পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ভেনিচৰ সাওদ

যদি সুবিচাৰ নেপাওঁ তেনেহলে মই তেতিয়া জানিম আৰু ক’ম যে, ভেনিচৰ আইনৰ একো মূল্য নাই। মই বিচাৰৰ বাবে ইয়ালৈ আহিছোঁ। বিচাৰ পাম নে?”

 ডিউক— “তই জান নে আজি মই বিচাৰ নোশোধোঁ বুলি কব পাৰোঁ। মোৰ কবৰ ক্ষমতা আছে। বেলাৰিও নামেৰে এজন বিজ্ঞ পণ্ডিতক আহি এই বিচাৰৰ শোধপোছ কৰিবলৈ মাতি পঠিয়াইছোঁ। তেওঁ নাহিলে এই বিচাৰ শোধ নহয়।”

 এনেতে বেলাৰিওৰপৰা এজন দূতে চিঠি আনি বাহিৰত বাট চাই থকাৰ বাতৰি বিচাৰ-ঘৰত জনোৱা হ’ল। দূতক ডিউকে মাতি অনাবলৈ হুকুম দিলে।

 এই দূত কোন? পোৰ্শ্বিয়াৰ লিগিৰী গ্ৰেটিয়ানোৰ প্ৰাণেশ্বৰী নেৰীচা। নেৰীচাই উকীলৰ মহৰীৰ দৰে কাপোৰ পিন্ধি চিঠি লৈ হাজিৰ।

 ডিউক— “তুমি পেডুৱাৰ বেলাৰিওৰ তাৰপৰা আহিছা নে?”

 নেৰীচা— “স্বৰ্গদেৱ হয়—তেখেতে আপোনাক অভিবাদন জনাই এই চিঠিখন দিছে।”

 ইপিনে শ্বাইলকে মহা আনন্দত তাৰ জোতাৰ তলুৱাত কটাৰী ধাৰ দি মঙহ কাটিবলৈ টপতৈয়াৰ হৈ আছে। বেচানিৱে এণ্টোনিওক নানান ৰকম প্ৰবোধ দিবলৈ ধৰিলে, আৰু গ্ৰেটিয়ানো আৰু শ্বাইলকৰ মাজত সৰুসুৰা তৰ্ক হবলৈ ধৰিলে।

 ডিউকে চিঠিত এই জানিলে যে, বেলাৰিও নৰিয়াৰ বাবে আহিব নোৱাৰিলে; কিন্তু তেওঁৰ এজন সুপৰিচিত ডেকা বেৰিষ্টৰ ডিউকৰ চিঠি যোৱাৰ সময়ত তেওঁৰ লগতে আছিল। তেওঁৰে সৈতে বেলাৰিৱে বহুতো পুথি কিতাপ বিচাৰি পৰামৰ্শ কৰি এই মকৰ্দ্দমাৰ