পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
অষ্টম অধ্যায়

যদি ই সম্মত হয় তেনেহলেই মোৰ সন্তোষ। আৰু দুটা কথা আছে— প্ৰথম, সি যেন এতিয়াই খ্ৰীষ্টধৰ্ম্ম অৱলম্বন কৰে; দ্বিতীয়, এতিয়াই সি যদি এখন দানপত্ৰ লেখি, সি মৰাৰ পাছত তাৰ যি সম্পত্তি থাকে তাক লৰেঞ্জো আৰু জেচীকাক দি যায়, তেনেহলে মোক আৰু একো নেলাগে।”

 ডিউক— “সি এতিয়াই তাকে কৰিব, নহলে এই যে তাৰ প্ৰাণদণ্ড ৰহিত কৰি ক্ষমা কৰিলোঁ, সেই হুকুম ৰদ কৰিম।”

 শ্বাইলক— “মোক ইয়াৰপৰা যাবলৈ অনুমতি দিয়ক। মোৰ গা ভাল লগা নাই, মই এতিয়া যাওঁ। দানপত্ৰ পাছত চহী কৰিম, ঘৰলৈ যেন পঠিয়াই দিয়ে।”

 ডিউকে হুকুম দিলত সি আধা-মৰা মানুহৰ দৰে পৰোঁ পৰোঁ হৈ বিচাৰ-ঘৰ এৰি গ’ল।

 বিচাৰৰ এনে সু অন্ত হলত আটায়ে ৰং পালে আৰু ডেকা বেৰিষ্টৰ জনেই যে এণ্টোনিওৰ উদ্ধাৰ কৰ্ত্তা, আটায়ে সেই কথাৰ শলাগ ললে। ডিউকে পোৰ্শ্বিয়াক প্ৰশংসাবাদ দি ৰাতিৰ ভোজনলৈ নিমন্ত্ৰণ কৰিলে। কিন্তু পোৰ্শ্বিয়াই সেই নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে, কিয়নো সেই দিনাই তেওঁলোক ভেনিচৰ এৰিবৰ কথা।

⸻:o:⸻


অষ্টম অধ্যায়।

 বিচাৰ-ঘৰৰপৰা ডিউক তেওঁৰ পাৰিষদবৰ্গৰে সৈতে গলত বেচানিও আৰু এণ্টোনিৱে পোৰ্শ্বিয়াক নানান সাধুবাদ আৰু প্ৰশংসাবাদ দি ইহুদীক দিবলগীয়া তিনি হাজাৰ ডাকাট তেওঁক দিব খুজিলে। তেওঁ অৱশ্যে লবলৈ ৰাজি নহ’ল।