পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বৰং তাই চিৰ-কুমাৰী হৈযে থাকিব তেও কমুদলৈ নাযায়, কিয়নো কমুদে তাইৰ চেনেহৰ বস্তু, ভালপোৱাৰ গৰাকী জঙ্কিক বেয়া মাত মাতি গাঁৱৰ পাৰ খেদি পঠাইছে। তাৰে ওপৰত আকৌ তাই “জঙ্কিলৈ যাম’’ বুলি সোৱণশিৰী বালিত কাৰ্সিং কাৰ্টানক সাক্ষী কৰিছিল। কমুদো হটা বিধৰ মানুহ নহয়। তাৰ পেটত এনেকুৱা ভাবে খেলিছে যে, সি যদি এজনী গাভৰুকে তাৰ বশলৈ আনিব নোৱাৰে তেন্তে তাৰো ডেকা নাম ধৰাটো বৃথা। তাক সমনীয় ডেকাবিলাকে হাঁহিব। পানেইৰ মাক-বাপেকৰ দৃঢ় সংকল্প পানেয়ে কমুদলৈকে যাব লাগিব। মিৰি জাতি হোজা—এক কুৰীয়া সেইদেখি যেয়ে যিহলৈ মন কৰে সি হঠাতে সেই কথা কেতিয়াও নেৰে। চৈধ্য ব্ৰহ্মাণ্ড গোটেইখন কথা কব কিন্তু ঘূৰি আকৌ নিজৰ মূল উদ্দেশ্যতেহে পৰিব।

 পাঠক, বুজিবই পাৰিছে কমুদৰ জোঁৱাই খটা কথাফাকি কিমান সুখকৰ হৈছে। তাতে সি ওলালেই গাঁৱৰ গাভৰুহঁতে তাক বগা কাউৰী যেন দেখে। এনেয়ে বেইতাক ধৰি মিৰি গাভৰুৱে জোৰা নাম দিয়াত বৰ পকা, তাতে আকৌ কমুদে পানেইক বলে পৰা নাই। সি গাঁৱলৈ ওলালেই পোনেই ৰকমীয়ে ধৰে:—

(১৯)

“বেইতালৈ নকৰোঁ বয় ঐ চেনেঙ ঐ
        বেইতালৈ নকৰোঁ বয়—
কটাৰপো বেইতা টকাৰ যে গৰাকী
        চেনেঙৰ গৰাকী মই।’’

 সিফালে কিৰমায়ে মাত লগায়:—