পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তামেদ—মোৰ জানিবা ছোৱালী নাই। অকল তয়েই আছিলি। তইও জানিবা মৰিলি।

 পানেই—মই যদি মৰিলোৱেই তেনেহলেনো তহঁতে আকৌ কেলেই মৰা শৱটোকে বেচি খাব ওলাইছ?

 নিৰমা—তই অলপতে নষ্ট যাবি।

 পানেই—দে শাও। পাৰ মানে দি থাক। কপালত যি আছে সেয়ে হব।

 তামেদ—চুপতি নকৰ। আজি ৰাতিয়েই তোক মই ধৰি-বান্ধি কমুদলৈ দিম। জোৰ কৰি সি তোৰ ধৰ্ম্ম নষ্ট কৰিলেতো যাবি।

 মিৰি চাংখন দপ-দপনিত আকৌ কঁপিব ধৰিলে। আজলী কিন্তু এতিয়া মাক-বাপেকৰ অবাধ্য পানেয়ে উচুপি উচুপি কান্দিব ধৰিলে।


——————