পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সপ্তম অধ্যায়

মীমাংসা উলিয়াই তেওঁকে ডিউকৰ ওচৰলৈ পঠাইছে। কম বয়সীয়া লৰা বুলি যেন তেওঁক ইতিকিং কৰা নহয়। বিদ্যা বুদ্ধিত তেওঁ বৰ পৈণত।

 ডেকা বেৰিষ্টাৰ বিচাৰ-ঘৰলৈ অহাত ডিউকে তেওঁক সসম্ভ্ৰমে অভ্যৰ্থনা কৰি আসন দিলে। এই বেৰিষ্টৰ আন কোনো নহয়, বেচানিওৰ হৃদয়েশ্বৰী পোৰ্শ্বিয়া হে। পোৰ্শ্বিয়াই বেৰিষ্টৰৰ সাজ পিন্ধাত কোনেও তেওঁক তিৰুতা বুলি চিনিব নোৱাৰিলে, —এনে কি বেচানিৱেও চিনিব নোৱাৰিলে। গ্ৰেটিয়ানোৰ চোকা চকুৱেও, ডেকা বেৰিষ্টৰৰ ডেকা কেৰাণীৰ সাজ পিন্ধাজনেই যে তেওঁৰ মন চোৰ নেৰীচা সুন্দৰী, তত ধৰিব নোৱাৰিলে।

 ডিউকে তেতিয়া শ্বাইলক আৰু এণ্টোনিওক আগলৈ আহি থিয় দিবলৈ হুকুম দি পোৰ্শ্বিয়াক বিচাৰ কৰিবলৈ আদেশ দিলে।

 পোৰ্শ্বিয়াই শ্বাইলকক ক'লে, “যদিও তোমাৰ গোচৰ আচৰিত ধৰণৰ, কিন্তু ভেনিচৰ আইনমতে এনে গোচৰ চলে। এণ্টোনিও, তুমি খতত যি লেখা আছে তাক স্বীকাৰ কৰা নে?”

 এণ্টোনিও সত্যবাদী। এণ্টোনিৱে স্বীকাৰ কৰিলে।

 পোৰ্শ্বিয়াই ক'লে যে, ইহুদীয়ে যদি এতিয়া দয়া দেখুৱায়, তেনেহলে এণ্টোনিওৰ ৰক্ষা; নহলে নাই। শ্বাইলকে ক'লে, দয়া দেখুৱাবলৈ সি বাধ্য নে? কেতিয়াও নহয়।

 পোৰ্শ্বিয়া— “বৰষুণে যেনেকৈ লাহে লাহে পৰি পৃথিবী স্নিগ্ধ শীতল কৰে, দয়াৰ প্ৰকৃতিও তেনে। যিজনে দয়া প্ৰকাশ কৰে আৰু যাৰ প্ৰতি দয়া প্ৰকাশ কৰা হয় দুইৰো দয়াৰপৰা সুখ হয়; দয়া কৰা জনে দয়া যে কৰিছে, সেই বাবে সুখী আৰু যাক দয়া প্ৰকাশ কৰা হয়, তেওঁ সেই দয়াৰ ফলৰপৰা সুখী। দয়াৰ স্থান আটাইতকৈ ওখ। ৰজাৰ ৰাজ-