ভেনিচৰ সাওদ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভেনিচৰ সাওদ
লেখক উইলিয়াম শ্বেইকছপীয়েৰ, translated by জ্ঞানদাভিৰাম বৰুৱা
ভেনিচৰ সাওদ হৈছে উইলিয়াম শ্বেইকছপীয়েৰৰ The Merchant of Venice-ৰ জ্ঞানদাভিৰাম বৰুৱাই কৰা অসমীয়া অনুবাদ। (ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক)
[  ] [  ]

⸺শ্ৰীশ্ৰীশ্ৰঃ⸺

ভেনিচৰ সাওদ।
শেক্সপিয়েৰৰ “মাৰ্চেন্ট অব্‌ ভেনিচৰ”
অসমীয়া ভাঙনি।

⸺:৹:⸺

শ্ৰীজ্ঞানদাভিৰাম বৰুৱা দ্বাৰা
ৰচিত আৰু প্ৰকাশিত
গুৱাহাটী।
⸺:৹:⸺

সাম্য-প্ৰেস,
৬নং কলেজ-স্কোৱাৰ, কলিকাতা;
উপেন্দ্ৰনাথ দাস দ্বাৰা মুদ্ৰিত।

১৮৪৭ শঁক।

বেচ ।৵৹ ডেৰ মহা।

[  ] [  ]
ভেনিচৰ সাওদ (page 4 crop).jpg
উৎসৰ্গ।

স্বৰ্গীয় পিতৃদেৱতা
(৺ গুণাভিৰাম বৰুৱা)
—আৰু—
স্বৰ্গীয়া আই মাতৃ
(৺ বিষ্ণুপ্ৰিয়া দেবীৰ)
—উদ্দেশে—
জগৎকবি শ্যেক্সপিয়েৰৰ
মাৰ্চেণ্ট অব্‌ ভেনিচৰ
অসমীয়া ভাঙনি
আগ বঢ়ালোঁ।

[  ]
[  ]

পাতনি।

⸺o⸺

 আমাৰ অসমীয়া ভাষাত শ্যেক্সপিয়েৰৰ ভাঙনি বা সেই মহাকবিৰ অনুকৰণ কৰি লেখা গ্ৰন্থ এখনি হে। সেই কিতাপ খনিৰ নাম ‘ভ্ৰমৰঙ্গ” (কবিৰ কমেডি অব্ এৰৰ্ চ)। এই ভ্ৰমৰঙ্গই আমাক শেক্সপিয়েৰৰে সৈতে প্ৰথম চিনাকী কৰি দিয়ে। সেই কিতাপখনি পচিশ বছৰমানৰ অগৈয়ে কে জনবান কলিকতাত পঢ়া অসমীয়া ডেকাই লেখে—আৰু ভৱানীচৰণ দত্তৰ লেনৰ মেচত ১৮৯৭ কি ১৮৯১ চনত তাৰ ভাৱনা হোৱা আমাৰ বেছ মনত আছে।

 পাছত ডাঙৰ হলত শেক্সপিয়েৰলৈ আমাৰ মৰম আৰু শ্ৰদ্ধা বাঢ়িল। বিলাতত শেক্সপিয়েৰৰ কেখনমান নাটৰ ভাৱনাও দেখিছিলোঁ। সেই দেখি শেক্সপিয়েৰৰ মাৰ্চেন্ট অব ভেনিচ বুলি কিতাপখনৰ অসমীয়া ভাঙনি কৰি অসমীয়া ৰাইজসকলৰ আগত ধৰিছোঁ। আমি যে শেক্সপিয়েৰৰ অনুবাদকৰ্ত্তা পক্স যোগ্য তাক নকওঁ। অসমীয়া ভাষাত শেক্সপিয়েৰৰ ভ্ৰমৰঙ্গৰ বাহিৰে আন কোনো কিতাপ নোহোৱাৰ কাৰণেই আমাৰ “ভেনিচৰ সাওদ” উলিৱাৰ প্ৰধান কাৰণ। সেই দেখি দোষ গুণ যি ইয়াত আছে, পাঠক পাঠিকা সকলে আমাক যদি দেখুৱাই নিয়ে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হ'ম।

  ভেনিচৰ সাওদ উলিৱাৰ আৰু এটি কাৰণ হৈছে এই—১৯১০ চনৰ পূজাৰ বন্ধত ছোটনাগপুৰৰ গিৰিডি বুলি ঠাইত বিশ্ৰাম লবলৈ বোৱাত তালৈ আমাৰ দৰে বিশ্ৰাম লবলৈ যোৱা কেজনমান বঙ্গালী কলেজৰ ছাত্ৰই মাৰ্চেন্ট অব্ ভেনিচ ভাৱনা কৰিছিল। [  ] সেই ভাৱনাৰ নিমিত্তে তেওঁলোকে আমাৰপৰা এই সম্বন্ধে অলপ সাহায্য পাইছিল। তেতিয়াই ভাবিলোঁ যে, অসমীয়া বহুতো মানুহ আছে যি সকলে ইংৰাজী ভাষা নজনাৰ গুণে এই জগৎ-কবিৰ নাটখনৰ বিষয়ে হয় তো বা একো নেজানে। সেই দেখি তাৰ অলপ পাছতে শ্যেক্সপিয়েৰৰ এখন কিতাপ আগত লৈ সাধুকথাৰ দৰে আৰু অনুবাদৰ দৰেও লেখিবলৈ আৰম্ভ কৰিলোঁ। কেপাতমান লেখি এবছৰমান মেজত এনেয়ে পেলাই থৈ দিছিলোঁ। হঠাৎ আকৌ ইচ্ছা হ’লত তাক শেহ কৰি বাঁহীৰ সম্পাদক প্ৰসিদ্ধ সাহিত্যিক শ্ৰদ্ধাস্পদ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত ছাপাখানাত দিবলৈ দিলোঁ। তেখেতে ইয়াৰ প্ৰুফ চাই দিয়াৰ বাবে আমি তেখেতৰৰ ওচৰত ঋণী, আৰু তেখেতক আমি ধন্যবাদ দিওঁ৷

 ইয়াৰ দ্বাৰা যদি আমাৰ পাঠকসকলে শ্যেক্সপিয়েৰৰ মাৰ্চেন্ট অব ভেনিচৰ অলপমানো আভাস পায় আৰু শ্যেক্সপিয়েৰৰ বিষয়ে আৰু পঢ়িবলৈ আৰু জানিবলৈ ইচ্ছুক হয়, আমি আমাৰ শ্ৰম সাৰ্থক হ'ল বুলি মানিম।

 আমি দেখিছোঁ, শ্যেক্সপিয়েৰৰ নাটবোৰ যিমান পঢ়া যায়, সিমান তাৰ সোৱাদ বঢ়া হোৱা যেন লাগে। আমি কবিৰ বহুতো নাট বহু বাৰ পঢ়িছো। যিমান পঢ়োঁ আমনি নেলাগে। সেই বুলি আমি নকওঁ যে শ্যেক্সপিয়েৰৰ অৰ্থ সকলোবোৰ আমাৰ বোধগম্য হৈছে—অৰ্থাৎ শ্যেক্সপিয়েৰে কোনো কোনো কথা লেখোঁতে কি ভাবি লেখিছিল, তাক আমি কব পাৰোঁ। নানাম্ বিদ্বানলোকে নানান অৰ্থ কোনো কোনো কথাৰ কৰে। সি বাৰু যি হওক- আমাৰ কামৰ অৰ্থে আমি যি জানো তাৰেই কাম সুকলমে হব বুলি আশা কৰিছোঁ৷ [  ]  শেক্সপিয়েৰৰ নাটবোৰ পঢ়ি আমনি যে নেলাগেই নাটবোৰ পঢ়ি মনত হয় যেন শেক্সপিয়েৰ বিংশতি শতাব্দীৰ আমাৰ সমসাময়িক হে৷ তেওঁ যি লেখিছিল যদিও প্ৰায় তিনিশ বছৰৰ আগৈয়ে লেখিছিল, তেওঁ মনত হয় আজি কালি হোৱাৰ কথাহে যেন লেখিছে৷ তেওঁ কোনো, জাতিগত কি ব্যক্তিগত কথা লেখি তেওঁৰ নাটবোৰ ৰচনা কৰা নাই৷ তেওঁৰ নায়ক নায়িকাবোৰ আৰু নাটৰ আন আন character বোৰ সকলে৷ জাতিৰ ভিতৰত সকলো সময়ত পোৱা যায়৷

 তেওঁৰ লেখা ইংৰাজী ভাষাৰ সৰ্ব্বপ্ৰধান অলঙ্কাৰ৷ আমি কওঁ যে, শ্যেক্সপিয়েৰ যদিও ইংলণ্ডত জন্মগ্ৰহণ কৰিছিল—সকলো পৃথিবীয়ে তেওঁক নিজৰ বুলি কব পাৰে৷ আমি হ’লে তেওঁক ইংৰাজ কবি বুলি কব নোখোজোঁ৷ তেওঁ এই গোটেইখন জগতৰ কবি৷ এই খিনিতে কবিৰ সংক্ষিপ্ত জীৱনী দি এই পাতনি সামৰোঁ৷

 ওৱাৰিকশ্বিয়েৰৰ ষ্ট্ৰেট্ফৰ্ড বুলি এখন ঠাইত খ্ৰীষ্টীয় ১৫৬৪ চনৰ এপ্ৰিল মাহত শেক্সপিয়েৰৰ জন্ম হয়৷ তেওঁৰ পূৰা নাম উইলিয়েম শেক্সপিয়েৰ৷ এই শেক্সপিয়েৰৰ জন্মস্থান বুলি ষ্ট্ৰেট্ফৰ্ড আজি জগৎ বিখ্যাত৷ এই ঠাইৰ নৈখনৰ নাম এভন্৷ ইংলণ্ডত ষ্ট্ৰেট্ফৰ্ড বুলি আন ঠাই থকাৰ গুণে এই ঠাইক ষ্ট্ৰেট্ফৰ্ড-অন্- এভন্ বুলি কোৱাঁ হয়৷ তেওঁৰ পিতাক জন্ শেক্সপিয়েৰৰ আৰ্থিক অৱস্থা উইলিয়ম ওপজাৰ কেবছৰমানৰ পাছত বেয়া হয়৷ উইলিয়েম শেক্সপিয়েৰ তেওঁৰ জীৱনৰ শেহ কেটা দিন যদিও সঙ্গতি- শালী আছিল, তত্ৰাচ পিতাকৰ আৰ্থিক অৱস্থাৰ পৰিবৰ্ত্তন হোৱাৰ গুণে তেওঁ সকলো ৰকম অৱস্থাৰ সোৱাদ পাইছিল৷

 তেওঁৰ জীৱনী সম্বন্ধে সৰহ কথা গোটোৱা হোৱা নাই৷ যিবোৰ হৈছে, তাৰ কিছু অমূলক বুলিও মনত হয়৷ এনে এটা কথা প্ৰচলিত [  ] আছে বোলে তেওঁ হুনু স্যৰ টমাচ লুচি (Sir Thomas Lucy) নামৰ এজন সেই ঠাইৰ ধনী মানুহৰ বাৰীত কিবা অপহৰণ কৰিছিল৷ সেই লাজতে হুনু তেওঁ ষ্ট্ৰেটফৰ্ড এৰি লণ্ডনলৈ যায়৷ এই কথা কিমান বিশ্বাসযোগ্য আমি কব নোৱাৰোঁ৷ তেওঁ লণ্ডনলৈ যোৱাৰ আন কাৰণো থাকিব পাৰে৷ লণ্ডনলৈ নোযোৱা হ’লে কবিব ইমান বহু- মূল্য পুথিবোৰ লেখা নহ’লহেঁতেন৷ যি কাৰণৰ নিমিত্তেই তেওঁ ষ্ট্ৰেটফৰ্ড এৰি লণ্ডনলৈ যাওক—তাৰ ফল যে পৃথিবীৰ পক্ষে উপকাৰী হৈছে ইয়াত সন্দেহ কি?

 আৰু এটি কথা আমাৰ অসমীয়া পাঠকৰ আচৰিত লাগিব৷ তেওঁ ওঠৰ কি উনৈশ বছৰ বয়সত এন্ হেথেওৱে বুলি তেওঁতকৈ আঠ ন বছৰৰ ডাঙৰ এজনা তিৰুতৰ পাণিগ্ৰহণ কৰে৷ তেওঁলোকৰ তিনটি সন্তান জন্মে৷

 ষ্টেট্ফৰ্ডলৈ সিদিনা যাওঁতে আমি এন্ হেথেওৱেৰ ঘৰ চাই আহিছোঁ৷ ষ্ট্ৰেট্ফৰ্ডৰপৰ৷ ডেৰ মাইলমান দূৰ শ্বটাৰি ( Shottery) নামে গাঁৱত সেই ঘৰ৷ আমি শেক্সপিয়েৰৰ ঘৰ বাৰী চোৱাৰ পাছত পথাৰৰ মাজেদি সেই ঘৰ চাবলৈ গলোঁ৷ তেতিয়া আমাৰ মনত হৈছিল যে, সেই বাটেদিয়েই হয় তো বিবাহৰ পূৰ্ব্বে উইলিয়ম আৰু এন্ অহা যোৱা কৰিছিল৷ ষ্ট্ৰেট্ফৰ্ডৰ বিৱৰণ ইয়াত দিবৰ ইচ্ছা নাই; এনেয়েহে ইয়াত সেই বিষয় উল্লেখ কৰিলোঁ৷

 পৃথিবীতে মানুহ মহৎ হ'লে তেওঁলোকৰ বাল্যজীৱনৰ বিষয়ে নানান্ কথা ওলায়৷ শেক্সপিয়েৰৰ যে তেনে নহব—ই আচৰিত৷ লণ্ডনলৈ গৈ প্ৰথমে থিয়েটৰলৈ যোৱা ডেকাবোৰৰ ঘোৰা ধৰি তেওঁ জীবিকা নিৰ্বাহ কৰিছিল৷ এই কথা সঁচা হওক কি মিছা হক, আমাৰ ইয়াৰে সৈতে সম্পৰ্ক নাই৷ এই ঘোৰা ধৰি জীবিকা-নিৰ্ব্বাহ [ ১০ ] কৰা মানুহটিয়েই যে কেবছৰমানৰ পাছত এনেবোৰ পুথি লেখিছিল, যিবোৰ পুথি এই পৃথিবী থকালৈকে স্থায়ী হ’ব সিয়ো এটি আচৰিত কথা৷ আমাৰ মনত হয়, শেক্সপিয়েৰ ইমান ডাঙৰ নোহোৱা হ’লে এই ঘোৰা ধৰা কথা কেতিয়াও নোলালহেঁতেন৷

 শেক্সপিয়েৰে সাতত্ৰিশখন নাটক লেখে৷ সেই সাতত্ৰিশখনৰ ভিতৰত “ভেনিচৰ সাওদ” নাটখনে আজি তিনি শ বছৰ নানান দেশৰ নানান জাতিৰ মানুহৰ মন মুহি আহিব লাগিছে৷ ইংৰাজী চন ১৬০০ ত “মাৰ্চেণ্ট অব ভেনিচ” ওলায়৷ শেক্সপিয়েৰে এই নাটৰ ঘটনাৰ বিষয়টো আন পুৰণি কিতাপৰপৰা সংগ্ৰহ কৰিছিল বুলি প্ৰবাদ আছে৷ নানান্ মুনিৰ নানান্ মত এই বিষয়ে শুনা গৈছে৷ কোনোৱে কয় এখন কিতাপৰপৰা, আনে কয় আন এখনৰপৰা৷ এনেকৈ মতৰ অনৈক্যতা দেখা যায়৷ সি যি হওক, শেক্সপিয়েৰক যাক ইংৰাজীত Plagiarism কোৱা হয় ( অৰ্থাৎ শব্দ চুৰ, ভাব চুৰ কৰা,) সেই দোষ দিব নোৱাৰি৷

 শেক্সপিয়েৰৰ সময়ত আৰু তাৰ আগৈয়েও ইহুদী আৰু খ্ৰীষ্ট- ধৰ্ম্মাৱলম্বীসকলৰ মাজত বিৰোধ আছিল৷ সেই বিৰোধে যে ইমান উগ্ৰমূৰ্তি ধাৰণ কৰিব, তাত আশ্চৰ্য কি? শ্বাইলকক যিমান আমি আটায়ে দোষ দিওঁ, সিমান দোষ শ্বাইলকক দিয়া উচিত নহয়৷ শ্বাইলকৰো আন মানুহৰ দৰে দয়া, স্নেহ, হিংসা আছিল৷ ভেনিচৰ সাওদত শ্যেক্সপিয়েৰৰ বহুতো সাৰগৰ্ভ কথা আছে৷ যিমান দূৰ পৰা গৈছে, সেইবোৰ হুবহু অনুবাদ কৰিবৰ চেষ্টা কৰা হৈছে৷ “দয়াৰ” বিষয়ে, ডিউকৰ কছাৰীত শ্বাইলকৰ হৃদয় দ্ৰৱ কৰিবৰ নিমিত্তে দিয়া পোৰ্চিয়াৰ বক্তৃতাই যদিও শ্বাইলকৰ হৃদয় দ্ৰব কৰিব পৰা নাছিল, কিন্তু পৃথিবীৰ আন সকলো মানুহৰ হৃদয় দ্ৰৱ কৰিব লাগিছে৷ [ ১১ ] শ্যেক্সপিৰেৰৰ অগাধ বুদ্ধি, মানুহৰ স্বভাৱ চিনা বিষয়ত পাণ্ডিত্য গভীৰ৷ সেই দেখি দুই এজন মানুহে কয় যে, নাটকবোৰ শ্যেক্সপিয়েৰে লেখা নহয়—বিখ্যাত লৰ্ড বেকনেহে শ্যেক্সপিয়েৰৰ নাম দি লেখিছিল৷ ই যে একেবাৰেই অমূলক, পাঠকসকলক বোধ কৰোঁ কব নেলাগে৷

 লণ্ডনৰ ভাৱনাৰ নিমিত্তেই শ্যেক্সপিয়েৰে নাটকবোৰ লেখিছিল৷ সেই সময়ত শ্যেক্সপিয়েৰে কেতিয়াও ভবা নাছিল যে, এই নাটকবোৰেই তেওঁৰ নাম পৃথিবীত অমৰ কৰিব৷ অৰ্থৰ নিমিত্তে কৰা কাম ভাল মতে কৰা নহয়, এনে এটা কথা আছে; কিন্তু এই শ্যেক্সপিয়েৰৰ নাটক- বোৰ দেখিলে সেই কথা একেবাৰে মিছা বুলি মনত হয়৷ শ্যেক্সপিয়েৰে এই নাটকবোৰ টকা উপাৰ্জনৰ নিমিত্তেই লেখিছিল—এনেয়ে সাহিত্য- প্ৰণয়ী হৈ লেখা নাছিল৷

 শ্যেক্সপিয়েৰৰ শেহ কেটা দিনৰ আৰ্থিক অবস্থা ভাল আছিল৷

 ১৬১৬ চনত অৰ্থাৎ ৫২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়৷ শ্যেক্স- পিয়েৰৰ দৰে নাম থৈ মৃত্যু হোৱাক মৃত্যু কব নোৱাৰি, অমৃত হে কব লাগে৷

 ছাপাখনালৈ পঠোৱাৰ লৰালৰিত দুটা এটা কথা ৰৈ গ’ল, কিন্তু, মূল নাটৰ কোনো ৰকম বিকৃতি ঘটা নাই৷


৬নং মালেন্ ষ্ট্ৰীট,


বালিগঞ্জ, কলিকতা;


২৫ মাৰ্চ, ১৯১২ চন৷
}     শ্ৰীজ্ঞানদাভিৰাম বৰুৱা
[ ১২ ]

মোৰ দ্বিতীয়বাৰৰ নিবেদন।

 ১৯১২ খৃষ্টাব্দত ভেনিচৰ সাওদ অসমীয়া ভাষাত উলিউৱা হৈছিল। পাঁচ শ খন ছপাইছিলো। তাৰে কেবাখনো বন্ধু-বান্ধব, আত্মীয়-স্বজন, সুপৰিচিত, অলপ পৰিচিত মানুহক দিওঁতে গ'ল। কেবাখনো কোনো কোনো মানুহক বেচিব দিয়া হৈছিল। ১৯১৫|১৬ খৃষ্টাব্দৰ পৰা মানুহে এখন দুখন ধন দি কিনিবলৈ আৰম্ভ কৰে। কেবাখনো পোকে কাটি পেলায়। দুখন এখন এনেকৈ মানুহে কিনাৰ নিমিত্তে আৰু ওপৰত কোৱা কাৰণবোৰৰ নিমিত্তে কিতাপবোৰ এতিয়া নিঃশেষ হল—সেই দেখি আকৌ ছপাবলৈ আগ বাঢ়িলোঁ৷

 মোৰ আসামত কিতাপ বেচি ধন ঘটা মানুহ অতি কম৷ মোৰ ইচ্ছা আছিল যে, শেক্সপিয়েৰৰ সকলো নাটবোৰ এনেকৈ অসমীয়ালৈ ভাঙ্গি উলিয়াওঁ। সেই ভাবৰ বশবৰ্তী হৈ “পঞ্চৰত্ন” বুলি আৰু এখন কিতাপ ১৯১৯ খৃষ্টাব্দত উলিয়াইছিলোঁ। সেই কিতাপখনিত চমুকৈ শেক্সপিয়েৰৰ পাচখনি নাটৰ বিষয়ে লেখা হৈছিল। ভেনিচৰ সাওদৰ যেনে অৱস্থা এই পঞ্চৰত্নৰো তেনে অৱস্থা। ভেনিচৰ সাওদৰ দ্বিতীয় তাঙ্গণ তেৰ বছৰৰ পাছত উলিয়াইবলৈ আগ বাঢ়িছোঁ —পঞ্চৰত্বৰ দ্বিতীয় তাঙ্গণ ১৯৩৯ খৃষ্টাব্দত চাগৈ উলিয়াম! যদি জীয়াই থাকোঁ।

 কিতাপ বেচা নেহোৱাৰ কথা সাহ কৰি লেখিছোঁ —এই কাৰণে, যে মোৰ এইবোৰ কিতাপবোৰৰ দোষৰ বাবে গালি, গুণৰ বাবে প্ৰশংসা পাবৰ অধিকাৰ নাই; দোষ গুণ শেক্সপিয়েৰৰ। যি শেক্সপিয়েৰে আজি তিনিশ বছৰৰকৈও সৰহ দিন আমাৰ এই পৃথিবীৰ সুসভ্য ভাষা[ ১৩ ] বিলাকক, বিশেষ ইংৰাজী ভাষাক, চহকী কৰি আছে। মোৰ দোষো নাই, গুণো নাই। অসমীয়া মানুহক এইবোৰ কিতাপ পঢ়ি এই জগৎ- কবিজনৰ গ্ৰন্থবোৰৰ অলপ সোৱাদ দিবৰ ইচ্ছাৰেহে এই কিতাপবোৰ সাহ কৰি উলিয়াইছিলোঁ৷

 এই কিতাপখনি এইবাৰ বঢ়াবৰ ইচ্ছা আছিল, কিন্তু বঢ়াই ছপা- খানাক সৰহ পৰচা দিবৰ ইচ্ছা নকৰি, এই দ্বিতীয় পাতনি আৰু নাটৰ ভাৱৰীয়া ভাৱৰীয়ানী সকলৰ নাম দিয়েই এই বাৰৰ নিবেদন সাং কৰিলোঁ৷

 ভাৱৰীয়া সকলৰ নাম দিয়াৰ বাবে কলেজৰ ছাত্ৰ সকলেও এই কিতাপ পঢ়ি অলপ উপকাৰ পাব এই আশা কৰিলোঁ। এই সকলো- বিলাক ভাৱৰীয়া আমাৰ ভেনিচৰ সাওদত নোলায়, কিন্তু শিক্ষিত মানুহৰ এই নামবোৰৰ সৈতে চিনাকী থকা ভাল। মূল কিতাপত কোন কোন অঙ্কত এওঁলোক ওলায়, তাকো দিয়া গ'ল। শ্বাইলক, পোৰ্শ্বিয়া, এন্টোনিও, বাচানিও, লোৰেঞ্জো, জেচিকা ইত্যাদিৰে সৈতে আমাৰ দেশৰ লৰা-ছোৱালীবিলাকৰ আৰু ভালকৈ চিনাকি হ'ব এই আশা ৰাখিলোঁ।

 মোৰ পাঠকপাঠিকা সকলক, বিশেষ লৰা-ছোৱালী সকলক, মোৰ আন্তৰিক শুভ ইচ্ছা জনাওঁ।

আল ল কলেজ,
গুৱাহাটী;
২৭ জুলাই, ১৯২৫৷
}     শ্ৰীজ্ঞানদাভিৰাম বৰুৱা।
[ ১৪ ]

এই নাটত লেখা মানুহসকলৰ নাম।

⸻ ⸻

ভেনিচৰ ডিউক (ডোজ্)—ৰজা (চতুৰ্থ অঙ্ক, প্ৰথম দৃশ্যত ওলায়)।

এৰেগণৰ ৰাজকোৱঁৰ, মৰকোৰ ৰাজকোৱঁৰ (দ্বিতীয় অঙ্কত)।

এন্টোনিও (ভেনিচৰ সাওদ)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম অঙ্কত)।

বাচানিও (তেওঁৰ বন্ধু) (পাঁচোটী অঙ্কত)৷

চালানিও (এন্টোনিও আৰু বাচানিওৰ বন্ধু)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ অঙ্কত)৷

চালাৰিনো (তেওঁলোকৰ বন্ধু) (চলানিওৰ দৰে ওলায়)।

গ্ৰেটিয়ানো (তেওঁলোকৰ বন্ধু) (পাচোটী অঙ্কত)।

লোৰেঞ্জো (জেচিকাৰ প্ৰণয়াকাঙ্ক্ষী)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, পঞ্চম অঙ্কত)।

শ্বাইলক্ (জা, ইহুদী)।

  (প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ অঙ্কত)।

টিউবাল (আৰু এজন জ্য, শ্বাইলকৰ বন্ধু ) (তৃতীয় অঙ্কত)৷

লন্সলট্ গাৰো (বহুৱা, শ্বাইলকৰ লিগিৰা)।

  (দ্বিতীয়, তৃতীয়, পঞ্চম অঙ্কত)।

গৰো বুঢ়া (লন্সলটৰ বাপেক) (দ্বিতীয় অঙ্কত)।

লিওনাৰ্ডো (বাচানিওৰ লিগিৰা)।

বেল্থাজাৰ (পোৰ্শ্বিয়াৰ লিগিৰা) (তৃতীয় অঙ্কত)। [ ১৫ ] ষ্টিফানো (পোৰ্শ্বিয়াৰ লিগিৰা) (পঞ্চম অঙ্কত)।

পোৰ্শ্বিয়া (এজন ধনী তিৰুতা)৷

  (প্ৰথম, দ্বিতীয়, চতুৰ্থ, পঞ্চম অঙ্কত)।

জেচিকা (শ্বাইকৰ জীয়েক)।

  (দ্বিতীয়, তৃতীয়, পঞ্চম অঙ্কত)।

নেৰিচা (পোৰ্শ্বিয়াৰ লিগিৰী)।

  (প্ৰথম, দ্বিতীয়, চতুৰ্থ, পঞ্চম অঙ্কত)।

ভেনিচৰ ৰজাঘৰীয়া, আদালতৰ বিষয়াসকল, জেল দাৰোগা, লিগিৰাবোৰ আৰু আন আন আলধৰা৷

⸻:০:⸻

ঠাই—ভেনিচত আৰু বেলমন্টত, বেলমন্ট-- পোৰ্শ্বিয়াৰ থকা ঠাই)।

ম্যাক্সৱেণ্টন কটেজ,
শ্বিলং৷
২৬৷৬৷১৯২৫।
}     শ্ৰীজ্ঞানদাভিৰাম বৰুৱা।

⸻:০:⸻

[ ১৬ ]

ভেনিচৰ সাওদ

প্ৰথম অধ্যায়।

 ভেনিচ চহৰত এন্টোনিও আৰু বাচানিও নামে দুই বন্ধু বাস কৰিছিল। তেওঁলোকৰ ভিতৰত এনে সদ্ভাৱ আছিল যে, তেনে সদ্ভাৱ প্ৰায়েই দুজন মানুহৰ ভিতৰত থকা দেখা নেযায়। বন্ধুতা কি, এন্টোনিও আৰু বাচানিওৰপৰা আমাৰ শিকিব লগীয়া। এন্টোনিও ভেনিচ চহৰৰ সাওদ আছিল। ভিন ভিন দেশৰ বস্তু ভেনিচত বেচা আৰু ভেনিচৰ বস্তু ভিন ভিন দেশত বেচাই তেওঁৰ কাম আছিল। যিখিনি ঠাইত কাৰবাৰৰ বেছি ধূম, সেইখিনি ঠাইক ভেনিচত ৰিয়াল্টো বুলি কয়। ৰিয়াল্টোত এন্টোনিওৰ বৰ নাম আছিল। তেওঁৰ নাম শুনিলেই আন আন বেপাৰী সদাগৰসকলে সসম্ভ্ৰমে তেওঁৰ বন্ধু আন বেপাৰী মুদৈ সদাগৰসকলৰ সৈতে কাৰবাৰ কৰিছিল।

 এদিন বাটত তেওঁ তেওঁৰ বন্ধু চালাৰিনো আৰু চালানিওৰে সৈতে দুখ-সুখৰ, বেহা-বেপাৰৰ কথা-বাৰ্ত্তা পাতি থাকোঁতে বাচানিও লৰেঞ্জো [ ১৭ ] আৰু গ্ৰেটিয়ানো লগ লাগিলহি। লৰেঞ্জোৰ বিষয়ে পাছে কোৱা যাব। গ্ৰেটিয়ানো, এণ্টোনিও আৰু বাচানিওৰ বন্ধুসকলৰ ভিতৰত আটাইতকৈ ৰং ধেমালি ভাল পোৱা ডেকা৷ তেওঁৰ মনৰ ভাব আছিল যে যিমান দিন জীয়াই থকা যায়, ৰং ধেমালিৰেই কটোৱা ভাল; বুঢ়া বয়সক ৰং ধেমালি কৰি মনৰ আনন্দেৰেই সাদৰ কৰি অনা ভাল; মিছাকৈয়ে দুখ বেজাৰ কৰা নিষ্প্ৰয়োজন।

 নানান্ কথা-বতৰাৰ পাছত, ৰাতিকৈ ভোজত এণ্টোনিও আৰু বাচনিওৰে সৈতে দেখা হব বুলি তেওঁলোেক দুজনক তাতে একেলগে এৰি আনসকল দিহাদিহি নিজৰ নিজৰ কামলৈ গল।

 এণ্টোনিও আৰু বাচানিও দুয়ো কথা পাতিবলৈ ধৰিলে,⸺

 এণ্টোনিও—“বন্ধু বাচানিও, তুমি যে মোক আজি কম বুলি কৈছিলা, কোৱাঁচোন বাৰু, কোন সুন্দৰীক নো মনে মনে চাবলৈ যাম বুলি ভাবিছা?”

 বাচানিও—“তুমি জানা এণ্টোনিও, মোৰ আৰ্থিক অৱস্থা এতিয়া কেনে?”

 “তোমাক মই সকলোতকৈ বেছি দিব লগীয়া। তোমাৰ মৰম মই বহুতো পাওঁ আৰু টকাও তোমাক বহুতো দিব লাগে। সেই দেখি আকৌ যে টকা খুজিম, ই মোৰ ভাল নেলাগে। তুমি মোৰ বন্ধু সেই দেখি তোমাক মই মোৰ সুখ দুখৰ কথা নকৈ কাক কম? সৰুতে কাড় ধনুৰ খেল খেলোঁতে যেতিয়া এপাত কাঁড় হেৰুৱাইছিলোঁ, আৰু এপাত কাঁড় সন্ধান কৰি ঠিক সেই কাঁড়েই মাৰি পঠিয়াইছিলো—সৰহ বাৰতে দুই পাত কাঁড়কে পাইছিলোঁ। এতিয়াও এণ্টোনিও, সেই তাকে কৰিব খোজোঁ। বেলমন্ট চহৰত অনুপমা সুন্দৰী মহিলা এজনী আছে। তেওঁৰ যেনে ৰূপ, তেনে গুণ, তেনে ধন। তেওঁৰ নাম পোৰ্শ্বিয়া। [ ১৮ ] পৃথিবীৰ চাৰিউপিনৰপৰা ৰজা মহাৰজা আৰু আন আন বিখ্যাত মানুহ তেওঁৰ পাণিগ্ৰহণ কৰিবৰ বাবে বেলমণ্টলৈ আহে। মই যেতিয়া বেলমণ্টলৈ গৈছিলোঁ তেওঁৰ দৃষ্টি, ভাব চাই মোৰো মনত হৈছিল যে, ময়ো যদি তেওঁলোকৰ দৰে পাণিগ্ৰহণেচ্ছু হওঁ, মোৰ কৃতকাৰ্য হবৰ আশা আছে। সেই দেখি বন্ধু, তোমাক কওঁ, মোৰ যদি অৰ্থৰ বল থাকিলহেঁতেন, ময়ো চেষ্টা কৰি চালোঁহেঁতেন।”

 এণ্টো—“তুমি জানা মোৰ সৰ্বস্ব এতিয়া বিদেশত বেপাৰত লগাইছোঁ। এতিয়া মোৰ হাতত এনে কোনো সম্পত্তি নাই, যাক দি তোমাক সাহায্য কৰিব পাৰোঁ। সেই দেখি বন্ধু, যোৱাঁ ভেনিচৰ বজাৰত মোৰ নামৰ ওপৰত তুমি যদি টকা লব পাৰা চেষ্টা কৰাগৈ। ময়ো চেষ্টা কৰোঁগৈ। মোৰ নামে যদি পাৰে, তুমি বেলমণ্টৰ দেবী পোৰ্শ্বিয়াৰ ওচৰলৈ নিশ্চয় যাবা। আহাঁ বন্ধু! দুয়ো যাওঁ।”

⸻:o:⸻

দ্বিতীয় অধ্যায়।

 ভেনিচ বৰ সমৃদ্ধিশালী চহৰ। তাত বেহা-বেপাৰ ভাল আছিল। নানান্ দেশৰ বেপাৰী আহি তাত লগ লাগিছিলহি। খৃষ্টান বেপাৰী- সকলে য়িহুদী বেপাৰীসকলৰ সৈতে যদিও ব্যৱসায় বাণিজ্য কৰিছিল, তথাপি তেওঁলোকৰ ভিতৰত সদ্ভাৱ নাছিল। খ্ৰীষ্টানসকলে য়িহুদীসকলক ঘিণাইছিল, আৰু য়িহুদীসকলেও খ্ৰীষ্টানসকলক ঘিণাইছিল।

 শ্বাইলক নামে এজন য়িহুদী ভেনিচৰ বেপাৰী আছিল। তেওঁৰ প্ৰধান ব্যৱসায় আছিল টকা ধাৰে দিয়া,—বাঢ়িলৈ অৱশ্যে; আৰু সেই বাঢ়ি আচল ধনতকৈ প্ৰায়ে কম নহৈছিল। এই শ্বাইলকে খ্ৰীষ্টানক [ ১৯ ] ঘিণাইছিল। এণ্টোনিও খ্ৰীষ্টান সাওদ, বিখ্যাত সাওদ; বজাৰত ৰিয়াণ্টোত এণ্টোনিৱে শ্বাইলকক সৰহ সুত লোৱাৰ বাবে প্ৰায়ে ইতিকিং কৰিছিল আৰু ঘৃণা প্ৰকাশ কৰিছিল; এতিয়া বাচানিও সেই শ্বাইলকৰ ওচৰলৈকে টকাৰ নিমিত্তে আহিল।—

 বাচানিৱে শ্বাইলকৰপৰা তিনি মাহৰ বাবে তিনি হাজাৰ ডাকা (ভেনিচ দেশীয় মুদ্ৰা) ধাৰে খুজিলে আৰু কলে যে, সেই টকাৰ বাবে এণ্টোনিও দায়ী। এণ্টোনিওৰ নাম শুনি শ্বাইলকে দিবলৈ স্বীকাৰ কৰিলে, আৰু ভাবিবলৈ ধৰিলে।

 অলপ পাছত শ্বাইলকে এণ্টোনিওৰে সৈতে দেখা কৰিব খুজিলে। বাচানিৱে কলে, “আজি নিশাৰ ভোজলৈ গলে নিশ্চয় দেখা হব।” শ্বাইলকে উত্তৰ কৰিলে, “এৰা, গাহৰিৰ গোন্ধ সুঙিবলৈ; যাৰ গাত তোমালোকৰ গুৰুৱে চয়তানক সুমুৱাইছিল তাক খাবলৈ? তোমালোকেৰে সৈতে বেচা কিনা কৰিম, কথা পাতিম, ফুৰিম, কিন্তু তোমালোকেৰে সৈতে পান ভোজন নকৰোঁ, ভগৱানৰ নাম নলওঁ।”

 এইবোৰ কথা পাতি থাকোতে এণ্টোনিও আহি লগ লাগিলহি। এণ্টোনিওক দেখি শ্বাইলকে ভাবিলে, “ইয়েই নহয়, মই বাঢ়িলৈ টকা ধাৰ দিওঁ দেখি মোক মানুহৰ আগত ইতিকিং কৰে, আমাৰ জাতৰ মানুহক ঘিণায়, আকৌ বেপাৰৰ অনিষ্ট কৰে। এবাৰ যদি ইয়াক ঠেকত পেলাই ধৰিব পাৰোঁ, তেন্তে ইয়াকে দেখুৱাম। ইয়াক যদি মই এৰোঁ, তেনেহলে মই হতশ্ৰী হম!”

 সি এণ্টোনিওৰ পিনে চাই ক'লে, “আহক ডাঙৰীয়া, আপোনাৰ বিষয়েই আমি কথা-বতৰা পাতিছিলোঁ।”

 এণ্টো-“শ্বাইলক, যদিও মই কেতিয়াও বাঢ়িলৈ টকা ধাৰ নকৰোঁ, কি নিদিওঁ, তথাপি বন্ধুৰ উপকাৰৰ অৰ্থে তোৰপৰা, বাঢ়ি দি টকা লম। [ ২০ ]

তৃতীয় অধ্যায়।

তিনি হাজাৰ ডাকাট্‌ তিনি মাহৰ ভিতৰত ওভোতাই দিম। দি পাৰিবি নে?”

 ইত্যাদি কথা-বতৰাৰ পাচত টকা দিয়াৰ স্থিৰ হল। শ্বাইলকে কলে, যেতিয়া এণ্টোনয়ো ডাঙৰীয়া বাঢ়ি দিয়া লোৱাৰ বিৰোধী, তেতিয়া সিও নলয়, কিন্তু এনেয়ে ধেমালি কৰি ৰঙতে দলিলত লেখি দিব লাগিব যে, যদি কোনো নিৰ্ধাৰিত দিন, ঠাই আৰু সময়ত, নিৰ্দিষ্ট টকাখিনি দিয়া নহয়, শ্বাইলকে এন্টোনিয়োৰ শৰীৰৰ যৰেপৰা ইচ্ছা তাৰেপৰা আদসেৰ মঙহ কাটি লব। এণ্টোনিৱে তাত সম্মতি প্ৰকাশ কৰাত বাচানিৱে ক'লে যে, তেওঁৰ বাবে এই অঙ্গীকাৰ-পত্ৰ এণ্টোনিৱে কেতিয়াও যেন নেলেখে। এণ্টোনিৱে তেওঁক কোনো চিন্তা কৰিবলৈ মানা কৰিলে; কিয়নো, দুমাহৰ ভিতৰত তেওঁৰ জাহাজ নিশ্চয় উভতি আহিব আৰু তেতিয়াও অঙ্গীকাৰ-পত্ৰত লিখিত ঋণ পৰিশোধ কৰিবলৈ এমাহ সময় থাকিব। সেই দেখি সেইৰূপেই কৰা হল।


তৃতীয় অধ্যায়।

 পোৰ্শ্বিয়াৰ অগাধ সম্পত্তি। তেওঁ অতুল ঐশ্বৰ্য্যৰ অধিকাৰিণী। এই ঐশ্বৰ্য্যৰ আৰু তাৰ লগত পোৰ্শ্বিয়াক নিজৰ কৰিবৰ নিমিত্তে পৃথিবীৰ নানান দেশৰপৰা নানা ডেকা পোৰ্শ্বিয়াৰ প্ৰাসাদত গোট খাইছিল। মৰোকোৰ ৰজা, ইংলণ্ড, জৰ্ম্মেনী, ফ্ৰান্স, স্কটল্যাণ্ড আদি নানান দেশৰ মানুহ আহি পোৰ্শ্বিয়াৰ ওচৰ চাপিছিল। কিন্তু—এই “কিন্তু” আৰু “যদি” এই দুটা কথা পৃথিবীৰ বহুতো অনৰ্থৰ মূল। পোৰ্শ্বিয়াৰ বিয়াৰ বিষয়তো এই “কিন্তু” আহি তেওঁক অতি বিৰক্ত আৰু দুখ দিছিল। [ ২১ ] তেওঁৰ সহচৰী নেৰীচাই তেওঁৰ মনৰ ভাৱ বেছকৈ বুজিছিল। পোৰ্শ্বিয়াই কোনো দৰাকে ইচ্ছা কৰি মনোনীত কৰিব নোৱাৰে— কিয়নো, তেওঁৰ পিতৃয়ে মৃত্যুৰ সময়ত এই দৰা মনোনীত কৰা বিষয়ত তেওঁক এটি বন্ধবস্তৰ ভিতৰত পেলাই থৈ গৈছিল। সেই বন্ধবন্তৰ বশবৰ্তী হৈয়েই তেওঁ বিয়া কৰাব লাগিছিল। তেওঁৰ পিতৃয়ে এটি সোণ, এটি ৰূপৰ, এটি সীহৰ সৰু পেৰাত তেওঁৰ অভিপ্ৰায় কবিতাত লেখি থৈ গৈছিল আৰু এটিত পোৰ্শ্বিয়াৰ প্ৰতিমূৰ্তি আছিল—যি জন পুৰুষেই ঠিক পেৰাটো মুকলি কৰিব, তাতে সেই অভিপ্ৰায় কবিতাত লেখা দেখি পোৰ্শ্বিয়াৰ প্ৰতিমূৰ্ত্তি আছে নে নাই দেখি বুজ পাব, পোৰ্শ্বিয়াক পাব নে নেপাব।

 নেৰীচা পোৰ্শ্বিয়াৰ সহচৰী আৰু শুভাকাঙ্ক্ষীণী। পোৰ্শ্বিয়াই এদিন বেজাৰ কৰি এই চুক্তিৰ কথা কোৱা শুনি নেৰীচাই তেওঁৰ মনত সান্ত্বনা দিবৰ বাবে কলে, “আইদেও, আপনি কিয় মনত বেজাৰ কৰিছে? সঁচা, আপুনি কোনো পুৰুষক ইচ্ছা মতে বিয়া কৰাবও নোৱাৰে আৰু নকৰাওঁ বুলিও কব নোৱাৰে। কিন্তু সেইগুণে আপুনি দুখ নকৰিব, আপোনাৰ দেৱতাক পাপশূন্য মহৎ লোক আছিল আৰু এনে মানুহৰ মৃত্যুকালৰ ইচ্ছা সদাই সৎ হয়। তেখেতে যেতিয়া এনে চুক্তি কৰি থৈ গৈছে, আপুনি সঁচাকৈয়ে জানিব আপুনি যি পুৰুষক ভাল পায়, তেওঁৱেই হে ঠিক সেই পেৰাটি মেলি আপোনাক আপোন কৰিব। ইয়াৰ অন্যথা কেতিয়াও নহয়।”

 এনে আশ্বাস বাক্যৰ পাছত নেৰীচাই পোৰ্শ্বিয়াক শুধিলে, “আইদেও, এতিয়া যি কেজন পুৰুষ আপোনাৰ পাণিগ্ৰহণেচ্ছু হৈ আহিছে, আপোনাৰ তেওঁলোকক কেনে লাগে?”

 পোৰ্শ্বিয়া—“এটা এটাকৈ তুমি নাম কৈ যোৱাচোন, প্ৰতি নামৰ [ ২২ ] পাছত মোৰপৰা তেওঁলোকৰ গুণ বৰ্ণনা শুনিবা, তেতিয়াই জানিবা কাক কিমান ভাল পাওঁ।”

 নেৰীচাই এটি এটিকৈ নাম কৈ যাবলৈ ধৰিলে আৰু পোৰ্শ্বিয়াই প্ৰত্যেকজনৰ গুণ বৰ্ণনা কৰি যাবলৈ ধৰিলে। কব নেলাগে যে তাৰ এজনকো পোৰ্শ্বিয়াৰ ভাল নেলাগে, তেওঁলোক গলেই তেওঁ ৰক্ষা পায়।

 পোৰ্শ্বিয়া—“মই যদি বুঢ়ীও হৈ যাওঁ, মোৰ সতীত্ব কেতিয়াও নেযায়, আৰু মোক যি বিয়া কৰাব, পিতৃৰ ইচ্ছানুৰূপেই হে বিয়া কৰাব, আন কোনোৰূপে মই বিবাহত সম্মত নহওঁ।”।

 নেৰীচা—“আপোনাৰ মনত নাই নে, আইদেও, আপোনাৰ দেৱতা ডাঙৰীয়াৰ জীবিতাৱস্থাত মাৰ্কইচ্ অৱ মফেৰাৰ লগত ভেনিচৰপৰা অহা সেই বিদ্বান আৰু বীৰ পুৰুষটিক?”

 পোৰ্শ্বিয়া—“এৰা, এৰা, বেচানিও, সেয়ে তেওঁৰ নাম আছিল।”

 নেৰীচা—“আইদেও, মই যিমান মানুহ দেখিছোঁ, সকলোতকৈ সেই তেওঁৱেই সুন্দৰী এজনা লভিবৰ উপযুক্ত পাত্ৰ।”

 পোৰ্শ্বিয়া–“মোৰ তেওঁক বেছ সুন্দৰকৈ মনত আছে আৰু তেওঁ তোমাৰ প্ৰশংসাৰ যোগ্য পাত্ৰ।”

 এনেকৈ কথা কৈ থাকোতেই এটা লিগিৰা আহি বাতৰি দিলে যে, যি চাৰিজন পুৰুষ তাত সেই সময়ত আছিল, তেওঁলোকে পোৰ্শ্বিয়াৰপৰা বিদায় লবলৈ প্ৰতীক্ষা কৰি আছে; আৰু মৰকোৰ ৰাজকোৱঁৰে তেওঁৰ আগমন জনাবলৈ এজন দূত পঠাইছে, লিগিৰাই ইয়াকো কলে।

 পোৰ্শ্বিয়া --“এই চাৰিজনক যি উল্লাসেৰে বিদায় দিওঁ, তেনে উৎফুল্ল হৃদয়েৰে যদি এই পঞ্চমজনক অভ্যৰ্থনা কৰিব পাৰোঁ, তেনেহলে তেওঁৰ অহাত আনন্দ লভিম। তেওঁ যদিও ঋষিতুল্য মানুহ হয় আৰু তেওঁৰ [ ২৩ ] বৰণ ভূতৰ দৰে হয়, মোক বিয়া কৰাতকৈ তেওঁ যেন আমাৰ পাদুৰীৰ আগত যেনেকৈ আমি অপৰাধ স্বীকাৰ কৰোঁ, সেই দৰে মোৰ “কনফে- শ্যন” * শুনে।”

 এণ্টোনিওৰপৰা সেইৰূপ অঙ্গীকাৰ-পত্ৰ পাই শ্বাইলকে বেচানিওক টকা দিলে। বেচানিও বেলমণ্টলৈ যাবলৈ ওলোৱা দেখি গ্ৰেটিয়ানেও লগ ধৰিলে। প্ৰথম বেচানিওই গ্ৰেটিয়ানক লৈ যাবলৈ ইচ্ছা নকৰিছিল। তেওঁ কৈছিল, “গ্ৰেটিয়ানো, তুমি যাব খুজিছা, যাবা, বেছ কথা; কিন্তু এটি কথা তোমাক কওঁ,—তোমাৰ আনন্দ, চিয়ঁৰ-বাখৰ, ৰং-ধেমালি আমাৰ ভাল লাগে আৰু তোমাক সেইবোৰে শুৱায়ও; কিন্তু আমাৰ যিবোৰ ভাল লাগে, আন মানুহৰ সেইবোৰ ভাল নেলাগিবও পাৰে। সেই দেখি মোৰ অলপ ভয়ো লাগে—যি বস্তু বিচাৰি তালৈ যাবলৈ ওলাইছোঁ, জানোছা তাকে হেৰুৱাওঁ।”

 গ্ৰেটিয়ানোৱে উত্তৰ দিলে—“চিনিয়ৰ বেচানিও, সত্যে সত্যে কৈছোঁ, মই তাত এনে নকৰোঁ; কিন্তু আজিৰ বাদ দিব, আজি মই যি কৰোঁ, তাক কিন্তু বেলমণ্টত মোৰ ব্যৱহাৰৰ চানেকী বুলি নলব।”— এইটো সেই দিনা ৰাতি ভোজৰ কথা।


  • কনফেশ্যন—ৰোমান কেথলিক সম্প্ৰদায়ৰ মানুহে পাদুৰীৰ আগত কোনো নিৰ্দ্ধাৰিত সময়ত তেওঁলোকৰ পাপ, দোষ, অপৰাধৰ কথা কৈ পাদুৰীৰপৰা ক্ষমা লৈ পুণ্য সঞ্চয় কৰে আৰু পাপ ধৌত কৰে। ইয়াৰে নাম কনফেশ্যন। দেখিবলৈ গুৱনি নহলে যে বিয়া কৰাবলৈ পোৰ্শ্বিয়াৰ মন নাই, ইয়াৰে সেইটো প্ৰকাশ পায়। [ ২৪ ]
    চতুৰ্থ অধ্যায়।

 এতিয়া পোৰ্শ্বিয়াৰ ৰূপ গুণৰ কথা কওঁ। ব্ৰুটচব পত্নী কেটোৰ পুত্ৰী পোৰ্শ্বিয়াৰ যেনে ৰূপ গুণ আছিল, বেচানিওৰ মৰমৰ পাত্ৰী বেলমণ্ট নগৰৰ পোৰ্শ্বিয়াৰ ৰূপ গুণো ঠিক সেই দৰে আছিল।

 পোৰ্শ্বিয়াৰ ওচৰলৈ মৰকোৰ ৰাজকোৱঁৰ অহাত তেওঁক আদৰ সম্ভাষণ অভ্যৰ্থনা কৰি, যি খোটালীত তিনটি পেৰা আছিল, সেই খোটালীলৈ লৈ যোৱা হ'ল। তেতিয়া পোৰ্শ্বিয়াই তেওঁক সেই তিনটিৰ ভিতৰত এটি মনোনীত কৰিবলৈ ক'লে। আগেয়েই কোৱা হৈছে— তিনটিৰ ভিতৰত এটি সোণৰ, এটি ৰূপৰ আৰু এটি সীহৰ। প্ৰত্যেক- টিৰ ওপৰত এফাঁকি এফাঁকি সাৰুৱা কথা লেখা আছিল। সোণৰটিৰ ওপৰত আছিল, “Who chooseth me shall gain what many men desire” অৰ্থাৎ যিজন মানুহে মোক মনোনীত কৰে, যি বস্তু বহুতো মানুহৰ বাঞ্ছনীয়, তেওঁ তাকে পাব। ৰূপৰটিত লেখা আছিল, “Who chooseth me shall get as much as he deserves” যিজন মানুহে মোক মনোনীত কৰে, তেওঁ যিমান পাবলগীয়া তাকে পাব। সীহৰটিত লেখা আছিল, “Who chooseth me must give and hazard all he hath” যিজন মানুহে মোক মনোনীত কৰে, তেওঁৰ যথাসৰ্বস্ব, ক্ষতি হওক লাভ হওক বিচাৰ এৰি দি দিবলৈ সাজু হওক। মৰকোৰ ৰাজকোঁৱৰে প্ৰত্যেকটি পেৰাৰ আগত ঠিয় হৈ চিন্তা কৰিবলৈ ধৰিলে।

 পোৰ্শ্বিয়া—ৰাজকোঁৱৰ, ইয়াৰে এটাত মোৰ প্ৰতিমূৰ্তি আছে। আপুনি যদি সেইটোকে মনোনীত কৰে, তেনেহলে আপুনি কৃতকাৰ্য্য হ’ব।” [ ২৫ ] তাৰ পাছত ৰাজকোঁৱৰে আকৌ ভাবিবলৈ ধৰিলে। তেওঁ ভগৱানক চিন্তি আকৌ সেই লেখাবোৰ পঢ়িবলৈ ধৰিলে। প্ৰথমতে সীহৰ পেৰাটোৰ ওপৰত তেওঁৰ চকু পৰিল। ওপৰত যি লেখা অৰ্থাৎ যথাসৰ্বস্ব যে আগ বঢ়াব লাগিব, সেই কথা তেওঁৰ মনঃপুত নহ'ল। তাৰ পাছত ৰূপৰ পেৰাটিৰ ওপৰত তেওঁৰ চকু পৰিল। সেইটিৰ ওপৰৰ লেখা পঢ়ি তেওঁৰ মন নবহিল। সৰ্বশেহত সোণৰ পেৰাটিৰ ওপৰত লেখা চকু ফুৰাই তাৰ কথা ভাবি গুণি চাই তেওঁ পালে যে, যি বস্তুৰ বাবে তেওঁ মৰক্কোৰপৰা ইটালীলৈ আহিছে, সেই ভাবে বিষয় তাত লেখা আছে। “যিজন মানুহে মোক মনোনীত কৰে, বহুতো মানুহৰ যি বস্তু বাঞ্ছনীয়, তেওঁ তাকে পাব।” ইয়াৰ মানে তেওঁ ভাবিলে যে, পোৰ্শ্বিয়াৰ বিষয়েই নিশ্চয় ইয়াত লেখা আছে; কিয়নো, পোৰ্শ্বিয়াকে তো পৃথিবীৰ বহুতো মানুহে বিচাৰে; সেই দেখি সেই পেৰাটিতে তেওঁ হাত দিলে। কিন্তু তেওঁ যি ভাবিছিল সি নহ'ল। তাত পোৰ্শ্বিয়াৰ সুন্দৰ প্ৰতিমূৰ্ত্তিৰ ঠাইত এটা কুৎসিত বিকটাকাৰ প্ৰতিমূৰ্ত্তি পালে আৰু তাৰ লগত কেফাঁকিমান কবিতা পালে, তাৰ মৰ্ম্ম হৈছে এই যে, যি বস্তুৱেই চক্‌মক কৰে সেই বস্তুৱেই যে সোণ হ'ব, তাৰ কোনো মানে নাই। আৰু এনে কেফাঁকিমান লেখা পঢ়ি ৰাজকোৱঁৰে জানিলে যে, তেওঁ অকৃতকাৰ্য্য হ'ল। লাহে লাহে তেওঁ পাৰিষদবৰ্গৰে সৈতে পোৰ্শ্বিয়াৰ পৰা বিদায় লৈ বেলমণ্টৰ সেই প্ৰাসাদ যেন ঘৰ এৰিলে।

 মৰক্কোৰ ৰাজকোঁৱৰৰ বিদায়ৰ পিছত এৰেগোণৰ ৰাজকোঁৱৰৰ পাল আহিল। পোৰ্শ্বিয়াই মৰক্কোৰ কোৱঁৰক যেনেকৈ কৈছিল, তেওঁকো ক'লে যে, যি পেৰাটিৰ ভিতৰত তেওঁৰ প্ৰতিমূৰ্ত্তি আছে, সেই পেৰাটি উলিয়াই দিব পাৰিলে তেওঁৰে সৈতে কোঁৱৰৰ তেতিয়াই বিয়া হ’ব। [ ২৬ ]  তেতিয়া এৰেগোণৰ কোৱঁৰে ক'লে, “মই যে তিনিটা বিষয় মানিবলৈ বাধ্য মই জানো। প্ৰথম হৈছে—যি পেৰাটিত মই হাত দি মনোনীত কৰোঁ, সেই বিষয় কাকো নকবলৈ। দ্বিতীয় হৈছে—মই যদি আচল পেৰাটিত হাত দিব নোৱাৰোঁ, কাকো আকৌ বিয়া নকৰিবলৈ। তৃতীয় হৈছে—মই অকৃতকাৰ্য্য হোৱাৰ পাছতেই ইয়াৰপৰা তৎক্ষণাৎ যাবলৈ।”

 তেতিয়াই তেওঁ পেৰাৰ ওপৰৰ লেখা চাই বহুতো ভাবি চিন্তি তিনিউটা পেৰাৰ ওপৰৰ লেখা পঢ়ি ৰূপৰ পেৰাটা মনোনীত কৰিলে। তাত তেওঁ পোৰ্শ্বিয়া দেবীৰ নয়ন আৰু মনোমুগ্ধকাৰী প্ৰতিমূৰ্ত্তিৰ ঠাইত এটা আকৰা বলিয়াৰ প্ৰতিমূৰ্ত্তি পালে আৰু তাৰ লগত তাৰে উপযোগী কবিতা এটিও পালে।

 ইয়াৰ পিছত তেওঁ নিৰাশ হৈ তৎক্ষণাৎ পোৰ্শ্বিয়াৰ প্ৰাসাদ এৰি গ'ল।

 এই ৰাজকোঁৱৰে ঘৰ এৰাৰ পাছতেই লিগিৰাই আহি বাতৰি দিলে যে, ভেনিচ দেশৰপৰা এটি দূত আহি এজন ভদ্ৰলোক অহাৰ বাৰ্তা দিছে আৰু সেই বাৰ্তাৰ লগে লগে বহুতো মূল্যবান বস্তুও সেই দূতে আনিছে।

 এই কথা শুনি নেৰীচাই প্ৰাৰ্থনা কৰিলে যেন ভেনিচৰ পৰা অহা এই ভদ্ৰলোকজন বেচানিৱেই হয়।

 দূতে বেচানিও অহাৰ বাতৰিকেই আনিলে।

 পোৰ্শ্বিয়াই বেচানিওক দেখি তেওঁৰ সুখৰ অন্ত নোহোৱা হ'ল। তেওঁৰ ভয় হ’ল—যদিব বেচানিৱে পেৰা মনোনীত কৰোতে ভুল পেৰাত হাত দিয়ে আৰু সেই বাবেই পোৰ্শ্বিয়াৰ সুখৰ অন্ত হয়। পোৰ্শ্বিয়াই বেচানিওক নানান্‌ কাকুতি মিনতি কৰিবলৈ ধৰিলে-[ ২৭ ] “আপনি এতিয়াই পেৰা মনোনীত নকৰিব, দুদিনমানৰ পাছত কৰিব; কি জানি আপোনাক হেৰুৱাওঁ, ভয় হয়। কিন্তু মোৰ কিবা এটা কথাৰ গুণে মনত হৈছে, আপোনাক নেহেৰুৱাওঁ। মোৰ ইচ্ছা আপুনি দুমাহমান থাকে, তাৰ পাছত হে পেৰাত হাত দিয়ে। আপোনাক পেৰাৰ গুপ্ত কথা কবলৈকো মন যায়, কিন্তু কব যে নোৱাৰি, মোৰ যে কোৱাৰ হুকুম নাই। আপোনাক সহায় কৰিবৰ বাবে আপোনাক কৈ দি পাপ কৰিবলৈকো ইচ্ছা গৈছে, কিন্তু সি হব নোৱাৰে।” পোৰ্শ্বিয়াই ইত্যাদি নানান্‌ কাকুতি মিনতি কৰিলে। বেচানিওৰ ইচ্ছা সোনকালে পেৰা মনোনীত কৰে। তেওঁ একো উপায় নেপাই বেচানিওৰ মততে মত দিলে।

 নানান্‌ চিন্তা ভাৱনাৰ পাছত প্ৰত্যেক পেৰাৰ আগত ঠিয় হৈ শেহত বেচানিৱে সীহৰ পেৰাটিত হাত দিলে। সেই পেৰাটিত পোৰ্শ্বিয়া-ৰত্ন যে পেৰা খোলাজনেই লাভ কৰিব, এই কথাৰে সুন্দৰ কবিতা এটি লেখা কাকত এখনও তাৰ লগতে পালে। পোৰ্শ্বিয়া যে বেচানিওৰ আৰু বেচানিও যে পোৰ্শ্বিয়াৰ ইয়াৰপৰা সঠিক জনা হল।

 ইপিনে গ্ৰেটিয়ানোৱে যে সময়ৰ অপব্যৱহাৰ কৰিছিল এনে নহয়। যেতিয়া নিৰ্ধাৰিতৰূপে জনা গ'ল যে, বেচানিও আৰু পোৰ্শ্বিয়াৰ মিলন নিশ্চিত, তেতিয়া গ্ৰেটিয়ানো আৰু নেৰীচা দুয়ো তেওঁলোকক সেৱা কৰি আনন্দ আৰু শুভ ইচ্ছা প্ৰকাশ কৰিলে গৈ। পাছত গ্ৰেটিয়ানোৱে মাত লগালে, “ডাঙৰীয়া বেচানিও আৰু ডাঙৰীয়ানী, আপোনাসকলে মোৰ শুভ ইচ্ছা জানক। মোৰ কেৱল এটা হাবিলাস আছে, পূৰাব যেন; আপোনাসকলৰ বিয়াৰ সময়ত মোৰা যেন বিয়াখন হয়।”

 বেচা—“যদি তোমাৰ বিয়া কৰাবৰ তিৰুতা তুমি পোৱা, নিশ্চয় হব৷” [ ২৮ ]  গ্ৰেটিয়ানো—ডাঙৰীয়াৰ যহতে এজনী পোৱা হৈছে দিয়ক। আপোনাৰ চকুত যেনেকৈ “ডাঙৰীয়ানী পৰিল, সেইদৰে মোৰ চকুত লগৰিয়ানী নেৰীচাৰ সুন্দৰ মুখ পৰিল। আপোনাৰ কপাল যেনেকৈ তিনিটা পেৰাৰ ওপৰত নিৰ্ভৰ কৰি আছিল, মোৰো ঠিক সেইৰূপ। আপোনাৰ কৃতকাৰ্য্য হোৱাৰ ওপৰত আমাৰ কৃতকাৰ্য্যই নিৰ্ভৰ কৰিছিল। আপুনি ডাঙৰীয়ানীক লভিলে ময়ো নেৰীচাক লভিম, এইয়ে, আমাৰ চুক্তি আছিল। এতিয়া আমিও কৃতকাৰ্য্য হ'লোঁ।”

 পোৰ্শ্বিয়া—“সঁচা নে নেৰীচা?”

 নেৰী—“আইদেও হয়।”

 বেচা—“গ্ৰেটিয়ানো, তুমি সঁচা কৈছা তো? নাইবা এনেয়ে নেৰীচাৰে সৈতে ধেমালি কৰিছা?”

 গ্ৰেটি—“সত্যে কৈছো, ডাঙৰীয়া।”

 বেচানিও আৰু পোৰ্শ্বিয়াৰ অনুমতিক্ৰমে গ্ৰেটিয়ানো আৰু নেৰীচাৰো বিয়া ধাৰ্য্য হ’ল। চাৰিওজনে নানা কথা পাতি আনন্দ কৰিবলৈ ধৰিলে।

⸺⸺
পঞ্চম অধ্যায়।

 ভেনিচত যি ৰাতি বেচানিৱে বৰ ভোজ দি তাৰ পাছ দিনা গ্ৰেটিয়ানোক লৈ বেলমণ্টলৈ আহে, সেই ৰাতি ইহুদী শ্বাইলক বুঢ়াই বজ্ৰাঘাতৰ সমান কষ্ট এটি পায়।

 শ্বাইলক বুঢ়া যদিও খ্ৰীষ্টানসকলৰ ঘৃণাৰ পাত্ৰ আছিল, যদিও সি ধৰুৱাক বেছি সুতত ধন ধাৰলৈ দি ধৰুৱাৰ সৰ্ব্বনাশ কৰিছিল, তথাপি [ ২৯ ] মানুহৰ আন আন যিবোৰ গুণ থকা উচিত, সেইবোৰ যে তাৰ গাত নাছিল এনে নহয়। শ্বাইলকৰ জেচীকা নামেৰে এজনী পৰমাসুন্দৰী কন্যা আছিল। এই জেচীকা আৰু লোৰ পেৰাৰ বাহিৰে শ্বাইলকে এই পৃথিবীত আন একো নেজানিছিল। তাৰ সকলো মৰম, সকলো চেনেহ, সকলো প্ৰীতি এই জেচীকাতে লিপ্ত আছিল। টকাৰ বাহিৰে জেচীকাই শ্বাইলকৰ সৰ্বস্ব। কিন্তু জেচীকাই শ্বাইলকৰ অৰ্থলোভী স্বভাৱ কেতিয়াও ভাল নেপাইছিল।

 আৰু এটি কথা—শ্বাইলকৰ প্ৰধান শত্ৰু খ্ৰীষ্টান; সেই খৃষ্টান ধৰ্ম্ম অৱলম্বন কৰা এজন ডেকাই জেচীকাৰ প্ৰণয়াভিলাষী আছিল আৰু জেচীকাই খ্ৰীষ্টানৰ প্ৰণয় উপেক্ষা নকৰি প্ৰণয়ৰ সম্পূৰ্ণ প্ৰতিদান কৰিছিল। ডেকাজনৰ নাম লৰেঞ্জো। শ্বাইলকৰ ঘৰত তেওঁলোকৰ মনস্কাম সিদ্ধি নহয় জানি (কিয়নো, শ্বাইলকে মৰিলেও খ্ৰীষ্টান এটাৰ লগত নিজৰ জীয়েকক কেতিয়াও বিয়া নিদিয়ে ঠিক জানি) তেওঁলোক দুয়ো এন্ধাৰ নিশা এদিন পলাই যাবলৈ মনস্থ কৰিলে। যি ৰাতি শ্বাইলকে ভোজ খাবলৈ গৈছিল, সেই ৰাতিয়েই তেওঁলোকে পলাবলৈ থিৰ কৰিলে। সেই দিনা বাটত চং উলিউৱাৰ ভাও কৰি গ্ৰেটিয়ানো, চোৰিনো, চালানিও আদি বন্ধুৰ সাহায্যত লৰেঞ্জোই সেই ৰাতিয়েই সেই কাৰ্য্য সুকলমে সমাধা কৰিলে।

 সেই দিনাই শ্বাইলকৰ লগুৱা লন্স্‌লট্‌ গবোৱেও তাৰ কাম এৰি দি বেচানিওৰ লগুৱা কামত সোমাল।

 শ্বাইলকৰ দুৰ্দ্দিন। সেই ৰাতিয়েই জেচীকাই লৰাৰ সাজ পিন্ধি সেই ভাৱৰীয়াহঁতৰ ভিতৰত লুকাই থাকি শ্বাইলকৰ বহুতো অলঙ্কাৰ-পাতি ৰূপ-বান লৈ লৰেঞ্জোৰে সৈতে বেলমণ্ট পালে গৈ।

 শ্বাইলকৰ হাঁহাকাৰ লাগিল! বিনা মেঘে বজ্ৰাঘাত! জেচীকা গ'ল, [ ৩০ ] টকা গ’ল! খ্ৰীষ্টানক শাও দিয়া আৰু নিজৰ হিয়া ভুকুৱাৰ বাহিৰে বুঢ়াৰ আৰু একো নৰ’ল।

⸺⸺
ষষ্ঠ অধ্যায়।

 যি জাহাজ উভতি অহাৰ ওপৰত নিৰ্ভৰ কৰি এণ্টোনিৱে শ্বাইলকৰ পৰা টকা ধাৰ কৰিছিল, তেওঁ বাতৰি পালে যে মাজ সমুদ্ৰত সেই জাহাজ সকলো সম্পত্তিৰে সৈতে তললৈ গ’ল। এই জাহাজতে এণ্টোনিওৰ সৰ্বস্ব আছিল। সেই দেখি এই জাহাজ তল যোৱাৰ লগে লগে তেওঁৰ আৰ্থিক অৱস্থাও তললৈ নামিল।

 ইপিনে খতৰ তিনি মাহ পাৰ হ’ব লগা হ’ল। এণ্টোনিও মহা ভাৱনাত পৰিল। তেওঁ ক’ৰপৰা টকা দিয়ে? তেওঁৰ এই অৱস্থা দেখি শ্বাইলকৰ মহা আনন্দ; কিয়নো এইয়ে তাৰ সেই ইমান দিনৰ পৰা মনে মনে আলচি সাঁচি থোৱা প্ৰতিশোধৰ সুযোগ। এই প্ৰতিশোধ ল’বলৈকে শ্বাইলকে ইমান দিন বাট চাই আছিল।

 এই জাহাজ ডুবাৰ বাতৰি পাই চালানিও আৰু চালাৰিনোৱে শ্বাইলকৰ সৈতে বাটত দেখা হোৱাত তাক সুধিলে, “বাৰু, শ্বাইলক, কচোন বাৰু, যদি এণ্টোনিয়ে তোৰ ৰূপ কেহেজাৰ তিনি মাহ উকলি যোৱাৰ আগেয়ে দিব নোৱাৰে, তেনেহ’লে তই সঁচাসঁচিকৈয়েই তেওঁৰ গাৰ মঙহ কাটি ল’বি নে? তাৰে তোৰ নো কি উপকাৰ হ’ব?“

 শ্বাইলক – “মাছ ধৰিবলৈ লাগে। আৰু যদিও আন উপকাৰ নহয়, তাৰে যদি আন কাম একো নহয়, মোৰ প্ৰতিশোধ লোৱাৰ কাম চলিব তো? সি মোক কিমান অপমান কৰিছে, কিমান লাজত পেলাইছে! [ ৩১ ] কমকৈ ধৰিলেও আধা লাখ ডাকাট মোৰ ক্ষতি হোৱা দেখি সি কত আনন্দ কৰিছে; লাভ দেখি কত উপহাস কৰিছে! আমাৰ সমগ্ৰ জাতিক সি ঘৃণাৰ চকুৰে দেখে, মোৰ বন্ধুসকলক সি মোৰ পৰা বিচ্ছেদ কৰিছে! শত্ৰুক সি মোৰ বিপক্ষে সহায় কৰে। মোৰ সি কত লোকচান কত অপমান কৰিছে! কিয়? কাৰণ কি? কিহৰ বাবে সি এনে কৰে?—মই ইহুদী সেই গুণে? ইহুদীৰ চকু নাই নে? ইহুদীৰ হাত, অংগপ্ৰত্যংগ, চেনেহ, মমতা, দয়া, ধৰম, আকাৰ-প্ৰকাৰ আনৰ দৰে নাই নে? তোমালোকে যি বস্তু খোৱা, আমিও সেই বস্তু খাওঁ। যি অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা তোমালোকৰ গাত আঘাত লাগে, আমাৰ গাতো সেই অস্ত্ৰ-শস্ত্ৰ লাগিলে আমি দুখ পাওঁ। তোমালোকক এই পৃথিৱীত যি ৰোগে আক্ৰমণ কৰে আমাকো সেই একে ৰোগেই আক্ৰমণ কৰে, আকৌ একে উপায়েৰেই আমাৰ সেই ৰোগ ভাল হয়। তোমালোকে যি উপায়েৰে ৰোগৰ প্ৰতিকাৰ কৰা, আমিও সেই উপায়েৰে কৰোঁ। খ্ৰীষ্টানসকলৰ যেনেকৈ জহ কালি জহ লাগে, জাৰ কালি জাৰ লাগে, আমাৰো সেই দৰে জহত জহ, জাৰত জাৰ লাগে। তোমালোকে আমাক খুচিলে আমাৰ তেজ নোলায় নে? আমাক ভাকুটকুটুৱা যদি আমি নেহাঁহো নে? আমাক যদি বিহ খুউৱা আমি নমৰোঁ নে? আৰু তোমালোকে যদি আমাক অন্যায় কৰা, আমি প্ৰতিশোধ নল'ম নে? আন আন সকলো কথাত যদি তোমালোক আৰু আমি একে, এই কথাতো আমি তোমালোকৰ দৰে। যদি ইহুদী এজনে খ্ৰীষ্টান এটাক কোনো অন্যায় কৰে, তাৰ শাস্তি কি? প্ৰতিশোধ নহয় নে? আৰু খ্ৰীষ্টান এটাই যদি আমাৰ ইহুদী এজনক অন্যায় ব্যৱহাৰ কৰে, তোমালোকৰে আৰ্হি লৈ আমি তাৰ প্ৰতিশোধ লোৱা উচিত নহয় নে? অৱশ্যে প্ৰতিশোধ লোৱাই তাৰ শাস্তি। তোমালোকৰ পৰা যি শিকিছোঁ, আমি তাকে [ ৩২ ] কৰিম। সেই শিক্ষাৰ ফলে মোৰ প্ৰতিশোধৰ জোখ অলপ নবঢ়াই যদিহে ভাল।

 “খত, খত, খত, তাক তাৰ খতৰ মতে কাম কৰিবলৈ কবা। দেউলীয়া এটা, তাৰ ইমান ফুটনি, সি মোক সুত-খোৱা বুলি ঘিণায়! ভিকহু হৈ সি কেনে ফিটফাট হৈ ৰিয়াণ্টোলৈ আহিছিল। ভিকহু, দেউলীয়া, তাৰ ইমান গপ্! খত, খত, খতৰ কথা মতে সি যেন চলে।“

 এই খিনিতে টিউবাল নামে আৰু এটি ইহুদীৰ লগত দেখা হোৱাত শ্বাইলকক এৰি এণ্টোনিওৰ ঘৰলৈ চালানিও আৰু চালাৰিনো গ’ল।

 এই টিউবালক শ্বাইলকে জেচীকাক বিচাৰি পঠাইছিল। আৰু ইয়াৰ মুখে জেচীকাৰ পলোৱাৰ বিৱৰণ আৰু তাই হীৰাৰ আঙঠি এটি বেচি ৰূপ লোৱাৰ কথা শুনি শোক, আৰু এণ্টোনিওৰ মহা বিপদৰ কথা শুনি আনন্দ একেলগে শ্বাইলকে কৰিবলৈ ধৰিলে।

 তিনি মাহ উকলি যোৱাত শ্বাইলকে ভেনিচৰ ডিউকৰ কচাৰিত এণ্টোনিওৰ নামে গোচৰ কৰালে। গোচৰ কৰাৰ আগেয়েই এণ্টোনিওক শ্বাইলকে বন্দী কৰালে। এণ্টোনিওৰ বন্ধু-বান্ধৱৰ কাকুতি মিনতি সি নুশুনিলে।

 এণ্টোনিওৱে এবাৰ বেচানিওক শেহ দেখা দেখিবৰ ইচ্ছুক হৈ চিঠি লেখিলে—আৰু এই চিঠি পোৰ্শ্বিয়া বেচানিও আৰু নেৰীচা গ্ৰেটিয়ানোৰ মিলন হৈ যোৱাৰ অলপ পাছতে বেচানিৱে পালে। এই চিঠি চালানিৱে লৈ যায়। লৰেঞ্জো আৰু জেচীকাও তেওঁৰ লগত গৈছিল। তেতিয়াই পোৰ্শ্বিয়াই বেচানিওক ক’লে, "তোমাৰ তেওঁ ইমান উপকাৰী বন্ধু, তেওঁৰ বাবে তিনি হেজাৰ ডাকাট কিয়, ছহেজাৰ ডাকাট দিম। ইয়াৰ দুগুণ দিম, তিনি গুণ দিম, তথাপি এনেজন বন্ধুৰ চুলিৰ আগ এডোখৰো নষ্ট হ’ব নিদিওঁ। তোমাৰ দোষৰ বাবে এনে এজন বন্ধুৱে [ ৩৩ ] যে চুলিৰ আগ এডোখৰ হেৰুৱাব, সি কেতিয়াও নহয়। আমাৰ বিয়া হৈ যাওক, তুমি তাৰ পিছতে ভেনিচলৈ যাবা। এই ধাৰৰ কুৰিগুণ দিবৰ বাবে তোমাক টকা দিম। ধাৰ শুজাৰ পাছত তোমাৰ বন্ধুক লগত লৈ আহিবা। মই আৰু নেৰীচা তোমালোকৰ বাবে বাট চাই থাকিম। এণ্টোনিৱে কি লেখিছে পঢ়াচোন।”

 বেচানিৱে চিঠি পঢ়ি শুনালে। চিঠিত এই আছিল,—“মৰমৰ বেচানিও, মোৰ এটাইকেখন জাহাজ নষ্ট হ’ল। ধৰুৱাবোৰে নেৰানেপেৰা হৈ পৰিছে। সম্পত্তিৰ অৱস্থা একেবাৰে বেয়া। ইহুদীৰ খতৰ সময় উকলিছে। এই ধাৰ শুজুতে প্ৰাণ হেৰুৱাম, ই নিশ্চয়। মোৰ মৃত্যুৰ আগেয়ে এবাৰ তোমাক যদি দেখা পাওঁ, আমাৰ দুইৰো টকা কৰিৰ হিচাব মিটিব। তুমি যদি মৰম কৰি নাহা, তেন্তে এই চিঠি লেখাৰ বাবে যেন তুমি নাহা। মোলৈ তোমাৰ মৰমে যদি তোমাক মোৰ ওচৰলৈ নানে, চিঠিয়ে যেন নানে চাবা।”

 বিয়া হৈ যোৱাৰ পাছত চালানিওৰে সৈতে গ্ৰেটিয়ানোক লৈ বেচানিও ভেনিচলৈ গ'ল। পোৰ্শ্বিয়া আৰু নেৰীচা বেলমণ্টতে থাকিল। লৰেঞ্জো, জেচীকাহঁতে তাতে থাকিল। পোৰ্শ্বিয়াই এই দুজনক আশ্ৰয় দিছিল। জেচীকাৰপৰা পোৰ্শ্বিয়াই, শ্বাইলকে এদিন যে কৈছিল— খ্ৰীষ্টান এণ্টোনিওৰপৰা টকা নাপালে সি এণ্টোনিওৰ মঙহ কাটিহে এৰিব, এই কথা শুনি বৰ ভাৱনাত পৰিল। তেওঁ তেওঁৰ সম্পৰ্কীয় আইনজ্ঞ পণ্ডিত বেলাৰিওৰ ওচৰলৈ তেওঁৰ বিশ্বাসী ভৃত্য বাল্‌থাজাৰক এখন চিঠি দি পঠিয়ালে আৰু বাল্‌থাজাৰে ভেনিচলৈ লৈ যোৱা নাৱৰ ঘাটৰ ওচৰত উত্তৰ লৈ আহি বাট চাই থাকিবলৈ তাক আজ্ঞা কৰিলে।

⸺⸺
[ ৩৪ ]
সপ্তম অধ্যায়।

 ইপিনে ভেনিচত এণ্টোনিওৰ বিচাৰ উপস্থিত। লেশমাত্ৰ দয়াহীন ইহুদী শ্বাইলকে ভেনিচৰ আইন অনুসাৰে, দলিলত লেখা আধা সেৰ মঙহ কাটি লবলৈ ওলাল।

 বিচাৰ-ঘৰত ভেনিচৰ ডিউক বিচাৰাসনত পাৰিষদবৰ্গৰে সৈতে পৰিবেষ্টিত হৈ বহি আছে। বেচানিও আৰু গ্ৰেটিয়ানো বেলণ্টৰপৰা ঠিক সময়ত আহি পালেহি। তেওঁলোকও বিচাৰ-ঘৰত। চালাৰিনো, চালানিও আৰু আন বহুতো বিচাৰ-ঘৰত। ইহুদী শ্বাইলকৰ আচৰিত গোচৰ, সেই দেখি বিচাৰ-ঘৰত মানুহৰ লেখ-জোখ নাই।

 ডিউকে এণ্টোনিওক তেতিয়া নিজৰ দুখ প্ৰকাশ কৰি কলে, “এণ্টোনিও, দয়া-মায়াহীন নিষ্ঠুৰ মানুহ এটাই তোমাৰ নামে গোচৰ কৰিছে। তাৰপৰা এক তিলাৰ্দ্ধ কৃপা ভিক্ষা পোৱা নেযায়।”

 এণ্টোনিৱে ক'লে, “স্বৰ্গদেৱে যে মোৰ হৈ ইহুদীটোক নিৰ্দয় ব্যৱহাৰৰপৰা বিৰত কৰিবলৈ চেষ্টা কৰিছে মই শুনিছোঁ। সি যেতিয়া নিষ্ঠুৰতাৰ হ্ৰাস অকণো নকৰে, আৰু মোক যেতিয়া আইনৰ সহায় লৈ কোনো মানুহে ৰক্ষা কৰিব নোৱাৰে, মই ধৈৰ্য্য ধৰি তাৰ সকলো ব্যৱহাৰ সহ্য কৰিম।”

 ডিউকে তেতিয়া শ্বাইলকক মাতি আনিবলৈ হুকুম দিলে। সি আহিলত তাক তেওঁ কলে, “শ্বাইলক, তই ধেমালি কৰিহে ইমান দূৰলৈকে এণ্টোনিওক খেদি আনিছ। আমাৰ সকলোৰে বিশ্বাস যে তই অলপৰ পাছত সদাগৰ এণ্টোনিওক এৰি দি তেওঁৰ যে মঙহ নলৱেই তেওঁৰ ক্ষতি হানিৰ কথা শুনি তেওঁক আধাখিনি টকাও এৰি দিবি। তই মানুহক দেখুৱাবলৈ হে এনে নিষ্ঠুৰ আচৰণ কৰিছ। [ ৩৫ ] কি কৱ, ইহুদী? তই যে আমাক আমাৰ ভাল লগা উত্তৰ দিবি জানো।”

 শ্বাইলকে উত্তৰ দিলে, “স্বৰ্গদেৱ, মই আপোনাক ইতিপূৰ্বেই মোৰ যি কবলগীয়া আছিল কৈছোঁ। আৰু মোৰ কবৰ একো নাই। যদিহে দলিলৰ মতে মোৰ বিচাৰ নহয়, তেন্তে আপোনাৰ আইনক ধিক্‌ আৰু আপোনাৰ চহৰ যেন হতশ্ৰী হয়। আপনি যদি মোক শোধে মই তিনি হাজাৰ ডাকাটৰ সলনি আধা সেৰ মঙহ কিয় লওঁ, তাৰ উত্তৰ মই দিওঁ—মোৰ ইচ্ছা। মোৰ ঘৰত এটা এন্দুৰে যদি দৌৰাত্ম কৰে, মই যদি তাক মাৰিবৰ বাবে দহ হাজাৰ ডাকাট দিওঁ, তাত কাৰ হৰণ-ভগন? আৰু উত্তৰ লাগে নে? বাৰু শুনক, —কোনো মানুহৰ গাহৰি দেখিলে গা কেনেবা কৰে, সি ভাল নেপায়; কোনো মানুহৰ আকৌ এটা মেকুৰী দেখিলেই চুৰ্ত্তি হেৰায়; কোনো মানুহৰ আকৌ কালী পেঁপা বজোৱাৰ মাত শুনিলে বিৰক্ত বোধ হয়;—এইবোৰ মানুহক যদি কাৰণ শোধা যায় তেওঁলোকে কাৰণ কব নোৱাৰে। ময়ো এণ্টোনিওক কিয় ঘিণাওঁ, তাৰ কাৰণ দিব নোৱাৰোঁ, আৰু পাৰিলেও নিদিওঁ।”

 বেচানিৱে কলে, “শ্বাইলক, এইবোৰ কথা স্বৰ্গদেৱে শোধা কথাৰ উত্তৰ হ’ল নে? স্বৰ্গদেৱে কি শুধিছিল আৰু তই কি উত্তৰ দিছ?”

 বেচানিও আৰু শ্বাইলকৰ অলপ তৰ্ক হোৱা শুনি এণ্টোনিৱে কলে, “ইহুদীটোৰে সৈতে তৰ্ক কৰি কি লাভ, বেচানিও? তাৰ নিষ্ঠুৰ হৃদয়। সাগৰৰ দাঁতিত থিয় হৈ সমুদ্ৰক জোৱাৰৰ সময়ত প্ৰতিদিন যলৈকে ঢৌ আহে তালৈ ঢৌ নাহিবলৈ কোৱাটো যেনে, বাঘে কিয় এহাল ভেড়াৰ মতাটোক খাই মাইকীজনীক কন্দুৱাইছে, বাঘক ইয়াৰ উত্তৰ দিবলৈ কোৱা যেনে, আৰু গছৰ পাতক বতাহ লাগিলে লৰিবলৈ [ ৩৬ ]

মানা কৰা যেনে ইও তেনে। এইবোৰ টান কথা; কিন্তু ইহুদীৰ নিৰ্ম্মম হৃদয়ক দ্ৰৱ কৰা সকলোতকৈ টান। আৰু তাৰে সৈতে তৰ্ক নকৰি মোৰ বিচাৰ হবলৈ দিয়া, ইহুদীৰ ইচ্ছা পূৰণ হওক।”

 তেতিয়া বেচানিৱে শ্বাইলকক কলে, “হেৰ, তোৰ তিনি হাজাৰ টকাৰ সলনি ছয় হাজাৰ ল, মোৰ বন্ধুক এৰি দে।” শ্বাইলক অচল অটল। সি কলে, “এই ছয় হাজাৰ ডাকাটৰ একোটা একোটা ডাকাট যদি ছভাগ কৰা হয় আৰু প্ৰত্যেক ভাগ যদি একোটা ডাকাট কৰা হয়, তেনেহলেও মোক টকা নেলাগে, টকা নলওঁ। দলিলত যি লেখা আছে, সিহে হ'ব লাগে। দলিলৰ চুক্তি মতে কাম হওক।”

 ডিউকে কলে, “তই যদি আনক দয়া নকৰ, আনে তোক কেনেকৈ দয়া কৰিব?”

 শ্বাইলকে কলে, “মোক বিচাৰ লাগে। মোৰ কেৱল এই মাত্ৰ ভিক্ষা। বিচাৰ, বিচাৰ লাগে। আপোনাসকলৰ বহুতো গোলাম আছে, সিহঁতক আপোনাসকলে কিনিছে দেখি কত যন্ত্ৰণা, কত কষ্ট, কত অসহনীয় কাম কৰায়, কুকুৰ গাধৰ দৰে সিহঁতৰ প্ৰতি ব্যৱহাৰ কৰে। যদি হে অপোনালোকক শোধোঁ এনে অন্যায় ব্যৱহাৰ কিয় কৰে? আপোনাসকলে কি উত্তৰ দিব? নকব নে যে ‘আমি ইহঁতক কিনিছোঁ, গোলামক আমাৰ যি মন যায় কৰিম?’ যদি মই কওঁ যে, গোলামহঁতক স্বাধীন কৰি এৰি দি আপোনাসকলৰ জীয়ৰীৰ সৈতে বিয়া দিয়ক, সিহঁতক সুখাদ্য বস্তু খাবলৈ দিয়ক, ভাল শয্যাত শুবলৈ দিয়ক, আপোনাসকলে নকব নে গোলাম আমাৰ, আমি যি ইচ্ছা কৰিম? ময়ো তাকে কওঁ। এণ্টোনিওৰ গাৰ আধা সেৰ মঙহ মোৰ; মোৰ যেতিয়া মই লমেই লম। এই আধা সেৰ মঙহৰ বাবে মই বহুতো ৰূপ দিবলগীয়াত পৰিছোঁ। মোক বিচাৰ লাগে। মই [ ৩৭ ] যদি সুবিচাৰ নেপাওঁ তেনেহলে মই তেতিয়া জানিম আৰু ক'ম যে, ভেনিচৰ আইনৰ একো মূল্য নাই। মই বিচাৰৰ বাবে ইয়ালৈ আহিছোঁ। বিচাৰ পাম নে?”

 ডিউক—“তই জান নে আজি মই বিচাৰ নোশোধোঁ বুলি কব পাৰোঁ৷ মোৰ কবৰ ক্ষমতা আছে। বেলাৰিও নামেৰে এজন বিজ্ঞ পণ্ডিতক আহি এই বিচাৰৰ শোধপোছ কৰিবলৈ মাতি পঠিয়াইছোঁ৷ তেওঁ নাহিলে এই বিচাৰ শোধ নহয়।”

 এনেতে বেলাৰিওৰপৰা এজন দূতে চিঠি আনি বাহিৰত বাট চাই থকাৰ বাতৰি বিচাৰ-ঘৰত জনোৱা হ'ল। দূতক ডিউকে মাতি অনাবলৈ হুকুম দিলে।

 এই দূত কোন? পোৰ্শ্বিয়াৰ লিগিৰী গ্ৰেটিয়ানোৰ প্ৰাণেশ্বৰী নেৰীচা। নেৰীচাই উকীলৰ মহৰীৰ দৰে কাপোৰ পিন্ধি চিঠি লৈ হাজিৰ।

 ডিউক—“তুমি পেডুৱাৰ বেলাৰিওৰ তাৰপৰা আহিছা নে?”

 নেৰীচা—“স্বৰ্গদেৱ হয়—তেখেতে আপোনাক অভিবাদন জনাই এই চিঠিখন দিছে।”

 ইপিনে শ্বাইলকে মহা আনন্দত তাৰ জোতাৰ তলুৱাত কটাৰী ধাৰ দি মঙহ কাটিবলৈ টপতৈয়াৰ হৈ আছে। বেচানিৱে এণ্টোনিওক নানান ৰকম প্ৰবোধ দিবলৈ ধৰিলে, আৰু গ্ৰেটিয়ানো আৰু শ্বাইলকৰ মাজত সৰুসুৰা তৰ্ক হবলৈ ধৰিলে।

 ডিউকে চিঠিত এই জানিলে যে, বেলাৰিও নৰিয়াৰ বাবে আহিব নোৱাৰিলে; কিন্তু তেওঁৰ এজন সুপৰিচিত ডেকা বেৰিষ্টৰ ডিউকৰ চিঠি যোৱাৰ সময়ত তেওঁৰ লগতে আছিল। তেওঁৰে সৈতে বেলাৰিৱে বহুতো পুথি কিতাপ বিচাৰি পৰামৰ্শ কৰি এই মকৰ্দ্দমাৰ [ ৩৮ ] মীমাংসা উলিয়াই তেওঁকে ডিউকৰ ওচৰলৈ পঠাইছে। কম বয়সীয়া লৰা বুলি যেন তেওঁক ইতিকিং কৰা নহয়। বিদ্যা বুদ্ধিত তেওঁ বৰ পৈণত।

 ডেকা বেৰিষ্টাৰ বিচাৰ-ঘৰলৈ অহাত ডিউকে তেওঁক সসম্ভ্ৰমে অভ্যৰ্থনা কৰি আসন দিলে। এই বেৰিষ্টৰ আন কোনো নহয়, বেচানিওৰ হৃদয়েশ্বৰী পোৰ্শ্বিয়া হে। পোৰ্শ্বিয়াই বেৰিষ্টৰৰ সাজ পিন্ধাত কোনেও তেওঁক তিৰুতা বুলি চিনিব নোৱাৰিলে, —এনে কি বেচানিৱেও চিনিব নোৱাৰিলে। গ্ৰেটিয়ানোৰ চোকা চকুৱেও, ডেকা বেৰিষ্টৰৰ ডেকা কেৰাণীৰ সাজ পিন্ধাজনেই যে তেওঁৰ মন চোৰ নেৰীচা সুন্দৰী, তত ধৰিব নোৱাৰিলে।

 ডিউকে তেতিয়া শ্বাইলক আৰু এণ্টোনিওক আগলৈ আহি থিয় দিবলৈ হুকুম দি পোৰ্শ্বিয়াক বিচাৰ কৰিবলৈ আদেশ দিলে।

 পোৰ্শ্বিয়াই শ্বাইলকক ক'লে, “যদিও তোমাৰ গোচৰ আচৰিত ধৰণৰ, কিন্তু ভেনিচৰ আইনমতে এনে গোচৰ চলে। এণ্টোনিও, তুমি খতত যি লেখা আছে তাক স্বীকাৰ কৰা নে?”

 এণ্টোনিও সত্যবাদী। এণ্টোনিৱে স্বীকাৰ কৰিলে।

 পোৰ্শ্বিয়াই ক'লে যে, ইহুদীয়ে যদি এতিয়া দয়া দেখুৱায়, তেনেহলে এণ্টোনিওৰ ৰক্ষা; নহলে নাই। শ্বাইলকে ক'লে, দয়া দেখুৱাবলৈ সি বাধ্য নে? কেতিয়াও নহয়।

 পোৰ্শ্বিয়া—“বৰষুণে যেনেকৈ লাহে লাহে পৰি পৃথিবী স্নিগ্ধ শীতল কৰে, দয়াৰ প্ৰকৃতিও তেনে। যিজনে দয়া প্ৰকাশ কৰে আৰু যাৰ প্ৰতি দয়া প্ৰকাশ কৰা হয় দুইৰো দয়াৰপৰা সুখ হয়; দয়া কৰা জনে দয়া যে কৰিছে, সেই বাবে সুখী আৰু যাক দয়া প্ৰকাশ কৰা হয়, তেওঁ সেই দয়াৰ ফলৰপৰা সুখী। দয়াৰ স্থান আটাইতকৈ ওখ। ৰজাৰ ৰাজ[ ৩৯ ] মুকুটতকৈও দয়াই ৰজাৰ শোভা বৰ্ধন কৰে। ৰজাৰ ৰাজদণ্ড পাৰ্থিব শক্তিৰ চিন মাথোন, কিন্তু দয়াশীলতা তাতকৈও শক্তিমান; কিয়নো, ই ঐশ্বৰিক শক্তি। বিচাৰ কৰোঁতে যদি বিচাৰ আৰু দয়া একেলগ কৰি বিচাৰ কৰা যায়, তেনেহলে ঐশ্বৰিক শক্তি পাৰ্থিব শক্তিৰ লগ লাগি বিচাৰ ন্যায় হয়। সেই দেখি শ্বাইলক, তোমাক যদি আইনমতে বিচাৰ লাগে, এই সাওদৰ বিপক্ষে আমি বিচাৰ কৰিব লাগিব। কিন্তু ইহুদী, এই কথা মনত ৰাখি উত্তৰ দিবা যেন—এই সাওদৰ প্ৰতি দয়া কৰি তোমাক যেনেকৈ বিচাৰপ্ৰাৰ্থী হবলৈ কৈছোঁ, আমি সেই অৱস্থাত আটায়ে সেই তেনেকৈ আমাৰ প্ৰতি বিচাৰ ইচ্ছা কৰোঁ; কিয়নো, কেৱল বিচাৰ বিচাৰিলে আমাৰ কাৰো উদ্ধাৰ নাই। মোৰ ইমান কথা কবৰ আৰু একো অৰ্থ নাই-কেৱলমাত্ৰ এই যে তুমি যদি আইনমতে বিচাৰপ্ৰাৰ্থী হোৱা, তেনেহলে এই সাওদৰ আৰু নিস্তাৰ নাই, সাওদৰ বিপক্ষেই আমাৰ ৰাই দিব লাগিব।”

 শ্বাইলকে সেইবোৰ কথা মুঠেই নুশুনি কেৱল “বিচাৰ, বিচাৰ, আইনমতে, দলিলত লেখা চুক্তিৰ বিচাৰ হওক” এই কথা কলে।

 পোৰ্শ্বিয়াই শুধিলে, “সাওদ এন্টোনিয়ে টকা দিব নোৱাৰে নে?”

 বেচানিও-—“এইয়া মই টকা লৈ হাজিৰ। মই দুগুণ দিম। মই দহ গুণ দিবলৈ প্ৰস্তুত আছোঁ—যদি হে নোৱাৰোঁ, তেনেহলে তাৰ সলনি মোৰ মুখ, হৃদয়, হাত যি লাগে সকলো দিম। ডাঙৰীয়া, আপুনি এটা মহৎ কাম কৰিবৰ বাবে এটা ক্ষুদ্ৰ দোষ কৰক, যেনে কৰি হওক কূট তৰ্ক কৰি আইনক হৰুৱাই আমাৰ ফলীয়া কৰক।”

 পোৰ্শ্বিয়া-“এনে কথা কেতিয়াও হব নোৱাৰে। ভেনিচৰ আইন অচল অটল। এবাৰ যি আইন হৈছে, সেই আইনেই আইন। এবাৰ যদি তেনে কৰা যায়, সেই দৃষ্টান্ত দেখি আনেও তেনে কৰিব; পাছত [ ৪০ ] সি এটা নিয়ম হৈ যাব,—সি কেতিয়াও হব নোৱাৰে। বাৰু খতখন দিয়াচোন।”

 শ্বাইলকৰ মহা আনন্দ। সি পোৰ্শ্বিয়াক প্ৰশংসা কৰিবলৈ ধৰিলে। “সাক্ষাৎ ধৰ্মৰ বিচাৰ।”

 পো—“শ্বাইলক, তোমাক তিনি গুণ টকা দিয়া হৈছে! নোলোৱা কিয়? এই টকা লোৱাঁ, সাওদক এৰি দিয়াঁ।”

 শা—“মই শপত খাইছোঁ। ভগৱানৰ ওচৰত শপত খাই কৈছোঁ। মই কি শপতৰ অন্যথা কৰিম? ই কেতিয়াও নহয়, হবই নোৱাৰে। সমগ্ৰ ভেনিচৰ বাবেও এনে নকৰোঁ।”

 পো——“তেনেহলে তো কথাই নাই। এই দলিলৰ মতে তেনেহলে সাওদৰ হিয়াৰ ওচৰৰ আধা সেৰ মঙহ তুমি কাটি লব পাৰা, ই আইন সঙ্গত। কিন্তু, ইহুদী, দয়া কৰাঁ। তোমাক তিনি গুণ টকা দিয়া হৈছে, তুমি লোৱাঁ৷ মোক এই দলিলখন ফালি পেলাবলৈ অনুমতি দিয়াঁ।”

 শ্বাই—“ফালি পেলাব, যেতিয়া দলিলৰ মতে কাম নিস্পত্তি হব, তেতিয়া ফালি পেলাব, এতিয়া নহয়। আপুনি আইনজ্ঞ পণ্ডিত আৰু আপুনি যেনেকৈ আইনৰ ব্যাখ্যা কৰি দেখুৱাইছে তাৰ দ্বাৰা জানিব পাৰিছোঁ যে, আপোনাৰ বিদ্যা বুদ্ধি অসীম। আপুনি আইনৰ এটি প্ৰধান স্তম্ভ স্বৰূপ, আপুনি ন্যায় বিচাৰপতি, সোনকালে বিচাৰ কৰক। মই শপত খাই কৈছোঁ যে, মোৰ মন পৰিবৰ্তন কৰা মানুহৰ শক্তিৰ অতীত, কোনেও নোৱাৰে। মই দলিলৰ ওপৰতে নিৰ্ভৰ কৰি বিচাৰপ্ৰাৰ্থী হম।”

 পো-“তেনেহলে এণ্টোনিও, তুমি প্ৰস্তুত হোৱাঁ। ইহুদীৰ কটাৰীয়ে তোমাৰ বুকুৰ মঙহ কাটিব।”

 পোৰ্শ্বিয়াই শ্বাইলকক মঙহ জুখিবলৈ তৰ্জ্জু আছানে নাই শুধিলে। শ্বাইলক আগৰপৰা তৈয়াৰ; সি তৰ্জ্জু লগত আনিছিল। পোৰ্শ্বিয়াই [ ৪১ ] কলে, “মঙহ কাটোঁতে যদি সৰহকৈ তেজ ওলাই এন্টোনিও মৰে, সেই বাবে দয়াপৰবশ হৈ শ্বাইলকে তাৰ নিজৰ খৰচত এজন বেজ অনায় যদি ভাল হয়। শ্বাইলকে আচৰিত মানি ক'লে, “দলিলত এই বিষয় লেখা আছে নে? যদিহে নাই সি কেনেকৈ হব?” দলিলত অৱশ্যে এই বিষয়ৰ একো উল্লেখ নাছিল। সেই দেখি বেজ অনা নহল।

 তেতিয়া এণ্টোনিৱে বেচানিওৰপৰা বিদায় ললে। বেচানিওক শোক কবিবলৈ মানা কৰিলে আৰু কলে যে, ভগৱান তেওঁৰ প্ৰতি সুপ্ৰসন্ন, কিয়নো অতীত ঐশ্বৰ্যৰ কথা ভাবি দুখীয়া হৈ জীৱনৰ শেহ কেটা দিন কটোৱাতকৈ সোনকালে মৰা ভাল। তেওঁ যে এনেকৈ সোনকালে মৰিবলৈ ওলাইছে, তাত তেওঁ বৰ সুখী। বেচানিওৰ ঘৈণীয়েকক নিজৰ শেহ দশাৰ কথা ক'বলৈ কলে আৰু তেওঁ যে বেচা- নিওক মৰম কৰিছিল ইত্যাদি কথা কৈ বিদায় ললে।

 বেচানিও-“এণ্টোনিও, মোৰ নিজৰ জীৱনতকৈও মই মোৰ ঘৈণীক মৰম কৰোঁ, কিন্তু মোৰ নিজৰ জীৱন, মোৰ ঘৈণী, সমগ্ৰ পৃথিবী মই হেৰুৱাম, এই পিশাচক সকলো দিম, তোমাক যদি তাৰ হাতৰপৰা উদ্ধাৰ কৰিব পাৰোঁ।”

 গ্ৰেটিয়ানোই কলে—“মোৰো ঘৈণীক মই ভাল পাওঁ, কিন্তু এতিয়া মনত হৈছে তাই স্বৰ্গ লৈ গৈ কোনো দেৱতাক এই পিশাচটোৰ স্বভাৱ পৰিবৰ্তন কৰিবলৈ সাধিলে আমাৰ উদ্ধাৰ হয়।”

 পোৰ্শ্বিয়া আৰু নেৰীচাই সকলো শুনি কলে যে, “ভাগ্যেহে তোমা- লোকৰ ঘৈণীয়েৰাহঁত ওচৰত নাই। থকা হলে বিষম হ'লহেঁতেন।”

 শ্বাইলকৰ এইবোৰ ভাল লগা নাই। সি কেৱল মঙহ কাটিবৰ বাবে ব্যস্ত। কেতিয়া মঙহ কাটিম, কেতিয়া মঙহ কাটিম কৰিব লাগিছে। [ ৪২ ]  ইয়াৰ পাছত পোৰ্শ্বিয়াই শ্বাইলকক মঙহ কাটিবলৈ হুকুম দিলে। হুকুম পোৱা মাত্ৰকতে কটাৰী লৈ শ্বাইলক আগ বাঢ়িল।

 তেতিয়া পোৰ্শ্বিয়াই কলে, “অলপ পৰ ৰোৱা, অলপ পৰ ৰোৱা, শ্বাইলক, দলিলত কেৱল মাথোন আধা সেৰ মঙহৰ কথা আছে, দলিলত এটোপো তেজৰ কথা নাই। এই কথা মনত ৰাখিবা যেন। দলিলত যি আছে তাকে লোৱাঁ, কিন্তু খবৰদাৰ সেই মঙহ কাটোতে যদি এটোপো খ্ৰীষ্টান তেজ পাত হয়, তোমাৰ সকলো সম্পত্তি ৰজাৰ হ'ব। ইও ভেনিচৰ আইন। দলিলত যি আছে তুমি লোৱা, কিন্তু এটোপাও -তেজ নহয়।”

 এতিয়া গ্ৰেটিয়ানোৰ আনন্দ কৰিবৰ পাল। তেওঁ শ্বাইলকৰ পিনে চাই চাই ক'লে, “ইহুদী, এইবাৰ কেনে? ধন্য বিচাৰপতি! ধন্য বিচাৰৰ সততা” ইত্যাদি শ্বাইলকে যি কৈছিল, তাকে তাৰ পিনে চাই বাৰে বাৰে কবলৈ ধৰিলে।

 শ্বাইলক তেতিয়া বিষম সমস্যাত পৰিল। তেতিয়া বপুৰিয়ে ক'লে, “সেয়ে যদি আইন হয়, তেনেহলে মোক তিনি গুণ টকা দিয়ক, মই খ্ৰীষ্টানটোক এৰি দিম৷”

 বেচানিৱে টকা দিবলৈ গ'ল; কিন্তু পোৰ্শ্বিয়াই মানা কৰি কলে, “ৰ’বা ৰ’বা, ইহুদীয়ে বিচাৰ পাব, যি দলিলত আছে তাকে পাব। ইহুদী, মঙহ কাটিবলৈ আগ বাঢ়াঁ, কাটাঁ গৈ। কিন্তু দলিলত কেৱল মাত্ৰ আধা সেৰ মঙহৰ কথাহে আছে, মঙহ কাটোতে যদি তিলাৰ্ব্ধও কম বেছি হয়, তেনেহলে তোমাৰ প্ৰাণদণ্ড হ’ব আৰু তোমাৰ সকলে। সম্পত্তি ৰাজদৰবাৰত বাজেয়াপ্ত হব।”

 শ্বাইলকে থেৰোগেৰো কৰিবলৈ ধৰি পাছত ক'লে, “তেনেহলে মোক মূলধনখিনি দিয়ক, মই তাকে লৈ যাওঁ।” বেচানিও টকা দিবলৈ [ ৪৩ ] আগ বাঢ়িল। পোৰ্শ্বিয়াই হাক দি কলে, “ইহুদী, ৰবা, আৰু এটি কথা আছে । ভেনিচৰ আৰু এটি আইনে কয় যে, যদি কোনো বিদেশীয়ে ভেনিচৰ কোনো মানুহক ধ্বংস কৰিবলৈ আগ বাঢ়ে, (যি কোনো প্ৰকাৰে হওক, সাক্ষাৎ ভাবেই হওক কি আন কোনো ৰকমেই হওক) আইন মতে তাৰ সম্পত্তিৰ আধা সেই মানুহে পাব আৰু বাকীখিনি ৰাজকোষলৈ যাব। আৰু সেই হত্যাকাৰী হব খোজাজনক ৰজাৰ যি ইচ্ছা কৰিব। এতিয়া ইহুদী, তুমি সেই তেনে অৱস্থাত পৰিছা। সেই দেখি স্বৰ্গদেৱৰ দয়া ভিক্ষা কৰা।”

 গ্ৰেটিয়ানোৰ মহা আনন্দ। তেওঁ কলে, “হেৰ ইহুদী, তই স্বৰ্গদেৱৰপৰা যাতে নিজে ডিঙিত ফাঁচী লগাই মৰিব পাৰ, তাকে ভিক্ষা কৰ। ও পাহৰিলোঁ, তোৰ যে জৰী এডাল কিনিবলৈকে পইচা নাই, এটাইবোৰ যে ৰাজদৰবাৰত । তেনেহলে তোক ৰাজ খৰচতে ফাঁচী দিব লাগিব।”

 ডিউক—“তই প্ৰাণ ভিক্ষা কৰাৰ আগেয়েই তোক প্ৰাণ দান কৰিলোঁ। আমাৰ আৰু তোৰ প্ৰকৃতি যে কিমান বেলেগ ইয়াতে গম পাবি। তোৰ আধা সম্পত্তি এন্টোনিওৰ হ’ব আৰু বাকিখিনি ৰাজভাণ্ডাৰলৈ আহিব।

 তেতিয়া শ্বাইলকে কলে, “মোৰ সম্পত্তিৰ লগে লগে মোৰ জীৱনো লওক, তাক আৰু কিয় ৰাখে? যি বস্তুৰ দ্বাৰাই মই জীৱিকা নিৰ্ব্বাহ কৰোঁ, তাকে যদি লৈ গ'ল তেনেহলে মোৰ জীৱনো লওক। মোক জীৱন নেলাগে।” তাৰ পাছত পোৰ্শ্বিয়াই এণ্টোনিওক শোধাত তেওঁ কলে, “স্বৰ্গদেৱ, যি টকা ৰাজকোষলৈ গ'ল তাৰ বাদে আধাখিনি টকা মোৰ ব্যৱহাৰৰ বাবে ই যদি মোক দিয়ে আৰু যি মানুহজনে ইয়াৰ জীয়েকক বিয়া কৰাইছে, তেওঁক যদি ই মৰাৰ পিছত মই দিওঁ, তাত [ ৪৪ ] যদি ই সম্মত হয় তেনেহলেই মোৰ সন্তোষ। আৰু দুটা কথা আছে— প্ৰথম, সি যেন এতিয়াই খ্ৰীষ্টধৰ্ম্ম অৱলম্বন কৰে; দ্বিতীয়, এতিয়াই সি যদি এখন দানপত্ৰ লেখি, সি মৰাৰ পাছত তাৰ যি সম্পত্তি থাকে তাক লৰেঞ্জো আৰু জেচীকাক দি যায়, তেনেহলে মোক আৰু একো নেলাগে।”

 ডিউক—“সি এতিয়াই তাকে কৰিব, নহলে এই যে তাৰ প্ৰাণদণ্ড ৰহিত কৰি ক্ষমা কৰিলোঁ, সেই হুকুম ৰদ কৰিম।”

 শ্বাইলক—“মোক ইয়াৰপৰা যাবলৈ অনুমতি দিয়ক। মোৰ গা ভাল লগা নাই, মই এতিয়া যাওঁ। দানপত্ৰ পাছত চহী কৰিম, ঘৰলৈ যেন পঠিয়াই দিয়ে।”

 ডিউকে হুকুম দিলত সি আধা-মৰা মানুহৰ দৰে পৰোঁ পৰোঁ হৈ বিচাৰ-ঘৰ এৰি গ'ল।

 বিচাৰৰ এনে সু অন্ত হলত আটায়ে ৰং পালে আৰু ডেকা বেৰিষ্টৰ জনেই যে এণ্টোনিওৰ উদ্ধাৰ কৰ্ত্তা, আটায়ে সেই কথাৰ শলাগ ললে। ডিউকে পোৰ্শ্বিয়াক প্ৰশংসাবাদ দি ৰাতিৰ ভোজনলৈ নিমন্ত্ৰণ কৰিলে। কিন্তু পোৰ্শ্বিয়াই সেই নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে, কিয়নো সেই দিনাই তেওঁলোক ভেনিচৰ এৰিবৰ কথা।

অষ্টম অধ্যায়।

 বিচাৰ-ঘৰৰপৰা ডিউক তেওঁৰ পাৰিষদবৰ্গৰে সৈতে গলত বেচানিও আৰু এণ্টোনিৱে পোৰ্শ্বিয়াক নানা সাধুবাদ আৰু প্ৰশংসাবাদ দি ইহুদীক দিবলগীয়া তিনি হাজাৰ ডাকাট তেওঁক দিব খুজিলে। তেওঁ অৱশ্যে লবলৈ ৰাজি নহ'ল। [ ৪৫ ]  বেচানিৱে কলে যে, “ডাঙৰীয়া, আপোনাৰ প্ৰাপ্য টকা বুলি নলব, কিন্তু আমাৰপৰা স্মৃতিচিহ্ন স্বৰূপ যি হয় অলপ লওক আৰু আমাক দুটা বস্তু ভিক্ষা দিয়ক, তাৰে এটি হৈছে মোক যেন প্ৰত্যাখ্যান নকৰে আৰু আনটি মোক যেন ক্ষমা কৰে।”

 পোৰ্শ্বিয়াই পাছত স্বীকৃত হৈ এণ্টোনিওৰ হাতত পিন্ধা হাত-মোজা- জোৰ খুজি ললে আৰু বেচানিওৰপৰা তেওঁৰ হাতৰ আঙ্গঠিটো খুজিলে।

 এণ্টোনিওৰ হাত-মোজা এণ্টোনিৱে সানন্দে তেওঁক দিলে, কিন্তু বেচানিওৰ আঙ্গঠি বেচানিৱে দিব নুখুজিলে। প্ৰথমে বেচানিৱে কলে, “আঙঠিটো নো এটা কি বস্তু যে তাক ইমান উপকাৰৰ পৰিবৰ্তে দিম? এনে তুচ্ছ বস্তু এটা দিম, ই বৰ লাজৰ কথা।” কিন্তু পোৰ্শ্বিয়াই সেই আঙ্গঠিটো হে লাগে বুলি ক'লে। এটা তুচ্ছ বস্তু হলে কি হব, তেওঁৰ সেই আঙ্গঠিটো হে পছন্দ, আন একো তেওঁক নেলাগে।

 বেচানিও—“ডাঙৰীয়া, এই ভেনিচ চহৰত আটাইতকৈ যি আঙ্গঠিটোৰ বেচ বেছি, সেইটোকে মই আপোনাক দিম। আপুনি মোক ক্ষমা কৰিব। এই আঙ্গঠিটো দিব নোৱাৰোঁ।”

 পো—“এতিয়া গম পালোঁ, ডাঙৰীয়া, আপুনি নিজেই মোক বস্তু দিব খোজে, আপুনি নিজেই বস্তু কেনেকৈ খুজিব লাগে মোক শিকায়, আকৌ বস্তু খোজা মানুহক কেনেকৈ উত্তৰ দি বস্তু নিদি খেদাব লাগে, তাকো আপোনাৰপৰা শিকিলোঁ।”

 “ডাঙৰীয়া, শুনক, শুনক, খং নকৰিব,—মোৰ ঘৈণীয়ে এই আঙ্গঠিটো মোৰ আঙ্গুলিত পিন্ধাই দিবৰ সময়ত মোক শপত খুৱাই কৈছিল যে, মই যেন এই আঙ্গঠিটো কাকো নিদিওঁ বা নেহেৰুৱাওঁ বা নেবেচোঁ৷ সেই দেখিহে ডাঙৰীয়া কওঁ, আপুনি আন যি বস্তু খোজ খোজক। এই আঙ্গঠি দিব নোৱাৰাত মই বৰ দুখ পাইছো।” [ ৪৬ ]  “বস্তু দিবৰ মন নাথাকিলে বহুতো মানুহে এনেবোৰ কথা, কৈ সাৰে। আমাৰ এনে কথা শুনা আছে; যাওক, আপোনাৰ ঘৈণীয়েক বলিয়া নে কি যে যি জনে আপোনাসকলক এনে বিপদৰপৰা উদ্ধাৰ কৰিলে তেওঁক এনে এটা তুচ্ছ বস্তু দিয়াত আপোনাৰ ওপৰত খং কৰিব। বাৰু ডাঙৰীয়া, সুখে থাওক, এতিয়া, বিদায়।”

 এই বুলি পোৰ্শ্বিয়া আৰু নেৰীচা গুচি গ'ল।

 তাৰ পাছত বেচানিৱে এণ্টোনিওৰ অনুৰোধত আঙ্গঠিটো বেৰিষ্টৰজনক দিবলৈ গ্ৰেটিয়ানোৰ হাতত পঠিয়াই দিলে।

 পোৰ্শ্বিয়াই আঙ্গঠিটো ললত নেৰীচাইও পোৰ্শ্বিয়াৰ পিনে হাঁহি চাই ক’লে, “বাৰু চাওঁচোন, গ্ৰেটিয়ানোৰপৰা মই দিয়া আঙ্গঠিটো উলিয়াব পাৰোঁ নে নোৱাৰোঁ।”

 নেৰীচাও কৃতকাৰ্য্য হল।

 ইপিনে বেচানিওহঁত বেলমণ্ট পোৱাৰ আগৈয়েই পোৰ্শ্বিয়া আৰু নেৰীচাই গৈ সাজ সলাই তেওঁলোকৰ গিৰিয়েক আৰু বন্ধু এণ্টোনিওৰ অভ্যৰ্থনাৰ আয়োজন কৰিবলৈ ধৰিলে।

 যি ৰাতি পোৰ্শ্বিয়া আৰু নেৰীচা ভেনিচৰপৰা গৈ বেলমণ্ট পালে, সেই ৰাতি সুন্দৰ স্নিগ্ধকৰ জোনাকেৰে বেলমণ্ট ভৰি গৈছিল; আৰু বিশেষকৈ পোৰ্শ্বিয়াৰ বিতোপন ঘৰত জোনাকৰ সৌন্দৰ্য্য আৰু বাঢ়িছিল। নতুন প্ৰেমিক প্ৰেমিকা লৰেঞ্জো আৰু জেচীকাই এই জোনাক ৰাতি বাহিৰত বহি প্ৰেমিক প্ৰেমিকাই হে যেনে কথা পাতিব জানে, তেনেকৈ কথা পাতি আছিল। বেচানিও বন্ধুৰে সৈতে আহি বেলমণ্ট পাব বুলি বাতৰি পোৱাত বাদ্যকৰসকলে সুমধুৰ সঙ্গীতাদি কৰিবলৈ ধৰিলে। [ ৪৭ ]  পুৱা হওঁ-হওঁ হওঁতে বেচানিও আৰু গ্ৰেটিয়ানো, এন্টোনিওৰে সৈতে বেলমন্ট পালেহি।

 এওঁলোক আহি পোৱাৰ আগৈয়েই পোৰ্শ্বিয়াই লৰেঞ্জো, জেচীকা আৰু চাকৰ-নাকৰবিলাকক তেওঁ আৰু নেৰীচা যে ঘৰত নাছিল, এই কথা কাকো কবলৈ মানা কৰিলে। তেওঁলোক ভেনিচলৈ যাবৰ সময়ত কৈ গৈছিল যে, তেওঁলোেক স্বামী দুজনৰ আৰু বন্ধু এন্টোনিওৰ মঙ্গলাৰ্থে ধৰ্ম্মন্দিৰত পূজা কৰিবলৈ যায়। আৰু সি যে এক ৰকম সঁচা, পাঠকসকলে দেখিছে।

 বেচানিৱে এন্টোনিওৰে সৈতে পোৰ্শ্বিয়াৰ চিনাকী কৰি দিলত তেওঁলোকৰ সাদৰ সম্ভাষণ হৈ থাকোতেই তেওঁলোকে গ্ৰেটিয়ানো আৰু জেচীকাৰ মাজত তৰ্ক হোৱাৰ শব্দ পালে।

 পোৰ্শ্বিয়াই কলে, “কি, আহি পাওঁতে-নেপাওঁতেই কাজিয়া আৰম্ভ কৰিলা দেখোন? কি হৈছে কি?

 গ্ৰেটিয়ানোই কলে, “এটা সামান্য আঙ্গঠি লৈ আমাৰ তৰ্ক লাগিছে। সেইটো মোক নেৰীচাই দিছিল; তাৰ ওপৰত আকৌ লেখা আছিল, “ভাল পাবা, নেৰিবা মোক।” মই চন্দ্ৰক আগত থৈ শপত খাই কৈছোঁ, নেৰীচা, সেই আঙ্গঠিটো মই কোনো তিৰুতাক দিয়া নাই। সত্যে সত্যে কৈছোঁ, মই আঙ্গঠিটো জজৰ কেৰাণীটোক দিলো।

 গ্ৰেটিয়ানোৱে বুজাবলৈ ধৰিলে, নেৰীচাই নুবুজিলে। তেতিয়া পোৰ্শ্বিৰাই গ্ৰেটিয়ানোক খং কৰি কলে, “সঁচা তো, তোমাক যেতিয়া নেৰীচাই সেই আঙ্গঠিটো মৰম কৰি দিছিল আৰু বিশেষকৈ সেই আঙ্গঠিটোৱেই তোমাৰ ঘৈণীয়াই তোক প্ৰথমে দিয়া বস্তু; তুমি যত্নেৰে সাদৰেৰে তাক ৰখা উচিত আছিল। বাৰু চোৱাঁচোন, মোৰ স্বামীকো মই এটা আঙ্গঠি দিছিলোঁ। মই নিশ্চয়কৈ কৈছোঁ যে, [ ৪৮ ] এতিয়াও সেই আঙ্গঠিটো তেওঁ পিন্ধি আছে আৰু সমগ্ৰ পৃথিবীৰ ঐশ্বৰ্য্য যদি এফালে থাকে, তেওঁ সেই ঐশ্বৰ্য্যকো হেয় জ্ঞান কৰি আঙ্গঠিটো ৰাখিব, কেতিয়াও কাকো নিদিয়ে বা নেহেৰুৱায়।”

 বেচানিৱে তেতিয়া বিষম ভাবি মনে মনে কবলৈ ধৰিলে, “মই এই বাওঁ হাতখন কাটি পেলোৱাহেঁতেনেই ভাল আছিল। তেনেহলে এনেকৈ কব পাৰিলোহেঁতেন যে হাতখন ৰক্ষা কৰিবলৈ যাওঁতে আঙ্গঠিটো হেৰুৱালোঁ।”

 গ্ৰেটিয়ানোৱে তেতিয়া আন একো উপায় বিচাৰি নেপাই ক'লে, —“বেচানিও ডাঙৰীয়াইও তো তেওঁৰ আঙ্গঠি দিছে, তেওঁ জজক দিলে আৰু মোৰ আঙ্গঠিটো কেৰাণীটোৱে খুজি লৈ গ'ল। সিহঁতৰ দুটাৰ এটায়ো টকা নলৈ আঙ্গঠি দুটা হে লাগে বুলি ক'লে।”

 তেতিয়া পোৰ্শ্বিয়াই বেচানিওক শুধিলে, “কোন আঙ্গঠি, ডাঙৰীয়া? কোন আঙ্গঠিটো আপুনি দিলে? মই আপোনাক দিয়াটো কেতিয়াও নহয়। হয় নে?”

 বেচানিও—“মই যদি দোষ এটা কৰি মিছা কথা কব জানিলোঁ- হেঁতেন তেনেহলে কলোহেঁতেন সেই আঙ্গঠিটো নহয়, আন এটা আঙ্গঠি দিলোঁ। কিন্তু চোৱাঁ মোৰ আঙ্গুলিত সেই আঙ্গঠিটো নাই।”

 পো--“তোমাৰ হৃদয় মিছাৰে পৰিপূৰ্ণ, সত্যৰ লেশমাত্ৰ নাই। সেই আঙ্গঠি মোক আকৌ তুমি দেখুৱাব নোৱাৰালৈকে তোমাৰে সৈতে গৃহবাস নকৰোঁ৷।”

 এই কথা শুনি নেৰীচায়ো গ্ৰেটিয়ানোক ঠিক তাকে কলে। বেচানিৱে কত বুজাবলৈ চেষ্টা কৰি ক'লে, “তুমি যদি জানিলাহেঁতেন মই কিয়, কাৰ বাবে, কাক আঙ্গঠিটো দিছোঁ; আৰু সেই আঙ্গঠিটো দিওঁতে কিমান মৰ্মান্তিক কষ্ট মোৰ হৈছিল—তুমি যদি সকলো কথা [ ৪৯ ]

জানিলাহেঁতেন, তুমি মোৰ ওপৰত মিছাতে ইমান খং কেতিয়াও নকৰিলাহেঁতেন।”

 পো—“তুমি যদি সেই আঙ্গঠিৰ মাহাত্ম্য কি, সেই আঙ্গঠি দিয়া মানুহৰ কি মনৰ ভাব, অথবা সেই আঙ্গঠি তোমাৰ লগত ৰাখিবলৈকে বা তোমাৰ কি দায়িত্ব, কি ভদ্ৰতাৰ ডোলৰে আবদ্ধ তুমি, যদি জানিলাহেঁতেন, কেতিয়াও তুমি আঙ্গঠিটো নিদিলাহেঁতেন; আৰু এনে আচৰিত মানুহেই বা পৃথিবীত কোন আছে যাক অলপ বুজাই কোৱাহেঁতেন এনে এটা বস্তু খুজিলেহেঁতেন। নেৰীচাই যি কৈছে সঁচা—কৰ মানুহক দিছা, সি কেতিয়াও নহয়; নিশ্চয় তুমি এজনী তিৰুতাক হে দিছা; নেৰীচাই যি কৈছে সঁচা।”

 বেচানিও—“সত্যে কৈছোঁ, যি আইনজ্ঞ পণ্ডিতজনে বন্ধুবৰ এন্টো- নিওক ৰক্ষা কৰিলে সেই তেওঁকে দিলোঁ। তেওঁক তিনি হাজাৰ ডকাট ৰূপ, দিব খোজাতো টকা নলৈ আঙ্গঠিটোহে খুজিলে। কিমান বুজাই ক'লো নুশুনিলে; আৰু পোৰ্শ্বিয়া তুমি তাত থকা হলে তুমি নিজেই আঙ্গঠিটো মোৰপৰা খুজি লৈ গৈ বেৰিষ্টৰজনক দিলাহেঁতেন।”

 এনে তৰ্কবিতৰ্ক হৈ থাকোতে এণ্টোনিৱে তেওঁৱেই যে এই গিৰিয়েক ঘৈণীয়েকৰ ভিতৰত বিসম্বাদৰ কাৰণ তাক ভাবি পোৰ্শ্বিয়াৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে।

 সেই খিনিতে বেচানিৱে মাত লগালে যে, এই বাৰ যদি পোৰ্শ্বিয়াই তেওঁক ক্ষমা কৰে, তেওঁ সত্যে সত্যে তিনি সত্য খাই কৈছে তেওঁ আৰু যি প্ৰতিজ্ঞা কৰে তাৰ অন্যথা নহয়।

 এণ্টোনিৱে ক'লে, “মই এবাৰ বন্ধু বেচানিওৰ বাবে মোৰ শৰীৰ দিবলৈ প্ৰস্তুত হৈছিলোঁ। যি জনে আপোনাৰ আঙ্গঠি ল'লে সেই তেওঁ তাত থাকি আমাৰ ফলীয়া নোহোৱা হ'লে এতিয়া মই ইহলোকত [ ৫০ ] নাথাকিলোঁহেঁতেন। সেই দেখি এইবাৰ মই মোৰ শৰীৰ, আত্মা আৰু জামিন দি কৈছোঁ যে, বেচানিৱে কেতিয়াও তেওঁৰ প্ৰতিজ্ঞা ভঙ্গ নকৰে। মই সেই বাবে দায়ী।”

 “বাৰু এণ্টোনিও ডাঙৰীয়া, আপুনি যদি জামিন হয়, তেনেহলে মই তেওঁক ক্ষমা কৰিলোঁ। বাৰু সেই আঙ্গঠি গ'ল গ’ল, আৰু এটা আঙ্গঠি মই তাৰ বদলে দিওঁ, এইটো যেন তেওঁ ভালকৈ সাৱধানে ৰাখে।”  তাৰ পাছত নেৰীচাইও গ্ৰেটিয়ানোক এটা আঙ্গঠি দিলে।  বেচানিও, গ্ৰেটিয়ানো দুইও বিচুৰ্ত্তি হ’ল তেওঁলোকৰ আঙ্গঠি দুটাই যে এই দুটা।

 সকলো কথা তেতিয়া ভাঙি কোৱা হ'ল। তেতিয়া সকলোৰে মহা আনন্দ। আকৌ পোৰ্শ্বিয়া বেচানিও, আৰু নেৰীচা গ্ৰেটিয়ানোৰ মিল হল। তেতিয়াই এণ্টোনিৱে খবৰ পালে যে, যি জাহাজ তেওঁৰ সদাগৰী বস্তুৰে সৈতে নিৰুদ্দেশ হৈছিল, সেই জাহাজৰ উদ্দেশ আকৌ পোৱা হ’ল। আকৌ নিৰাপদে ভেনিচৰ ফালে সেই জাহাজবোৰ আহিব লাগিছে। সেই আনন্দৰ বাতৰিৰ ওপৰত আৰু এটা আনন্দৰ বাতৰি লৰেঞ্জো আৰু জেচীকাক দিয়া হ'ল যে, বুঢ়া শ্বাইলকৰ মৃত্যুৰ পাছত বুঢ়াৰ সকলো সম্পত্তি তেওঁলোক দুজনে পাব। তেতিয়া সকলোৰে আনন্দৰ ওপৰত আনন্দ হ'ল।