জঙ্কি—তাই সমান মই কাকো নেদেখোঁ।
জঙ্কি! হোজা মিৰি ডেকা! তই কি সৰ্বনাশ কৰিলি। সৰল প্ৰাণেৰে তই কেলেই তোৰ হৃদয়ৰ অৱস্থা কলি। তোৰ এইআষাৰ কথাই আৰু এজনক যে মৰ্মভেদী দুখ দিলে বা দিব পাৰে, তাক তই নুবুজিলি। কিন্তু কি কৰিম তই হোজা মিৰি ডেকা। তই সংসাৰত শিক্ষিত মানুহৰ কৃত্ৰিমালি কথাৰ মোল নাপাৱ। সৰল প্ৰাণত যিহকে আহে তাকে কৈ পলাৱ। যাহক, তই যি অনিষ্ট কৰিব লাগে কৰিলি। এতিয়া আৰু তাৰ উপাই নাই।
জঙ্কিয়ে এই কথাফাকি কোৱা হলত ডালিমীয়ে জঙ্কিক কবলৈ ধৰিলে—'জঙ্কি মই যাওঁ দেই-'
জঙ্কি—যাগৈ যা ডালিমী।
পাঠক! এতিয়া বলা, আমি এবাৰ চাওগৈ পানেয়েনো কি কৰিছে।
কমুদক পানেইৰ মাক-বাপেকে জোৰ কৰি জোঁৱাই ৰাখিলে হয়, কিন্তু পানেয়ে সেই জোঁৱাই লৰাক এফেৰাও চিত্ত নিদিলে। তাই সদায় তাৰ পৰা আঁতৰত থাকে। নিমাতী পানেয়ো দন্দুৰী হল। মাক-বাপেকে সৈতে সাদয় হাই-কাজিয়া হবলৈ ধৰিলে। মাক-বাপেকেও অনেক সময়ত তাইক গালি-গালাজ, শিকনি-বুজনি, লগ-সমনীয়াৰ হতুৱাই বুদ্ধি-ভৰসা ইত্যাদি দিওৱাত কম নকৰিলে। কিন্তু আকৰী যি কথাত লাগে তাতে লগা আমাৰ গাভৰুৰ মন ফিৰাবলৈ শক্তিবান নহল। অনেক সময়ত মাক-বাপেকে ইচ্ছা কৰি পানেইক আৰু কমুদকে অকলৈ এৰি যায়। কমুদে পানেই ওচৰ চপা দূৰৈতে থাকক কতা পাতিবলৈকো সাহ নকৰে। এইদৰে চাৰিটা প্ৰাণীৰে সুখ নোহোৱাত পৰিল। পানেইৰ একান্ত ইচ্ছা