ভেনিচৰ সাওদ/সপ্তম অধ্যায়

ৱিকিউৎসৰ পৰা

[ ১৯ ]

সপ্তম অধ্যায়।

 ইপিনে ভেনিচত এণ্টোনিওৰ বিচাৰ উপস্থিত। লেশমাত্ৰ দয়াহীন ইহুদী শ্বাইলকে ভেনিচৰ আইন অনুসাৰে, দলিলত লেখা আধা সেৰ মঙহ কাটি লবলৈ ওলাল।

 বিচাৰ-ঘৰত ভেনিচৰ ডিউক বিচাৰাসনত পাৰিষদবৰ্গৰে সৈতে পৰিবেষ্টিত হৈ বহি আছে। বেচানিও আৰু গ্ৰেটিয়ানো বেলণ্টৰপৰা ঠিক সময়ত আহি পালেহি। তেওঁলোকও বিচাৰ-ঘৰত। চালাৰিনো, চালানিও আৰু আন বহুতো বিচাৰ-ঘৰত। ইহুদী শ্বাইলকৰ আচৰিত গোচৰ, সেই দেখি বিচাৰ-ঘৰত মানুহৰ লেখ-জোখ নাই।

 ডিউকে এণ্টোনিওক তেতিয়া নিজৰ দুখ প্ৰকাশ কৰি কলে, “এণ্টোনিও, দয়া-মায়াহীন নিষ্ঠুৰ মানুহ এটাই তোমাৰ নামে গোচৰ কৰিছে। তাৰপৰা এক তিলাৰ্দ্ধ কৃপা ভিক্ষা পোৱা নেযায়।”

 এণ্টোনিৱে কলে, “স্বৰ্গদেৱে যে মোৰ হৈ ইহুদীটোক নিৰ্দ্দয় ব্যৱহাৰৰপৰা বিৰত কৰিবলৈ চেষ্টা কৰিছে মই শুনিছোঁ। সি যেতিয়া নিষ্ঠুৰতাৰ হ্ৰাস অকণো নকৰে, আৰু মোক যেতিয়া আইনৰ সহায় লৈ কোনো মানুহে ৰক্ষা কৰিব নোৱাৰে, মই ধৈৰ্য্য ধৰি তাৰ সকলো ব্যৱহাৰ সহ্য কৰিম।”

 ডিউকে তেতিয়া শ্বাইলকক মাতি আনিবলৈ হুকুম দিলে। সি আহিলত তাক তেওঁ কলে, “শ্বাইলক, তই ধেমালি কৰিহে ইমান দূৰলৈকে এণ্টোনিওক খেদি আনিছ। আমাৰ সকলোৰে বিশ্বাস যে, তই অলপৰ পাছত সদাগৰ এণ্টোনিওক এৰি দি তেওঁৰ যে মঙহ নলৱেই তেওঁৰ ক্ষতি হানিৰ কথা শুনি তেওঁক আধাখিনি টকাও এৰি দিবি। তই মানুহক দেখুৱাবলৈ হে এনে নিষ্ঠুৰ আচৰণ কৰিছ। [ ২০ ] কি কৱ, ইহুদী? তই যে আমাক আমাৰ ভাল লগা উত্তৰ দিবি জানো।”

 শ্বাইলকে উত্তৰ দিলে, “স্বৰ্গদেৱ, মই আপোনাক ইতিপূৰ্বেই মোৰ যি কবলগীয়া আছিল কৈছোঁ। আৰু মোৰ কবৰ একো নাই। যদিহে দলিলৰ মতে মোৰ বিচাৰ নহয়, তেন্তে আপোনাৰ আইনক ধিক্‌ আৰু আপোনাৰ চহৰ যেন হতশ্ৰী হয়। আপনি যদি মোক শোধে মই তিনি হাজাৰ ডাকাটৰ সলনি আধা সেৰ মঙহ কিয় লওঁ, তাৰ উত্তৰ মই দিওঁ—মোৰ ইচ্ছা। মোৰ ঘৰত এটা এন্দুৰে যদি দৌৰাত্ম কৰে, মই যদি তাক মাৰিবৰ বাবে দহ হাজাৰ ডাকাট দিওঁ, তাত কাৰ হৰণ-ভগন? আৰু উত্তৰ লাগে নে? বাৰু শুনক, —কোনো মানুহৰ গাহৰি দেখিলে গা কেনেবা কৰে, সি ভাল নেপায়; কোনো মানুহৰ আকৌ এটা মেকুৰী দেখিলেই চুৰ্ত্তি হেৰায়; কোনো মানুহৰ আকৌ কালী পেঁপা বজোৱাৰ মাত শুনিলে বিৰক্ত বোধ হয়;—এইবোৰ মানুহক যদি কাৰণ শোধা যায় তেওঁলোকে কাৰণ কব নোৱাৰে। ময়ো এণ্টোনিওক কিয় ঘিণাওঁ, তাৰ কাৰণ দিব নোৱাৰোঁ, আৰু পাৰিলেও নিদিওঁ।”

 বেচানিৱে কলে, “শ্বাইলক, এইবোৰ কথা স্বৰ্গদেৱে শোধা কথাৰ উত্তৰ হ’ল নে? স্বৰ্গদেৱে কি শুধিছিল আৰু তই কি উত্তৰ দিছ?”

 বেচানিও আৰু শ্বাইলকৰ অলপ তৰ্ক হোৱা শুনি এণ্টোনিৱে কলে, “ইহুদীটোৰে সৈতে তৰ্ক কৰি কি লাভ, বেচানিও? তাৰ নিষ্ঠুৰ হৃদয়। সাগৰৰ দাঁতিত থিয় হৈ সমুদ্ৰক জোৱাৰৰ সময়ত প্ৰতিদিন যলৈকে ঢৌ আহে তালৈ ঢৌ নাহিবলৈ কোৱাটো যেনে, বাঘে কিয় এহাল ভেড়াৰ মতাটোক খাই মাইকীজনীক কন্দুৱাইছে, বাঘক ইয়াৰ উত্তৰ দিবলৈ কোৱা যেনে, আৰু গছৰ পাতক বতাহ লাগিলে লৰিবলৈ [ ২১ ] মানা কৰা যেনে ইও তেনে। এইবোৰ টান কথা; কিন্তু ইহুদীৰ নিৰ্ম্মম হৃদয়ক দ্ৰৱ কৰা সকলোতকৈ টান। আৰু তাৰে সৈতে তৰ্ক নকৰি মোৰ বিচাৰ হবলৈ দিয়া, ইহুদীৰ ইচ্ছা পূৰণ হওক।”

 তেতিয়া বেচানিৱে শ্বাইলকক কলে, “হেৰ, তোৰ তিনি হাজাৰ টকাৰ সলনি ছয় হাজাৰ ল, মোৰ বন্ধুক এৰি দে।” শ্বাইলক অচল অটল। সি কলে, “এই ছয় হাজাৰ ডাকাটৰ একোটা একোটা ডাকাট যদি ছভাগ কৰা হয় আৰু প্ৰত্যেক ভাগ যদি একোটা ডাকাট কৰা হয়, তেনেহলেও মোক টকা নেলাগে, টকা নলওঁ। দলিলত যি লেখা আছে, সিহে হ'ব লাগে। দলিলৰ চুক্তি মতে কাম হওক।”

 ডিউকে কলে, “তই যদি আনক দয়া নকৰ, আনে তোক কেনেকৈ দয়া কৰিব?”

 শ্বাইলকে কলে, “মোক বিচাৰ লাগে। মোৰ কেৱল এই মাত্ৰ ভিক্ষা। বিচাৰ, বিচাৰ লাগে। আপোনাসকলৰ বহুতো গোলাম আছে, সিহঁতক আপোনাসকলে কিনিছে দেখি কত যন্ত্ৰণা, কত কষ্ট, কত অসহনীয় কাম কৰায়, কুকুৰ গাধৰ দৰে সিহঁতৰ প্ৰতি ব্যৱহাৰ কৰে। যদি হে অপোনালোকক শোধোঁ এনে অন্যায় ব্যৱহাৰ কিয় কৰে? আপোনাসকলে কি উত্তৰ দিব? নকব নে যে ‘আমি ইহঁতক কিনিছোঁ, গোলামক আমাৰ যি মন যায় কৰিম?’ যদি মই কওঁ যে, গোলামহঁতক স্বাধীন কৰি এৰি দি আপোনাসকলৰ জীয়ৰীৰ সৈতে বিয়া দিয়ক, সিহঁতক সুখাদ্য বস্তু খাবলৈ দিয়ক, ভাল শয্যাত শুবলৈ দিয়ক, আপোনাসকলে নকব নে গোলাম আমাৰ, আমি যি ইচ্ছা কৰিম? ময়ো তাকে কওঁ। এণ্টোনিওৰ গাৰ আধা সেৰ মঙহ মোৰ; মোৰ যেতিয়া মই লমেই লম। এই আধা সেৰ মঙহৰ বাবে মই বহুতো ৰূপ দিবলগীয়াত পৰিছোঁ। মোক বিচাৰ লাগে। মই [ ২২ ] যদি সুবিচাৰ নেপাওঁ তেনেহলে মই তেতিয়া জানিম আৰু ক’ম যে, ভেনিচৰ আইনৰ একো মূল্য নাই। মই বিচাৰৰ বাবে ইয়ালৈ আহিছোঁ। বিচাৰ পাম নে?”

 ডিউক— “তই জান নে আজি মই বিচাৰ নোশোধোঁ বুলি কব পাৰোঁ। মোৰ কবৰ ক্ষমতা আছে। বেলাৰিও নামেৰে এজন বিজ্ঞ পণ্ডিতক আহি এই বিচাৰৰ শোধপোছ কৰিবলৈ মাতি পঠিয়াইছোঁ। তেওঁ নাহিলে এই বিচাৰ শোধ নহয়।”

 এনেতে বেলাৰিওৰপৰা এজন দূতে চিঠি আনি বাহিৰত বাট চাই থকাৰ বাতৰি বিচাৰ-ঘৰত জনোৱা হ’ল। দূতক ডিউকে মাতি অনাবলৈ হুকুম দিলে।

 এই দূত কোন? পোৰ্শ্বিয়াৰ লিগিৰী গ্ৰেটিয়ানোৰ প্ৰাণেশ্বৰী নেৰীচা। নেৰীচাই উকীলৰ মহৰীৰ দৰে কাপোৰ পিন্ধি চিঠি লৈ হাজিৰ।

 ডিউক— “তুমি পেডুৱাৰ বেলাৰিওৰ তাৰপৰা আহিছা নে?”

 নেৰীচা— “স্বৰ্গদেৱ হয়—তেখেতে আপোনাক অভিবাদন জনাই এই চিঠিখন দিছে।”

 ইপিনে শ্বাইলকে মহা আনন্দত তাৰ জোতাৰ তলুৱাত কটাৰী ধাৰ দি মঙহ কাটিবলৈ টপতৈয়াৰ হৈ আছে। বেচানিৱে এণ্টোনিওক নানান ৰকম প্ৰবোধ দিবলৈ ধৰিলে, আৰু গ্ৰেটিয়ানো আৰু শ্বাইলকৰ মাজত সৰুসুৰা তৰ্ক হবলৈ ধৰিলে।

 ডিউকে চিঠিত এই জানিলে যে, বেলাৰিও নৰিয়াৰ বাবে আহিব নোৱাৰিলে; কিন্তু তেওঁৰ এজন সুপৰিচিত ডেকা বেৰিষ্টৰ ডিউকৰ চিঠি যোৱাৰ সময়ত তেওঁৰ লগতে আছিল। তেওঁৰে সৈতে বেলাৰিৱে বহুতো পুথি কিতাপ বিচাৰি পৰামৰ্শ কৰি এই মকৰ্দ্দমাৰ [ ২৩ ] মীমাংসা উলিয়াই তেওঁকে ডিউকৰ ওচৰলৈ পঠাইছে। কম বয়সীয়া লৰা বুলি যেন তেওঁক ইতিকিং কৰা নহয়। বিদ্যা বুদ্ধিত তেওঁ বৰ পৈণত।

 ডেকা বেৰিষ্টাৰ বিচাৰ-ঘৰলৈ অহাত ডিউকে তেওঁক সসম্ভ্ৰমে অভ্যৰ্থনা কৰি আসন দিলে। এই বেৰিষ্টৰ আন কোনো নহয়, বেচানিওৰ হৃদয়েশ্বৰী পোৰ্শ্বিয়া হে। পোৰ্শ্বিয়াই বেৰিষ্টৰৰ সাজ পিন্ধাত কোনেও তেওঁক তিৰুতা বুলি চিনিব নোৱাৰিলে, —এনে কি বেচানিৱেও চিনিব নোৱাৰিলে। গ্ৰেটিয়ানোৰ চোকা চকুৱেও, ডেকা বেৰিষ্টৰৰ ডেকা কেৰাণীৰ সাজ পিন্ধাজনেই যে তেওঁৰ মন চোৰ নেৰীচা সুন্দৰী, তত ধৰিব নোৱাৰিলে।

 ডিউকে তেতিয়া শ্বাইলক আৰু এণ্টোনিওক আগলৈ আহি থিয় দিবলৈ হুকুম দি পোৰ্শ্বিয়াক বিচাৰ কৰিবলৈ আদেশ দিলে।

 পোৰ্শ্বিয়াই শ্বাইলকক ক'লে, “যদিও তোমাৰ গোচৰ আচৰিত ধৰণৰ, কিন্তু ভেনিচৰ আইনমতে এনে গোচৰ চলে। এণ্টোনিও, তুমি খতত যি লেখা আছে তাক স্বীকাৰ কৰা নে?”

 এণ্টোনিও সত্যবাদী। এণ্টোনিৱে স্বীকাৰ কৰিলে।

 পোৰ্শ্বিয়াই ক'লে যে, ইহুদীয়ে যদি এতিয়া দয়া দেখুৱায়, তেনেহলে এণ্টোনিওৰ ৰক্ষা; নহলে নাই। শ্বাইলকে ক'লে, দয়া দেখুৱাবলৈ সি বাধ্য নে? কেতিয়াও নহয়।

 পোৰ্শ্বিয়া— “বৰষুণে যেনেকৈ লাহে লাহে পৰি পৃথিবী স্নিগ্ধ শীতল কৰে, দয়াৰ প্ৰকৃতিও তেনে। যিজনে দয়া প্ৰকাশ কৰে আৰু যাৰ প্ৰতি দয়া প্ৰকাশ কৰা হয় দুইৰো দয়াৰপৰা সুখ হয়; দয়া কৰা জনে দয়া যে কৰিছে, সেই বাবে সুখী আৰু যাক দয়া প্ৰকাশ কৰা হয়, তেওঁ সেই দয়াৰ ফলৰপৰা সুখী। দয়াৰ স্থান আটাইতকৈ ওখ। ৰজাৰ [ ২৪ ] ৰাজমুকুটতকৈও দয়াই ৰজাৰ শোভা বৰ্ধন কৰে। ৰজাৰ ৰাজদণ্ড পাৰ্থিব শক্তিৰ চিন মাথোন, কিন্তু দয়াশীলতা তাতকৈও শক্তিমান; কিয়নো, ই ঐশ্বৰিক শক্তি। বিচাৰ কৰোঁতে যদি বিচাৰ আৰু দয়া একেলগ কৰি বিচাৰ কৰা যায়, তেনেহলে ঐশ্বৰিক শক্তি পাৰ্থিব শক্তিৰ লগ লাগি বিচাৰ ন্যায় হয়। সেই দেখি শ্বাইলক, তোমাক যদি আইনমতে বিচাৰ লাগে, এই সাওদৰ বিপক্ষে আমি বিচাৰ কৰিব লাগিব। কিন্তু ইহুদী, এই কথা মনত ৰাখি উত্তৰ দিবা যেন—এই সাওদৰ প্ৰতি দয়া কৰি তোমাক যেনেকৈ বিচাৰপ্ৰাৰ্থী হবলৈ কৈছোঁ, আমি সেই অৱস্থাত আটায়ে সেই তেনেকৈ আমাৰ প্ৰতি বিচাৰ ইচ্ছা কৰোঁ; কিয়নো, কেৱল বিচাৰ বিচাৰিলে আমাৰ কাৰো উদ্ধাৰ নাই। মোৰ ইমান কথা কবৰ আৰু একো অৰ্থ নাই-কেৱলমাত্ৰ এই যে তুমি যদি আইনমতে বিচাৰপ্ৰাৰ্থী হোৱা, তেনেহলে এই সাওদৰ আৰু নিস্তাৰ নাই, সাওদৰ বিপক্ষেই আমাৰ ৰাই দিব লাগিব।”

 শ্বাইলকে সেইবোৰ কথা মুঠেই নুশুনি কেৱল “বিচাৰ, বিচাৰ, আইনমতে, দলিলত লেখা চুক্তিৰ বিচাৰ হওক” এই কথা কলে।

 পোৰ্শ্বিয়াই শুধিলে, “সাওদ এন্টোনিয়ে টকা দিব নোৱাৰে নে?”

 বেচানিও— “এইয়া মই টকা লৈ হাজিৰ। মই দুগুণ দিম। মই দহ গুণ দিবলৈ প্ৰস্তুত আছোঁ— যদি হে নোৱাৰোঁ, তেনেহলে তাৰ সলনি মোৰ মুখ, হৃদয়, হাত যি লাগে সকলো দিম। ডাঙৰীয়া, আপুনি এটা মহৎ কাম কৰিবৰ বাবে এটা ক্ষুদ্ৰ দোষ কৰক, যেনে কৰি হওক কূট তৰ্ক কৰি আইনক হৰুৱাই আমাৰ ফলীয়া কৰক।”

 পোৰ্শ্বিয়া— “এনে কথা কেতিয়াও হব নোৱাৰে। ভেনিচৰ আইন অচল অটল। এবাৰ যি আইন হৈছে, সেই আইনেই আইন। এবাৰ যদি তেনে কৰা যায়, সেই দৃষ্টান্ত দেখি আনেও তেনে কৰিব; পাছত [ ২৫ ] সি এটা নিয়ম হৈ যাব,— সি কেতিয়াও হব নোৱাৰে। বাৰু খতখন দিয়াচোন।”

 শ্বাইলকৰ মহা আনন্দ। সি পোৰ্শ্বিয়াক প্ৰশংসা কৰিবলৈ ধৰিলে। “সাক্ষাৎ ধৰ্মৰ বিচাৰ।”

 পো— “শ্বাইলক, তোমাক তিনি গুণ টকা দিয়া হৈছে! নোলোৱা কিয়? এই টকা লোৱাঁ, সাওদক এৰি দিয়াঁ।”

 শা— “মই শপত খাইছোঁ। ভগৱানৰ ওচৰত শপত খাই কৈছোঁ। মই কি শপতৰ অন্যথা কৰিম? ই কেতিয়াও নহয়, হবই নোৱাৰে। সমগ্ৰ ভেনিচৰ বাবেও এনে নকৰোঁ।”

 পো— “তেনেহলে তো কথাই নাই। এই দলিলৰ মতে তেনেহলে সাওদৰ হিয়াৰ ওচৰৰ আধা সেৰ মঙহ তুমি কাটি লব পাৰা, ই আইন সঙ্গত। কিন্তু, ইহুদী, দয়া কৰাঁ। তোমাক তিনি গুণ টকা দিয়া হৈছে, তুমি লোৱাঁ। মোক এই দলিলখন ফালি পেলাবলৈ অনুমতি দিয়াঁ।”

 শ্বাই— “ফালি পেলাব, যেতিয়া দলিলৰ মতে কাম নিস্পত্তি হব, তেতিয়া ফালি পেলাব, এতিয়া নহয়। আপুনি আইনজ্ঞ পণ্ডিত আৰু আপুনি যেনেকৈ আইনৰ ব্যাখ্যা কৰি দেখুৱাইছে তাৰ দ্বাৰা জানিব পাৰিছোঁ যে, আপোনাৰ বিদ্যা বুদ্ধি অসীম। আপুনি আইনৰ এটি প্ৰধান স্তম্ভ স্বৰূপ, আপুনি ন্যায় বিচাৰপতি, সোনকালে বিচাৰ কৰক। মই শপত খাই কৈছোঁ যে, মোৰ মন পৰিবৰ্তন কৰা মানুহৰ শক্তিৰ অতীত, কোনেও নোৱাৰে। মই দলিলৰ ওপৰতে নিৰ্ভৰ কৰি বিচাৰপ্ৰাৰ্থী হম।”

 পো— “তেনেহলে এণ্টোনিও, তুমি প্ৰস্তুত হোৱাঁ। ইহুদীৰ কটাৰীয়ে তোমাৰ বুকুৰ মঙহ কাটিব।”

 পোৰ্শ্বিয়াই শ্বাইলকক মঙহ জুখিবলৈ তৰ্জ্জু আছানে নাই শুধিলে। শ্বাইলক আগৰপৰা তৈয়াৰ; সি তৰ্জ্জু লগত আনিছিল। পোৰ্শ্বিয়াই [ ২৬ ] কলে, “মঙহ কাটোঁতে যদি সৰহকৈ তেজ ওলাই এন্টোনিও মৰে, সেই বাবে দয়াপৰবশ হৈ শ্বাইলকে তাৰ নিজৰ খৰচত এজন বেজ অনায় যদি ভাল হয়। শ্বাইলকে আচৰিত মানি ক'লে, “দলিলত এই বিষয় লেখা আছে নে? যদিহে নাই সি কেনেকৈ হব?” দলিলত অৱশ্যে এই বিষয়ৰ একো উল্লেখ নাছিল। সেই দেখি বেজ অনা নহল।

 তেতিয়া এণ্টোনিৱে বেচানিওৰপৰা বিদায় ললে। বেচানিওক শোক কবিবলৈ মানা কৰিলে আৰু কলে যে, ভগৱান তেওঁৰ প্ৰতি সুপ্ৰসন্ন, কিয়নো অতীত ঐশ্বৰ্যৰ কথা ভাবি দুখীয়া হৈ জীৱনৰ শেহ কেটা দিন কটোৱাতকৈ সোনকালে মৰা ভাল। তেওঁ যে এনেকৈ সোনকালে মৰিবলৈ ওলাইছে, তাত তেওঁ বৰ সুখী। বেচানিওৰ ঘৈণীয়েকক নিজৰ শেহ দশাৰ কথা ক'বলৈ কলে আৰু তেওঁ যে বেচানিওক মৰম কৰিছিল ইত্যাদি কথা কৈ বিদায় ললে।

 বেচানিও— “এণ্টোনিও, মোৰ নিজৰ জীৱনতকৈও মই মোৰ ঘৈণীক মৰম কৰোঁ, কিন্তু মোৰ নিজৰ জীৱন, মোৰ ঘৈণী, সমগ্ৰ পৃথিবী মই হেৰুৱাম, এই পিশাচক সকলো দিম, তোমাক যদি তাৰ হাতৰপৰা উদ্ধাৰ কৰিব পাৰোঁ।”

 গ্ৰেটিয়ানোই কলে— “মোৰো ঘৈণীক মই ভাল পাওঁ, কিন্তু এতিয়া মনত হৈছে তাই স্বৰ্গ লৈ গৈ কোনো দেৱতাক এই পিশাচটোৰ স্বভাৱ পৰিবৰ্তন কৰিবলৈ সাধিলে আমাৰ উদ্ধাৰ হয়।”

 পোৰ্শ্বিয়া আৰু নেৰীচাই সকলো শুনি কলে যে, “ভাগ্যেহে তোমালোকৰ ঘৈণীয়েৰাহঁত ওচৰত নাই। থকা হলে বিষম হ'লহেঁতেন।”

 শ্বাইলকৰ এইবোৰ ভাল লগা নাই। সি কেৱল মঙহ কাটিবৰ বাবে ব্যস্ত। কেতিয়া মঙহ কাটিম, কেতিয়া মঙহ কাটিম কৰিব লাগিছে।
[ ২৭ ]  ইয়াৰ পাছত পোৰ্শ্বিয়াই শ্বাইলকক মঙহ কাটিবলৈ হুকুম দিলে। হুকুম পোৱা মাত্ৰকতে কটাৰী লৈ শ্বাইলক আগ বাঢ়িল।

 তেতিয়া পোৰ্শ্বিয়াই কলে, “অলপ পৰ ৰোৱা, অলপ পৰ ৰোৱা, শ্বাইলক, দলিলত কেৱল মাথোন আধা সেৰ মঙহৰ কথা আছে, দলিলত এটোপো তেজৰ কথা নাই। এই কথা মনত ৰাখিবা যেন। দলিলত যি আছে তাকে লোৱাঁ, কিন্তু খবৰদাৰ সেই মঙহ কাটোতে যদি এটোপো খ্ৰীষ্টান তেজ পাত হয়, তোমাৰ সকলো সম্পত্তি ৰজাৰ হ'ব। ইও ভেনিচৰ আইন। দলিলত যি আছে তুমি লোৱা, কিন্তু এটোপাও তেজ নহয়।”

 এতিয়া গ্ৰেটিয়ানোৰ আনন্দ কৰিবৰ পাল। তেওঁ শ্বাইলকৰ পিনে চাই চাই ক'লে, “ইহুদী, এইবাৰ কেনে? ধন্য বিচাৰপতি! ধন্য বিচাৰৰ সততা” ইত্যাদি শ্বাইলকে যি কৈছিল, তাকে তাৰ পিনে চাই বাৰে বাৰে কবলৈ ধৰিলে।

 শ্বাইলক তেতিয়া বিষম সমস্যাত পৰিল। তেতিয়া বপুৰিয়ে ক’লে, “সেয়ে যদি আইন হয়, তেনেহলে মোক তিনি গুণ টকা দিয়ক, মই খ্ৰীষ্টানটোক এৰি দিম।”

 বেচানিৱে টকা দিবলৈ গ’ল; কিন্তু পোৰ্শ্বিয়াই মানা কৰি কলে, “ৰ’বা ৰ’বা, ইহুদীয়ে বিচাৰ পাব, যি দলিলত আছে তাকে পাব। ইহুদী, মঙহ কাটিবলৈ আগ বাঢ়াঁ, কাটাঁ গৈ। কিন্তু দলিলত কেৱল মাত্ৰ আধা সেৰ মঙহৰ কথাহে আছে, মঙহ কাটোতে যদি তিলাৰ্ব্ধও কম বেছি হয়, তেনেহলে তোমাৰ প্ৰাণদণ্ড হ’ব আৰু তোমাৰ সকলে। সম্পত্তি ৰাজদৰবাৰত বাজেয়াপ্ত হব।”

 শ্বাইলকে থেৰোগেৰো কৰিবলৈ ধৰি পাছত ক'লে, “তেনেহলে মোক মূলধনখিনি দিয়ক, মই তাকে লৈ যাওঁ।” বেচানিও টকা দিবলৈ [ ২৮ ] আগ বাঢ়িল। পোৰ্শ্বিয়াই হাক দি কলে, “ইহুদী, ৰবা, আৰু এটি কথা আছে। ভেনিচৰ আৰু এটি আইনে কয় যে, যদি কোনো বিদেশীয়ে ভেনিচৰ কোনো মানুহক ধ্বংস কৰিবলৈ আগ বাঢ়ে, (যি কোনো প্ৰকাৰে হওক, সাক্ষাৎ ভাবেই হওক কি আন কোনো ৰকমেই হওক) আইন মতে তাৰ সম্পত্তিৰ আধা সেই মানুহে পাব আৰু বাকীখিনি ৰাজকোষলৈ যাব। আৰু সেই হত্যাকাৰী হব খোজাজনক ৰজাৰ যি ইচ্ছা কৰিব। এতিয়া ইহুদী, তুমি সেই তেনে অৱস্থাত পৰিছা। সেই দেখি স্বৰ্গদেৱৰ দয়া ভিক্ষা কৰা।”

 গ্ৰেটিয়ানোৰ মহা আনন্দ। তেওঁ কলে, “হেৰ ইহুদী, তই স্বৰ্গদেৱৰপৰা যাতে নিজে ডিঙিত ফাঁচী লগাই মৰিব পাৰ, তাকে ভিক্ষা কৰ। ও পাহৰিলোঁ, তোৰ যে জৰী এডাল কিনিবলৈকে পইচা নাই, এটাইবোৰ যে ৰাজদৰবাৰত। তেনেহলে তোক ৰাজ খৰচতে ফাঁচী দিব লাগিব।”

 ডিউক— “তই প্ৰাণ ভিক্ষা কৰাৰ আগেয়েই তোক প্ৰাণ দান কৰিলোঁ। আমাৰ আৰু তোৰ প্ৰকৃতি যে কিমান বেলেগ ইয়াতে গম পাবি। তোৰ আধা সম্পত্তি এন্টোনিওৰ হ’ব আৰু বাকিখিনি ৰাজভাণ্ডাৰলৈ আহিব।

 তেতিয়া শ্বাইলকে কলে, “মোৰ সম্পত্তিৰ লগে লগে মোৰ জীৱনো লওক, তাক আৰু কিয় ৰাখে? যি বস্তুৰ দ্বাৰাই মই জীৱিকা নিৰ্ব্বাহ কৰোঁ, তাকে যদি লৈ গ'ল তেনেহলে মোৰ জীৱনো লওক। মোক জীৱন নেলাগে।” তাৰ পাছত পোৰ্শ্বিয়াই এণ্টোনিওক শোধাত তেওঁ কলে, “স্বৰ্গদেৱ, যি টকা ৰাজকোষলৈ গ'ল তাৰ বাদে আধাখিনি টকা মোৰ ব্যৱহাৰৰ বাবে ই যদি মোক দিয়ে আৰু যি মানুহজনে ইয়াৰ জীয়েকক বিয়া কৰাইছে, তেওঁক যদি ই মৰাৰ পিছত মই দিওঁ, তাত [ ২৯ ] যদি ই সম্মত হয় তেনেহলেই মোৰ সন্তোষ। আৰু দুটা কথা আছে— প্ৰথম, সি যেন এতিয়াই খ্ৰীষ্টধৰ্ম্ম অৱলম্বন কৰে; দ্বিতীয়, এতিয়াই সি যদি এখন দানপত্ৰ লেখি, সি মৰাৰ পাছত তাৰ যি সম্পত্তি থাকে তাক লৰেঞ্জো আৰু জেচীকাক দি যায়, তেনেহলে মোক আৰু একো নেলাগে।”

 ডিউক— “সি এতিয়াই তাকে কৰিব, নহলে এই যে তাৰ প্ৰাণদণ্ড ৰহিত কৰি ক্ষমা কৰিলোঁ, সেই হুকুম ৰদ কৰিম।”

 শ্বাইলক— “মোক ইয়াৰপৰা যাবলৈ অনুমতি দিয়ক। মোৰ গা ভাল লগা নাই, মই এতিয়া যাওঁ। দানপত্ৰ পাছত চহী কৰিম, ঘৰলৈ যেন পঠিয়াই দিয়ে।”

 ডিউকে হুকুম দিলত সি আধা-মৰা মানুহৰ দৰে পৰোঁ পৰোঁ হৈ বিচাৰ-ঘৰ এৰি গ’ল।

 বিচাৰৰ এনে সু অন্ত হলত আটায়ে ৰং পালে আৰু ডেকা বেৰিষ্টৰ জনেই যে এণ্টোনিওৰ উদ্ধাৰ কৰ্ত্তা, আটায়ে সেই কথাৰ শলাগ ললে। ডিউকে পোৰ্শ্বিয়াক প্ৰশংসাবাদ দি ৰাতিৰ ভোজনলৈ নিমন্ত্ৰণ কৰিলে। কিন্তু পোৰ্শ্বিয়াই সেই নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে, কিয়নো সেই দিনাই তেওঁলোক ভেনিচৰ এৰিবৰ কথা।

⸻:o:⸻