পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এটাইতকৈ ভাল নাচনী। সেইদৰে আমাৰ জঙ্কিও এজন পেঁপাদাৰ ওস্তাদ। সেই দেখি ডালিমী গাভৰুৰ হৃদয়ত লাহে লাহেকৈ জঙ্কিলৈ এটি আকৰ্ষণ হব ধৰিলে। যিদিনা জঙ্কি বিহুত থাকে সেইদিনাই ডালিমীৰো নাচ-বাগৰ উত্সাহ বেছি হয়। যিদিনা জঙ্কি সোৱণশিৰীৰ পাৰলৈ তাৰ হৃদয়ৰ দেৱী পানেইৰ বুজ লবলৈ যায়, সেইদিনা ডালিমীৰ মুখ কলা পৰে। কিন্তু জঙ্কিয়ে এইদৰেনো কলৈ কি সকামে আহা-যোৱা কৰে ডালিমীয়ে তাৰ তত ধৰিব নোৱাৰিলে। জঙ্কিৰ অভ্যন্তৰৰ কথা ডালিমীয়ে একোকে বুজিব নোৱাৰিলে। সেই বুলিয়েই যে ডালিমিয়ে জঙ্কিৰ হৃদয়ৰ অভ্যন্তৰৰ কথা জানিবলৈ ক্ৰটি কৰিব এনে নহয়।

 এদিন জঙ্কিয়ে মনত দুখ কৰি নদীৰ ঘাটত এখন নাৱৰ ওপৰত বহি মনে মনে পানীলৈ চাই দুই-এবাৰকৈ চকুৰ লো টুকিব ধৰিলে। গাঁৱৰ ফালৰ পৰা ডালিমীয়ে কাষত কলহ লৈ নদীৰ ঘাটলৈ আহি জঙ্কিক পানীৰ ফাললৈ মুখ কৰি থকা দেখা পালে। ডালিমীয়ে চিত্তত মুকলিমূৰীয়া মিৰি-জীয়ৰীৰ স্বভাৱৰ এটি আমোদ কৰিবলৈ মন হল। লাহেকৈ কাষৰ কলহটো থৈ হাতত সাৰে ভৰিত সাৰে জঙ্কিৰ পাছফালে থিয় হলগৈ; আৰু ততালিকে জঙ্কিৰ চকুহাল মুদাই ধৰিলে। জঙ্কিয়ে হাত সেপিয়াব ধৰিলে। অতি চেষ্টা কৰিও কোন চিনি নাপালে। তেতিয়া ডালিমীয়ে হাত এৰি দি খিল্‌ খিল্‌ কৰে হাঁহিব ধৰিলে। জঙ্কিয়ে মুখ ফিৰাই চাই দেখে ডালিমী। ডালিমীয়ে জঙ্কিৰ চকুলৈ চালে। চাৰি চকুৰ মিল হল। কিন্তু আঃ! ডালিমীয়ে কি বেজাৰ লগা কথা দেখিবলৈ পালে। জঙ্কিৰ চকু দুটা ঔৰ ফুল যেন ৰঙা। অলপ আগেয়ে লো বোৱা চিন আছে। তাৰ দুখতে দুখী হৈ ডালিমীয়ে সুধিলে—