পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সপ্তম অধ্যায়

সি এটা নিয়ম হৈ যাব,— সি কেতিয়াও হব নোৱাৰে। বাৰু খতখন দিয়াচোন।”

 শ্বাইলকৰ মহা আনন্দ। সি পোৰ্শ্বিয়াক প্ৰশংসা কৰিবলৈ ধৰিলে। “সাক্ষাৎ ধৰ্মৰ বিচাৰ।”

 পো— “শ্বাইলক, তোমাক তিনি গুণ টকা দিয়া হৈছে! নোলোৱা কিয়? এই টকা লোৱাঁ, সাওদক এৰি দিয়াঁ।”

 শা— “মই শপত খাইছোঁ। ভগৱানৰ ওচৰত শপত খাই কৈছোঁ। মই কি শপতৰ অন্যথা কৰিম? ই কেতিয়াও নহয়, হবই নোৱাৰে। সমগ্ৰ ভেনিচৰ বাবেও এনে নকৰোঁ।”

 পো— “তেনেহলে তো কথাই নাই। এই দলিলৰ মতে তেনেহলে সাওদৰ হিয়াৰ ওচৰৰ আধা সেৰ মঙহ তুমি কাটি লব পাৰা, ই আইন সঙ্গত। কিন্তু, ইহুদী, দয়া কৰাঁ। তোমাক তিনি গুণ টকা দিয়া হৈছে, তুমি লোৱাঁ। মোক এই দলিলখন ফালি পেলাবলৈ অনুমতি দিয়াঁ।”

 শ্বাই— “ফালি পেলাব, যেতিয়া দলিলৰ মতে কাম নিস্পত্তি হব, তেতিয়া ফালি পেলাব, এতিয়া নহয়। আপুনি আইনজ্ঞ পণ্ডিত আৰু আপুনি যেনেকৈ আইনৰ ব্যাখ্যা কৰি দেখুৱাইছে তাৰ দ্বাৰা জানিব পাৰিছোঁ যে, আপোনাৰ বিদ্যা বুদ্ধি অসীম। আপুনি আইনৰ এটি প্ৰধান স্তম্ভ স্বৰূপ, আপুনি ন্যায় বিচাৰপতি, সোনকালে বিচাৰ কৰক। মই শপত খাই কৈছোঁ যে, মোৰ মন পৰিবৰ্তন কৰা মানুহৰ শক্তিৰ অতীত, কোনেও নোৱাৰে। মই দলিলৰ ওপৰতে নিৰ্ভৰ কৰি বিচাৰপ্ৰাৰ্থী হম।”

 পো— “তেনেহলে এণ্টোনিও, তুমি প্ৰস্তুত হোৱাঁ। ইহুদীৰ কটাৰীয়ে তোমাৰ বুকুৰ মঙহ কাটিব।”

 পোৰ্শ্বিয়াই শ্বাইলকক মঙহ জুখিবলৈ তৰ্জ্জু আছানে নাই শুধিলে। শ্বাইলক আগৰপৰা তৈয়াৰ; সি তৰ্জ্জু লগত আনিছিল। পোৰ্শ্বিয়াই