পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ভেনিচৰ সাউদ

আগ বাঢ়িল। পোৰ্শ্বিয়াই হাক দি কলে, “ইহুদী, ৰবা, আৰু এটি কথা আছে। ভেনিচৰ আৰু এটি আইনে কয় যে, যদি কোনো বিদেশীয়ে ভেনিচৰ কোনো মানুহক ধ্বংস কৰিবলৈ আগ বাঢ়ে, (যি কোনো প্ৰকাৰে হওক, সাক্ষাৎ ভাবেই হওক কি আন কোনো ৰকমেই হওক) আইন মতে তাৰ সম্পত্তিৰ আধা সেই মানুহে পাব আৰু বাকীখিনি ৰাজকোষলৈ যাব। আৰু সেই হত্যাকাৰী হব খোজাজনক ৰজাৰ যি ইচ্ছা কৰিব। এতিয়া ইহুদী, তুমি সেই তেনে অৱস্থাত পৰিছা। সেই দেখি স্বৰ্গদেৱৰ দয়া ভিক্ষা কৰা।”

 গ্ৰেটিয়ানোৰ মহা আনন্দ। তেওঁ কলে, “হেৰ ইহুদী, তই স্বৰ্গদেৱৰপৰা যাতে নিজে ডিঙিত ফাঁচী লগাই মৰিব পাৰ, তাকে ভিক্ষা কৰ। ও পাহৰিলোঁ, তোৰ যে জৰী এডাল কিনিবলৈকে পইচা নাই, এটাইবোৰ যে ৰাজদৰবাৰত। তেনেহলে তোক ৰাজ খৰচতে ফাঁচী দিব লাগিব।”

 ডিউক— “তই প্ৰাণ ভিক্ষা কৰাৰ আগেয়েই তোক প্ৰাণ দান কৰিলোঁ। আমাৰ আৰু তোৰ প্ৰকৃতি যে কিমান বেলেগ ইয়াতে গম পাবি। তোৰ আধা সম্পত্তি এন্টোনিওৰ হ’ব আৰু বাকিখিনি ৰাজভাণ্ডাৰলৈ আহিব।

 তেতিয়া শ্বাইলকে কলে, “মোৰ সম্পত্তিৰ লগে লগে মোৰ জীৱনো লওক, তাক আৰু কিয় ৰাখে? যি বস্তুৰ দ্বাৰাই মই জীৱিকা নিৰ্ব্বাহ কৰোঁ, তাকে যদি লৈ গ'ল তেনেহলে মোৰ জীৱনো লওক। মোক জীৱন নেলাগে।” তাৰ পাছত পোৰ্শ্বিয়াই এণ্টোনিওক শোধাত তেওঁ কলে, “স্বৰ্গদেৱ, যি টকা ৰাজকোষলৈ গ'ল তাৰ বাদে আধাখিনি টকা মোৰ ব্যৱহাৰৰ বাবে ই যদি মোক দিয়ে আৰু যি মানুহজনে ইয়াৰ জীয়েকক বিয়া কৰাইছে, তেওঁক যদি ই মৰাৰ পিছত মই দিওঁ, তাত