পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইয়াৰ পাছত পোৰ্শ্বিয়াই শ্বাইলকক মঙহ কাটিবলৈ হুকুম দিলে। হুকুম পোৱা মাত্ৰকতে কটাৰী লৈ শ্বাইলক আগ বাঢ়িল।

 তেতিয়া পোৰ্শ্বিয়াই কলে, “অলপ পৰ ৰোৱা, অলপ পৰ ৰোৱা, শ্বাইলক, দলিলত কেৱল মাথোন আধা সেৰ মঙহৰ কথা আছে, দলিলত এটোপো তেজৰ কথা নাই। এই কথা মনত ৰাখিবা যেন। দলিলত যি আছে তাকে লোৱাঁ, কিন্তু খবৰদাৰ সেই মঙহ কাটোতে যদি এটোপো খ্ৰীষ্টান তেজ পাত হয়, তোমাৰ সকলো সম্পত্তি ৰজাৰ হ'ব। ইও ভেনিচৰ আইন। দলিলত যি আছে তুমি লোৱা, কিন্তু এটোপাও তেজ নহয়।”

 এতিয়া গ্ৰেটিয়ানোৰ আনন্দ কৰিবৰ পাল। তেওঁ শ্বাইলকৰ পিনে চাই চাই ক'লে, “ইহুদী, এইবাৰ কেনে? ধন্য বিচাৰপতি! ধন্য বিচাৰৰ সততা” ইত্যাদি শ্বাইলকে যি কৈছিল, তাকে তাৰ পিনে চাই বাৰে বাৰে কবলৈ ধৰিলে।

 শ্বাইলক তেতিয়া বিষম সমস্যাত পৰিল। তেতিয়া বপুৰিয়ে ক’লে, “সেয়ে যদি আইন হয়, তেনেহলে মোক তিনি গুণ টকা দিয়ক, মই খ্ৰীষ্টানটোক এৰি দিম।”

 বেচানিৱে টকা দিবলৈ গ’ল; কিন্তু পোৰ্শ্বিয়াই মানা কৰি কলে, “ৰ’বা ৰ’বা, ইহুদীয়ে বিচাৰ পাব, যি দলিলত আছে তাকে পাব। ইহুদী, মঙহ কাটিবলৈ আগ বাঢ়াঁ, কাটাঁ গৈ। কিন্তু দলিলত কেৱল মাত্ৰ আধা সেৰ মঙহৰ কথাহে আছে, মঙহ কাটোতে যদি তিলাৰ্ব্ধও কম বেছি হয়, তেনেহলে তোমাৰ প্ৰাণদণ্ড হ’ব আৰু তোমাৰ সকলে। সম্পত্তি ৰাজদৰবাৰত বাজেয়াপ্ত হব।”

 শ্বাইলকে থেৰোগেৰো কৰিবলৈ ধৰি পাছত ক'লে, “তেনেহলে মোক মূলধনখিনি দিয়ক, মই তাকে লৈ যাওঁ।” বেচানিও টকা দিবলৈ