সমললৈ যাওক

ভেনিচৰ সাওদ/ষষ্ঠ অধ্যায়

ৱিকিউৎসৰ পৰা

[ ১৫ ]

ষষ্ঠ অধ্যায়।

 যি জাহাজ উভতি অহাৰ ওপৰত নিৰ্ভৰ কৰি এণ্টোনিৱে শ্বাইলকৰ পৰা টকা ধাৰ কৰিছিল, তেওঁ বাতৰি পালে যে মাজ সমুদ্ৰত সেই জাহাজ সকলো সম্পত্তিৰে সৈতে তললৈ গ’ল। এই জাহাজতে এণ্টোনিওৰ সৰ্বস্ব আছিল। সেই দেখি এই জাহাজ তল যোৱাৰ লগে লগে তেওঁৰ আৰ্থিক অৱস্থাও তললৈ নামিল।

 ইপিনে খতৰ তিনি মাহ পাৰ হ’ব লগা হ’ল। এণ্টোনিও মহা ভাৱনাত পৰিল। তেওঁ ক’ৰপৰা টকা দিয়ে? তেওঁৰ এই অৱস্থা দেখি শ্বাইলকৰ মহা আনন্দ; কিয়নো এইয়ে তাৰ সেই ইমান দিনৰ পৰা মনে মনে আলচি সাঁচি থোৱা প্ৰতিশোধৰ সুযোগ। এই প্ৰতিশোধ ল’বলৈকে শ্বাইলকে ইমান দিন বাট চাই আছিল।

 এই জাহাজ ডুবাৰ বাতৰি পাই চালানিও আৰু চালাৰিনোৱে শ্বাইলকৰ সৈতে বাটত দেখা হোৱাত তাক সুধিলে, “বাৰু, শ্বাইলক, কচোন বাৰু, যদি এণ্টোনিয়ে তোৰ ৰূপ কেহেজাৰ তিনি মাহ উকলি যোৱাৰ আগেয়ে দিব নোৱাৰে, তেনেহ’লে তই সঁচাসঁচিকৈয়েই তেওঁৰ গাৰ মঙহ কাটি লবি নে? তাৰে তোৰ নো কি উপকাৰ হ’ব?“

 শ্বাইলক– “মাছ ধৰিবলৈ লাগে। আৰু যদিও আন উপকাৰ নহয়, তাৰে যদি আন কাম একো নহয়, মোৰ প্ৰতিশোধ লোৱাৰ কাম চলিব তো? সি মোক কিমান অপমান কৰিছে, কিমান লাজত পেলাইছে। [ ১৬ ] কমকৈ ধৰিলেও আধা লাখ ডাকাট মোৰ ক্ষতি হোৱা দেখি সি কত আনন্দ কৰিছে; লাভ দেখি কত উপহাস কৰিছে! আমাৰ সমগ্ৰ জাতিক সি ঘৃণাৰ চকুৰে দেখে, মোৰ বন্ধুসকলক সি মোৰ পৰা বিচ্ছেদ কৰিছে! শত্ৰুক সি মোৰ বিপক্ষে সহায় কৰে। মোৰ সি কত লোকচান কত অপমান কৰিছে! কিয়? কাৰণ কি? কিহৰ বাবে সি এনে কৰে?—মই ইহুদী সেই গুণে? ইহুদীৰ চকু নাই নে? ইহুদীৰ হাত, অংগপ্ৰত্যংগ, চেনেহ, মমতা, দয়া, ধৰম, আকাৰ-প্ৰকাৰ আনৰ দৰে নাই নে? তোমালোকে যি বস্তু খোৱা, আমিও সেই বস্তু খাওঁ। যি অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা তোমালোকৰ গাত আঘাত লাগে, আমাৰ গাতো সেই অস্ত্ৰ-শস্ত্ৰ লাগিলে আমি দুখ পাওঁ। তোমালোকক এই পৃথিৱীত যি ৰোগে আক্ৰমণ কৰে আমাকো সেই একে ৰোগেই আক্ৰমণ কৰে, আকৌ একে উপায়েৰেই আমাৰ সেই ৰোগ ভাল হয়। তোমালোকে যি উপায়েৰে ৰোগৰ প্ৰতিকাৰ কৰা, আমিও সেই উপায়েৰে কৰোঁ। খ্ৰীষ্টানসকলৰ যেনেকৈ জহ কালি জহ লাগে, জাৰ কালি জাৰ লাগে, আমাৰো সেই দৰে জহত জহ, জাৰত জাৰ লাগে। তোমালোকে আমাক খুচিলে আমাৰ তেজ নোলায় নে? আমাক ভাকুটকুটুৱা যদি আমি নেহাঁহো নে? আমাক যদি বিহ খুউৱা আমি নমৰোঁ নে? আৰু তোমালোকে যদি আমাক অন্যায় কৰা, আমি প্ৰতিশোধ নল'ম নে? আন আন সকলো কথাত যদি তোমালোক আৰু আমি একে, এই কথাতো আমি তোমালোকৰ দৰে। যদি ইহুদী এজনে খ্ৰীষ্টান এটাক কোনো অন্যায় কৰে, তাৰ শাস্তি কি? প্ৰতিশোধ নহয় নে? আৰু খ্ৰীষ্টান এটাই যদি আমাৰ ইহুদী এজনক অন্যায় ব্যৱহাৰ কৰে, তোমালোকৰে আৰ্হি লৈ আমি তাৰ প্ৰতিশোধ লোৱা উচিত নহয় নে? অৱশ্যে প্ৰতিশোধ লোৱাই তাৰ শাস্তি। তোমালোকৰ পৰা যি শিকিছোঁ, আমি তাকে [ ১৭ ] কৰিম। সেই শিক্ষাৰ ফলে মোৰ প্ৰতিশোধৰ জোখ অলপ নবঢ়াই যদিহে ভাল।

 “খত, খত, খত, তাক তাৰ খতৰ মতে কাম কৰিবলৈ কবা। দেউলীয়া এটা, তাৰ ইমান ফুটনি, সি মোক সুত-খোৱা বুলি ঘিণায়! ভিকহু হৈ সি কেনে ফিটফাট হৈ ৰিয়াণ্টোলৈ আহিছিল। ভিকহু, দেউলীয়া, তাৰ ইমান গপ্! খত, খত, খতৰ কথা মতে সি যেন চলে।“

 এই খিনিতে টিউবাল নামে আৰু এটি ইহুদীৰ লগত দেখা হোৱাত শ্বাইলকক এৰি এণ্টোনিওৰ ঘৰলৈ চালানিও আৰু চালাৰিনো গ’ল।

 এই টিউবালক শ্বাইলকে জেচীকাক বিচাৰি পঠাইছিল। আৰু ইয়াৰ মুখে জেচীকাৰ পলোৱাৰ বিৱৰণ আৰু তাই হীৰাৰ আঙঠি এটি বেচি ৰূপ লোৱাৰ কথা শুনি শোক, আৰু এণ্টোনিওৰ মহা বিপদৰ কথা শুনি আনন্দ একেলগে শ্বাইলকে কৰিবলৈ ধৰিলে।

 তিনি মাহ উকলি যোৱাত শ্বাইলকে ভেনিচৰ ডিউকৰ কচাৰিত এণ্টোনিওৰ নামে গোচৰ কৰালে। গোচৰ কৰাৰ আগেয়েই এণ্টোনিওক শ্বাইলকে বন্দী কৰালে। এণ্টোনিওৰ বন্ধু-বান্ধৱৰ কাকুতি মিনতি সি নুশুনিলে।

 এণ্টোনিওৱে এবাৰ বেচানিওক শেহ দেখা দেখিবৰ ইচ্ছুক হৈ চিঠি লেখিলে—আৰু এই চিঠি পোৰ্শ্বিয়া বেচানিও আৰু নেৰীচা গ্ৰেটিয়ানোৰ মিলন হৈ যোৱাৰ অলপ পাছতে বেচানিৱে পালে। এই চিঠি চালানিৱে লৈ যায়। লৰেঞ্জো আৰু জেচীকাও তেওঁৰ লগত গৈছিল। তেতিয়াই পোৰ্শ্বিয়াই বেচানিওক ক’লে, "তোমাৰ তেওঁ ইমান উপকাৰী বন্ধু, তেওঁৰ বাবে তিনি হেজাৰ ডাকাট কিয়, ছহেজাৰ ডাকাট দিম। ইয়াৰ দুগুণ দিম, তিনি গুণ দিম, তথাপি এনেজন বন্ধুৰ চুলিৰ আগ এডোখৰো নষ্ট হ’ব নিদিওঁ। তোমাৰ দোষৰ বাবে এনে এজন বন্ধুৱে [ ১৮ ] যে চুলিৰ আগ এডোখৰ হেৰুৱাব, সি কেতিয়াও নহয়। আমাৰ বিয়া হৈ যাওক, তুমি তাৰ পিছতে ভেনিচলৈ যাবা। এই ধাৰৰ কুৰিগুণ দিবৰ বাবে তোমাক টকা দিম। ধাৰ শুজাৰ পাছত তোমাৰ বন্ধুক লগত লৈ আহিবা। মই আৰু নেৰীচা তোমালোকৰ বাবে বাট চাই থাকিম। এণ্টোনিৱে কি লেখিছে পঢ়াঁচোন।”

 বেচানিৱে চিঠি পঢ়ি শুনালে। চিঠিত এই আছিল,—“মৰমৰ বেচানিও, মোৰ এটাইকেখন জাহাজ নষ্ট হ’ল। ধৰুৱাবোৰে নেৰানেপেৰা হৈ পৰিছে। সম্পত্তিৰ অৱস্থা একেবাৰে বেয়া। ইহুদীৰ খতৰ সময় উকলিছে। এই ধাৰ শুজুতে প্ৰাণ হেৰুৱাম, ই নিশ্চয়। মোৰ মৃত্যুৰ আগেয়ে এবাৰ তোমাক যদি দেখা পাওঁ, আমাৰ দুইৰো টকা কৰিৰ হিচাব মিটিব। তুমি যদি মৰম কৰি নাহা, তেন্তে এই চিঠি লেখাৰ বাবে যেন তুমি নাহা। মোলৈ তোমাৰ মৰমে যদি তোমাক মোৰ ওচৰলৈ নানে, চিঠিয়ে যেন নানে চাবা।”

 বিয়া হৈ যোৱাৰ পাছত চালানিওৰে সৈতে গ্ৰেটিয়ানোক লৈ বেচানিও ভেনিচলৈ গ’ল। পোৰ্শ্বিয়া আৰু নেৰীচা বেলমণ্টতে থাকিল। লৰেঞ্জো, জেচীকাহঁতে তাতে থাকিল। পোৰ্শ্বিয়াই এই দুজনক আশ্ৰয় দিছিল। জেচীকাৰপৰা পোৰ্শ্বিয়াই, শ্বাইলকে এদিন যে কৈছিল— খ্ৰীষ্টান এণ্টোনিওৰপৰা টকা নাপালে সি এণ্টোনিওৰ মঙহ কাটিহে এৰিব, এই কথা শুনি বৰ ভাৱনাত পৰিল। তেওঁ তেওঁৰ সম্পৰ্কীয় আইনজ্ঞ পণ্ডিত বেলাৰিওৰ ওচৰলৈ তেওঁৰ বিশ্বাসী ভৃত্য বাল্‌থাজাৰক এখন চিঠি দি পঠিয়ালে আৰু বাল্‌থাজাৰে ভেনিচলৈ লৈ যোৱা নাৱৰ ঘাটৰ ওচৰত উত্তৰ লৈ আহি বাট চাই থাকিবলৈ তাক আজ্ঞা কৰিলে।

⸻:o:⸻