“জঙ্কি তই কান্দিছ দেখোন?’’
জঙ্কি—কতনো কন্দা দেখিলি ডালিমী?
ডালিমী—হয়। তই মিছা মাতিছ। কচোন কেলেই কান্দিছ?
জঙ্কি—মই কব নোৱাৰোঁ।
ডালিমী—অ' তই মোক বিশ্বাস নকৰ। বাৰু আজিৰ পৰা আৰু মই তোৰ লগত বিহু নানাচোঁ। তই মাতিলেও নাযাওঁ—
জঙ্কি—ডালিমী। বেজাৰ পালি নেকি? মোৰ কথা জানিলে নো তোৰ কি লাভ হব?
ডালিমী—এনেয়ে জানিম কছোন বাৰু।
জঙ্কি—কবলৈ দুখ লাগে ডালিমী, তই জান নহয় নে মই আগেয়ে সোৱণশিৰী মিৰি গাঁৱত আছিলোঁ।
ডালিমী—এৰা জানো, তাৰ পিছত কি হল?
জঙ্কি—তাতে মোক পানেই নামৰ এজনী গাভৰুৱে ভাল পাইছিল।
জঙ্কিয়ে এই কথা কোৱা মাত্ৰেই ডালিমীৰ মুখ অলপ ক'লা পৰিল। জঙ্কিয়ে তাক তত ধৰিব নোৱাৰিলে। আকৌ ডালিমীয়ে সুধিলে:— তাৰ পিচত?
জঙ্কি—তাৰ পিছত তাই মোক কৈছিল তাই হেনো মোলৈকে আহিব। তাই শপতো খাইছিল। কিন্তু এতিয়া মোক দুখীয়া দেখি কেও-কিছু নথকা দেখি তাইৰ মাক-বাপেকে কমুদ নামেৰে আন এটা জোঁৱাই ল'ৰা চপালে। কিজানি মোৰ কপালখনত জুই লাগিল।
ডালিমি—তাইক যদি আন কোনোবাই নিয়ে তেন্তে তয়ো জানো এজনী নাপাবি?