সমললৈ যাওক

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/পোহৰৰ অভিযান

ৱিকিউৎসৰ পৰা
[ ২৯ ]

পাঁচ
পোহৰৰ অভিযান


 ১৯৪৮ চনৰ শেষৰ পিনে শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰৰ দহজনীয়া প্ৰথম দলটোৰ প্ৰশিক্ষণ সমাপ্ত হয়। তাৰ পিছতে আৰম্ভ হ'ল পোহৰৰ অভিযান— পাহাৰত স্কুল স্থাপনৰ পৰ্ব্ব। আবৰ পাহাৰতে পোনতে স্কুল খোলা কাম আৰম্ভ হ’ল। প্ৰথম বছৰ তেওঁলোকে সাতখন স্কুল খুলিছিল। চিয়াং জিলাৰ পাছিঘাট, বালেক, মেবো আৰু আলঙত, লোহিত জিলাৰ নিজামঘাট আৰু দেনিঙত আৰু টিৰাপ জিলাৰ পৰ্ব্বতৰ নামনিত এখন স্কুল পাতি তেওঁলোকে নেফাত শিক্ষা-অভিযান আৰম্ভ কৰে। সেই ক্ষেত্ৰত ইন্দিৰা মিৰিলৈ অকুণ্ঠ সহযোগিতা আগবঢ়াইছিল সহকাৰী শিক্ষা বিষয়াসকলে। তেওঁলোক আছিল মুক্তি বৰদলৈ, ৰাম প্ৰসাদ খাউণ্ড, মেলিন চাইমন, বীৰেন চাংকাকতি, বিমান বৰা, মহেশ হাজৰিকা প্ৰমুখ্যে বিষয়া সকল। ইন্দিৰা মিৰিৰ নেতৃত্বত এওঁলোকে নানা প্ৰতিকূল পৰিস্থিতিৰ সমুখতো হতাশ নহৈ অন্ধকাৰ নেফাত শিক্ষাৰ পোহৰ বিলাবলৈ উঠি পৰি লাগিছিল। সেই ক্ষেত্ৰত নিজৰ অভিজ্ঞতা সম্পৰ্কে ইন্দিৰা মিৰিয়ে কৈছিল, “নেফাৰ চাকৰি এক অপূৰ্ব্ব অভিজ্ঞতা; দুৰ্গম পাহাৰীয়া ঠাই—হাবি-বননিৰে ভৰা। আধুনিক জগতৰ কোনো সা-সুবিধাই তাত নাই। মানুহ বিলাক জনজাতি, আধুনিকতাৰ কোনো পৰশ নোপোৱা। ৰাস্তা-পদূলি, যান- বাহন একোৱেই নাই। এনে এখন ঠাইত স্কুল খুলি জনজাতিৰ ল’ৰা ছোৱালীৰ শিক্ষা আৰম্ভ কৰা এক কঠিন কাম আছিল। জনজাতি এটা নহয়, অসংখ্য, তাৰ উপৰিও অসংখ্য উপজাতি কোনোৱে কাৰো নিজ সত্ত্বা এৰিব নোখোজে। তেওঁলোকৰ ভাষা নাই, সকলোৰে নিজা নিজা দোৱান; দোৱানক ভাষালৈ উন্নীত কৰি শিক্ষা আৰম্ভ কৰা এক সুকঠিন কাম।”
 সেই কালত নেফাৰ পাহাৰীয়া অঞ্চলবোৰত অৰণ্যৰ মাজে মাজে বিভিন্ন উচ্চতাত গাঁও পাতি জনজাতীয় লোকসকল বাস কৰিছিল। জনবসতি অতি পাতল আছিল। ৰাস্তা পদূলিৰ ব্যৱস্থা নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিতো নিৰুৎসাহ নহৈ শিক্ষা-বিষয়াসকল পদব্ৰজে, নাঁৱত, ঘোৰা বা হাতীৰ পিঠিত উঠি দিনে দহ পোন্ধৰ মাইল বাট পাহাৰ, হাবি-বননি ভাঙি নেফাৰ ভিতৰুৱা গাঁওবোৰত উপস্থিত হৈছিল। দুৰ্গম ঠাইবোৰলৈ যাওঁতে তেওঁলোকে গাম বুট পিন্ধিছিল, মানুহৰ গোন্ধ পালে গছৰ পৰা তলতলকৈ সৰি পৰা জোকৰ [ ৩০ ] ভয়ত গা মূৰ ঢাকি যাবলগীয়া হৈছিল। কেতিয়াবা দুই তিনিদিনৰ মূৰতহে তেওঁলোকে গন্তব্য স্থান পায়গৈ। পূৰ্ব্বতে শিক্ষা-বিষয়াই খবৰ দি থোৱা মতে গাঁৱৰ লোকসকল এঠাইত গোট খায়। সেই ঠাইত সভা পাতি শিক্ষাৰ আৱশ্যকতা, সুফল আদি ব্যাখ্যা কৰাব লগতে স্বাস্থ্য-নীতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খোৱা পানীৰ বিশুদ্ধতা, কানি খোৱাৰ অপকাৰিতা আদিৰ বিষয়ে বক্তৃতাৰ দ্বাৰা জনতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছিল। উল্লেখযোগ্য যে সেই কালত নেফাৰ বহুলোক, বিশেষকৈ মিচিমি আৰু খাম্‌টি লোকসকল কানিৰ প্ৰতি আসক্ত আছিল। সহজ-সৰল জনজাতীয় লোকসকলে অৱশ্যে শিক্ষা-বিষয়াসকলৰ দিহা পৰামৰ্শ প্ৰায়ে মানি লয় আৰু ৰাইজৰ পিনৰ পৰাই স্কুল ঘৰ, শিক্ষকৰ ঘৰ, ছাত্ৰ সকলৰ বাবে বাগান, খেল পথাৰ আদি পাতি দিয়াত আগভাগ লৈছিল।
 নতুনকৈ খোলা প্ৰাথমিক স্কুলসমূহত একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিয়োগ কৰা হৈছিল আৰু শিক্ষাৰ আৱশ্যকীয় সা-সঁজুলি চৰকাৰৰ তৰফৰ পৰাই যোগান ধৰা হৈছিল। ছাত্ৰ ছাত্ৰীৰ বাবে ঔষধ পাতি, ‘ফাৰ্ষ্ট এইড বক্‌স্', দাঁত ঘঁহা সজুলি, গা মোছা টাৱেল, চাবোন পৰ্যন্ত চৰকাৰেই দিছিল। ল'ৰা-ছোৱালীহঁতক পাঠ শিকোৱাতকৈ স্বাস্থ্য নীতিৰ শিক্ষা দিয়া, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঠন কৰোৱাটোহে প্ৰধান কাম হৈছিল। খেতি- বাতি আৰু অন্য হস্ত-শিল্প শিক্ষাৰ বাবে দা, কোৰ, কটাৰীকে আদি কৰি সকলো আৱশ্যকীয় সজুলি চৰকাৰেই যোগান ধৰিছিল। মুঠ কথাত, নেফাত শিক্ষা বিস্তাৰৰ নামত ভাৰত চৰকাৰে দুহাত উজাৰি ধন ঢালিছিল। শিক্ষকসকলে প্ৰশিক্ষণৰ সময়ত শিকি অহা মতে প্ৰাথমিক স্বাস্থ্য সেৱা অকল ছাত্ৰ ছাত্ৰীৰ বাবে নহয়, সমগ্ৰ গাওঁবাসীলৈকে আগবঢ়োৱা হৈছিল। সেইমতে শিক্ষক আৰু শিক্ষা-বিষয়াসকলৰ উদ্যোগত মাহেকে পষেকে গাঁৱত চাফাইৰ কাম চলিছিল। পুৱাতে প্ৰভাত ফেৰীৰে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। উদ্যোক্তা সকলে গাইছিল ⸺

 “দেশৰ কাৰণে ৰণ
আমি ৰাখিব লাগিব জননীৰ মান
 জাগা জাগা জনগণ।”


 প্ৰভাত ফেৰীৰ অন্তত হাতে হাতে কোৰ, কুঠাৰ, দা, বাঢ়নী আদি লৈ আটায়ে চাফাই কামত লাগিছিল। স্কুল চৌহদৰ উপৰিও, হাবি বন কাটি গাঁওখনো সাৰি পুছি চাফা কৰা হৈছিল, ৰাস্তা ঘাট মেৰামতিৰ কামো চলিছিল। এইবোৰ কামত শিক্ষক, ছাত্ৰ, গাঁৱৰ ৰাইজ, শিক্ষা-বিষয়া আনকি গাঁৱত থকা আন চৰকাৰী বিষয়াসকলেও আনন্দেৰে ভাগ লৈছিল। স্কুলত সন্ধিয়া বয়স্ক শিক্ষাৰ ব্যৱস্থাও কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ হতুৱাই মাজে সময়ে নৃত্য-গীতৰ আয়োজন কৰি গাওঁবাসীৰ মনোৰঞ্জনৰ দিহা কৰা হৈছিল। গাঁৱৰ [ ৩১ ] উৎসৱ-পাৰ্ব্বনতো সেই গাঁৱৰ শিক্ষকজনে সক্ৰিয় ভাৱে যোগ দিছিল, গঞা ৰাইজৰ বিপদে আপদেও তেওঁ মাতষাৰ দিছিল। ফলস্বৰূপে, ৰাইজে শিক্ষকজনকো ৰাইজৰে এজন বুলি আকোৱালি লৈছিল আৰু সেই জনৰ হাতত নিজৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব গটাই দি নিশ্চিন্ত হৈছিল। খেতিৰ বতৰ নাইবা গাঁৱৰ সুবিধালৈ লক্ষ্য ৰাখি শিক্ষাদানৰ সময়-তালিকা প্ৰস্তুত কৰা হৈছিল।
 স্কুলীয়া পাঠ্যক্ৰমত লিখা-পঢ়া, অঙ্কৰ উপৰিও স্বাস্থ্য-বিজ্ঞান, সমাজ-শিক্ষা আৰু গীত-মাত, নাচ আদি অন্তৰ্ভুক্ত কৰা হৈছিল; খেতি-বাতিৰ কাম, জনজাতীয় কুটীৰ শিল্প তথা হাতৰ কামত গুৰুত্ব দিয়া হৈছিল; কিয়নো শিক্ষাৰ দ্বাৰা কেৱল জ্ঞান লাভ হলেই নহব, সৎ, সন্মানিত জীৱন যাপনৰ বাবে ই সুস্থ জীৱিকাৰ উপায়ো দিব লাগিব, আৰ্থ-সামাজিক দিশত নিতান্তই পিছপৰা নেফাত সেইকালত জীয়াই থকাটোহে প্ৰধান সমস্যা আছিল।
 তাৰ পিছতেই আহিল শিক্ষাৰ মাধ্যমৰ সমস্যা। এই ক্ষেত্ৰত শিক্ষা বিভাগ বিশেষ জটিলতাৰ সন্মুখীন হবলগীয়া হৈছিল, কাৰণ নেফা বিভিন্ন জনজাতি, বিভিন্ন উপজাতিৰ বাসস্থান। সেইসকলৰ প্ৰায় প্ৰত্যেকৰে নিজা নিজা দোৱান আছিল। একে জাতিৰ এটা উপজাতিয়ে আন এটা উপজাতিৰ দোৱানেৰে নিজৰ ল'ৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাটো বাঞ্চা নকৰিছিল৷ জনজাতীয়সকলৰ মাজত সংযোগী ভাষা হিচাপে অতি পুৰণি কালৰে পৰা অসমীয়া ভাষাৰ প্ৰচলন আছিল। নেফাৰ জনজাতীয় সমাজত এই ভাষা কোনেও জোৰকৈ প্ৰৱৰ্ত্তন কৰা নাছিল, কিন্তু অসমৰ সৈতে অতীজৰে পৰা থকা আবেগিক সম্পৰ্কৰ উপৰিও ঘাইকৈ বানিজ্যিক লেন-দেনৰ সুচলাৰ্থে পাহাৰীয়া ভাই-ভনীসকলে নিজৰ স্বাৰ্থতে অসমীয়া ভাষাক আপোন কৰি লৈছিল। শিক্ষা দানৰ প্ৰসংগত পোনেই ভাষাৰ প্ৰশ্ন আহি পৰে। নেফাত কোনো লিখিত ভাষা নাছিল বাবে শিক্ষাৰ মাধ্যম হিচাপে পোনতে অসমীয়া ভাষাকে গ্ৰহণ কৰাত বাদে গত্যন্তৰ নাছিল। এই প্ৰসংগত শ্ৰীযুতা মিৰিয়ে কৈছে, “ক্ষিপ্ৰগতিত শিক্ষা আগবঢ়াবলৈ প্ৰথমতে অসমীয়া ভাষাকে মাধ্যম হিচাপে লৈছিলো, অৱশ্যে লগতে তেওঁলোকৰ দোৱানৰ উন্নতিৰ চেষ্টাও কৰিছিলো যাতে শিশুক শীঘ্ৰে মাতৃ ভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰি। কাৰণ মাতৃভাষা মাতৃদুগ্ধ সম, শিশুৰ সুস্থ, সবল মনোবিকাশৰ অত্যুত্তম মাধ্যম। চৰকাৰেও এই ক্ষেত্ৰত অনুমোদন দিছিল।”
 ৰঙ্চঙীয়া ছবি, সাধুকথা, গীত-মাতেৰে শিশুৰ মনোৰঞ্জন তথা শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল। শিক্ষক প্ৰশিক্ষণৰ কালছোৱাতে অঞ্চল বিশেষৰ দোৱানৰ শিক্ষা লৈ অহা শিক্ষক সকলে সহজে তাক আয়ত্ব কৰি পাৰ্যমানে জনজাতীয় ভাষাৰেই শিক্ষা দিবলৈ যত্নপৰ হৈছিল।
 ভাষাৰ লগতে সাঙোৰ খাই থকা আনটো সমস্যা আছিল লিপিৰ। দোৱানক লিখিত [ ৩২ ] ভাষালৈ ৰূপান্তৰিত কবিবলৈ হ'লে লিপিৰ আৱশ্যকতা অপৰিহাৰ্য্য। ইন্দিৰা মিৰিৰ পৰামৰ্শক্ৰমে নেফাৰ শিক্ষা বিভাগে অসমীয়া লিপিকে গ্ৰহণ কৰিলে। শিশুসকলৰ শিক্ষা সহজসাধ্য কৰাৰ উদ্দেশ্যে থলুৱা জীৱ-জন্তু, ফুল-ফল আদিৰ ৰঙীন ছবিৰে কিছুমান ‘চাৰ্ট’ তৈয়াৰ কৰা হৈছিল। জনজাতীয় দোৱানত সেইবোৰৰ নাম অসমীয়া আখৰেৰে লিখি তাৰ অসমীয়া প্ৰতি-শব্দও কাষতে লিখি দিয়া হৈছিল। কোনো কোনো শিক্ষকে আকৌ জনপ্ৰিয় অসমীয়া ফকৰা-যোজনা কিছুমান জনজাতীয় ভাষালৈ ভাঙনি কৰি অসমীয়া আখৰেৰে লিখি ছাত্ৰৰ চকুত পৰাকৈ স্কুল ঘৰৰ বেৰত আঁৰি দিছিল। আবৰ পাহাৰৰ এজন শিক্ষকে “পঢ়ে পঢ়ায় ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন” – এই ফকৰাটি এনেদৰে জনজাতীয় দোৱানলৈ ভাঙনি কৰিছিল, “পঢ়িনে পঢ়িদ দিদ্‌ আম, আওম চক্‌কে আতি মিমাং”। এনেবোৰ অনূদিত ফকৰা-যোজনাই অকল ছাত্ৰৰ মাজতে নহয়, তেওঁলোকৰ সমাজতো জনপ্ৰিয়তা লাভ কৰিছিল আৰু জনজাতীয় ভাষা সমৃদ্ধ হোৱাত সহায় কৰিছিল। শিশুৰ মাতৃভাষাৰ প্ৰতি শিক্ষককুলৰ এনে আগ্ৰহে শিক্ষা ব্যৱস্থাৰ প্ৰতি জনজাতীয় ৰাইজক বিশেষ ভাৱে আকৰ্ষিত কৰিছিল।
 বৰ্হিজগতৰ সৈতে কোনো সম্পৰ্ক নথকা, অজ্ঞ, জনজাতীয় লোকসকলক শিক্ষা-সচেতন কৰিবলৈ যাওঁতে শিক্ষাবিদসকল কিছুমান সমস্যাৰো সন্মুখীন হবলগীয়া হৈছিল। ল’ৰাহঁতক ঘৰুৱা কাম-বনৰ পৰা এৰুৱাই আনি স্কুললৈ পঠিওৱাটো বহু অভিভাৱকে অৰ্থনৈতিক ক্ষতি হিচাপে গণ্য কৰিছিল, স্কুলত পঢ়িলে কিমান টকা পাব বুলি প্ৰশ্ন তুলিছিল। স্কুলত অকল লিখা-পঢ়া নিশিকাই খেতিৰ কাম, হাতৰ কাম শিকোৱাতো বহুতৰে আপত্তি “সেইবোৰ কাম আমাৰ ল’ৰাই ঘৰতে শিকিব, তাকে শিকিবলৈ আকৌ স্কুললৈ যাব লাগে কিয়?” কণ কণ ছাত্ৰৰ সৈতে ১৫/১৬ বছৰীয়া ল’ৰাকো একেলগে প্ৰাথমিক শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছিল। ছোৱালীক সাধাৰণতে তেওঁলোকে স্কুললৈ নপঠিয়াইছিল, ক’ৰবাত দুই এজনী ছোৱালীয়েহে পঢ়াৰ সুবিধা পাইছিল। এদিন ইন্দিৰা মিৰিক হেনো এজন অভিভাৱকে সুধিছিল, “নানে, আজি তো মোৰ ল’ৰাটো খেতিত যাব লাগে, ল’ৰাটোৰ বদলি মই স্কুলত আহিলে হব না?” এনেবোৰ সমস্যাই অৱশ্যে চিন্তাৰ লগতে তেওঁলোকক হাঁহিৰ খোৰাকো যোগাইছিল। আনহাতে কিছুমান কঠিন সমস্যাই শিক্ষা-বিষয়াসকলক সততে উদ্বিগ্ন কৰি ৰাখিছিল। নেফাত অসংখ্য জাতি-উপজাতিৰ অসংখ্য দোৱান। প্ৰতিটো দোৱানক শিক্ষাৰ মাধ্যম ৰূপেলোৱাটো সম্ভৱপৰ কথা নাছিল। যিসকলৰ দোৱান স্কুলত ব্যৱহাৰ নহৈছিল সেইসকল অসন্তুষ্ট হৈছিল। পোনতে নেফাৰ স্কুল সমূহত পুৱাৰ প্ৰাৰ্থনা-সংগীত হিচাপে ৰামধুন গোৱাৰ ব্যৱস্থা আছিল। ছাত্ৰসকলক ভজন, বৰগীত, নামঘোষা আদি গাবলৈ আৰু বেদৰ দুই চাৰিটা শ্লোকৰ আবৃত্তি শিকোৱা হৈছিল। নেফাৰ ৰাইজে [ ৩৩ ] তেনে ভক্তিমূলক গীত-মাত সাদৰে গ্ৰহণ কৰিছিল। কিন্তু পিছলৈ দিল্লীৰ পৰা নিৰ্দ্দেশ আহিছিল যে ‘ৰঘুপতি ৰাঘৱ’ৰ ঠাইত স্থানীয় গীত-মাত, প্ৰাৰ্থনা মন্ত্ৰ আদিহে গোৱাব লাগে। ফলস্বৰূপে সমস্যা বাঢ়িলহে, নকমিল। কাৰণ এক উপজাতিৰ ছাত্ৰই অন্য উপজাতিৰ পূজাৰ মন্ত্ৰ বা ভক্তিমূলক গীত গোৱাত আপত্তি তুলিছিল। তদুপৰি তেওঁলোকৰ পূজাৰ মন্ত্ৰবোৰ ৰাজহুৱাকৈ স্কুলত গোৱাটো তেওঁলোকে মুঠেই পছন্দ নকৰিছিল। ফলত স্কুলত পুৱাৰ প্ৰাৰ্থনাৰ ব্যৱস্থাটোৱেই সোলোক ঢোলোক হৈ পৰিছিল। জনজাতীয়সকলৰ মাজত প্ৰচলিত অন্ধ বিশ্বাস, কুসংস্কাৰবোৰক ভুল বুলি কলেও তেওঁলোকৰ বহুতে বেয়া পাইছিল। এবাৰ তেওঁলোকৰ মৃতকৰ সংস্কাৰ প্ৰথাক সমালোচনা কৰা এজন চাহাবক হত্যা কৰা হৈছিল।
 এইদৰে এশ এবুৰি সমস্যাৰ মাজেৰেই শিক্ষা বিষয়াসকলে তেওঁলোকৰ পোহৰৰ অভিযান অব্যাহত ৰাখিছিল। সেই সফলতাৰ মূলতে আছিল শীৰ্ষ শিক্ষা-বিষয়া গৰাকীৰ চাৰিত্ৰিক দৃঢ়তা, কৰ্ম্ম তৎপৰতা, সৰ্বোপৰি তেওঁৰ সম্পূৰ্ণ নিকা ভাৱমূৰ্ত্তি। শিক্ষা বিভাগত সিদ্ধান্ত গ্ৰহণৰ সকলো ক্ষমতা তেওঁৰ হাততে ন্যস্ত আছিল যদিও সেই ক্ষমতাৰ অপব্যৱহাৰ তেওঁ কোনোদিনেই কৰা নাছিল। তেওঁ অৰ্হতাসম্পন্ন, নিষ্ঠাবান লোকক মাতি নি এবছৰীয়া কঠোৰ প্ৰশিক্ষণৰ অন্ততহে শিক্ষাদান কাৰ্য্যত নিয়োগ কৰিছিল। সেইকালত শিক্ষকৰ নিযুক্তি- প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ শিক্ষাগত আৰু অন্যান্য অৰ্হতাৰ কথাহে আহিছিল, আজিৰ দৰে অৰ্থলোভ আৰু ব্যক্তি-স্বাৰ্থৰ চিন্তাই সেই প্ৰক্ৰিয়াক কলুষিত কৰিব পৰা নাছিল। অনুশাসনৰ দিশত দৃঢ় আছিল যদিও শিক্ষক আৰু তলতীয়া শিক্ষা-বিষয়াসকলক তেওঁ পুত্ৰ বা ভাতৃসম জ্ঞান কৰিছিল। মূৰব্বী বিষয়া গৰাকীৰ সজ দৃষ্টান্ত, কৰ্ম্ম-প্ৰেৰণা আৰু মৰম-স্নেহেৰে অনুপ্ৰাণিত হৈ শিক্ষক তথা শিক্ষা-বিষয়াসকলে ব্যক্তিগত স্বাৰ্থলে পিঠি দি নেফাৰ প্ৰকৃত সেৱক হিচাপে অশেষ কষ্ট স্বীকাৰ কৰি অঞ্চলটোৰ প্ৰতিটো শিশুকে সুশিক্ষিত আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলাৰ মহান উদ্দেশ্য সাধনত ব্ৰতী হৈছিল; বিনিময়ত তেওঁলোকে পাইছিল সহজ সৰল জনজাতীয় ৰাইজৰ আস্থা আৰু নিৰ্ভেজাল মৰম চেনেহ। শিক্ষক বদলি হ’লে বা অৱসৰ পালে ল’ৰাৰ পৰা বুঢ়ালৈকে গাঁৱৰ সকলোৱে চকু পানী টুকি টুকি গাঁৱৰ মূৰলৈকে বিদায়ী শিক্ষাগুৰুক আগবঢ়াই দিবলৈ আহিছিল।
 ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ অভিশপ্ত দিনটোত আততায়ীৰ হাতত মহামানৱ মহাত্মা গান্ধীৰ নিধনৰ সংবাদে সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। তেওঁৰ চিতা ভষ্ম পবিত্ৰ স্থানত নিক্ষেপনৰ বাবে ভাৰতৰ বিভিন্ন স্থানলৈ নিয়া হৈছিল। পৰশুৰাম কুণ্ডত বিসৰ্জ্জনৰ বাবে চিতা ভষ্মৰ পাত্ৰ নেফালৈকো কঢ়িয়াই নিয়া হৈছিল। অসমৰ শিক্ষা মন্ত্ৰী অমিয় কুমাৰ দাস, লোকবন্ধু ভুবনেশ্বৰ বৰুৱা, দিহিং সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে গণ্য মান্য লোকসকলে মাৰ [ ৩৪ ] নাঁৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ তিমাই নামে ঠাইত ৰাতিটো খপি পিছদিনা প্ৰত্যুষতে পৰশুৰামকুণ্ডত পূত চিতা ভষ্ম বিসৰ্জ্জন দিছিল। দিহিং সত্ৰাধিকাৰে সেই অনুষ্ঠানত পৌৰোহিত্য কৰিছিল। ইন্দিৰা মিৰি আৰু তেওঁৰ বিষয়াসকলে সেই কাৰ্য্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। সমগ্ৰ নেফাৰ লোকেৰে সেই দিনা পৰশুৰাম কুণ্ডথলী লোকাৰণ্য হৈছিল। একেটা বছৰৰে আন এক বেদনা দায়ক ঘটনা আছিল মিছিমি পাহাৰৰ এছিষ্টেন্ট পলিটিকেল অফিচাৰ কেম্পবেল চাহাবৰ, ৩০/৪০ জন মিছিমি লোকৰ সৈতে ভূমিস্খলনত মৃত্যু। ৩০/৩৫ বছৰীয়া সেই এংলো-ইণ্ডিয়ান বিষয়াগৰাকীয়ে মিছিমি পাহাৰৰ ভিতৰুৱা মাইনুটাং গাঁৱৰ এটা টিলাত বহি ৰাইজৰ গোচৰৰ বিচাৰ কৰি আছিল, এনেতে হঠাতে ভূমিস্খলন হৈ টিলাটো খহি পৰে আৰু বিচাৰক, ৰাইজ আটায়ে জীৱন্তে সমাধিস্থ হয়। এই ভয়াবহ ঘটনা নেফাৰ প্ৰশাসন তথা ৰাইজৰ বাবে এক ডাঙৰ প্ৰত্যাহবান আছিল। এই ঘটনাৰ পৰাই বুজিব পাৰি কিমান অনিশ্চয়তাৰ মাজেৰে, কিমান দুৰ্যোগৰ সন্মুখীন হৈ ভৈয়ামৰ পৰা যোৱা মানুহখিনিয়ে সেই পাৰ্ব্বত্য অঞ্চলত শাসন তথা শিক্ষাদান কাৰ্য্য চলাবলগীয়া হৈছিল। নেফাত পলিটিকেল অফিচাৰ হিচাপে দীৰ্ঘকাল চৰকাৰী দায়িত্ব পালন কৰি অহা কৰ্ণেল স্বৰ্গীয় উমা শৰ্ম্মাদেৱে তেওঁৰ জীৱন সোঁৱৰণত এইদৰে লিখিছে, “নেফাত শিক্ষক সকলে ইমান আন্তৰিকতাৰে কাম কৰিছিল যে সৰ্ব্বসাধাৰণ ৰাইজে তেওঁলোকক দেৱতা জ্ঞান কৰিছিল। শিক্ষক সকলে কেৱল ল'ৰা-ছোৱালীকে নহয়, গাঁৱৰ প্ৰাপ্ত বয়স্কসকলকো বিনা পাৰিশ্ৰমিকেৰে লিখা পঢ়া শিকাইছিল। ভৈয়ামত নিজৰ ঘৰ দুৱাৰ এৰি থৈ আহি দুৰ্গম পাৰ্ব্বত্য এলেকাত বছৰেকীয়া ছুটীও নোলোৱাকৈ কিছু শিক্ষকে কাম কৰিছিল। ভাল মনৰ মানুহ হ’লে নেফাত কাম কৰিবলৈ একো অসুবিধা নাছিল। মানুহবিলাক আছিল অত্যন্ত সৎ” (তপস্যা জীৱনৰ কষটি শিলত উমানাথ শৰ্ম্মা — সঞ্জীৱ সভাপণ্ডিত)। সেইখন নেফাতেই শিক্ষাবিদ ইন্দিৰা মিৰিৰ নেতৃত্বত এচাম নিষ্ঠাবান শিক্ষক আৰু শিক্ষা-বিষয়াই জ্ঞান বিস্তাৰৰ মাধ্যমেৰে অসম আৰু নেফাৰ মাজত ঐক্য-সম্প্ৰীতিৰ সেতু নিৰ্ম্মাণ কৰাই নহয়, সেই ঠাইত কিদৰে অসমীয়া কলা-কৃষ্টি চৰ্চাৰো বাট মুকলি কৰিছিল সেই সম্পৰ্কে বাগ্মীবৰ কবি নীলমণি ফুকনদেৱে, সোণাধৰ সেনাপতি শতবাৰ্ষিকী অনুষ্ঠানৰ সভাপতিৰ অভিভাষণত এইদৰে কৈছিল, “ইন্দিৰা মিৰিয়ে ট্ৰাইবেল এডুকেশ্যনৰ অফিচাৰ হৈ নেফাত শিক্ষা বিস্তাৰৰ কামত ব্ৰতী হ'ল। অলপ দিনৰ ভিতৰতে শিক্ষা-সংস্কৃতিৰ মাধ্যমেৰে তেওঁ পৰ্ব্বত-ভৈয়ামৰ মাজত যিটো সংহতিৰ সৃষ্টি কৰিছিল ৰাজনৈতিক চাকনৈয়াত নপৰা হ'লে সংহতিৰ শক্তিশালী সেতু ৰচিত হ'লহেতেন। সেই সময়ত ভূমিকম্পত আবৰ পাহাৰ বিধ্বস্ত হোৱাত শদিয়াৰ পৰা শিক্ষাক্ষেত্ৰ মাৰ্ঘেৰিটালৈ তুলি আনিলে।

 “সেই সময়ত মই ডিগবইৰ আই এন টি ইউ চিৰ সন্মিলনলৈ যাওঁ, তাতে শ্ৰীমতী [ ৩৫ ] ইন্দিৰা মিৰিয়ে ভাগৱতী প্ৰমুখ্যে আমাক তেওঁৰ শিক্ষা অনুষ্ঠানলৈ নিমন্ত্ৰণ দি আগবাঢ়ি যায়। দুই তিনি ঘণ্টাৰ ভিতৰতে তেওঁ যিটো আয়োজন কৰি প্ৰায় দহ বছৰীয়া আদি ল’ৰা এটিৰ হতুৱাই মৌখিক ভাৱে আদৰণি জনালে সেয়ে আমাক আচৰিত কৰিলে। তাৰ পিছত সেই ল’ৰা বিলাকৰ দল এটিয়ে যি সত্ৰীয়া নাচ দেখুৱালে, বৰগীত গালে তাকে দেখি আমি স্তম্ভিত হ’লো। সেই সময়ত মোৰ মনত স্বৰ্গীয় সোণাধৰ সেনাপতিৰ অমোঘ বাণীয়ে থৌকি-বাথৌকি লগালে। মনতে ভাবিলো—আজি সোণাধৰৰ প্ৰাণৰ কথা তেওঁৰ সুযোগ্যা বিদূষী কন্যাই বাস্তৱ কৰি তুলিছে।”
 স্বাধীনতা লাভৰ পৰবৰ্ত্তী কালছোৱাত নেফাত ভালে কেইজন সৎ অসমীয়া বিষয়াৰ সমাবেশ ঘটিছিল। সেই প্ৰসংগত নেফাত ৰাজ্যপালৰ উপদেষ্টা ৰূপে কাম কৰা সুলেখক এন কে ৰুস্তমজীয়ে তেওঁৰ From Enchanted Frontiers শীৰ্ষক গ্ৰন্থত এইদৰে লিখিছে, “Sir Akbar Haidari and Gopinath Bardalai had envisaged the ultimate ‘integration' of the hills and plains of Assam and the policy pursued therefore was of posting Assamese plains officers to the hills and the hill tribal officers to the plains. They felt that really good officers should be selected so that the first impact of Assam plains officers on the tribal mind should be favourable. Sir Akbar left it entirely to the Chief Minister Bardalai. The Assamese plains officers Laksheshwar Sarmah, Bipin Buragohain and Bharat Bhunya were appointed Political officers and Indira Miri, an exceptionally able lady from the Assam plains tribal community of Miri's as NEFA's Education officer."
 এই সৎ আৰু নিষ্ঠাবান বিষয়াসকলৰ সমন্বিত প্ৰচেষ্টাতে নেফাই শৈক্ষিক, সামাজিক দুয়োটা দিশতে প্ৰগতিৰ মুখে দৃঢ় পদক্ষেপে আগবাঢ়িছিল। ইন্দিৰা মিৰিয়ে নেফাত নিযুক্তি লাভ কৰাত এচাম বিষয়াই সন্দেহ প্ৰকাশ কৰিছিল, মহিলা এগৰাকীয়ে এই অৰণ্যৰ মাজত কি কাম কৰিব? কিন্তু তেওঁ প্ৰমাণ কৰি দেখুৱালে যে সততা, মানসিক দৃঢ়তা আৰু কৰ্ম্মৰ প্ৰতি ঐকান্তিক আগ্ৰহ থাকিলে নাৰী পুৰুষ নিৰ্ব্বিশেষে মানুহৰ বাবে অসম্ভৱ একো নাই।


•••

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।