১১। ও অব্যয় যোগ হলে শব্দৰ শেষৰ অকলশৰীয়া ই, ঈ মৰি য় হয়, আৰু ও মৰি ৱ হয় আৰু অব্যয় ও সেই ‘‘য়’ত বা ‘ৱ’ত যোগ হয়, যেনে, মই+ও, ময়ো; তই+ও, তয়ো; দুই+ও, দুয়ো; লৰাই+ও, লৰায়ো; গাওঁ+ও, গাৱোঁ; নাও+ও, নাৱো; তেওঁ+ও, তেৱোঁ; ইত্যাদি।
ও এটা স্বৰবৰ্ণ, ইয়াক আন এটা স্বৰবৰ্ণৰ লগত যোগ দিব নোৱাৰি। সেই দেখি শব্দৰ শেষত গুটীয়া স্বৰবৰ্ণ থাকিলে তাক তাৰ নিচিনা উচ্চাৰণ হোৱা কোনো ব্যঞ্জনবৰ্ণত পৰিণত কৰি লৈ সেই ব্যঞ্জনবৰ্ণত ও যোগ দিয়া হয়। মই তই এইবোৰ শব্দৰ শেষত গুটীয়া ই আছে, তাত ও-কাৰ যোগ দিব নোৱাৰি। সেই দেখি ই-কাৰটোক তাৰ অনুৰূপ ব্যঞ্জনবৰ্ণ ‘য়’ত পৰিণত কৰি তাত ও-কাৰ যোগ দি ময়ো তয়ো কৰা হয়। সেই দৰে শব্দৰ শেষত ও থাকিলেও তাক তাৰ অনু ৰূপ ব্যঞ্জনবৰ্ণ ৱত পৰিণত কৰি লৈ তাত ও-কাৰ যোগ দিয়া হয়। তেৱোঁ, গাৱোঁ শব্দ এই দৰেই সিদ্ধ হৈছে। এতেকে হইও, তইও লিখা উচিত নহয়। কিন্তু ই কোনো শব্দৰ অংশ নহৈ নিজে এটা শব্দ হলে, সেই ই ‘য়’ত পৰিণত নহয়; যেনে (ব্যক্তিবোধক সৰ্ব্বনাম ) ই+ও, ইও অৰ্থাৎ এই বস্তু বা মানুহটোও।
( ২ ) পৃথক্বোধক অব্যয়।
১২। যিবিলাক অব্যয় শব্দে দুটা বা সৰহ পদ বা বাক্যৰ অৰ্থ পৃথক্ কৰি দেখুৱায়, সিহঁতক পৃথক্বোধক অব্যয় বোলে। পৃথক্বোধক অব্যয়:—বা, নাইবা, অথবা, কিম্বা, নতুবা, কি, কিন্তু, তদপি, তথাপি, তেও, বিশেষ,