সমললৈ যাওক

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/ভেটি গঢ়োতাৰ ভূমিকাত

ৱিকিউৎসৰ পৰা
[ ২১ ]

চাৰি
ভেটি গঢ়োতাৰ ভূমিকাত


 এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা B. Ed. ডিগ্ৰী লৈ ইন্দিৰা মিৰি ১৯৪৭ চনত অসমলৈ উভতি আহে। সেই বছৰৰে ১৫ আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰে। বিদেশৰ পৰা অহাৰ পিছত তেওঁ বহি থাকিব লগীয়া নহ’ল। লগে লগে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইন্দিৰা মিৰিক নেফাৰ শীৰ্ষ শিক্ষা-বিষয়া পদত নিযুক্তি দিয়া হয়। যি সময়ত অসমত কোনো বিষয়া পৰ্য্যায়ৰ মহিলা চাকৰিয়াল নাছিল বুলিলেও ভুল কৰা নহয় সেই সময়তে তেনে এক গুৰুত্বপূৰ্ণ পদবী লাভ কৰি তেওঁ এহাতে যিদৰে গৌৰৱ অনুভৱ কৰিছিল আনহাতে সেই দায়িত্ব সুচাৰু ৰূপে পালন কৰিব পাৰিবনে নোৱাৰে সেই কথা লৈ বাৰুকৈয়ে চিন্তান্বিত হৈছিল। কিন্তু সততে পাই অহা দৰে দেউতাকৰ উৎসাহ-উদগনিয়ে তেওঁৰ অন্তৰত সাহস আৰু আত্মবিশ্বাস জগাই তুলিলে। বৰ ল’ৰা উৎপলক লগতে ৰাখি শদিয়া হাইস্কুলত নাম লগাই দিয়াৰ সিদ্ধান্ত লৈ বাকী দুটিৰ দায়িত্ব পূৰ্ব্বৰ দৰে মৰমৰ ভনীয়েক পঙ্কজক গতাই দি ইন্দিৰা মিৰিয়ে নেফাৰ চাকৰিত যোগদান কৰেগৈ।
 অসমৰ উত্তৰ-পূৱ সীমান্ত আৱৰি থকা, সেইকালত উত্তৰ-পূৱ সীমান্ত ভূ-ভাগ (North East Frontier Agency), চমুকৈ NEFA নামেৰে জনাজাত প্ৰায় ত্ৰিশ হেজাৰ বৰ্গমাইলৰো অধিক মাটি কালিৰ অঞ্চলটো সেই সময়ত অসমৰে অংগ ৰাজ্য আছিল। নেফাৰ সৈতে অসম আৰু অসমীয়াৰ সম্পৰ্ক অতি পুৰণি। অকা, ডফলা, মিছিমি, নগা আদি পৰ্ব্বতীয়া জাতিসমূহৰ সৈতে অসমীয়াৰ মৰম-চেনেহ আৰু দিয়া-নিয়াৰ সম্পৰ্ক মনত নপৰা দিনৰে পৰা চলি আহিছে। নেফাত অলেখ জাতি-উপজাতি, অলেখ দোৱান। ইজনে সিজনৰ দোৱান বুজি নোপোৱা পৰিস্থিতিত নেফাৰ অধিবাসীসকলে অসমীয়া ভাষাকে পাৰস্পৰিক ভাৱ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। একাংশ পাহাৰীয়া জনজাতিয়ে শ্ৰীমন্ত শংকৰকে গুৰু মানি মহাপুৰুষীয়া ধৰ্ম্ম গ্ৰহণ কৰাৰো নজিৰ আছে।
 নেফাৰ ভূমিভাগ অসমান, ওখোৰা মোখোৰা; বৰষুণ বেছি, বাট পথ দুৰ্গম। বাৰিষা ৰাস্তা-ঘাট বোকাময়, পিছল হয়। নানা বিধ বিষাক্ত সৰীসৃপ, বিশেষকৈ জোক আৰু ডাম্‌ডিম্‌ নামে এবিধ মহ জাতীয় পোকৰ বৰ উপদ্ৰৱ। কুৰি শতিকাৰ চল্লিশ পঞ্চাশৰ দশকলৈকে নেফা অঞ্চল অটব্য অৰণ্যৰে ভৰা আছিল। পাহাৰ ও অৰণ্যৰ মাজে মাজে অ’ত ত’ত [ ২২ ] সেৰেঙা জনবসতি। নেফাৰ মানুহে তেতিয়ালৈ শিক্ষা-দীক্ষা নেলাগে, সভ্যতাৰ পোহৰেই ভালকৈ পোৱা নাছিল। বহুতে লজ্জা নিবাৰণৰ আৱশ্যকতাও তেতিয়ালৈকে অনুভৱ কৰা নাছিল। একেবাবে অজ্ঞ, হিংস্ৰ পাহাৰীয়া জাতিবোৰৰ মাজত সেইকালত মানুহৰ মূৰ কটা (Head hunting) অতি সাধাৰণ কথা আছিল। তেওঁলোকৰ কিছুসংখ্যকে ককালত কাপোৰ নেৰাখিলেও ককালৰ পৰা এখন বা দুয়োফালে দুখন দা ওলোমাই লৈ ফুৰিছিল। অকা, ডফলা, নগা, আবৰ, মিচিমি, চিংফৌ, খাটি, মন্‌পা, চাৰদুক্‌পেন আদি বিভিন্ন জনজাতিৰ বাসস্থান এই নেফা অঞ্চল। ইংৰাজৰ শাসনাধীন হোৱাৰ পিছত বিদেশী শাসক সকলে অঞ্চলটোত জৰীপ কাৰ্য্য চলাইছিল; জিলাৰ সদৰ আৰু প্ৰধান ঠাইবোৰলৈ যাতায়তৰ সুচলাৰ্থে কিছু ৰাস্তা-ঘাট নিৰ্ম্মাণ কৰিছিল; আবৰ পাহাৰৰ পাছীঘাট, মিছিমি পাহাৰৰ দেনিং আদি ঠাইত ডাক-বঙলা সজাইছিল। কিন্তু তেওঁলোকে সেই দুৰ্গম অঞ্চলত নিকপকপীয়া শাসন ব্যৱস্থা প্ৰৱৰ্ত্তন কৰিব পৰা নাছিল; স্থানীয় মুখিয়াল লোকসকলক ভাৰ-ভেটীৰে সন্তুষ্ট কৰি তেওঁলোকৰ সহায়তে নাম মাত্ৰ শাসন ব্যৱস্থা বৰ্ত্তাই ৰাখিছিল। দেশৰ শাসনভাৰ জাতীয় চৰকাৰৰ হাতলৈ অহাৰ পিছত নেফা অঞ্চল ভাৰত চৰকাৰৰ বহিঃ পৰিক্ৰমা দপ্তৰৰ অধীনত ৰখা হৈছিল, কিয়নো ভাষা, সংস্কৃতি, সামাজিক পৰিবেশ সকলো ক্ষেত্ৰতে দেশৰ বাকী অঞ্চলতকৈ সম্পূৰ্ণ বেলেগ সেই জনজাতীয় অঞ্চলসমূহত ভাৰতীয় প্ৰশাসন ব্যৱস্থাত প্ৰযোজ্য নিয়ম-নীতি, আইন-কানুন থিতাতে প্ৰয়োগ কৰাটো উচিত নহব বুলিয়েই কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিছিল। নেফা সম্পৰ্কে ভাৰত চৰকাৰৰ নীতি নিৰ্দ্ধাৰণ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। পোনতে, ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে অসমৰ ৰাজ্যপালেই শ্বিলঙত কাৰ্য্যালয় পাতি নেফাৰ শাসনৰ দায়িত্ব বহন কৰিছিল। ৰাজ্যপালৰ এজন উপদেষ্টাৰ অধীনত আইন উপদেষ্টা, অৰ্থনৈতিক উপদেষ্টা, জনজাতি বিষয়ক উপদেষ্টা আৰু স্বাস্থ্য, কৃষি, শিক্ষা, অভিযান্ত্ৰিক, বন আদি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলে নিজ নিজ ক্ষেত্ৰত শাসন কাৰ্য্য পৰিচালনা কৰিছিল। গতিকে সেই বিষয়া সকলৰ হাতত অপৰ্য্যাপ্ত ক্ষমতা আছিল।
 পোনতে নেফা অঞ্চল বালিপাৰা সীমান্ত ভূভাগ আৰু শদিয়া সীমান্ত ভূভাগ— এই দুই খণ্ডত বিভক্ত আছিল। ১৯৪২ চনত শদিয়া সীমান্ত অঞ্চলৰ পৰা একাংশ ফালি নি টিৰাপ সীমান্ত ভূভাগ গঠন কৰা হয়। পিছলৈ বালিপাৰা অঞ্চলো দুভাগ হয়। ১৯৪৮ চনৰ পৰা শদিয়া অঞ্চলৰ বাকী অংশ আবৰ পাহাৰ আৰু মিচিমি পাহাৰ নামে জনাজাত হয়। অৱশেষত শাসনৰ সুবিধাৰ্থে ১৯৫৪ চনত সমগ্ৰ নেফা অঞ্চলক নতুনকৈ কামেং, সোৱনশিৰি, ছিয়াং, লোহিত, টিৰাপ আৰু টুৱেনচাং – এই ছখন জিলাত বিভক্ত কৰা হয়। প্ৰতিখন জিলাৰ শাসনৰ মূল দায়িত্ব একোজন পলিটিকেল অফিচাৰৰ হাতত। নগা বসতি [ ২৩ ] প্ৰধান টুৱেনচাং জিলা পিছত নগালেণ্ডৰ অন্তৰ্ভুক্ত হয়। ১৯৭২ চনৰ জানুৱাৰী মাহৰ পৰা নেফা অঞ্চল অৰুণাচল প্ৰদেশ নামেৰে ’ইউনিয়ন টেৰিটৰি’ ৰূপে পৰিগণিত হয়। ১৯৭৮ চনত ইয়াক পূৰ্ণ পৰ্য্যায়ৰ ৰাজ্যৰূপে ঘোষণা কৰা হয়। শেহতীয়াকৈ অৰুণাচল প্ৰদেশত কেইবাখনো নতুন জিলা গঠিত হৈছে৷

 স্বাধীনতা লাভৰ পঞ্চাশ বছৰৰ পিছৰ আজিৰ অৰুণাচল প্ৰদেশ আৰু ইন্দিৰা মিৰি চাকৰিত সোমোৱা দিনৰ নেফাৰ মাজত যেন বহু যুগৰ ব্যৱধান। তেতিয়াৰ দিনৰ, শিক্ষা কি বস্তু বুজি নোপোৱা সম্পূৰ্ণ অজ্ঞ, অৰ্দ্ধ উলংগ জনজাতীয় এচাম মানুহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ সপোন বুকুত বান্ধি ইন্দিৰা মিৰিয়ে ১৯৪৭ চনৰ পহিলা ছেপ্তেম্বৰত আৰম্ভ হোৱা নেফাৰ শিক্ষা-বিভাগৰ জন্ম লগ্নতে তাত শীৰ্ষ শিক্ষা-বিষয়া ৰূপে যোগদান কৰেগৈ।

 নেফাত ভাৰত চৰকাৰৰ আদিবাসী সম্পৰ্কীয় উপদেষ্টা ৰূপে বহুকাল কাৰ্য্য নিৰ্ব্বাহ কৰা প্ৰসিদ্ধ নৃতত্ত্ববিদ ডঃ ভেৰিয়াৰ এলউইনৰ মতে “নেফাৰ জনজাতীয় সকলৰ মাজত শিক্ষা বিস্তাৰ কৰিবলৈ যোৱাটো অকল কষ্ট সাধ্যই নহয় বিপদজনকো।” এইগৰাকী পশ্চিমীয়া নৃতত্ত্ববিদে নেফাৰ চুকে কোণে সুদীৰ্ঘ কাল ঘূৰি পকি জনগোষ্ঠীসমূহৰ সমাজ-সংস্কৃতি, ৰীতি-নীতি, আইন-কানুন আদি বিভিন্ন বিষয়ত অধ্যয়ন চলাই নিজ অভিজ্ঞতা গ্ৰন্থাকাৰে লিপিবদ্ধ কৰি গৈছে। নেফা সংক্ৰান্তত তেওঁৰ সংগৃহীত তথ্য আৰু পৰামৰ্শাৱলী নেহৰু চৰকাৰৰ দ্বাৰা বিশেষ ভাৱে সমাদৃত হৈছিল। ১৯৫৭ চনত প্ৰকাশিত এলউইন চাহাবৰ Philosophy for NEFA নামৰ মূল্যবান গ্ৰন্থখনে ভাৰত চৰকাৰৰ নেফা সম্পৰ্কীয় নীতি নিৰ্দ্ধাৰণত যথেষ্ট প্ৰভাৱ পেলাইছিল। নেফাত শিক্ষাৰ প্ৰচাৰ সম্পৰ্কে তেওঁ কিছু বহুমূলীয়া পৰামৰ্শ আগবঢ়াইছিল। তেওঁ কৈছিল যে নেফাৰ শিক্ষা ব্যৱস্থাত সাধাৰণ বুদ্ধিৰ শিকাৰৰ স্বাৰ্থত শৈক্ষিক বিষয়ৰ লগতে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় অভাৱ পূৰাব পৰাকৈ খেতি-বাতিকে ধৰি বিভিন্ন হস্তশিল্প স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হব লাগে। শিক্ষাৰ মাধ্যম সম্পৰ্কে এলউইনে পৰামৰ্শ দিছিল যে যথা সম্ভৱ শীঘ্ৰে জনজাতীয় দোৱান শিক্ষাৰ মাধ্যম ৰূপে গ্ৰহণ কৰিব লাগে। মন কৰিবলগীয়া কথা যে এলউইন নেফাত নিযুক্ত হোৱাৰ বহু দিন আগতে ১৯৪৭ চনতে ইন্দিৰা মিৰিৰ আমোলত প্ৰবৰ্ত্তিত নেফাৰ শিক্ষা-নীতিত উপৰোক্ত দুয়োটা কথাতে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। জনজাতীয় সকলৰ কৃষ্টি ওপৰম্পৰা ৰক্ষা কৰাৰ দিশত ডঃ এলউইনে বিশেষ ৰক্ষণশীল মনোভাৱৰ পৰিচয় দিছিল। তেওঁৰ কথাতে সুৰ মিলাই পণ্ডিত নেহৰুৱেও সতৰ্ক বাণী শুনাইছিল “জনজাতিসকলক যেন আমাৰ দ্বিতীয়সংস্কৰণ ৰূপে গঢ়ি তুলিবলৈ চেষ্টা চলোৱা নহয়।”

 ১৯৪৭ চনত যেতিয়া ইন্দিৰা মিৰি শিক্ষা-বিষয়া ৰূপে নেফাত উপস্থিত হৈছিল তেতিয়া তাত শিক্ষানুষ্ঠান বুলিবলৈ মাথোন তিনিখন প্ৰাথমিক বিদ্যালয় আছিল, এখন [ ২৪ ] পাছীঘাটত, এখন শদিয়াত আৰু ৩ য় খন মেকাত। পাছীঘাটৰ স্কুলখন টানমুদ মৰাং নামৰ এজন মিৰিলোকে চলাইছিল। শদিয়াৰ খনৰ দায়িত্বত আছিল খ্ৰীষ্টিয়ান মিছনেৰী; চিলিণ্ডাৰ চাহাব নামে খ্যাত এজন ইউৰোপীয়ৰ তত্ত্বাবধানত সেইখন চলিছিল। মেকাৰ স্কুলখনৰ শিক্ষক আছিল ডুগিয়ন লেগো নামে এজন আবৰ লোক। তিনিওখনৰে মাধ্যম অসমীয়া আছিল। তিনিওখনতে অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমেই চলিছিল। পৰীক্ষা-পাতিও অসমৰ শিক্ষা বিভাগৰ নীতি নিয়ম অনুসৰি চলোৱা হৈছিল। প্ৰাথমিক বিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰসকলে আহি শদিয়াৰ চৰকাৰী হাইস্কুলত নাম লগাই অসমীয়া মাধ্যমেৰেই শিক্ষা গ্ৰহণ কৰিছিল। সেই সময়ত শদিয়া হাইস্কুলৰ শিক্ষাৰ মান যথেষ্ট উন্নত আছিল। স্কুলৰ শিক্ষা দানৰ দায়িত্বত আছিল তেজপুৰৰ গোপী মেধী, যোৰহাটৰ মদন বৰদলৈ, গোপাল বৰদলৈ, নৰেন বৰদলৈ, বিদ্যা শৰ্ম্মা প্ৰমুখ্যে নিষ্ঠাবান শিক্ষকসকল।
 সহকাৰী শিক্ষা-বিষয়া মেলিন চাইমনৰ সৈতে শ্বিলঙৰ পৰা যাত্ৰা কৰি ভৰা ব্ৰহ্মপুত্ৰ মাৰ নাৱেৰে পাৰ হৈ ইন্দিৰা মিৰি নেফাত উপস্থিত হয়; তাত কেইদিন মান ঘূৰি পকি পৰিবেশ আৰু পৰিস্থিতি অধ্যয়নৰ অন্তত তেওঁ পলিটিকেল অফিচাৰ্ব্বয় পি. এল. জেম্‌ছ্ আৰু ইমদাদ আলীৰ সৈতে আলোচনা কৰি ৰাজ্যপালৰ উপদেষ্টা ৱাকাৰ চাহাবলৈ এক লিখিত প্ৰতিবেদন পঠিয়ালে, তাৰ লগতে ভবিষ্যৎ কাৰ্য্যপন্থাৰ আঁচনি এখনো গাথি দিলে। তেওঁ জনালে যে জনজাতিৰ ল’ৰা-ছোৱালীৰ শিক্ষা-ব্যৱস্থা ফলপ্ৰসূ কৰিবলৈ হ'লে পোনতে সিহঁতক ভালদৰে জানি বুজি লব লাগিব। জনজাতীয় সকলৰ আচাৰ-আচৰণ, আশা-আকাঙ্খা, অভাৱ-অভিযোগ ভালদৰে বুজি পাবলৈ হ'লে শিক্ষা-বিষয়া তেওঁলোকৰ মাজত বা নিচেই কাষতে থাকিব লাগিব। অসম আৰু নেফাৰ সীমাৰেখাত অৱস্থিত শদিয়ালৈ যিহেতুকে জনজাতীয় লোকৰ অতি সঘন অহাযোৱা গতিকে শিক্ষা-বিষয়া হিচাপে তেওঁ শদিয়াতে থাকিব খোজে। দ্বিতীয়তে, যিহেতু জনজাতীয় ল’ৰা ছোৱালীক শিক্ষা দিব পৰা তেওঁলোকৰ নিজ জনগোষ্ঠিৰ কোনো লোক তেতিয়ালৈকে ওলোৱা নাই সেয়ে অসমীয়া বা অন্ততঃ অসমীয়া জনা মানুহকহে পোনতে শিক্ষক হিচাবে নিযুক্ত দিব লাগিব, কাৰণ তেওঁৰ তালৈ গৈ অভিজ্ঞতা হৈছিল যে পৰ্ব্বতীয়া জাতিয়ে নিজৰ নিজৰ দোৱানৰ বাহিৰে বুজি পোৱা একমাত্ৰ ভাষা আছিল অসমীয়া। তদুপৰি উপযুক্ত প্ৰশিক্ষণ অবিহনে ভৈয়ামৰ অজনজাতীয় লোকে থলুৱা জনজাতীয়সকলক শিক্ষা দিয়াটো সম্ভৱপৰ কথা নহব। গতিকে শদিয়াত পোনতে এটি শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি তুলিব লাগিব। সেই অনুষ্ঠান শদিয়াতে পতাৰ যুক্তিযুক্ততা দেখুৱাই তেওঁ কৈছিল যে শদিয়াৰ পৰা যে অকল আবৰ আৰু মিচিমি পাহাৰেই ওচৰ হব এনে নহয়, ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ ভাল ব্যৱস্থা হলে টিৰাপ, সোৱনশিৰি, বালিপাৰা আদি অঞ্চললৈকো সহজে যাব পৰা হব। সুখৰ কথা, চৰকাৰে শিক্ষা-বিষয়া গৰাকীৰ সেই [ ২৫ ] আটাইকেইটা পৰামৰ্শ মানি লৈছিল।
 শিক্ষাৰ আঁচনি সম্পৰ্কে প্ৰতিবেদনত কোৱা হৈছিল যে— (১) শিক্ষাৰ মূল লক্ষ্য হব লাগিব জীৱন আৰু জীৱিকা। আৰ্থ-সামাজিক দিশত অতি পিছ পৰা জনজাতীয় সমাজখনৰ প্ৰথম সমস্যা হ’ল জীয়াই থকা। গতিকে যি শিক্ষাই তেওঁলোকক সুস্থ জীৱিকাৰ দ্বাৰা ভালদৰে জীয়াই থকাৰ অৱলম্বন দিয়ে সেয়াহে তেওঁলোকৰ বাবে উপযুক্ত শিক্ষা হব। (২) তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ শিশুৰ সম্পূৰ্ণ শিক্ষা হব লাগিব অৰ্থাৎ পাঠ্যপুথি আয়ত্ব কৰোৱাতে ক্ষান্ত নেথাকি শিশুৰ দেহ, মন, আত্মাৰ সামগ্ৰিক উন্নতি আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। (৩) অকল শিশু কেইটিক নহয়, সমগ্ৰ জনজাতীয় সমাজখনকে শিক্ষা সচেতন কৰি তুলিব নোৱাৰিলে শিক্ষাৰ উদ্দেশ্য সফল নহব। কাৰণ স্কুলত শিকি অহা ভাল কথাবোৰ ঘৰ আৰু সমাজৰ প্ৰতিকূল পৰিবেশে সিহঁতৰ মনত স্থায়ী হবলৈ নিদিব। গতিকে ল’ৰা ছোৱালীৰ শিক্ষাৰ লগে লগে সমাজখনকো শিক্ষিত কৰিবলৈ চেষ্টা চলাব লাগিব।
 এনেবোৰ মহান লক্ষ্য সমুখত ৰাখিয়েই ইন্দিৰা মিৰি আৰু তেওঁৰ তলতীয়া শিক্ষা-বিষয়াসকলে নেফাত শিক্ষা বিস্তাৰৰ প্ৰস্তুতি চলালে। ইন্দিৰা মিৰিৰ তত্ত্বাৱধানত ১৯৪৮ চনত শদিয়াত এটি শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানৰ শুভাৰম্ভ হয়। শদিয়াতে শিক্ষা-বিভাগৰ মূল কাৰ্য্যালয়ো স্থাপিত হ’ল। লুইতৰ পাৰত আহল বহল খোলা পথাৰত বাঁহ বেতেৰে ধুনীয়াকৈ শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানৰ (T.T.I) ঘৰবোৰ নিৰ্ম্মিত হ'ল। ইন্দিৰা মিৰিৰ অধীনত এজন অধ্যাপক, এগৰাকী হস্ত-শিল্প প্ৰশিক্ষিকা আৰু চাৰিজন শিল্প-শিক্ষকক লৈ অনুষ্ঠানটিত প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰশিক্ষণ কাৰ্য্যসূচীত খেতিৰ কাম, বোৱা-কটা, উল গোথা, বাঁহ-বেতৰ কাম, বাঢ়ৈৰ কাম, কাগজ তৈয়াৰ আদি হস্ত-বিদ্যাৰ লগতে, ভাষা-শিক্ষা, মনোবিজ্ঞান, শিক্ষা-তত্ত্ব আৰু জনজাতিৰ সেৱা সম্পৰ্কেও শিক্ষা দি এচামক নেফাৰ ছাত্ৰৰ উপযুক্ত শিক্ষক হিচাপে গঢ় দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছিল৷ পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ, মাজতে এঘন্টাৰ আহাৰ-বিৰতিৰে প্ৰশিক্ষণ-কেন্দ্ৰৰ দৈনন্দিন কাৰ্য্যক্ৰম চলিছিল। বন্ধৰ দিনতো সমূহীয়া ভাৱে খৰি লুৰা, মাছ মৰা, গীত নাটৰ আখৰা, সভা সমিতি পতাৰ দৰে কামবোৰ চলিছিল প্ৰশিক্ষাৰ্থীসকলক জনজাতিৰ সেৱাৰ মন্ত্ৰেৰে উদ্বুদ্ধ কৰি তোলাই আছিল প্ৰশিক্ষণৰ মূল উদ্দেশ্য। সেই উদ্দেশ্য আগত ৰাখি প্ৰতিজন শিক্ষক আৰু প্ৰশিক্ষাৰ্থীয়ে শীৰ্ষ শিক্ষা-বিষয়াগৰাকীৰ সৈতে সহযোগৰ মনোভাৱেৰে পাৰস্পৰিক মৰম-চেনেহ বুজাবুজিৰে এটি পৰিয়াল যেন হৈ নিজ নিজ কাম কৰি গৈছিল। সেই অনুষ্ঠানৰে এগৰাকী কৃতবিদ্য অধ্যাপক স্বৰ্গীয় মুক্তিনাথ বৰদলৈদেৱে ১৯৬৮ চনত অসম বাতৰি কাকতৰ ‘পৰ্ব্বতে পাষণ্ডে’ শিতানত ‘অথাতো নেফা জিজ্ঞাসা' শীৰ্ষক এলানি প্ৰৱন্ধ লিখিছিল। [ ২৬ ] সেই মূল্যবান প্ৰৱন্ধকেইটিয়ে বিগত শতিকাৰ চতুৰ্থ দশকত নেফাত প্ৰৱৰ্ত্তিত শিক্ষা পদ্ধতিৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰিছে। তেনে এটি প্ৰৱন্ধৰে এঠাইত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত ইন্দিৰা মিৰিৰ ভূমিকা সম্পৰ্কে তেওঁ এইদৰে লিখিছে, “গুৰিয়াল গৰাকীৰ নিস্বাৰ্থ সেৱা, ত্যাগ, গভীৰ সহানুভূতিৰ আদৰ্শই প্ৰশিক্ষাৰ্থী সকলক এনেভাৱে অনুপ্ৰাণিত কৰিছিল যে সকলোৱে কায়মনোবাক্যে নিজকে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। --- এমুঠি ধুলি লৈ চেনেহৰ প্ৰেৰণাৰে সোণ-ৰেণু কৰাৰ যাদু জনা এই গৰাকী মহিলাৰ সাহচৰ্য্যত মোৰ হে ঘাইকৈ প্ৰশিক্ষণ হ’ল। মোৰ দৰে আন সহকৰ্ম্মী আৰু শিক্ষকো তেওঁৰ আদৰ্শৰ প্ৰেৰণাত আগবাঢ়িবলৈ ধৰিলে। আমি আটায়ে বিশ্বাস আৰু সাহসেৰে নেফাৰ সেৱা কৰিবলৈ যে সাজু হব পাৰিলো তাৰ মূলতে আছিল তেওঁৰ বিৰাট মানবীয় হৃদয়বত্তা আৰু ত্যাগৰ আদৰ্শ। আজি এই নেত্ৰীগৰাকীৰ কথা ভাবিলে তেওঁ খুঁত দোষবোৰ মনত নপৰে, মাথোন কবৰ মন যায় - তুমি যেন শ্বেত সাগৰৰ ঘাটে নামি শুচি স্নান কৰা শ্বেতব্ৰতা কল্যাণী।” নেফাৰ শিক্ষা বিভাগত উনৈশ বছৰ কাল যোগ্যতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা স্বৰ্গীয় মুক্তিনাথ বৰদলৈ নেফাত ইন্দিৰা মিৰিৰ সোঁহাত স্বৰূপ আছিল। পোনতে টি টি আইৰ অধ্যাপক ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰা বৰদলৈদেৱ পিছলৈ সহকাৰী শিক্ষা-বিষয়া হৈছিল আৰু তেওঁক পাঠ্যপুথি উৎপাদন বিভাগৰ দায়িত্ব দিয়া হৈছিল। অসমৰ প্ৰখ্যাত সংগীতজ্ঞ স্বৰ্গীয় কীৰ্ত্তিনাথ বৰদলৈৰ সুযোগ্য পুত্ৰ মুক্তিনাথ বৰদলৈয়ে নেফাৰ উপযোগীকৈ ভালেমান গীত লিখি সুৰ দি নিজে গাইছিল আৰু আনকো গোৱাইছিল। প্ৰশিক্ষণ-কেন্দ্ৰৰ শিক্ষাৰ্থী সকলক, ভবিষ্যতে ছাত্ৰ-ছাত্ৰীক শিকাব পৰাকৈ গাবলৈ শিকোৱা গীতৰ এটি স্তৱক আছিল —

“আমি গাওঁ মিলনৰ গান
এক ভাষা, এক জাতি, এক প্ৰাণ;
ইয়াতে মিলিছে ভাই পৰ্ব্বত ভৈয়াম আহি
ইয়াতে বাজিছে ভাই সুখৰ মোহন বাঁহী
এই যে মিলন ভূমি স্বৰ্গৰ সমান
এক জাতি, এক ভাষা, এক প্ৰাণ। ”

 মুক্তি বৰদলৈয়ে টি টি আইৰ প্ৰধান অধ্যাপক ৰূপে শিক্ষা-তত্ত্ব, শিশু-মনস্তত্ত্ব, বিষয় -শিক্ষণ পদ্ধতি আৰু সংগীত শিকাইছিল। বাঁহ-বেত, কাঠ, কুমাৰ-শিল্প আদি বিষয়ৰ শিক্ষা দানৰ বাবে সেই সেই বিষয়ত অভিজ্ঞলোকক নিয়োগ কৰা হৈছিল। তাঁত-সূতৰ কাম শিকাইছিল কল্যাণী বৰুৱাই। কৃষি আৰু স্বাস্থ্য সম্পৰ্কীয় শিক্ষা শদিয়াৰ চৰকাৰী কৃষি-বিষয়া আৰু স্বাস্থ্য-বিষয়াই দিছিল। অনুশাসন আৰু শৃঙ্খলাৰ জ্ঞানৰ বাবে শৰীৰ-চৰ্চ্চাৰ [ ২৭ ] (P.T.) প্ৰশিক্ষণ দিবলৈ ‘আসাম ৰাইফল্‌চ’ৰ অভিজ্ঞ সৈনিক এজনকে দায়িত্ব দিয়া হৈছিল। জনজাতীয় দোৱান শিকোৱাৰ বাবে লোৱা হৈছিল কেইজনমান স্থানীয় জনজাতীয় লোক। কোনজন প্ৰশিক্ষাৰ্থীক শিক্ষক হিচাপে কোনটো অঞ্চললৈ পঠিওৱা হব সেই সিদ্ধান্ত আগতীয়াকৈ লৈ সেইমতে তেওঁলোকক সেই অঞ্চলৰ দোৱানৰ শিক্ষা দিয়া হৈছিল, কিয়নো জনজাতীয় শিশুক শিক্ষাদানৰ বাবে দোৱানৰ জ্ঞান অপৰিহাৰ্য্য। তদুপৰি শিক্ষক সকলে যাতে ভিতৰুৱা গাওঁ বিলাকলৈ গৈ আচহুৱা অনুভৱ নকৰে, জনজাতীয় ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ সৈতে অন্তৰৰ ভাৱ বিনিময় কৰি তেওঁলোকৰ আপোন যেন হৈ উঠিব পাৰে সেই উদ্দেশ্যে প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন অঞ্চলৰ দোৱান জনাটো আৱশ্যকীয় কথা আছিল।
 শদিয়াৰ পশ্চিমাঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত এখনি আশ্ৰমৰ দৰে গঢ় লৈ উঠা সেই শিক্ষা-সত্ৰখনে সমগ্ৰ নেফাৰ ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰিছিল। শিক্ষক প্ৰশিক্ষাৰ্থী আটায়ে মিলি মাজে সময়ে গীত-মাত নাটক আদিৰে সাংস্কৃতিক অনুষ্ঠান পাতিছিল। শদিয়া হাইস্কুলৰ শিক্ষক, ছাত্ৰ সকলেও এনে কাৰ্য্যসূচীত তেওঁলোকলৈ সহযোগিতা আগবঢ়াইছিল। মাজে সময়ে শিক্ষাবিদ্‌, জননেতা সকলক আমন্ত্ৰণ কৰি প্ৰশিক্ষাৰ্থীসকল উপকৃত হব পৰা বিষয়ৰ ওপৰত বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছিল। স্বামী ৰংগনাথানন্দ, কাকা কালেলকাৰ, ভগিনী ৰাজন প্ৰমুখ্যে সৰ্ব্ব ভাৰতীয় নেতা-নেত্ৰীসকলৰ বক্তৃতা শুনাৰ সৌভাগ্য তেওঁলোকৰ হৈছিল। এই সকলো শুভ প্ৰচেষ্টাৰ গুৰিতে আছিল ত্যাগ আৰু সেৱাৰ আদৰ্শৰে অনুপ্ৰাণিতা শিক্ষাৰ বেদীত সমৰ্পিতপ্ৰাণ শীৰ্ষ বিষয়াগৰাকীৰ মাতৃ সুলভ মৰম-চেনেহ, উছাহ-উদগনি আৰু অফুৰন্ত কৰ্ম্ম প্ৰেৰণা৷ কেন্দ্ৰৰ কোনেও তেওঁক ‘মেডাম’ নুবুলিছিল, সকলোৰে বাবে তেওঁ আছিল ‘বাইদেউ’, ‘মা’ নাইবা ‘নানে’ (আইতা)। ১৯৪৮ চনটো ঘাইকৈ তেওঁ প্ৰশিক্ষণ কেন্দ্ৰৰ তদাৰকতে কটালে।
 ১৯৪৮ চনৰ ১৫ জুলাই তাৰিখে ইন্দিৰা মিৰিৰ পিতৃ বিয়োগ ঘটে। জীৱনৰ চৰম দুৰ্যোগৰ মুহূৰ্ত্ততো বটবৃক্ষ সদৃশ যিজনাৰ ব্যক্তিত্বৰ ছাঁত তেওঁ শান্তি আৰু স্বস্তি লাভ কৰিছিল, যাৰ অবিৰত উৎসাহ-অনুপ্ৰেৰণাই খলা-বমা জীৱনৰ বাটত আগবাঢ়ি যোৱাত তেওঁক সাহস আৰু আত্মবিশ্বাস যোগাইছিল সেই গৰাকী পিতৃদেৱৰ দেহাৱসানে তেওঁৰ মনোজগতত এক প্ৰকাৰ শূণ্যতাৰ সৃষ্টি কৰিছিল। কিন্তু অতি দুখৰ কথা, পিতৃৰ মৃত্যুৰ দহ দিনৰ পিছতহে তেওঁ ঘৰলৈ উভতিব পাৰিলে। সেই সময়ত ভৰ বাৰিষা, ব্ৰহ্মপুত্ৰৰ বুকুত দোকোল-টকা বানৰ তাণ্ডৱ লীলা। নৈৰ বুকুত ইপাৰ সিপাৰ হবলৈ তেতিয়াৰ দিনত জাহাজৰ ব্যৱস্থা নাছিল, মাৰ নাৱেৰেহে পাৰ হব লাগিছিল। কিন্তু নৈৰ সোঁত প্ৰৱল হলে মাৰ নাৱঁৰ চলাচলো বন্ধ থাকে।
 ১৯৪৯ চনত শদিয়াত এখন শিক্ষা-সন্মিলন বহিছিল। সেই উপলক্ষে এখন [ ২৮ ] প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। ৰাজ্যপালৰ উপদেষ্টা এন কে ৰুস্তম্‌জীৰ সভাপতিত্বত বহা সেই সন্মিলনত পোন প্ৰথমবাৰৰ বাবে নেফাৰ ৰাইজক নেফাৰ বাবে হাতত লোৱা শিক্ষা আঁচনিৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। সেই সময়ত শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰমত নেফাত শিক্ষা বিস্তাৰৰ উদ্দেশ্যসমূহ ফঁহিয়াই দেখুওৱা হৈছিল। তাত কোৱা হৈছিল, “নেফাৰ শিক্ষা-ব্যৱস্থা নেফাৰ উপযোগী আৰু সেই অঞ্চলৰ শিশুৰ বাতাবৰণৰ সম্পূৰ্ণ অনুকূল হব লাগিব। লিখা-পঢ়া, অঙ্কৰ বাহিৰেও শিশুৰ বয়স, দক্ষতা আৰু ৰাপ অনুসৰি শিক্ষা পদ্ধতি ৰচনা কৰিব লাগিব। পাঠ্যক্ৰমত খেতিৰ কাম, জনজাতীয় কুটীৰ শিল্প, স্বাস্থ্য-বিজ্ঞান, সমাজ-শিক্ষা আৰু নৃত্য-গীতক প্ৰাধান্য দিয়া হব।” কোৱা নিষ্প্ৰয়োজন, শীৰ্ষ শিক্ষা-বিষয়া আৰু তেওঁৰ সহকাৰী বিষয়া সকলে শিক্ষা-আঁচনি অনুসৰি কাৰ্য্য ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল।


•••

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।