পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সপ্তম অধ্যায়।


সপ্তম অধ্যায়।

 ইপিনে ভেনিচত এণ্টোনিওৰ বিচাৰ উপস্থিত। লেশমাত্ৰ দয়াহীন ইহুদী শ্বাইলকে ভেনিচৰ আইন অনুসাৰে, দলিলত লেখা আধা সেৰ মঙহ কাটি লবলৈ ওলাল।

 বিচাৰ-ঘৰত ভেনিচৰ ডিউক বিচাৰাসনত পাৰিষদবৰ্গৰে সৈতে পৰিবেষ্টিত হৈ বহি আছে। বেচানিও আৰু গ্ৰেটিয়ানো বেলণ্টৰপৰা ঠিক সময়ত আহি পালেহি। তেওঁলোকও বিচাৰ-ঘৰত। চালাৰিনো, চালানিও আৰু আন বহুতো বিচাৰ-ঘৰত। ইহুদী শ্বাইলকৰ আচৰিত গোচৰ, সেই দেখি বিচাৰ-ঘৰত মানুহৰ লেখ-জোখ নাই।

 ডিউকে এণ্টোনিওক তেতিয়া নিজৰ দুখ প্ৰকাশ কৰি কলে, “এণ্টোনিও, দয়া-মায়াহীন নিষ্ঠুৰ মানুহ এটাই তোমাৰ নামে গোচৰ কৰিছে। তাৰপৰা এক তিলাৰ্দ্ধ কৃপা ভিক্ষা পোৱা নেযায়।”

 এণ্টোনিৱে কলে, “স্বৰ্গদেৱে যে মোৰ হৈ ইহুদীটোক নিৰ্দ্দয় ব্যৱহাৰৰপৰা বিৰত কৰিবলৈ চেষ্টা কৰিছে মই শুনিছোঁ। সি যেতিয়া নিষ্ঠুৰতাৰ হ্ৰাস অকণো নকৰে, আৰু মোক যেতিয়া আইনৰ সহায় লৈ কোনো মানুহে ৰক্ষা কৰিব নোৱাৰে, মই ধৈৰ্য্য ধৰি তাৰ সকলো ব্যৱহাৰ সহ্য কৰিম।”

 ডিউকে তেতিয়া শ্বাইলকক মাতি আনিবলৈ হুকুম দিলে। সি আহিলত তাক তেওঁ কলে, “শ্বাইলক, তই ধেমালি কৰিহে ইমান দূৰলৈকে এণ্টোনিওক খেদি আনিছ। আমাৰ সকলোৰে বিশ্বাস যে, তই অলপৰ পাছত সদাগৰ এণ্টোনিওক এৰি দি তেওঁৰ যে মঙহ নলৱেই তেওঁৰ ক্ষতি হানিৰ কথা শুনি তেওঁক আধাখিনি টকাও এৰি দিবি। তই মানুহক দেখুৱাবলৈ হে এনে নিষ্ঠুৰ আচৰণ কৰিছ।