল। পানেয়ে শৌচ কৰিবলৈ যাওঁ বুলি ফাঁকি দি নাৱত উঠিলগৈ। তেতিয়াই সেই নাও দ্ৰুত বেগেৰে আই সোৱণশিৰীৰ ধাৰত আৰু বলিষ্ঠ জঙ্কিৰ বঠাৰ চাবত ৰাতা-ৰাতি ভটিয়াব ধৰিলে। তাইৰ অহাত পলম হোৱা দেখি বুঢ়া তামেদে আৰু বুঢ়ী নিৰমায়ে বিচাৰি গল। গাঁৱত তেনেই তোল-পাৰ লাগিল। দিহা-দিহি মানুহে বিচাৰিব ধৰিলে। কিন্তু পানেইক নাপালে।

⸺⸺